মানুহএই প্ৰবন্ধটো প্ৰজাতি হিচাপে মানুহৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে মানুহ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
আধুনিক মানুহ বা মানৱ (ইংৰাজী: humans; বৈজ্ঞানিক নাম: Homo sapiens, কেতিয়াবা ssp. Homo sapiens sapiens হিচাপেও শ্ৰেণীবিভাজন কৰা হয়।) হৈছে বনমানুহৰ অন্তৰ্গত হ'মিনি গোত্ৰৰ একমাত্ৰ জীৱিত উত্তৰসূৰী; বৈশিষ্ট্য হৈছে দুভৰিৰ সহায়ত থিয় হব পৰা আৰু চলাচল কৰিব পৰা, সজূলিৰ ব্যৱহাৰ, ডাঙৰ আৰু অধিক জটিল মগজু আৰু সমাজপ্ৰিয়।[3][4] প্ৰাক হ'মিনি—বিশেষকৈ অষ্ট্ৰাল'পিথেচিনছ, যাৰ মগজু আৰু শৰীৰ ৰচনা, অ-মানুহ বনমানুহৰ পূৰ্বজৰ সৈতে সাদৃশ্য আছিল - সেইবোৰক হ'ম গণৰ হ'মিনিৰ দৰে মানুহ বুলি আখ্যা দিয়া নহয়।[5] ইয়াৰে কিছুমানে পিছত জুইৰ ব্যৱহাৰ, ইউৰেচিয়াত আধিপত্যৰে প্ৰায় ২,০০,০০০ বছৰ আগতে শৰীৰতাত্বিক ভাৱে আফ্ৰিকাত আধুনিক হ'ম' ছেপিয়েন্সলৈ বিকশিত হৈছিল।[6][7] প্ৰায় ৫০,০০০ বছৰ আগৰ আচৰণগত আধুনিকতাৰ প্ৰমাণ দেখুৱাইছিল, আৰু আধিপত্যৰ বাবে যোৱা ১০০ বছৰ ধৰি ক্ষুদ্ৰ, মৰুভূমি আৰু শীতল কিন্তু সকলো ঠাইলৈ প্ৰৱজনৰ দ্বাৰা বিস্তাৰিত হৈছিল।[8] যোৱা ১০০ বছৰত মানুহে এণ্টাৰ্কটিকা অধিকাৰ কৰাৰ উপৰিও পৃথিৱীৰ কক্ষপথটো আৱৰ্তন কৰিবলৈ সক্ষম হৈছে। বিশ্বজুৰি মানুহ আৰু মানুহৰ বৃহৎ আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ বিস্তাৰে পৰিৱেশ তথা অন্য থলুৱা প্ৰজাতিৰ ওপৰত বিস্তৰ প্ৰভাৱ পেলাইছে। তুলনামূলকভাৱে ডাঙৰ মগজু, বিশেষকৈ সু-বিকশিত নিউকৰ্টেক্স (প্ৰিফ্ৰণ্টেল কৰ্টেক্স আৰু টেম্পৰেল ল'ব), যি উচ্চ পৰ্যায়ৰ যুক্তি বিচাৰ ক্ষমতা, ভাষা, সমস্যা সমাধান, সামাজিকতা আৰু সামাজিক শিক্ষাৰ জৰিয়তে অৰ্জিত সংস্কৃতি আদি মানুহৰ সফল ক্ৰমবিকাশৰ কাৰণ বুলি ব্যাখ্যা কৰা হয়। অন্য যিকোনো প্ৰাণীতকৈ মানুহে অতি উচ্চ পৰ্যায়ত সঁজুলি ব্যৱহাৰ কৰে। মানুহেই হৈছে একমাত্ৰ প্ৰাণী যি জুইৰ ব্যৱহাৰ জানে আৰু খাদ্য ৰান্ধি খায়, কাপোৰ পিন্ধে আৰু অন্য বহু প্ৰযুক্তি আৰু কলাৰ সৃষ্টি তথা ব্যৱহাৰ কৰে। নিজৰ অনুভৱ আৰু ধাৰণাৰ প্ৰকাশ, আৰু উদ্দেশ্য ভিত্তিক গোটত সংগবদ্ধ কৰাৰ বাবে মানুহবোৰ সাংকেতিক যোগাযোগ প্ৰণালী (যেনে ভাষা আৰু কলা) ব্যৱহাৰত অভ্যস্ত। মানুহে পৰিয়াল আৰু বন্ধুত্বৰ সমন্বয়ৰ পৰা ৰাজনৈতিকলৈকে বিভিন্ন জটিল সমন্বয়ী তথা