খাজুৰাহো
খাজুৰাহো (ইংৰাজী: Khajuraho), ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছতৰপুৰ জিলাৰ এখন নগৰ পঞ্চায়ত শাসিত চহৰ। এই ঠাইখন খাজুৰাহো স্মাৰকসমূহৰ বাবে বিখ্যাত। খাজুৰাহো স্মাৰকসমূহ ৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশৰ অধীনত ৯৫০ আৰু ১০৫০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত। এই সময়টি আছিল উক্ত ৰাজবংশৰ শাসনৰ স্বৰ্ণযুগ। বৰ্তমান এই স্মাৰকসমূহৰ যিসমূহ অক্ষত অৱস্থাত আছে সেইসমূহ হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ স্থাপত্য। এইসমূহৰ স্থাপত্যশৈলীত নানান স্থাপত্যশৈলীৰ বিস্ময়কৰ মিশ্ৰণ দেখা যায়। এই স্থাপত্যৰ শ্ৰেষ্ঠ নিদৰ্শন কন্দৰিয়া মন্দিৰ। ৬ বৰ্গকিলোমিটাৰ আয়তনবিশিষ্ট মন্দিৰ প্ৰাংগনত নিৰ্মিত ৮৫টি মন্দিৰৰ মাজত মাত্ৰ ২২টি মন্দিৰহে বৰ্তমান বিদ্যমান। এই মন্দিৰসমূহ দশম শতাব্দীত চান্দেলা ৰাজত্বকালত নিৰ্মিত হয়। মধ্যপ্ৰদেশত অবস্থিত এই অঞ্চলটি ১৯৮২ চনৰ ১৫ অক্টোবৰত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয় - দ্বাদশ শতাব্দীৰ মুছলমান আক্ৰমণৰ পূৰ্বে চান্দেলা সংস্কৃতিৰ অনন্য আৰু মৌলিক শিল্পকৌশলৰ নিদৰ্শন আৰু প্ৰমাণ, এটি সাংস্কৃতিক সম্পত্তি হিচাপে।[1][2] ইতিহাসঅঞ্চলটো ঐতিহাসিকভাৱে বহুতো ৰাজ্য আৰু সাম্ৰাজ্যৰ অংশ আছিল। এই অঞ্চলত খাজুৰাহো থকা আটাইতকৈ পুৰণি জ্ঞাত শক্তি আছিল বৎস মহাজনপদ। অঞ্চলটোত তেওঁলোকৰ উত্তৰাধিকাৰীসকলৰ ভিতৰত আছিল মৌৰ্যসকল, শুংগসকল, কুশাণসকল, পদ্মাৱতীৰ নাগাসকল, বাকাটক ৰাজবংশ, গুপ্তসকল, পুষ্যভূতি ৰাজবংশ আৰু গুৰ্জৰ-প্ৰতিহাৰ ৰাজবংশ। বিশেষকৈ গুপ্ত যুগত এই অঞ্চলত স্থাপত্য আৰু কলাৰ বিকাশ আৰম্ভ হৈছিল, যদিও তেওঁলোকৰ উত্তৰাধিকাৰীসকলে শৈল্পিক পৰম্পৰা অব্যাহত ৰাখিছিল।[3] চন্দেলসকলে নৱম শতিকাৰ পৰা অঞ্চলটো শাসন কৰিছিল, যিসকল গুৰ্জৰ-প্ৰতিহাৰৰ অধীন আছিল। ধঙ্গসকলৰ শাসনকালত (আনুমানিক ৯৫০-১০০২) চন্দেলসকল স্বাধীন হৈ পৰে আৰু এই সময়ছোৱাতে বহুতো গুৰুত্বপূৰ্ণ মঠ-মন্দিৰ নিৰ্মাণ কৰা হয়। চন্দেলসকলক প্ৰথমে, ১১৮২ চনত শকামভাৰীৰ চাহামানসকলৰ পৰা, তাৰ পিছত ১২০২ চনত কুতুব আল-দিন আইবাকৰ লগত সন্মুখ সমৰত নামিবলগীয়া হৈছিল। চন্দেলসকলে তেওঁলোকৰ কাৰ্যকলাপসমূহ মহোবা, কালিঞ্জাৰ আৰু অজয়গড়ৰ দূৰ্গলৈ স্থানান্তৰিত কৰাৰ বাবে খাজুৰাহো এখন সৰু গাঁৱলৈ পৰিণত হৈছিল।