অন্ত্যেষ্টিক্ৰিয়াঅন্ত্যেষ্টিক্ৰিয়া (IAST: Antyeṣṭi, সংস্কৃত: अन्त्येष्टि)ৰ আক্ষৰিক অৰ্থ হৈছে "অন্তিম বলিদান", আৰু হিন্দু ধৰ্মত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতিক বুজায়, য'ত সাধাৰণতে মৃতদেহৰ দাহন কাৰ্য অন্তৰ্ভুক্ত। হিন্দু পৰম্পৰাত গৰ্ভধাৰণৰ পৰা আৰম্ভ হোৱা পৰম্পৰাগত জীৱন চক্ৰ সংস্কাৰৰ এটা শৃংখলাত অন্তিম মৌলটো হৈছে অন্তিম সংস্কাৰ। [2][3] ইয়াক অন্তিম সংস্কাৰ, অন্ত্য-ক্ৰিয়া, অনৱৰোহণ্য, বা বহ্নি সংস্কাৰ বুলিও কোৱা হয়। [4] অন্ত্যেষ্টিক্ৰিয়াৰ সম্পূৰ্ণ নীতি নিয়ম সমূহ স্থান, জাতি, লিংগ আৰু মৃতকৰ বয়স অনুপাতে ভিন্ন হয়।[5][6][7] ব্যুৎপত্তিঅন্ত্যেষ্টি (अन्त्येष्टि) শব্দটো সংস্কৃতৰ অন্ত আৰু ইষ্টি শব্দৰ জটিল মিশ্ৰণ, যাৰ অৰ্থ হৈছে ক্ৰমে অন্তিম আৰু বলিদান।[8] একেলগে এই শব্দটোৱে অন্তিম বলিদানক বুজায়। একেদৰে অন্তিম সংস্কাৰ অভিধাটোৰ অৰ্থ হৈছে অন্তিম পবিত্ৰ ক্ৰিয়া" বা "মৃতকৰ অন্তিম কৃত্য।" [9] ধৰ্ম গ্ৰন্থিয় ব্যাখ্যাহিন্দু ধৰ্মৰ প্ৰাচীন সাহিত্যৰ আধাৰত অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি সমূহ ৰচনা কৰা হৈছে। [10] আত্মা হৈছে অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতিৰে মুক্তি দিয়া জীৱৰ মূল, যি অমৰ, কিন্তু শৰীৰ আৰু বিশ্বব্ৰহ্মাণ্ড দুয়োটাই হিন্দু ধৰ্মৰ বিভিন্ন মত অনুসৰি ক্ষণস্থায়ী। হিন্দু গ্ৰন্থ মতে মানৱ শৰীৰ আৰু বিশ্বব্ৰহ্মাণ্ড পাঁচটা উপাদানেৰে গঠিত – বায়ু, পানী, জুই, পৃথিৱী আৰু মহাকাশ। [10] উত্তৰণৰ অন্তিম ৰীতিটোৱে শৰীৰটোক পাঁচটা উপাদান আৰু ইয়াৰ উৎপত্তিলৈ ঘূৰাই নিয়ে।[6][10] এই বিশ্বাসৰ বিষয়ে বেদত উল্লেখ পোৱা যায়, উদাহৰণ স্বৰূপে ঋকবেদৰ ১০.১৬ ধাৰাৰ স্তোত্ৰত, নিম্নলিখিত ধৰণে উল্লেখ আছে-
এটা শিশুৰ অকাল মৃত্যুৰ ক্ষেত্ৰত সমাধিস্থ কৰাৰ অন্তিম সংস্কাৰৰ মূল হৈছে ঋকবেদৰ ধাৰা ১০.১৮, য'ত স্তোত্ৰবোৰ শিশুটোৰ মৃত্যুত শোক প্ৰকাশক, "আমাৰ ছোৱালী বা আমাৰ ল'ৰাৰ অনিষ্ট নকৰিবা" বুলি মৃত্যুৰ দেৱতাক প্ৰাৰ্থনা কৰে, আৰু মৃত শিশুটোক কোমল ঊণ সূতাৰ দৰে আঁকোৱালি ৰাখিবলৈ, সুৰক্ষা দিবলৈ পৃথিৱীক অনুৰোধ কৰে।[12] ৰীতি-নীতিশেষকৃত্য সাধাৰণতে মৃত্যুৰ এদিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হয়। যদিও প্ৰথাবোৰ সম্প্ৰদায় সমূহৰ মাজত পৃথক পৃথক, সাধাৰণ নিয়ম অনুসৰি, মৃতকৰ শৰীৰটো ধোৱা হয় আৰু যদি মৃতব্যক্তি এজন পুৰুষ বা বিধৱা, তেন্তে শৱটো বগা কাপোৰৰে মেৰিয়াই দিয়া হয় আৰু স্বামী জীয়াই থকা মহিলাৰ ক্ষেত্ৰত ৰঙা কাপোৰ ব্যৱহাৰ কৰা হয়,[7] ভৰিৰ বুঢ়া আঙুলি দুটা একেলগে এডাল সূতাৰে বান্ধি দিয়া হয় আৰু কপালত ফোঁট (ৰঙা, হালধীয়া বা বগা চিহ্ন) দিয়া হয়।[6] মৃত প্ৰাপ্তবয়স্ক লোকৰ শৰীৰটো পৰিয়াল আৰু বন্ধুবৰ্গৰ দ্বাৰা নদী বা পানীৰ ওচৰৰ শ্মশানলৈ লৈ যোৱা হয়, আৰু দক্ষিণফালে মুখ কৰি থকা চিতা এখনত ৰখা হয়।[7] সাধাৰণতে মৃতকৰ জ্যেষ্ঠ পুত্ৰ, বা পুৰুষ শোকপ্ৰকাশকাৰী, বা পুৰোহিত জনক- মুখ্য ব্যক্তি হিচাপে ধৰা হয়, মুখাগ্নি কৰাৰ পূৰ্বে তেওঁ স্নান কৰে।[6][14] তেওঁ চিতা খনত শুৱাই দিয়া মৃতকৰ চাৰিওফালে ঘূৰি স্তুতি বা মন্ত্ৰ উচ্চাৰণ কৰে, মৃত ব্যক্তিজনৰ মুখত তিল বা চাউল ৰাখে, শৰীৰ আৰু চিতাত ঘিঁউ ছটিয়াই দিয়ে, তাৰ পিছত তিনিডাল ৰেখা অংকন কৰা হয় যি যম (মৃতকৰ দেৱতা), কাল (সময়, শ্মশানৰ দেৱতা) আৰু মৃতকক সূচায়। [6] চিতা জ্বলোৱাৰ আগতে, মাটিৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰা হয়, আৰু মুখ্য শোকপ্ৰকাশকাৰীয়ে পাত্ৰটো কান্ধত লৈ চিতাৰ চাৰিওফালে ঘূৰি শৱটোৰ মূৰৰ ফালে পাত্ৰটো মাটিত পেলাই ভাঙে। চিতা জ্বলাৰ পিছত, মুখ্য শোকপ্ৰকাশকাৰী আৰু নিকটতম আত্মীয়সকলে জ্বলি থকা চিতাখন একাধিকবাৰ পৰিক্ৰমা কৰিব লাগে। জ্বলি থকা চিতাখন বাঁহৰে খুঁচিদি আত্মাৰ মুক্তি কামনা কৰা হয়। [15] যিসকল শ্মশানত উপস্থিত থাকে, আৰু মৃতদেহ বা শ্মশানৰ ধোঁৱাৰ সংস্পৰ্শলৈ আহে তেওঁলোকে সৎকাৰৰ পিছত যিমান সম্ভৱ সোনকালে গা ধোৱাৰ নিয়ম, কিয়নো শ্মশানৰ ৰীতি-নীতিক অশুচি আৰু প্ৰদূষিত বুলি গণ্য কৰা হয়।[16] শ্মশানৰ পৰা সংগ্ৰহ কৰা ঠাণ্ডা ছাই পিছত নিকটতম নদী বা সাগৰত উটুৱাই দিয়া হয়।[14] কিছুমান অঞ্চলত, মৃতকৰ পুৰুষ আত্মীয়সকলে মুণ্ডন কৰে আৰু দশম বা দ্বাদশ দিনত সকলো বন্ধু আৰু আত্মীয়ক মৃতকৰ স্মৰণত একেলগে সাধাৰণ আহাৰ খাবলৈ আমন্ত্ৰণ জনায়। এই দিনটোত, কিছুমান সম্প্ৰদায়ত, মগনীয়াৰ, দৰিদ্ৰ লোকসকলক মৃতকৰ স্মৃতিত খাদ্য দান কৰা হয়।[17] শ্মশানমৃতকৰ সৎকাৰ কৰা স্থানক শ্মশান (সংস্কৃতত) বুলি কোৱা হয় আৰু পৰম্পৰাগতভাৱে ই নদীৰ ওচৰত অৱস্থিত। অৱশ্যে বসতি অঞ্চলৰ পৰা দূৰৈৰ যিকোনো স্থানতে শ্মশান থাকিব পাৰে। মৃতকৰ পৰিয়ালে আত্মীয়ৰ চিতা ভস্ম পানীত বিসৰ্জনৰ এক ৰীতি সম্পূৰ্ণ কৰিবলৈ অশোকষ্টমী উপলক্ষে কাশী (বাৰাণসী), হৰিদ্বাৰ, প্ৰয়াগৰাজ (এলাহাবাদ বুলিও জনা যায়), শ্ৰীৰঙ্গম, ব্ৰহ্মপুত্ৰৰ দৰে বিশেষ পৱিত্ৰ স্থানলৈ যায় আৰু অস্তি বিসৰ্জন কৰে।[18] আধুনিক পদ্ধতিহিন্দুৰ শৱদাহৰ ক্ষেত্ৰত বাঁহ কাঠৰ চিতাজুই আৰু বৈদ্যুতিক পদ্ধতি দুয়োটাই ব্যৱহাৰ কৰা হয়।[19] বিদ্যুতিক পদ্ধতিৰ ক্ষেত্ৰত, মৃত শৰীৰটো বৈদ্যুতিক চেম্বাৰৰ ভিতৰত ভৰাই জ্বলোৱা হয়। [20] দাহনৰ পিছত শোকপ্ৰকাশকাৰী সকলে ভস্ম সংগ্ৰহ কৰি নদী বা সাগৰ আদিত উটুৱাই দিয়ে। তথ্যউৎস
লগতে চাওক |