শনি (সংস্কৃত: शनि), বা শনিশ্বৰ হৈছে শনি গ্ৰহ,[5] আএউ হিন্দু জ্যোতিষশাস্ত্ৰ অনুসৰি নৱগ্ৰহৰ এক গ্ৰহ।[6] পুৰাণসমূহৰ মতে শনি হিন্দু ধৰ্মৰ এগৰাকী দেৱতা। তেওঁক ৰাজদণ্ড বা তৰোৱাল লৈ শগুনৰ ওপৰত উপৱিষ্ট অৱস্থাত চিত্ৰায়িত কৰা হয়।[6][7] শনি কৰ্মফল, ন্যায় আৰু দৈৱিক শাস্তিবিধানৰ দেৱতা আৰু তেওঁ চিন্তা, বচন আৰু কাৰ্য অনুসৰি সকলোকে কৰ্মফল প্ৰদান কৰে। [8][9] তেওঁ আধ্যাত্মিক আত্মসংযম, প্ৰায়শ্চিত্ত, নিয়মানুৱৰ্তিতা আৰু বিবেকবান কৰ্মক সূচায়। শনিৰ দুগৰাকী পত্নী। ইয়াৰে মন্দা হৈছে এক গন্ধৰ্ব কন্যা আৰু নীলা বা নীলিমা হৈছে নীলম ৰত্নৰ স্বৰূপ।[10][11][12]
জ্যোতিৰ্বিদ্যা
এটা গ্ৰহ হিচাপে সংস্কৃত ভাষাত ৰচিত ভাৰতীয় জ্যোতিৰ্বিদ্যাৰ গ্ৰন্থসমূহত শনিৰ উল্লেখ পোৱা যায়। ইয়াৰ ভিতৰত পঞ্চম শতিকাত ৰচিত আৰ্যভট্টৰ গ্ৰন্থ আৰ্যভট্টীয়, ষষ্ঠ শতিকাত ৰচিত লতদেৱৰ ৰোমাকা আৰু বৰাহমিহিৰৰ পঞ্চ সিদ্ধান্ত আৰু সপ্তম শতিকাত ৰচিত ব্ৰহ্মগুপ্তৰ খণ্ডখাদ্যক আদি উল্লেখযোগ্য।[13][14][15] এই শাস্ত্ৰসমূহত শনিক এটা গ্ৰহ হিচাপে বৰ্ণনা কৰাৰ লগতে ইয়াৰ তূলনামূলক গ্ৰহীয় গতিৰ অনুমান কৰা হৈছে।[13] পঞ্চমৰ পৰা দশম শতিকাৰ ভিতৰত ৰচিত সূৰ্য সিদ্ধান্তত বিভিন্ন গ্ৰহ আৰু ইয়াৰ সৈতে জড়িত আখ্যানসমূহৰ কথা বৰ্ণনা কৰা হৈছে[13]
এই গ্ৰন্থসমূহ গ্ৰহভিত্তিক গণনা আৰু পৃথিৱীৰ তুলনাত শনিকে ধৰি অন্যান্য গ্ৰহৰ গতিৰ বিষয়ে সামান্য সালসলনি থকা সংস্কৰণত উপলব্ধ। ই এই কথাকে সূচায় যে সময়ৰ লগে লগে ইয়াৰ সংশোধন কৰা হৈছিল।[16] উদাহৰণস্বৰূপে খণ্ডখাদ্যক আৰু সূৰ্য সিদ্ধান্তৰ মতে শনিয়ে পৃথিৱীৰ হিচাপত ৪৩,২০,০০০ বছৰত নিজ অক্ষত ১,৪৬,৫৬৪ বাৰ আৱৰ্তন কৰে। কিন্তু সূৰ্য্য সিদ্ধান্তৰে পিছৰ এক সংস্কৰণৰ মতে এই আৱৰ্তনৰ সংখ্যা ১,৪৬,৫৬৮।[17][18]