ভাৰতীয় শিল্পকলাভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমানৰ আধুনিক কলা আৰু পৰম্পৰাগত ভাৰতীয় শিল্প কলাত এই আৰ্হিৰ প্ৰভাৱ আছে। ভাৰতীয় শিল্পকলাৰ আৰম্ভণি বুলি ঐতিহাসিক যুগৰো পূৰ্বৰ ভাৰতীয় সভ্যতাক নিৰ্দেশ কৰা হয়। যি নেকি বিংশ শতিকাতকৈ ৩০০০ বছৰ পুৰণি সভ্যতাক বুজায়। তেতিয়াৰ পৰা বৰ্তমানলৈকে ভাৰতীয় শিল্পকলাত নানান সাংস্কৃতিক তথা ধৰ্মীয় প্ৰভাৱ পৰে যেনেঃ হিন্দু শিল্পকলা, বৌদ্ধ শিল্পকলা, জৈন শিল্পকলা, শিখ শিল্পকলা আৰু ইছলামিক শিল্পকলা। ধৰ্মীয় পৰম্পৰাৰ এই জটিল মিশ্ৰণৰ স্বত্বেও, সাধাৰণতে, যিকোনো সময়ত আৰু স্থানত প্ৰচলিত শৈল্পিক শৈলীমুখ্য ধৰ্মীয় গোটবোৰে ভাৰতীয় শিল্পকলাৰ ভাগ বতৰা কৰি আহিছে। ঐতিহাসিক কলা সমূহ, মুখ্যতঃ শিল আৰু ধাতুৰ ভাস্কৰ্য, সমূহ ভাৰতীয় জলবায়ুত আন মাধ্যমতকৈ ভালদৰে জীয়াই আছে আৰু বেছিভাগ অৱশিষ্টই এটা ভাল অৱয়বত উদ্ধাৰ হৈছে। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন শিলত নথকা বহুতো অতি গুৰুত্বপূৰ্ণ প্ৰাচীন সন্ধান ভাৰতৰ ওচৰ চুবুৰীয়া শুষ্ক জলবায়ুৰ ৰাষ্ট্ৰ সমূহত উদ্ধাৰ হৈছে। ভাৰতীয় অন্ত্যেষ্টিক্ৰিয়া আৰু দৰ্শনীয় পৰম্পৰাৰ বাবে কবৰ সমূহত উদ্ধাৰ হ'ব পৰা সামগ্ৰী সমূহৰ ক্ষেত্ৰত ভাৰতে বৰঙণি আগবঢ়াব পৰা নাই, যি নেকি ঐতিহাসিক উদ্ঘাটনৰ এক মুখ্য উৎস। ভাৰতীয় শিল্প শৈলীক ঐতিহাসিকভাৱে ভাৰতীয় উপমহাদেশৰ বাহিৰতো অনুসৰণ কৰিছিল, তিব্বত, দক্ষিণ পূব এছিয়া আৰু চীনত বিশেষভাৱে ভাৰতীয় শিল্পৰ প্ৰভাৱ আছিল। ভাৰতীয় কলাৰ প্ৰভাৱ বিশেষকৈ মধ্য এছিয়া আৰু ইৰাণ আৰু ইউৰোপৰ দৰে ঠাই সমূহতো পৰিলক্ষিত হৈছে। প্ৰাগঐতিহাসিক শিল্পকলাশৈল চিত্ৰভাৰতৰ শৈল চিত্ৰ সমূহৰ ভিতৰত দক্ষিণ এছিয়াৰ প্ৰস্তৰ যুগৰ শিলত কাটি উলিওৱা চিত্ৰ কৰ্ম, শিলত খোদিত মূৰ্তি, আৰু গুহাৰ বেৰত অংকিত চিত্ৰ আদি অন্তৰ্ভুক্ত হৈছে। ভাৰতত আনুমানিক ১৩০০টা শৈল চিত্ৰ স্থলী আছে য'ত এক নিযুতৰ এক চতুৰ্থাংশতকৈও অধিক সংখ্যাক চিত্ৰ কৰ্ম উদ্ধাৰ হৈছে।[1] স্পেইনৰ আলতামিৰা গুহাৰ চিত্ৰকৰ্ম উদ্ধাৰৰ বাৰ বছৰ আগতেই ভাৰতৰত আটাইতকৈ পুৰণি শিলৰ কাৰুকাৰ্যটি আৰ্চিবাল্ড কাৰ্লেলে আৱিষ্কাৰ কৰিছিল,[2] অৱশ্যে তেওঁৰ এই আৱিষ্কাৰৰ কথা যথেষ্ট পলমকৈ জে ককবাৰ্ণ (১৮৯৯)ৰ জৰিয়তেহে পোহৰলৈ আহে।[3] ড॰ ভি. এছ. ৱাকাংকাৰে বিন্ধ্য পৰ্বতমালাৰ চাৰিওফালে অৱস্থিত মধ্য ভাৰতত কেইবাটাও শিলৰ আশ্ৰয়স্থল আৱিষ্কাৰ কৰিছিল যি সমূহত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰা আছে। ইয়াৰ ভিতৰত, ভীমবেটকা শিলৰ আশ্ৰয়স্থলটো ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত হৈছে। আটাইতকৈ পুৰণি চিত্ৰবোৰৰ কিছুমান প্ৰায় ১০,০০০ বছৰ পুৰণি।[4][5][6][7][8] এই স্থানবোৰৰ চিত্ৰবোৰত সাধাৰণতে জীৱ-জন্তুৰ সৈতে মানৱ জীৱনৰ সম্পৰ্ক তথা সহবাস, আৰু শিলৰ দ্বাৰা নিৰ্মিত অস্ত্ৰৰ দ্বাৰা চিকাৰ কৰাৰ দৃশ্য আদি বৰ্ণিত হৈছে। অঞ্চল আৰু সময়ৰ পাৰ্থক্য অনুসৰি তেওঁলোকৰ শৈলী বিভিন্ন আছিল, কিন্তু আটাইতকৈ সাধাৰণ বৈশিষ্ট্যটো আছিল চিত্ৰ অংকনৰ বাবে গেৰু নামৰ পাউডাৰ যুক্ত খনিজ পদাৰ্থ আইৰণ অক্সাইডৰ (হেমাটাইট) এক প্ৰকাৰৰ ব্যৱহাৰ।[9] সিন্ধু উপত্যকাৰ শিল্পকলাপ্ৰধান প্ৰবন্ধ: সিন্ধু সভ্যতা
সিন্ধু শিল্পকলাৰ ব্যাপকতা তথা সুন্দৰতাৰ সত্ত্বেও, সিন্ধু উপত্যকা সভ্যতাৰ শিল্প শৈলীৰ প্ৰভাৱ অন্যান্য প্ৰাথমিক সভ্যতাৰ শিল্পকলা সমূহৰ ওপৰত দেখা নাযায়। খননস্থলীত বিভিন্ন ভাস্কৰ্য, ছীল, মৃণ্ময় পাত্ৰ, সোণৰ অলংকাৰ আৰু টেৰাকটা, ব্ৰঞ্জ আৰু ষ্টেটাইটৰ মানৱ দেহৰ সূক্ষ্ম প্ৰদৰ্শনযুক্ত কিছুমান মূৰ্ত্তিৰ উদ্ধাৰ হৈছে। নৃত্যৰ ভংগিমাৰে সোণ, টেৰাকটা আৰু শিলৰ নাৰীমূৰ্ত্তিসমূহে সেই সময়ৰ নৃত্যৰূপ সমূহৰ কথাকে সূচায়। টেৰাকটাৰ মূৰ্ত্তিসমূহৰ ভিতৰত গৰু, ভালুক, বান্দৰ আৰু কুকুৰৰ মূৰ্ত্তিও আছে। সৰহসংখ্যক ছীলত অংকিত জন্তুসমূহ চিনাক্ত কৰিব পৰা হোৱা নাই। এই ছীল সমূহ আকাৰত ৩⁄৪ বৰ্গ ইন্সিৰ পৰা ১১⁄২ বৰ্গ ইন্সিৰ ভিতৰত। এই সমূহৰ ভিতৰত কিছুমান ছীলত অংকিত প্ৰকাণ্ড শিঙযুক্ত আধা বলদ, আধা জেব্ৰাৰ আকৃতিৰ কিছুমান জন্তুৰ চিত্ৰ উদ্ধাৰ হৈছে। এতিয়ালৈকে এই প্ৰতিকৃতিসমূহৰ কোনো ধাৰ্মিক বা পন্থাগত গুৰুত্ব থকাৰো প্ৰমাণ পোৱা হোৱা নাই।[10] শংখ, চিৰামিক, ষ্টেটাইট আদি আটাইকেইটা হৰপ্পা স্তৰতে মণিহাৰ, খাৰু আৰু আন অলংকাৰসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।[11] প্ৰসাধন আৰু প্ৰাতঃকৃত্যৰ কিছুমান যাৱতীয় সামগ্ৰী (যেনে ফণী)হৰপ্পাত পোৱা গৈছে।[12][12] কিছুমান ছীলত লেপেটা কাঢ়ি বহা মানুহৰ প্ৰতিকৃতি পোৱা গৈছে। বহু লোকে ইয়াক যোগাসনত থকা পশুপতি আখ্যা দিছে। ইয়াৰ বিপৰীতে কিছুসংখ্যক লোকে হিন্দু দেৱতা শিৱৰ সৈতে ইয়াৰ সাদৃশ্য দৰ্শাইছে।[13] ছীলসমূহত অংকিত হাৰ্প’ৰ দৰে বাদ্যযন্ত্ৰ আৰু আৱিষ্কৃত শংখসমূহে বাদ্যযন্ত্ৰৰ ব্যৱহাৰ সূচায়। মহেঞ্জোদাৰোত বৰ্গাকাৰ ডাইচৰো (পিঠিবোৰত একৰ পৰা ছয়লৈ বিন্ধাযুক্ত) সন্ধান পোৱা গৈছে।[14] বৈদিক যুগসিন্ধু সভ্যতাৰ পতনৰ পিছৰ সহস্ৰাব্দত ভাৰতলৈ ইণ্ডো-আৰ্য গোষ্ঠীৰ প্ৰব্ৰজন হয়, এই সময়ত বৈদিক যুগ নৃতাত্ত্বিক চিত্ৰণৰ পৰা বঞ্চিত হৈ আছিল।[15] প্ৰাৰম্ভিক বৈদিক ধৰ্মই কেৱল "বিস্তৃত ত্যাগৰ জৰিয়তে প্ৰকৃতিৰ প্ৰাথমিক শক্তি"ৰ উপাসনাৰ ওপৰতহে গুৰুত্ব দিছিল, যিয়ে নৃতাত্ত্বিক প্ৰতিনিধি মূলক ঈশ্বৰৰ ওচৰত নিজৰ অস্তিত্বক ত্যাগ কৰাৰ পৰা তেওঁলোকক বিৰত ৰাখিছিল।[16][17] বিভিন্ন শিল্পকলা, যি সমূহ কপাৰ হোৰ্ড সংস্কৃতিৰ হ'ব পাৰে বুলি ভৱা হয়, এই সমূহৰ কিছুমান শিল্পই নৃতাত্ত্বিক বৈশিষ্ট্যক নিৰ্দেশ কৰে।[18] এই শিল্পকলাবোৰৰ প্ৰকৃত অৰ্থ, সময় বা এই সমূহৰে জড়িত সংস্কৃতি ইত্যাদি সম্পৰ্কীয় ব্যাখ্যাবোৰ পৃথক পৃথক হোৱা দেখা যায়।[18] ক'লা আৰু ৰঙা সামগ্ৰী সংস্কৃতি (১৪৫০-১২০০ খ্ৰীষ্টপূৰ্ব) বা পেইণ্টেড গ্ৰে ৱেৰ সংস্কৃতি (১২০০-৬০০ খ্ৰীষ্টপূৰ্ব)ৰ সময়ত বিমূৰ্ত মৃৎশিল্পৰ ডিজাইনত শৈল্পিক অভিব্যক্তিৰ কিছুমান উদাহৰণ উদ্ধাৰ হয়। এইসমূহ মথুৰা অঞ্চলকে ধৰি এক বিস্তৃত এলেকাত পোৱা গৈছে।[18] প্ৰায় এক হাজাৰ বছৰৰ ব্যৱধানৰ পিছৰ প্ৰাৰম্ভিক সন্ধানবোৰৰ বেছিভাগেই খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগ অৰ্থাৎ "নগৰায়নৰ দ্বিতীযচোৱা় সময়"ৰ বুলি কোৱা হয়।[18] সম্ভৱতঃ সিন্ধু উপত্যকাৰ আচেমেনিড বিজয়ৰ সৈতে আৰম্ভ হোৱা বিদেশী ধৰ্ম-সংস্কৃতিৰ প্ৰবাহ, আৰু বেদধৰ্মক প্ৰত্যাহ্বান জনোৱা বৈকল্পিক স্থানীয় ধৰ্মৰ উত্থান, যেনে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু স্থানীয় জনপ্ৰিয় ধৰ্মৰ উত্থানৰ ফলস্বৰূপে খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দৰ মাজভাগত বিভিন্ন দেৱতাৰ নৃতাত্ত্বিক চিত্ৰণ আৰম্ভ হৈছিল।[15] মৌৰ্য শিল্পকলাউত্তৰ ভাৰতীয় মৌৰ্য সাম্ৰাজ্য খ্ৰীষ্টপূৰ্ব ৩২২ ৰ পৰা ১৮৫ খ্ৰীষ্টপূৰ্বলৈ বিকশিত হৈছিল। পাটালিপুত্ৰ স্তম্ভ শীৰ্ষৰ নমুনাৰ পৰা এই কথা বুজিব পাৰি যে মৌৰ্য্য শিল্পকলাৰ ওপৰত প্ৰাচীন ভাৰতীয় প্ৰভাৱৰ উপৰিও উপমহাদেশীয় তথা ইৰাণী শিল্পকলাৰো প্ৰভাৱ পৰিছে।[19] খ্ৰীষ্টপূৰ্ব ২৩২ চনত মৃত্যু হোৱা সম্ৰাট অশোকে তেওঁৰ ৪০ বছৰীয়া শাসনকালৰ মাজভাগলৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু বুদ্ধৰ জীৱনৰে সম্পৰ্কিত গুৰুত্বপূৰ্ণ স্থানসমূহত কেইবাটাও ডাঙৰ স্তূপৰ মেৰামতি তথা সংৰক্ষণত গুৰুত্ব দিয়ে। মৌৰ্য যুগৰ এই শিল্পকলা নিদৰ্শন সমূহৰ খুবেই কম সংখ্যকহে বৰ্তমান বৰ্তি আছেগৈ অথৱা এনে স্তূপৰ সংখ্যা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই তাকৰ আছিল। অৱশ্যে ভাৰতীয় শিলাকুটিৰ প্ৰাৰম্ভিক কালৰ ক্ষেত্ৰ সমূহত এনে অধিক নমুনা পোৱা যায়। আটাইতকৈ বিখ্যাত অৱশিষ্টৰ ভিতৰত স্তম্ভ শীৰ্ষত থকা ডাঙৰ জন্তুৰ অৱয়ব বোৰে আত্মবিশ্বাসী আৰু সাহসেৰে পৰিপক্ব শৈলী আৰু শিল্পক প্ৰতিনিধিত্ব কৰে। ইয়াত ব্যৱহৃত লো সমূহ আজি পৰ্যন্ত মামৰে নধৰাকৈ আছে। এনে ধৰণৰ লো, দেশৰ গ্ৰাম্য অঞ্চলৰ বৈদিক লোকসকলে ব্যৱহাৰ কৰিছিল।[20] চাৰিবিধ জন্তুৰ সৈতে অশোকৰ বিখ্যাত বিচ্ছিন্ন সিংহ স্তম্ভ শীৰ্ষক স্বাধীনতাৰ পিছত ভাৰতৰ চৰকাৰী প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছিল।[21] মৌৰ্য ভাস্কৰ্য আৰু স্থাপত্যৰ বিশেষত্ব হৈছে সেই সময়ত শিলৰ ভাস্কৰ্য সমূহত প্ৰদান কৰা মসৃণতা। যি নেকি পিছৰ সময়চোৱাত এই উদাহৰণ খুব কমেইহে পোৱা যায়। পুৰাতত্ত্ব সংগ্ৰহত বহুতো সৰু জনপ্ৰিয় টেৰাকটা মূৰ্তি উদ্ধাৰ হৈছে। জীৱ-জন্তু আৰু মানুহৰ এই প্ৰতিমূৰ্তি সমূহৰ ভিতৰত সাধাৰণতে মহিলাৰ মূৰ্তি সমূহক দেৱতা বুলি ধাৰণা কৰা হয়।[22] খ্ৰীষ্টাপূৰ্ব দ্বিতীয় শতিকাৰ যক্ষৰ শিলাৰূপভাৰতীয় ইতিহাসৰ প্ৰাৰম্ভিক কালছোৱাত যক্ষ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় বিষয় আছিল। এই সকলৰ ভিতৰত আছিল যক্ষৰ ৰজা কুবেৰ, মণিভদ্ৰ বা মুদ্গাৰপাণি আদি।[24] এই যক্ষ সকল প্ৰাকৃতিক শক্তিৰ সৈতে জড়িত আছিল বুলি ভৱা হৈছিল। এই সকল সাধাৰণতে পৰোপকাৰী, বা কঠোৰ আছিল। পানী, উৰ্বৰতা, গছ, অৰণ্য, ধন আৰু বন্য জীৱনৰ সৈতে সম্পৰ্কিত[25][26], আৰু উপাসনাৰ এক মুখ্য চৰিত্ৰ আছিল।[27] ইয়াৰে বহু সংখ্যক পিছলৈ বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা হিন্দু ধৰ্মৰে জড়িত হৈ পৰে।[24] খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত, যক্ষ সকল কাল্টিক ছবি অংকনৰ কেন্দ্ৰবিন্দু হৈ পৰে, সম্ভৱতঃ ইয়াকেই প্ৰথম ভাৰতীয় নৃতাত্ত্বিক সৃষ্টি বুলি ভৱা হয়।[28][24] কিছুমান প্ৰাচীন যক্ষ মূৰ্তি যথেষ্ট ভাল অৱস্থাত উদ্ধাৰ হৈছে, আৰু ইয়াৰ শৈলী সমূহ বিভিন্ন মহলত প্ৰশংসিত হৈছে, এই শৈলী সমূহ মূলতঃ ভাৰতীয় বৈশিষ্ট্য যুক্ত।