[3] ইবন বটুতাই খাজুৰাহো ভ্ৰমণ কৰিছিল আৰু তেওঁৰ লিখনিত তাৰ মন্দিৰ আৰু কেইজনমান তপস্বীৰ উপস্থিতি বৰ্ণনা কৰিছিল। কিছুমান মন্দিৰ ১৪৯৫ চনত সিকন্দৰ লোডিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। ষোড়শ শতিকাৰ ভিতৰত খাজুৰাহো এক তুচ্ছ স্থান হৈ পৰিছিল আৰু ১৮১৯ চনত চি জে ফ্ৰেংকলিন (এজন সামৰিক জৰীপকৰ্তা)ৰ দ্বাৰা কেৱল "পুনৰ আৱিষ্কাৰ"হে কৰা হৈছিল। অৱশ্যে, খাজুৰাহোৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ আচল কৃতিত্ব টি এছ বাৰ্টক (এজন ব্ৰিটিছ সেনা কেপ্টেইন) দিয়া হয় যিয়ে ১৮৩৮ চনত ইয়াক পৰিদৰ্শন কৰিছিল। পৰৱৰ্তী গুৰুত্বপূৰ্ণ দৰ্শনাৰ্থী আছিল আলেকজেণ্ডাৰ কানিংহাম। তেওঁ ১৮৫২ চনৰ পৰা ১৮৫৫ চনৰ ভিতৰত ঠাইডোখৰ পৰিদৰ্শন কৰিছিল।[3] জলবায়ু
জনগাঁথনি২০১১ চনৰ ভাৰতীয় লোকপিয়লৰ তথ্য অনুসৰি খাজুৰাহোৰ জনসংখ্যা ২৪,৪৮১ জন। ইয়াৰ জনসংখ্যাৰ ৫২% পুৰুষ আৰু ৪৮% মহিলা। খাজুৰাহোৰ গড় সাক্ষৰতাৰ হাৰ ৫৩%, যিটো ৰাষ্ট্ৰীয় গড় ৭৪.০৪%তকৈ কম: পুৰুষৰ সাক্ষৰতা ৬২%, আৰু মহিলাৰ সাক্ষৰতা ৪৩%। খাজুৰাহোত, ১৯% জনসংখ্যা ছবছৰৰ তলৰ। পৰিবহণবিমানখাজুৰাহো বিমানবন্দৰখনে দিল্লী, বাৰাণসী আৰু ৰেৱালৈ বিমান সেৱা আগবঢ়ায়। খাজুৰাহো চহৰৰ পৰা ৩ কিলোমিটাৰ দক্ষিণে অৱস্থিত, এই বিমানবন্দৰটো ১৯৭৮ চনত ওচৰৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মন্দিৰ চৌহদলৈ পৰ্যটনৰ সুবিধাৰ বাবে মুকলি কৰা হৈছিল।[7] এই বিমানবন্দৰৰ সম্ভাৱনীয়তা আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে। ৰেলখাজুৰাহো ৰেল ষ্টেচনে চহৰখনক ছতৰপুৰ, টিকমগড়, ঝান্সি, গোৱালিয়ৰ, আগ্ৰা আৰু মথুৰা হৈ দিল্লীলৈ দৈনিক ৰেলযোগে সংযোগ কৰে। ই আগ্ৰা, জয়পুৰ, ভূপাল আৰু উদয়পুৰৰ সৈতে সংযোগ কৰা এখন দৈনিক ৰেল প্ৰদান কৰে। এখন স্থানীয় দৈনিক ট্ৰেনেও কানপুৰলৈ অহা-যোৱা কৰে, আনহাতে সপ্তাহত তিনিবাৰ বাৰাণসীলৈ যায়। বৰ্তমান, খাজুৰাহোক ৰেলৰ দ্বাৰা নতুন দিল্লীৰ সৈতে দুখন ৰেলৰ দ্বাৰা সংযোগ কৰা হৈছে, যেনে কুৰুক্ষেত্ৰৰ পৰা গীতা জয়ন্তী এক্সপ্ৰেছ আৰু হজৰত নিজামুদ্দিন ৰেল ষ্টেচনৰ পৰা উত্তৰ প্ৰদেশ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।[8]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia