শ্মশানশ্মশান হৈছে হিন্দু সকলৰ মৃতকৰ এক অন্ত্যেষ্টিক্ৰিয়া সমাপন স্থলী, য'ত মৃতদেহবোৰ চিতাত জ্বলাই দিয়া হয়। ই সাধাৰণতে এখন গাওঁ বা চহৰৰ একাষৰীয়া ঠাই, নদী বা যিকোনো পানীৰ উৎসৰ ওচৰত অৱস্থিত। শ্মশানবোৰ সাধাৰণতে নদীঘাটৰ ওচৰত অৱস্থিত হোৱা বাবে ইয়াক শ্মশান ঘাট বুলিও কোৱা হয়। শ্মশান শব্দটোৰ উৎপত্তি সংস্কৃত ভাষাৰ পৰা হৈছে: শ্মই শৱ ("মৃতদেহ") বুজায়, আনহাতে শান শব্দই চিতা("বিছনা")ক বুজায়। [1][2] শিখ ধৰ্ম, জৈন আৰু বৌদ্ধ ধৰ্মৰ দৰে অন্যান্য ভাৰতীয় ধৰ্মসমূহেও মৃতকৰ অন্তিম সংস্কাৰৰ বাবে শ্মাশান ব্যৱহাৰ কৰে।
পৰম্পৰাহিন্দু ৰীতি-নীতি অনুসৰি, মৃতদেহটোৰ অন্তিম সৎকাৰ (অন্তিম সংস্কাৰ)ৰ বাবে শ্মাশানালৈ অনা হয়। সাধাৰণতে শ্মশান ঘাট সমূহত, মুখ্য শোকসন্তপ্ত সকলে ডম জাতিৰ পৰা পবিত্ৰ জুই গ্ৰহণ কৰিব লাগে, এই সকল লোকে মাচুলৰ বিনিময়ত চিতা জ্বলাই দিয়ে।[3] গাঁও অঞ্চল সমূহত সাধাৰণতে গাঁৱৰ লোক সকল তথা আত্মীয় স্বজন, বন্ধু-বৰ্গই এই কাৰ্যত আগ-ভাগ লয়।
মৃতদেহবোৰ পৰম্পৰাগতভাৱে সাধাৰণতে কাঠ-বাঁহৰে নিৰ্মিত চিতাত জুই সংযোগ কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অৱশ্যে, আজিকালি ভাৰতৰ বহুতো চহৰত ইনড'ৰ শ্মশানত বৈদ্যুতিক বা গেছৰ ব্যৱহাৰৰে শৱ দাহ কৰা হয়। [5][6] আধ্যাত্মিক ভূমিকাশ্মশানক ভূত, অশুভ আত্মা, ভয়ংকৰ দেৱতা, তান্ত্ৰিকৰ বাসস্থান বুলি কোৱা হয়। সেয়েহে, সাধাৰণতে মানুহে নিশা শ্মাচানৰ ওচৰলৈ যোৱা অনুচিত বুলি নিয়ম প্ৰচলিত আছে। হিন্দু ৰীতি-নীতি অনুসৰি মহিলাসকলে শ্মাচানালৈ নাযায়, কেৱল পুৰুষেহে অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰে। বৰ্তমান সময়ত এনে নিয়মৰ শিথিলতা দেখা যায়। কেৱল ডম আৰু চণ্ডাল সকলহে শ্মশানৰ ওচৰত বস-বাস কৰে। শ্মশান হৈছে এনে এক ঠাই, য'ত অঘৰী, কাপালিকা, কাশ্মীৰী শৈৱধৰ্ম, বৰ্তমানৰ দুৰ্লভ ভাৰতীয় তান্ত্ৰিক পৰম্পৰাৰ কৌলৰ দৰে বামামাৰ্গৰ অনুগামীসকলে কালী, তাৰা, ভৈৰৱ, ভৈৰৱী, দাকিনী, বেতাল আদিৰ উপাসনা কৰাৰ বাবে সধনা (উদাহৰণ স্বৰূপে শৱ সাধনা) আৰু বিভিন্ন নীতি নিয়মৰে পূজা পাঠ কৰে। তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ অনুগামীসকলেও একে উদ্দেশ্যৰ বাবে শ্মশান ব্যৱহাৰ কৰে। শ্মশানৰ অধিপতি দেৱতাক সাধাৰণতে শ্মশানৰ প্ৰভু বুলি গণ্য কৰা হয়। শ্মশান সাত্ত্বিক উপাসনাৰ বাবেও ব্যৱহাৰ হয়। উদাহৰণ স্বৰূপে, শৈলেন্দ্ৰ শৰ্মা নামৰ এজন যোগীয়ে ১৯৯৩ চনৰ পৰা গোবৰ্ধন পাহাৰৰ ওচৰৰ এখন শ্মশানত বাস কৰি আহিছে। তেওঁ তাত এটা প্ৰাকৃতিক শিৱলিঙ্গ বিচাৰি পাইছিল আৰু ইয়াক স্থাপন কৰি দৈনিক পূজা কৰিছিল।[7] তথ্যউৎস
|