[28] এই যক্ষ সকল, দুই সশস্ত্ৰ আৰু ভয়ংকৰ চেহেৰা যুক্ত।[24] যক্ষ সকলক প্ৰায়ে অস্ত্ৰ বা গুণ প্ৰকাশক ৰূপত দেখুওৱা হয়, যেনে যক্ষ মুদগৰপাণি, যি সোঁ হাতত মুদগৰ বা গদা ধৰে, আৰু বাওঁ হাতে এজন সৰু থিয় হৈ হাতযোৰ কৰি প্ৰাৰ্থনা কৰি থকা অৱস্থাত ভক্ত বা শিশু থাকে।[29][24] প্ৰায়ে কোৱা হয় যে বিশাল যক্ষ মূৰ্ত্তি বোৰৰ শৈলীয়ে ভাৰতত পৰৱৰ্তী ঐশ্বৰিক ছবি আৰু মানৱ চিত্ৰ সৃষ্টিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল।[30] যক্ষসকলৰ সমতুল্য মহিলা চৰিত্ৰ সমূহ আছিল যক্ষিনী, যি প্ৰায়ে গছ আৰু শিশুৰ সৈতে সম্পৰ্কিত আছিল, আৰু এইসকলৰ কামুক চিত্ৰ সমূহ ভাৰতীয় কলাত সৰ্বব্যাপী হৈ পৰিছিল।[24] কিছুমান হেলেনিষ্টিক প্ৰভাৱ, যেনে গাত মেৰিয়াই লোৱা চাঁদৰৰ জ্যামিতিক ভাঁজ বা মূৰ্তিবোৰৰ খোজ কঢ়াৰ স্থিতি আদিও এই নমুনা সমূহত বিদ্যমান।[28]জন বৰ্ডমেনৰ মতে, স্মাৰক প্ৰাৰম্ভিক যক্ষ মূৰ্তিৰ পোছাকৰ আৰ্হি হেম গ্ৰীক কলাৰ পৰা আহৰণ কৰা হৈছে।[28] এই মূৰ্তিবোৰৰ মাজৰে এটাৰ গাত লোৱা চাঁদৰৰ আৰ্হিৰ বৰ্ণনা কৰিজন বোৰ্ডমেনে লিখিছে, "এই শৈলীৰ কোনো স্থানীয় পূৰ্বসূৰী নাই আৰু আটাইতকৈ বেছি গ্ৰীক লেট আৰ্কিটেকচাৰৰ সৈতে ইয়াৰ মিল দেখা যায়", তেওঁ লগতে কয় যে "ই সম্ভৱতঃ ওচৰৰ বেক্ট্ৰিয়াৰ হেলেনিষ্টিক কলাৰ পৰা প্ৰভাৱিত হৈছে য'ত এই ডিজাই সমূহ প্ৰায়ে পৰিলক্ষিত হয়।" [28] উত্তৰ ভাৰতৰ কেইবাটাও স্থানত পোৱা খোদিত বিশাল যক্ষ মূৰ্তি সমূহৰ পৰা মথুৰা যে এই সময়ছোৱাত শিল্পকলাৰ ক্ষেত্ৰত মানদণ্ড আৰু পৰিমাণগত দিশৰ পৰা আটাইতকৈ উন্নত আছিল, সেইকথা স্পষ্ট হয়।[31] বৌদ্ধ শিল্পকলা (প্ৰা. ১৫০ খ্ৰীষ্টপূৰ্ব – প্ৰা. ৫০০ খ্ৰীষ্টাব্দ)মৌৰ্যসকলৰ পৰৱৰ্তী কালছোৱাৰ পৰা বৌদ্ধ কলাসমূহ বৰ্তি থকাৰ প্ৰধান নমুনাসমূহ পোৱা যায়, আৰু ইয়াৰ মাজৰ পৰা ভালেপৰিমাণৰ ভাস্কৰ্য যথেষ্ট ভাৱ অৱস্থাত তিষ্ঠি থাকে। সেই সময়ৰ শিল্পকলাৰ কিছুমান গুৰুত্বপূৰ্ণ স্থান হৈছে সাঁচী, ভৰহুত আৰু অমৰাৱতী। এই শিল্প সমূহৰ কিছু অৱশিষ্ট চিটুত আছে, আন কিছুমান ভাৰত তথা সমগ্ৰ বিশ্বৰ সংগ্ৰহালয়ত আছে। স্তূপ বোৰ চাৰিখন টোৰণ বা আলংকাৰিক প্ৰৱেশদ্বাৰ সহ কিছুমান অস্থায়ী বেৰে আগুৰি আছিল। এইসমূহ শিলৰে তৈয়াৰী, এই টোৰণ আৰু স্তূপৰ দেৱালবোৰ বুদ্ধৰ জীৱন সম্পৰ্কে বৰ্ণিত ভাস্কৰ্যৰে সজ্জিত। ইয়াৰ ভাস্কৰ্য সমূহ সূক্ষ্মৰ পৰা ক্ৰমে সজীৱ তথা পূৰ্ণাংগ আকাৰলৈ বিকশিত হৈছে, শেষাংশত স্বতন্ত্ৰ ৰূপত থিয়হৈ থকা ভাস্কৰ্য আছে। [33] শিল্পকলাৰ এই বিকাশ প্ৰক্ৰিয়াত মথুৰা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কেন্দ্ৰ, যি হিন্দু আৰু জৈন কলাৰ লগতে বৌদ্ধ কলাকো আঁকোৱালি লৈছিল। [34] এই শিলত কটা চাইত্যা প্ৰাৰ্থনা গৃহ আৰু সন্ন্যাসী বিহাৰৰ সন্মুখভাগ আৰু ভিতৰভাগ আন ঠাইৰ একে ধৰণৰ মুক্ত-স্থায়ী গাঁথনিতকৈ যথেষ্ট ভাল অৱস্থাত বৰ্তি আছে, যিবোৰৰ বেছিভাগ দীঘলীয়া সময়ৰ বাবে কাঠত আছিল। অজন্তা, কাৰ্লে, ভাজা আৰু আন ঠাইৰ কিছুমান গুহাত ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ৰো ভাস্কৰ্য পোৱা যায়, আনকি বুদ্ধ আৰু বোধিসত্ত্বৰ এনে কিছুমান প্ৰসিদ্ধ ভাস্কৰ্য আছে যি সমূহ ১০০ খ্ৰীষ্টাব্দৰ পূৰ্বত পোৱা নাযায়। বৌদ্ধ ধৰ্মই বুদ্ধৰ মূৰ্তিৰ ওপৰত বৰ্ধিত গুৰুত্ব বিকশত গুৰুত্ব দিছিল, এই বৌদ্ধ শিল্পকলাসমূহ হিন্দু আৰু জৈন ধৰ্মীয় ৰূপক কলাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল, এই সময়ৰ শিল্পসমূহ আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বিজয়ৰ পিছত শতিকাজুৰি গ্ৰেকো-বৌদ্ধ কলাৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। এই সংমিশ্ৰণ ভাৰতৰ সুদূৰ উত্তৰ-পশ্চিমত, বিশেষকৈ বৰ্তমানৰ আফগানিস্তান আৰু পাকিস্তানৰ গান্ধাৰত বিকশিত হৈছিল।[35] ভাৰতীয় কুশাণ সাম্ৰাজ্য মধ্য এছিয়াৰ পৰা সম্প্ৰসাৰিত হৈ আহি খ্ৰীষ্টিয় প্ৰাৰম্ভিত শতিকাসমূহত উত্তৰ ভাৰতকো সাঙুৰি লয় আৰু বিশাল প্ৰতিমূৰ্তি কিছুমান সাজে যিবোৰে ৰাজবংশকে চিত্ৰিত কৰিছিল।[36] শুঙ্গ ৰাজবংশ (প্ৰা. ১৮৫ খ্ৰীষ্টপূৰ্ব – প্ৰা. ৭২ খ্ৰীষ্টপূৰ্ব)মৌৰ্য সাম্ৰাজ্যৰ পতনৰ লগে লগে, ভাৰতৰ শাসন ব্যৱস্থা আঞ্চলিক ৰাজবংশ কিছুমানৰ পুৰণি ৰীতি-নীতিলৈ ঘূৰি যায়, ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল মধ্য ভাৰতৰ শুঙ্গ ৰাজবংশ (১৮৫ খ্ৰীষ্টপূৰ্ব – ৭২ খ্ৰীষ্টপূৰ্ব)। এই সময়ছোৱাত, লগতে দক্ষিণ ভাৰতৰ শুঙ্গ ৰাজবংশৰ সৈতে একেলগে সংঘটিত সাতবাহান ৰাজবংশৰ সময়ত, কিছুমান গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক বৌদ্ধ স্থাপত্য শৈলী সৃষ্টি কৰা হৈছিল। এই ৰাজবংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থাপত্য হৈছে স্তূপ, এক ধৰ্মীয় স্মাৰক য'ত সাধাৰণতে বৌদ্ধ ধৰ্মৰ পৱিত্ৰ ভগ্নাৱশেষ কিছুমান ৰখা হয়। এই ভগ্নাৱশেষবোৰ প্ৰায়ভাগেই বুদ্ধৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। এই স্তূপবোৰত বুদ্ধৰ অৱশিষ্ট থকাৰ বাবে, প্ৰতিটো স্তূপক বুদ্ধৰ শৰীৰ, জ্ঞান আৰু তেওঁৰ নিৰ্বাণপ্ৰাপ্তিৰ সম্প্ৰসাৰণ হিচাপে শ্ৰদ্ধা কৰা হৈছিল। বৌদ্ধসকলে এই স্তূপৰ চাৰিওফালে ঘড়ীৰ কাটাৰ দিশত খোজ কাঢ়ি স্তূপ বোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।[37]
গুপ্ত শিল্প কলা (প্ৰা. ৩২০ খ্ৰীষ্টাব্দ – প্ৰা. ৫৫০ খ্ৰীষ্টাব্দ)সকলো মুখ্য ধৰ্মীয় গোটৰ বাবেই গুপ্ত যুগটি উত্তৰ ভাৰতীয় কলাৰ এক উৎকৃষ্ট শিখৰ স্বৰূপ বুলি কোৱা হয়। স্পষ্টৰূপত এই সময়ৰ বৰ্ধিত চিত্ৰ অংকন প্ৰণালী সমূহ অজন্তা গুহাসমূহত বৰ্তমানো বৰ্তি আছে। এই সময়ছোৱাৰ হিন্দু কলাৰ উল্লেখনীয় শিলত খোদিত দেৱতা, বুদ্ধ প্ৰতিমূৰ্তি, তথা জৈন তীৰ্থংকৰ সকলৰ ভাস্কৰ্য আদি যথেষ্ট পৰিমাণে উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা এনে ভাস্কৰ্য সমূহৰ মুখ্য কেন্দ্ৰস্থল সমূহ আছিল মথুৰা, সাৰনাথ, আৰু গান্ধাৰ। গুপ্ত যুগক ধ্ৰুপদী হিন্দু ধৰ্মৰ "সোণালী যুগ" বুলিও কোৱা হয়।[40]
মধ্যযুগৰ শিল্প কলা(প্ৰা. ৬০০ খ্ৰীষ্টাব্দ – প্ৰা. ১৩০০ খ্ৰীষ্টাব্দ)এই সময়চোৱাত হিন্দু মন্দিৰ বস্তুকলাত বিভিন্ন স্থানীয় শৈলীৰ প্ৰভাৱ পৰে। এই সময়ৰ ঐতিহাসিক সংৰক্ষণৰ এক বৃহৎ সংখ্যক কলা কেৱল এই মন্দিৰ সমূহৰ মূৰ্তি স্থাপত্যৰেই ভৰি আছে আৰু এই সমূহ বিভিন্ন স্থানত পোৱা গৈছে। মধ্য ভাৰতীয় সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসে ভাৰতক বিভিন্ন ৰাজ্যত বিভক্ত হোৱা দেখিছে এই সমূহৰ বিভিন্ন ভব্য স্থাপত্য ৰাজপৰিয়ালৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা আৰু এই সমূহে ক্ষেত্ৰীয় পাৰ্থক্য গঢ়ি তুলিছিল। এই সময়ত সৰুৰ পৰা বৃহৎ আকাৰৰ বিভিন্ন দেৱাল অংকন ব্যাপক ৰূপত চৰ্চিত হৈছিল যদিও ইয়াৰে বহু কম সংখ্যকহে বৰ্তমানো বৰ্তি আছে। এই মধ্যযুগীয় ব্ৰঞ্জ শিল্পকলা দক্ষিণ তামিল ক্ষেত্ৰ আৰু হিমালয়ৰ পাদদেশত অধিক পৰিমাণে পোৱা যায়। দক্ষিণ ভাৰতীয় ৰাজবংশ (প্ৰা. তৃতীয় শতিকা – প্ৰা. ১৩০০ খ্ৰীষ্টাব্দ)অশোকৰ স্তম্ভত থকা শিলালিপিয়ে বিন্ধ্য পৰ্বতৰ দক্ষিণে অৱস্থিত তামিল ৰাজবংশ চোল, চেৰ আৰু পাণ্ড্য সকলৰ বিজয়ৰ লগতে উত্তৰৰ অঞ্চল সমূহৰ সহ অস্তিত্বৰ বিষয়েও উল্লেখ কৰিছে।[41] মধ্যযুগীয় সময়চোৱা এই সাম্ৰাজ্য সমূহৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য সমূহৰ বিভিন্ন সময়ত হোৱা উত্থান পতনৰ সাক্ষী হৈ ৰৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততেই হিন্দু ধৰ্মই নতুনত্ব লাভ কৰে আৰু বিভিন্ন মন্দিৰ আৰু মূৰ্তি আদি যথেষ্ট পৰিমাণে নিৰ্মাণ হয়।
পল্লৱ সকলৰ দ্বাৰা নিৰ্মিত মমল্লাপুৰামৰ চোৰ মন্দিৰ প্ৰাৰম্ভিক হিন্দু বস্তুকলাৰ প্ৰতীক স্বৰূপ, ইয়াত ম'ন'লিথিক শৈল ভাস্কৰ্য আৰু হিন্দু দেৱতাৰ মূৰ্তি আদি আছে। এই সমূহ চোল শাসক সকলৰ দ্বাৰা সম্ভৱ হৈ উঠিছিল। এই সময়ৰ উল্লেখযোগ্য মন্দিৰৰ অৱশেষ সমূহে সেই সময়ৰ শিল্পকলাৰ পৰিপক্বতা, ভব্যতা, আৰু বিস্তাৰৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বাবে বিখ্যাত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে। এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনটি বৃহদাকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে। এইসমূহ হ'ল তাঞ্জাভুৰৰ বৃহদীশ্বৰ মন্দিৰ (Brihadisvara Temples), গঙ্গইকোণ্ডচোলীশ্বৰমৰ বৃহদীশ্বৰ মন্দিৰ আৰু দৰসুৰমৰ ঐৰাৱতেশ্বৰ মন্দিৰ (Airavatesvara Temple)। গঙ্গইকোণ্ডচোলীশ্বৰম মন্দিৰটি ১০৩৫ চনত প্ৰথম ৰাজেন্দ্ৰ চোলে নিৰ্মাণ কৰিছিল। ইয়াৰ ৫৩ মিটাৰ (১৭০ ফুট) উচ্চ অংশটি সঙ্কুচিত কোণবিশিষ্ট আৰু উপৰদিশত বহু কাৰুকাৰ্যখচিত, ঐৰাৱতেশ্বৰ মন্দিৰ প্ৰংগনটি দ্বিতীয় ৰাজাৰাজৰ দ্বাৰা নিৰ্মিত। ইয়াত এটি ২৪ মিটাৰ (৭৯ ফুট) উচ্চ পাথৰৰ শিৱ মূৰ্তি আছে। এই মন্দিৰ সমূহক ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে চিহ্নিত কৰা হৈছে।[42] চোল সাম্ৰাজ্যৰ সময়চোৱা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি, লষ্ট-ৱেক্স কাষ্টিং পদ্ধতি আৰু ফ্ৰেস্কো চিত্ৰ শৈলীৰ বাবেও বিখ্যাত আছিল। খাজুৰাহোৰ মন্দিৰ (প্ৰা. ৮০০ খ্ৰীষ্টাব্দ – প্ৰা. ১০০০ খ্ৰীষ্টাব্দ)খাজুৰাহো ঠাইখন খাজুৰাহো স্মাৰকসমূহৰ বাবে বিখ্যাত। খাজুৰাহো স্মাৰকসমূহ ৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশৰ অধীনত ৯৫০ আৰু ১০৫০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত। এই সময়টি আছিল উক্ত ৰাজবংশৰ শাসনৰ স্বৰ্ণযুগ। বৰ্তমান এই স্মাৰকসমূহৰ যিসমূহ অক্ষত অৱস্থাত আছে সেইসমূহ হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ স্থাপত্য। এইসমূহৰ স্থাপত্যশৈলীত নানান স্থাপত্যশৈলীৰ বিস্ময়কৰ মিশ্ৰণ দেখা যায়। এই স্থাপত্যৰ শ্ৰেষ্ঠ নিদৰ্শন কন্দৰিয়া মন্দিৰ। ৬ বৰ্গকিলোমিটাৰ আয়তনবিশিষ্ট মন্দিৰ প্ৰাংগনত নিৰ্মিত ৮৫টি মন্দিৰৰ মাজত মাত্ৰ ২২টি মন্দিৰহে বৰ্তমান বিদ্যমান। এই মন্দিৰসমূহ দশম শতাব্দীত চান্দেলা ৰাজত্বকালত নিৰ্মিত হয়। মধ্যপ্ৰদেশত অবস্থিত এই অঞ্চলটি ১৯৮২ চনৰ ১৫ অক্টোবৰত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয় - দ্বাদশ শতাব্দীৰ মুছলমান আক্ৰমণৰ পূৰ্বে চান্দেলা সংস্কৃতিৰ অনন্য আৰু মৌলিক শিল্পকৌশলৰ নিদৰ্শন আৰু প্ৰমাণ, এটি সাংস্কৃতিক সম্পত্তি হিচাপে।[43][44] পূৱ ভাৰতমুছলমান আধিপত্যৰ পূৰ্বে পূৱ ভাৰত, উৰিষ্যা আৰু পশ্চিম বংগৰ স্থানীয় শৈলী আৰু কলিঙ্গ স্থাপত্য শৈলীৰ সংমিশ্ৰণত বিভিন্ন মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্ৰাচীন কালত পাল সাম্ৰাজ্যৰ অধীনৰ বংগ এছিয়াৰ ভিতৰতে চিত্ৰ কলাৰ এখন উল্লেখযোগ্য স্থান বুলি বিবেচিত হৈছিল। মোগল সাম্ৰাজ্যৰ সময়ত মিনিয়েচাৰ, স্ক্ৰাল পেইণ্টিঙৰ বিকাশ হয়। কালীঘাট চিত্ৰকলাৰ উৎপত্তি ১৯ শতিকাত বংগৰ কলিকতাৰ কালীঘাট কালী মন্দিৰৰ ওচৰৰ পাজৰৰ স্থানত হোৱা বুলি কোৱা হয়।[45] হিন্দু দেৱ-দেৱতা তথা অন্যান্য আখ্যান সূচক চৰিত্ৰ চিত্ৰণৰ পৰিপ্ৰেক্ষিতত এই চিত্ৰকলাৰ বিকাশ হয়।
আধুনিক যুগৰ আদি ভাগ আৰু ঔপনিৱেশিক যুগ (১৪০০ খ্ৰীষ্টাব্দ – ১৮০০খ্ৰীষ্টাব্দ)মোগল শিল্পকলাযদিও ভাৰতত ইছলামী বিজয় কেৱল দশম শতিকাৰ প্ৰথমাৰ্ধত হৈছিল, কিন্তু ললিত কলাৰ সংৰক্ষণৰ ক্ষেত্ৰত এই সময়ত কোনো মোগল সম্ৰাটৰ নাম জনা নাযায়। ১৫৫৫ চনত দিল্লী চুলতানত প্ৰতিষ্ঠাৰ সময়ত সম্ৰাট হুমায়ুনে তেওঁৰ লগত পাৰ্চী শ্বাহ তাহমাস্পৰ বিখ্যাত এটেলিয়াৰৰ দুজন শ্ৰেষ্ঠ চিত্ৰশিল্পী মীৰ চৈয়দ আলী আৰু আব্দুল আল-চামাদক লগত লৈ আহে। আকবৰৰ (১৫৫৬-১৬০৫) শাসনকালত ১৫৬০ ৰ দশকৰ মাজভাগত হামজানামা নিৰ্মাণৰ সময়ত ১৫৯০ ৰ দশকৰ মাজভাগলৈ চিত্ৰশিল্পীৰ সংখ্যা প্ৰায় ৩০ ৰ পৰা প্ৰায় ১৩০ লৈ বৃদ্ধি পাইছিল। [46] বুৰঞ্জীবিদ আবুল ফজলৰ মতে, আকবৰে নিজেই এই শিল্পৰ কাম-কাজত সহযোগিতা আগবঢ়াইছিল। নিয়মীয়াকৈ তেওঁ চিত্ৰশিল্পীসকলক পৰীক্ষা কৰিছিল আৰু শ্ৰেষ্ঠসকলক পুৰস্কৃত কৰিছিল। [47] এই সময়ছোৱাত পাৰ্চী শিল্পীসকলে তেওঁলোকৰ অনন্য শৈলীক মোগল সাম্ৰাজ্যলৈ আনিবলৈ উৎসাহিত হৈছিল। শিল্প কলাৰ এই পাৰ্চী শৈলীৰ সৈতে স্থানীয় ভাৰতীয় উদ্ভিদ আৰু প্ৰাণীৰ অন্তৰ্ভুক্তিৰে এক নতুন শৈলীৰ ৰূপ লৈছিল। এই সময়ৰ চিত্ৰসমূহত আকবৰৰ ৰাজ্যৰ জীৱন্ত ৰূপ প্ৰতিফলিত হোৱাৰ উপৰিও, পাৰ্চী মিনিয়েচাৰ আৰ্ট, ৰাজপুত চিত্ৰ শৈলী আৰু উত্তৰ ভাৰতৰ পাহাৰীয়া শৈলীৰ সমাবেশ ঘটে। এই শৈলীয়ে বহু বছৰৰ পিছত ব্ৰিটিছ শাসনকালত তৈয়াৰ কৰা কোম্পানী-শৈলীৰ পানী ৰঙৰ চিত্ৰকো প্ৰভাৱিত কৰিছিল।
আকবৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ জাহাংগীৰ (১৬০৫-১৬২৭) ৰাজ পাতত উঠে। তেওঁ অকবৰৰ দিনৰ সহযোগিতা মূলক কামৰ পৰিবৰ্তে প্ৰতিজন শিল্পীৰ শিল্প কলাক একক ৰূপত প্ৰতিফলিত কৰাত গুৰুত্ব দিয়ে। ইয়াৰ ফলশ্ৰুতিত বিষণ দাস, মনোহৰ দাস, আবু আল-হাচান, গোবৰ্ধন আদি শিল্পী সকলৰ নিজা শৈলীৰ উত্থান ঘটে। জাহাংগীৰে এই শিল্পী সকলৰ কামৰ পৰাই শিল্পীৰ পৰিচয় পৰ্যন্ত চিনাক্ত কৰিব পাৰিছিল। ৰজ্মনামা(হিন্দু মহাকাব্য মহাভাৰত পাৰ্চী অনুবাদ) আৰু জাহাংগীৰৰ সচিত্ৰ জীৱনী তুজুক-ই-জাহাংগীৰী তেওঁৰ শাসন কালত তেওঁৰ তত্ত্বাৱধানত লিখা হৈছিল। আনহাতে তাজমহলক জাহাংগীৰৰ উত্তৰাধিকাৰী চাহজাহান(১৬২৮-১৬৫৮)ৰ উল্লেখনীয় অৱদান বুলি কোৱা হয়। তেওঁৰ সময়ৰ চিত্ৰ শিল্প আৰু অধিক নিয়মমাফিক আছিল। তেওঁ পূৰ্বসূৰীৰ ব্যক্তিগত শিল্প শৈলীৰ প্ৰাধান্যৰ বিপৰীতে ৰাজ দৰবাৰৰ চিত্ৰণত গুৰুত্ব দিছিল। চাহজাহানৰ পিছতেই তেওঁৰ পুত্ৰ ঔৰংগজেৱ বলপূৰ্বক ভাৱে ৰাজপাটত উঠে। তেওঁ ১৬৮০ খ্ৰীষ্টাব্দত তেওঁৰ পূৰ্বসূৰীৰ মাজত যি সংগীত, চিত্ৰকলা আদিৰ চৰ্চা আছিল, সেইসমূহৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰে। ৰাজ দৰবাৰৰ পৰা আঁতৰি এই চিত্ৰকলাৰ কিছু প্ৰভাৱ উত্তৰ ভাৰতৰ কোনো কোনো ৰাজ্যৰ ৰাজ-প্ৰসাদ, চহৰ আদিত বিয়পি পৰে। এই সময়চোৱাত বিভিন্ন স্থানীয় শিক্ষানুষ্ঠান আৰু শৈলীৰ মাজেৰে মহাকাব্যিক চিত্ৰণ আৰু হিন্দু ধাৰ্মিক পেইণ্টিঙৰ বিকাশ ঘটে। এইসমূহৰ ভিতৰত আছিল ৰাজপুত, পাহাৰী, ডেকান, কাঙৰা পেইণ্টিং আদি।