প্ৰতিযোগিতামূলক গোট গঠন কৰে। মানূহৰ মাজৰ সামাজিক আন্তঃক্ৰিয়াই এটা অতি বৃহৎ প্ৰকাৰৰ মূল্য, সামাজিক প্ৰমূল্য আৰু ৰিছুৱেল, যি মানৱ সমাজৰ ভেটি গঠন কৰে। পৰিৱেশ সম্বন্ধে জ্ঞান আৰু ইয়াৰ প্ৰভাৱ আৰু বিভিন্ন ঘটনাৰ বৰ্ণনা তথা উৎপত্তিৰ বিষয়ে অনুসন্ধিৎসূতা আৰু উদ্দিগ্নতাই মানুহক বিজ্ঞান, দৰ্শন, ধৰ্ম আদি বিভিন্ন ক্ষেত্ৰৰ বীজ ৰোপণ কৰে। মানুহে প্ৰায় ১২,০০০ বছৰ আগতেই কৃষি, প্ৰাণী আৰু উদ্ভিদৰ ঘৰুৱাকৰণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সভ্যতাৰ পাতনি মেলিছিল। তাৰ পিছত লাহে লাহে বিভিন্ন চৰকাৰ, ধৰ্ম, আৰু সৃস্কৃতিৰ প্ৰতিষ্ঠা কৰিছিল, একে ধৰ্মীয় মানুহক সংগঠিত কৰিছিল আৰু ৰাজ্য তথা সাম্ৰাজ্য গঠন কৰিছিল। দ্ৰুতভাৱে আহৰণ কৰা বৈজ্ঞানিক আৰু চিকিৎসা সম্বন্ধীয় জ্ঞানে ১৯শ আৰু ২০শ শতিকাত ইন্ধন-চালিত প্ৰযুক্তি আৰু সুস্বাস্থ্য প্ৰদান কৰি মানুহক জনসংখ্যা বিস্ফোৰণ পৰ্যায়লৈ লৈ গৈছিল। ২০১৪ চনত সমগ্ৰ বিশ্বত মানুহৰ জনসংখ্যা প্ৰায় ৭২০ কোটি বুলি অনুমান কৰা হৈছিল।[9][10] নামৰ ব্যুৎপত্তিমানুহ শব্দটো "মনুষ্য" বা "মানৱ" শব্দৰ পৰা আহিছে অপভ্ৰংশ।
শাৰীৰিক গঠন আৰু প্ৰক্ৰিয়া বিৱৰ্তনচাৰি ভৰিৰ সলনি দুই ভৰিৰে চলাচল আৰম্ভ কৰাৰ লগে লগে মানুহৰ শৰীৰ-গঠন আৰু শৰীৰতত্ত্বৰ ধীৰে ধীৰে নানা পৰিবৰ্তন দেখা দিবলৈ আৰম্ভ কৰে। শিশু জন্মৰ পথ সৰু হোৱা বাবে গৰ্ভত মস্তিষ্কৰ বৃদ্ধি সম্পূৰ্ণ হোৱাৰ আগেয়েই মানৱ শিশু ভূমিষ্ঠ হয়। তাৰ ফলত সদ্যোজাত মানৱশিশু শাৰীৰিক আৰু মানসিকভাবে পৰনিৰ্ভৰশীল। ইয়াক বহুদিন মা-দেউতাক আৰু অন্যান্য অভিভাৱকৰ পৰিচৰ্যাৰ প্ৰয়োজন হয়। এইক্ষেত্ৰত ভাষাৰ অৱদান গৰুত্বপূৰ্ণ। মুখ আৰু ডিঙিৰ গঠন পৰিবৰ্তন হোৱাৰ কাৰণে মানুহে অনেক জটিল মনোভাৱ আদানপ্ৰদান কৰিবলৈ সক্ষম হয়। মানুহৰ উদ্বৰ্তনৰ সকলোতকৈ মূল্যবান উপহাৰ হৈছে মস্তিষ্কৰ উন্নতি। মানুহৰ মস্তিষ্ক প্ৰাণীৰাজ্যত বৃহত্তম নহলেও আপেক্ষিকভাৱে বৃহত্তৰবোৰৰ ভিতৰত অন্যতম। মানুহ জন্মৰ বহুবছৰলৈকে স্নায়ু তন্ত্ৰৰ বিকাশ অব্যহত থাকে। অন্যান্য মানুহৰ লগত ভাষা আৰু ভঙ্গীৰ সহায়ত ভাব বিনিময় কৰোঁতে কৰোঁতে বহু আচাৰ-ব্যৱহাৰ অধীকৃত হয়, যিবোৰ জন্মগত ভাৱে (জীনৰ মাধ্যমে) সহজে আৰ্জন হয়। দলবদ্ধ সমাজব্যবস্থাৰ পৰাও উপকৃত হয়। মানুহেই একমাত্ৰ প্ৰাণী যাৰ বয়ঃসন্ধি আৰু ৰজোনিবৃত্তি হয়। তথ্য সংগ্ৰহ
|