ব্ৰিটিছ যুগ (১৮৪১-১৯৪৭)ভাৰতীয় শিল্প কলাৰ ওপৰত ব্ৰিটিছ ঔপনিবেশিক শাসনৰ বিশেষকৈ ১৯ শতিকাৰ সময়চোৱাত যথেষ্ট প্ৰভাৱ পৰে। ভাৰতীয় পৌৰাণিক কলা আৰু শৈলী সমূহৰ গুৰুত্ব ক্ৰমে হ্ৰাস হ'বলৈ ধৰে, বিপৰীতে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত শিল্পকলাৰ বিদ্যালয় আদিৰ জৰিয়তে পশ্চিমীয়া কলা শৈলীৰ গুৰুত্ব বাঢ়িবলৈ ধৰে। ১৮৫০ চনত চেন্নাইত প্ৰতিষ্ঠিত হয় ভাৰতৰ প্ৰথমখন চৰকাৰী ফাইন আৰ্ট কলেজ। ইউৰোপীয় লোকৰ দ্বাৰা প্ৰধান চহৰ সমূহত চিত্ৰকলাৰ কোম্পানী শৈলী সুলভ তথা প্ৰচলিত হৈ পৰিছিল। এই কাৰ্যত ইষ্ট ইণ্ডিয়া কোম্পানীলৈ ভাৰতীয় শিল্পী সকলেও অৱদান আগবঢ়াই। এই শৈলীত মুখ্যতঃ পানী ৰঙৰ ব্যৱহাৰ কৰা হৈছিল, অৱশ্যে এই শৈলীৰ ওপৰত ভাৰতীয় মোগল চিত্ৰ শৈলীৰ প্ৰভাৱ বিদ্যমান। [48] ১৮৫৮ চনলৈ ব্ৰিটিছ চৰকাৰে ভাৰতীয় প্ৰশাসনিয় কাম কাজ নিজৰ অধিনলৈ আনিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে ৰাজকীয় পৃষ্ঠপোষকতাৰ শিল্পকলাৰ কাম সমূহ আংশিক বা সম্পূৰ্ণ ৰূপে পশ্চিমীয়া শৈলী বা হাইব্ৰীড ইণ্ডো গঠিক শৈলীৰে সম্পূৰ্ণ হ'বলৈ ধৰে। এই সময়ৰ ইউৰোপীয় শৈলীৰ সৈতে ভাৰতীয় শিল্প পৰম্পৰাৰ সমন্বয় ৰাজা ৰবি বৰ্মাৰ শাৰী পিন্ধা মহিলাৰ তৈল চিত্ৰ সমূহত স্পষ্ট হয়। স্বাধীনতাৰ আগৰ ভাৰতীয় শিল্প বেংগল স্কুল অফ আৰ্টবেংগল স্কুল অফ আৰ্টক সাধাৰণতে বেংগল স্কুল নামেৰে জনা যায়। যি নেকি বংগ, স্পষ্ট ৰূপত কলিকতাৰ শান্তিনিকেতনত উৎপন্ন হোৱা কলা আন্দোলন আৰু ভাৰতীয় চিত্ৰকলাৰ শৈলীৰ প্ৰচাৰৰ নামান্তৰ আছিল আৰু ব্ৰিটিছ শাসনৰ কালচোৱাৰ ভিতৰতে, ২০ শতিকালৈকে এই শৈলী ভাৰত তথা ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চল সমূহতো বিয়পি পৰে আৰু বিকাশ লাভ কৰে। আৰম্ভণিতে চিত্ৰাংকনৰ ভাৰতীয় শৈলী নামেৰে জনা গৈছিল। ই ভাৰতীয় ৰাষ্ট্ৰবাদৰ সৈতে যুক্ত আছিল, এই ক্ষেত্ৰত নেতৃত্ব দিছিল অৱনীন্দ্ৰনাথ ঠাকুৰে(১৮৭১-১৯৫১)। অৱশ্যে ভাৰতীয় এই শৈলীক ব্ৰিটিছ কলা প্ৰশাসক যেনে ই.বি হাভেল, চৰকাৰী আৰ্ট এণ্ড ক্ৰাফট্ কলকাতাৰ প্ৰিন্সিপালৰ দ্বাৰাও প্ৰচাৰ আৰু সমৰ্থন জনোৱা হৈছিল। ১৯০৫ চনলৈ স্বদেশী আন্দোলনে গতি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় শিল্পী সকলে কোম্পানীৰ ৰোমাণ্টিক চিত্ৰ শৈলী আৰু ৰাজা ৰবি বৰ্মা তথা তেওঁৰ অনুগামী সকলৰ চিত্ৰ শৈলী ত্যাগ কৰি ইংৰাজৰ দ্বাৰা দমিত ভাৰতীয় পৌৰাণিক শৈলীৰ পুনৰুদ্ধাত মনোনিবেশ কৰে। অৱনীন্দ্ৰনাথ ঠাকুৰক বেংগল স্কুল অফ আৰ্টৰ দ্বাৰা আধুনিক ভাৰতীয় চিত্ৰ কলাৰ শৈলী প্ৰৱৰ্তন আৰু ইয়াৰ প্ৰচাৰৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে তেওঁক আধুনিক ভাৰতীয় চিত্ৰকলাৰ পিতৃ বুলিও কোৱা হয়।[49] ঠাকুৰ পৰিয়ালৰ আন আন শিল্পী যেনেঃ ৰবীন্দ্ৰনাথ ঠাকুৰ(১৮৬১-১৯৪১) আৰু গগনেন্দ্ৰনাথ ঠাকুৰ(১৮৬৭-১৯৩৮)ৰ লগতে বিংশ শতিকাৰ আৰম্ভণিৰ নতুন শিল্পী যেনেঃ অমৃতা শ্বেৰ গিল(১৯১৩-১৯৪১) আদি শিল্পী সকলে পশ্চিমীয়া আভঁ-গাৰ্দ শৈলীক ভাৰতীয় শিল্প জগতত চিনাকি কৰোৱায়। অন্য বিভিন্ন শিল্পী যেনে যামিনী ৰয় আৰু পৰৱৰ্তী সময়ত এছ.এইছ ৰাজা লোক শিল্পৰ দ্বাৰা উৎসাহিত হয়। ১৯৪৪ চনত কে'.চি.এছ পনিকৰে ভাৰতীয় শিল্পকলাত মাদ্ৰাছ আন্দোলনৰ সূচনা কৰে।[50] সমসাময়িক শিল্পকলা(১৯০০ খ্ৰীষ্টাব্দ-বৰ্তমান)১৯৪৭ চনত ভাৰত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় শিল্পী সকলে শিল্পৰ জগত খনলৈ এক নতুন ধাৰা কঢ়িয়াই আনে। ছয়জনীয়া শিল্পীৰ এটা গোট - কে এইচ আৰা, এছ কে বাক্ৰে, এইচ.এ. গাডে, এম.এফ. হুছেইন, এছ.এইচ. ৰাজা আৰু ফ্ৰান্সিছ নিউটন চুজাই - ঔপনিৱেশিক যুগৰ পিছৰ যুগত ভাৰতক প্ৰকাশ কৰাৰ নতুন উপায় প্ৰতিষ্ঠা কৰিবলৈ ১৯৫২ চনত বোম্বাই প্ৰগ্ৰেছিভ আৰ্টিষ্টছ গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল। ১৯৫৬ চনত গোটটো ভংগ কৰা হৈছিল। ভাৰতীয় কলাৰ প্ৰবাদ সলনি কৰাত এই শিল্পী সকলে অৰিহণা যোগায়। ১৯৫০ ৰ দশকত ভাৰতৰ প্ৰায় সকলো মুখ্য শিল্পী গোটটোৰ সৈতে জড়িত আছিল। এই সকলৰ ভিতৰত সুপৰিচিত সকল হৈছে বাল চাবদা, মনীষী দে, ভি এছ গাইটোণ্ডে, কৃষ্ণেন খান্না, ৰাম কুমাৰ, তৈয়ব মেহতা, কে জি সুব্ৰমন্যন, এ. ৰামচন্দ্ৰন, দেৱেন্দ্ৰ সিং, আকবৰ পদমচী,জন ৱিলকিন্স, হিম্মত শ্বাহ আৰু মনজিত বাৱা।[51] বিশিষ্ট পাকিস্তানী আধুনিকতাবাদী শিল্পী ইছমাইল গুলগী, তেওঁ ইছলামিক কেলিগ্ৰাফীৰ দিশবোৰক এক বিমূৰ্ত অভিব্যক্তিবাদী (বা ভঙ্গীমূলক বিমূৰ্ততাবাদী) সংবেদনশীলতাৰ সৈতে একত্ৰিত কৰে। বিংশ শতিকাৰ শেষাৰ্ধত চিত্ৰাংকন আৰু ভাস্কৰ্য গুৰুত্বপূৰ্ণ হৈ আছিল, যদিও আগশাৰীৰ শিল্পীসকলৰ কামত তেওঁলোকে এক নতুনত্বৰ সংযোজন ঘটাই। উদাহৰণ স্বৰূপে- ভাৰতী দয়ালে পৰম্পৰাগত মিথিলা চিত্ৰকলাক সমসাময়িক ধৰণে প্ৰকাশ কৰিবলৈ বাছনি কৰে আৰু নিজৰ কল্পনাৰ অনুশীলনৰ জৰিয়তে নিজৰ শৈলী সৃষ্টি কৰিছে। ভাৰতীয় কলাৰ বিষয়ে, ইংৰাজী আৰু স্থানীয় ভাৰতীয় ভাষাত আলোচনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কলা বিদ্যালয়সমূহত কলাৰ ধাৰণা সলনি কৰিছিল। পূৰ্বৰ তুলনাত ভাৰতীয় কলা অধিক স্বাধীন হৈ পৰে।
পৰম্পৰাগত শিল্পভাৰতত লোক আৰু জনজাতীয় কলাই বিভিন্ন মাধ্যম যেনে মৃৎশিল্প, চিত্ৰাংকন, ধাতুৰ কাম,[52] কাগজ-কলা, গহনা, পুতলা, বয়ন আদিৰ জৰিয়তে বিকাশ লাভ কৰে। এই কলা কেৱল নান্দনিক বস্তু নহয়, এনে শিল্প কৰ্মৰ প্ৰকৃততে মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ মহত্ত্ব আছে আৰু এই সমূহ নিৰ্দিষ্ট লোক সকলৰ বিশ্বাস আৰু ৰীতি-নীতিৰ সৈতে বান্ধ খাই আছে। এই সমূহৰ ভিতৰত ভাস্কৰ্য, মুখা (ৰীতি-নীতি আৰু অনুষ্ঠানত ব্যৱহৃত), চিত্ৰ, বস্ত্ৰ, বাঁহ-বেতৰ বস্তু, কুঁহিলা শিল্প, পাকঘৰৰ বস্তু, অস্ত্ৰ, আৰু মানৱ শৰীৰত প্ৰকাশিত (টেটু আৰু বিন্ধা) আদি হ'ব পাৰে। এনে শিল্প কৰ্মৰ এক গভীৰ সাংকেতিক অৰ্থ আছে যি কেৱল শিল্পৰ সৈতেই নহয়, সেই শিল্প প্ৰস্তুত কৰিবলৈ ব্যৱহৃত সামগ্ৰী আৰু কৌশলবোৰৰ সৈতেও সংলগ্ন। লোক কলাত ভ্ৰমণকাৰী যাযাবৰসকলৰ দৃশ্যমান অভিব্যক্তিও অন্তৰ্ভুক্ত থাকে। ভাৰতীয় উপত্যকা আৰু উচ্চভূমি সমূহত বিভিন্ন সময়ত বসতি কৰা লোক সকলে তেওঁলোকৰ লগত বিভিন্ন স্থানৰ অভিজ্ঞতা আৰু স্মৃতি কঢ়িয়াই আনে। এই অভিজ্ঞতাই এনে শিল্পৰ উৎস। তেওঁলোকৰ কলা জীৱনৰ ক্ষণস্থায়ী আৰু গতিশীল আৰ্হিৰে গঠিত। কিছুমান লোককলাৰ উদাহৰণ হৈছে ৱাৰ্লী, মধুবনী কলা, মঞ্জুশা কলা, টিকুলি কলা, গণ্ড ইত্যাদি।
ভাৰতীয় শিল্প কলা সামগ্ৰীৰ ইতিহাসভাস্কৰ্যভাৰতীয় উপমহাদেশৰ প্ৰথম জ্ঞাত ভাস্কৰ্যটো হৈছে সিন্ধু উপত্যকা সভ্যতাৰ (খ্ৰীষ্টপূৰ্ব ৩৩০০-১৭০০) পৰা অৰ্থাৎ আধুনিক পাকিস্তানৰ মহেঞ্জো-দাৰো আৰু হৰপ্পাৰ স্থানত পোৱা এটি বিখ্যাত সৰু ব্ৰঞ্জৰ পুৰুষ নৃত্যশিল্পী। অৱশ্যে ব্ৰঞ্জ আৰু শিলৰ এনে ভাস্কৰ্য, মৃৎশিল্পৰ মূৰ্ত্তি আৰু শিলৰ মোহৰৰ তুলনাত বিৰল। এনে ভাস্কৰ্য সমূহ বিশেষকৈ জীৱ-জন্তু বা দেৱতা আদি অতি সূক্ষ্মভাৱে গঢ়া হৈছিল। সিন্ধু উপত্যকা সভ্যতাৰ পতনৰ পিছত বৌদ্ধ যুগলৈকে ভাস্কৰ্য, অভিলেখৰ দিশৰ পৰা সামান্য। [53] এনেদৰে শিলত ভাৰতীয় স্মাৰক ভাস্কৰ্যৰ মহান পৰম্পৰা তুলনামূলকভাৱে পলমকৈ আৰম্ভ হোৱা দেখা যায়, ২৭০ ৰ পৰা ২৩২ খ্ৰীষ্টপূৰ্বলৈ অশোকৰ ৰাজত্ব কালত তেওঁ ভাৰতৰ চাৰিওফালে নিৰ্মাণ কৰোৱা অশোক স্তম্ভসমূহৰ ছটা বৰ্তমানলৈ বৰ্তি আছে।[54] বৃহৎ পৰিমাণৰ লাক্ষণিক ভাস্কৰ্য, বেছিভাগ প্ৰাৰম্ভিক বৌদ্ধ স্তূপ যেনেঃ সাঁচীৰ স্তূপ আদি পোৱা গৈছে। এইবোৰ সম্ভৱতঃ কাঠ ব্যৱহাৰ কৰি এটা পৰম্পৰাৰ পৰা বিকশিত হৈছিল। [55] শেহতীয়া দশকবোৰৰ এই ঐতিহাসিক সময়ছোৱাত কেৰালাত, কাঠ ভাস্কৰ্য আৰু স্থাপত্যৰ মুখ্য মাধ্যম হৈ পৰিছিল। [56] উত্তৰ ভাৰতত খ্ৰীষ্টপূৰ্ব দ্বিতীয়ৰ পৰা প্ৰথম শতিকাত, গান্ধাৰৰ গ্ৰেকো-বৌদ্ধ কলাৰ (বৰ্তমান দক্ষিণ আফগানিস্তান আৰু উত্তৰ পাকিস্তানৰ অংশ) ভাস্কৰ্যবোৰ অধিক স্পষ্ট, যি বুদ্ধৰ জীৱন আৰু শিক্ষাৰ খণ্ডবোৰক প্ৰতিনিধিত্ব কৰে। যদিও ভাৰতৰ এটা দীঘলীয়া ভাস্কৰ্য পৰম্পৰা আছিল আৰু সমৃদ্ধ মূৰ্তিবিদ্যাৰ নিপুণতা আছিল, বুদ্ধক এই সময়ৰ আগতে কেতিয়াও মানৱ ৰূপত প্ৰতিনিধিত্ব কৰা হোৱা নাছিল। ইয়াৰ কাৰণ হ'ব পাৰে আধুনিক আফগানিস্তানৰ গান্ধাৰণ বৌদ্ধ ভাস্কৰ্যই গ্ৰীক আৰু পাৰ্চী শৈল্পিক প্ৰভাৱ প্ৰদৰ্শন কৰে। শৈল্পিকভাৱে, গান্ধাৰণ স্কুল অফ স্কালাপছাৰে ঢেউ খেলা চুলি, কান্ধ আৱৰি থকা চাদৰ, জোতা আৰু চেণ্ডেল, একেনথাছ পাতৰ সজ্জা আদিত অৰিহণা যোগাইছিল বুলি কোৱা হয়। খ্ৰীষ্টপূৰ্ব প্ৰথমৰ পৰা তৃতীয় শতিকাৰ ভিতৰত মথুৰাৰ গুলপীয়া শিলৰ হিন্দু, জৈন আৰু বৌদ্ধ ভাস্কৰ্যই স্থানীয় ভাৰতীয় পৰম্পৰা আৰু গান্ধাৰৰ গ্ৰেকো-বৌদ্ধ কলাৰ জৰিয়তে প্ৰাপ্ত পাশ্চাত্য প্ৰভাৱ দুয়োটা প্ৰতিফলিত কৰিছিল, আৰু পৰৱৰ্তী ভাৰতীয় ধৰ্মীয় ভাস্কৰ্যৰ আধাৰ কাৰ্যকৰীভাৱে প্ৰতিষ্ঠা কৰিছিল। [55] এই শৈলীটো গুপ্ত সাম্ৰাজ্যৰ অধীনত ভাৰতৰ বেছিভাগ অঞ্চলত বিকশিত আৰু বিস্তাৰ হৈছিল (গ. 320-550) যি ভাৰতীয় ভাস্কৰ্যৰ বাবে এক "ধ্ৰুপদী" সময়, আৰু এই সময় চোৱাই পূৰ্বৰ ইলোৰাৰ গুহাবোৰৰ লগতে,[57] এলিফেণ্ট গুহাবোৰকো সামৰি লৈছে। [58] পিছলৈ বৃহৎ পৰিমাণৰ ভাস্কৰ্য প্ৰায় একচেটিয়াভাৱে ধাৰ্মিক, আৰু সাধাৰণতে ৰক্ষণশীল হৈ থাকে, প্ৰায়ে দেৱতাসকলৰ সৰল, সন্মুখলৈ মুখ কৰি থকা স্থিতিৰ ভংগীমালৈ ঘূৰি আহে, অৱশ্যে অপ্সৰা আৰু যক্ষীৰ আদি চৰিত্ৰ সমূহ প্ৰায়ে সংবেদনশীল ভাৱে বক্ৰ ভংগীমাৰ আছিল। এই কাৰুকাৰ্য সমূহ প্ৰায়ে অত্যন্ত বিতং ভাৱে ফুটাই তোলা হৈছিল। দক্ষিণ ভাৰতৰ চোল ৰাজবংশৰ (গ. ৮৫০-১২৫০) প্ৰসিদ্ধ লষ্ট ৱেক্স ব্ৰঞ্জ ভাস্কৰ্য সমূহ, শোভাযাত্ৰাত কঢ়িয়াই নিয়াৰ বাবে নিৰ্মাণ কৰা হৈছিল, ইয়াৰ ভিতৰত নটৰাজ হিচাপে শিৱৰ প্ৰতিষ্ঠিত ৰূপ[59] তথা পূৰ্বৰ পল্লৱ ৰাজবংশৰ পৰা আৰম্ভ হোৱা মহাবলিপুৰমৰ বিশাল গ্ৰেনাইট কাৰুকাৰ্য সমূহ অন্তৰ্ভুক্ত হৈ আছে। [60] চোল কাল চোৱা ভাস্কৰ্য আৰু ব্ৰঞ্জৰ বাবেও লক্ষণীয়। [61] পৃথিৱীৰ বিভিন্ন সংগ্ৰহালয় আৰু দক্ষিণ ভাৰতৰ মন্দিৰসমূহত থকা নমুনাবোৰৰ ভিতৰত বিভিন্ন ৰূপত শিৱৰ বহুতো সূক্ষ্ম চিত্ৰ, বিষ্ণু আৰু তেওঁৰ পত্নী লক্ষ্মী, শিৱ আদি প্ৰধান। [62] দেৱাল চিত্ৰভাৰতীয় ক্লিফ পেইণ্টিঙৰ পৰম্পৰা আৰু পদ্ধতি বহু বছৰ ধৰি লাহে লাহে বিকশিত হোৱা। প্ৰাগৈতিহাসিক সমলৰে এই চিত্ৰ কৰ্ম বিভিন্ন স্থানত উদ্ধাৰ হৈছে। মেচ'লিথিক কালৰ গুহা সমূহৰ ভিতৰত শিলত কটা ভাস্কৰ্যৰে সজ্জিত আৰু প্ৰাকৃতিক ভাৱে উপলব্ধ গুহা সমূহ অন্তৰ্ভুক্ত হৈছে। ঐতিহাসিক কালতো এই সমূহৰ ব্যৱহাৰ বৰ্তি থাকে। [63] দক্ষিণ মালভূমিৰ ওচৰৰ ভীমবেটকা প্ৰস্তৰক্ষেত্ৰত আবিষ্কাৰ হোৱা গুহা চিত্ৰ ভাৰতৰ সবাতোকৈ পুৰণা চিত্ৰ কৰ্মৰ উদাহৰণ। ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ সম্পৰ্কে ইউনেস্কো অভিলেখনত কোৱা হৈছে যে "এই স্থানটি প্ৰাকৃতিক শিলাসমূহৰ মাজত প্ৰস্তৰ চিত্ৰকলাৰ এক অসাধাৰণ ভাণ্ডাৰ।" ইয়াত পাঁচটা প্ৰস্তৰক্ষেত্ৰৰ অংশত মেচ'লিথিক যুগৰপৰা ঐতিহাসিক যুগ পৰ্যন্ত চিত্ৰকলা ৰক্ষিত আছে। পাৰ্শ্বৱৰ্তী ২১টা অঞ্চলৰ লোক ঐতিহ্যত এই চিত্ৰকলাৰ প্ৰভাৱ সুস্পষ্ট। এই ক্ষেত্ৰসমূহ ১০০,০০০ খ্ৰী:পূ: ৰপৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৰৰ্তী বিভিন্ন সময়ত নিৰ্মিত হয়। প্ৰাচীনকালৰ চিকাৰী লোকসকলৰ অৰ্থনীতিৰ লগত সম্পৰ্কযুক্ত এই চিত্ৰকলাত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক প্ৰদৰ্শিত হৈছে। ২০০৩ চনত ইউনেস্কোয়ে ইয়াক এক অনন্য সাংস্কৃতিক সম্পত্তিৰূপে বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰে।[64][65]
মিনিয়েচাৰ পেইণ্টিংপ্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বৰ আগৰ পৰা আঙুলিৰ মূৰত গণিব পৰাকৈ তেনেই কম সংখ্যক ভাৰতীয় মিনীয়েচাৰ পেইণ্টিংহে বৰ্তমানো জীয়াই আছে, আৰু ইয়াৰে কিছুমান পৰৱৰ্তী কেইটামান শতিকাৰ। এইসমূহৰ মাজত আছে বৌদ্ধ গ্ৰন্থৰ মিনিয়েচাৰ আৰু পিছলৈ সমতুল্য ভাৱে জৈন আৰু হিন্দু ধৰ্মীয় মিনিয়েচাৰ। এই চিত্ৰ কৰ্ম সমূহ ক্ষয়িষ্ণু মাধ্যম যেনেঃ সাঁচিপাত আদিত অংকন কৰা হৈছিল, যাৰ বাবেই এই চিত্ৰ কৰ্ম সমূহ বহুদিনলৈ বৰ্তি থাকিবলৈ অক্ষম হৈছিল বুলি ধাৰণা কৰা হয়। [68]
মিনিয়েচাৰ, চিত্ৰিত কিতাপ বা মুৰাক্কাৰ বাবে কৰা একক কাম বা চিত্ৰকলা আৰু ইছলামিক কেলিগ্ৰাফীৰ এলবাম আছিল। এই শৈলী ক্ৰমান্বয়ে পৰৱৰ্তী দুটা শতিকাত কাগজৰ চিত্ৰ কলা হিচাপে প্ৰভাৱিত হৈ মুছলমান আৰু হিন্দু ৰাজকীয় অনুষ্ঠান সমূহত বিয়পি পৰে আৰু প্ৰায়ে "উপ-মোগল" বা আন কেইবাটাও আঞ্চলিক শৈলী যেনে ৰাজপুত চিত্ৰকলা, পাহাৰী চিত্ৰকলা, আৰু শেষত কোম্পানীৰ চিত্ৰকলা, ইউৰোপীয় কলাৰ দ্বাৰা প্ৰভাৱিত আৰু মুখ্যতঃ ব্ৰিটিছ ৰাজৰ লোকসকলৰ দ্বাৰা পৃষ্ঠপোষকতা লাভ কৰা এক হাইব্ৰিড পানীৰঙৰ শৈলীত এই চিত্ৰ কলাই নতুন ৰূপত আত্মপ্ৰকাশ কৰে। "পাহাৰী" ("পৰ্বত") অঞ্চলবোৰত কাংৰা পেইণ্টিং শৈলীৰ প্ৰভাৱ বেছি আছিল আৰু উনবিংশ শতিকাৰ আৰম্ভণিৰ দশকবোৰলৈকে এই শৈলীয়ে বিকাশ লাভ কৰিছিল। [71] উনবিংশ শতিকাৰ মাজভাগৰ পৰা চৰকাৰী কলা বিদ্যালয়ত প্ৰশিক্ষণ প্ৰাপ্ত ভাৰতীয় শিল্পীসকলে পশ্চিমীয়া শৈলীৰ ইজেল চিত্ৰসমূহ ক্ৰমান্বয়ে অংকন কৰিবলৈ আৰম্ভ কৰে। অলংকাৰভাৰতীয় উপমহাদেশীয় অঞ্চল সমূহত নীৰৱধি বিগত ৫,০০০ বছৰে অলংকাৰ শিল্পৰ চৰ্চা হৈ আহিছে।[73] ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ সমূহ মূল্যবান ৰত্নৰ ভাণ্ডাৰ স্বৰূপ। শাসক বৰ্গৰ অভূষণৰ বাবে পুৰণি কালৰে পৰা এই ৰত্নৰ ব্যৱহাৰ হৈ আহিছে। অলংকাৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰা আদিম সভ্যতা সমূহৰ ভিতৰত সিন্ধু উপত্যকা উল্লেখযোগ্য বুলি কোৱা হয়। ভাৰতত পৌৰাণিক এনে অলংকাৰৰ অৱশেষ খুব কম পৰিমাণেহে পোৱা যায়। এনে অলংকাৰ নিৰ্মাণৰ ক্ষেত্ৰত পুৰণি দিনৰে পৰা সোণৰ ব্যৱহাৰ চৰ্চিত হৈ আহিছে। হীৰা খননৰ ইতিহাসত ভাৰতেই প্ৰথম দেশ আছিল বুলি কোৱা হয়। ষোল্ল শতিকাত মোগলে ভাৰতত নিজৰ আধিপত্য বিস্তাৰ কৰে। তেওঁলোকৰ দ্বাৰাই তেওঁলোকৰ গহনা নিৰ্মাণৰ জ্ঞান আৰু কলা ভাৰতীয় সকলৰ মাজত বিয়পি পৰে। অন্যান্য সামগ্ৰীশিল্পকলা সামগ্ৰীৰ তালিকাত কাঠ নিঃসন্দেহে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল, কিন্তু ভাৰতীয় জলবায়ুত কাঠৰ স্থায়িত্ব বেছি দিনৰ বাবে সম্ভৱ নহয়। প্ৰাচীন কালৰে পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কলা বা নিৰ্মাণত হাতীদাঁতক মূল্য দিয়া হয়।[74] ধাৰ্মিক ধৰ্ম সমূহে যদিও হাতীদাঁত বা হাড়ৰ দৰে প্ৰাণীৰ পৰা সংগ্ৰহ কৰা জৈৱিক সামগ্ৰীক শিল্পকলাত বিশেষ স্থান নিদিলেওঁ এনে সামগ্ৰীৰ ব্যৱহাৰৰ বৌদ্ধ ধৰ্মত বিদ্যমান, যেনে বেগ্ৰাম হাতীদাঁতৰ শিল্প। বহুতো ভাৰতীয় নিৰ্মাণ আফগানিস্তানত পোৱা যায়। মুছলমান সমাজত এই শিল্পজাত সামগ্ৰীৰ অধিক প্ৰচলন দেখা যায়। ভাৰতৰ কলা সংগ্ৰহালয়সমূহপ্ৰধান নগৰসমূহত
পুৰাতাত্ত্বিক সংগ্ৰহালয়
আধুনিক কলা সংগ্ৰহালয়সমূহ
অন্যান্য সংগ্ৰহালয়সমূহ
তথ্যউৎস
সহায় গ্ৰন্থ
বাহ্যিক সংযোগ
|