ব্ৰহ্মাণ্ড পুৰাণ![]() ব্ৰহ্মাণ্ড পুৰাণ (ইংৰাজী: Brahmāṇḍa Purāṇa; সংস্কৃত: ब्रह्माण्ड पुराण) হৈছে মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে। ১২ হাজাৰ শ্লোকৰে সমৃদ্ধ এই পুৰাণত পৌৰাণিক ভূগোল, জ্যোতিৰ্বিজ্ঞান, আধ্যাত্ম ৰামায়ণ আদি বিষয় সমাহিত। ইতিহাসব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু। এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়।[1] ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে। পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল। তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত। শ্লোকটি হ’ল : সহ্যস্য চেণ্ডেৰান্তেষু যত্ৰ গোদাবৰী নদী। অৰ্থাৎ সহ্য পৰ্বতৰ উত্তৰ দিশত প্ৰৱাহিত হৈ থকা গোদাবৰী নদীৰ পাৰৰ প্ৰদেশেই হ’ল অতি মনোৰম অঞ্চল। ব্ৰহ্মাণ্ডৰ ধাৰণাবৈদিক সাহিত্যসমূহে ব্ৰহ্মাণ্ড সম্পৰ্কেও আগবঢ়াইছিল। ব্ৰহ্মাণ্ড শব্দটো 'ব্ৰহ্ম' আৰু 'অণ্ড' শব্দৰ পৰা সৃষ্টি হৈছিল। আনহাতে 'বৃহৎ' শব্দৰ পৰা ব্ৰহ্মশব্দৰ সৃষ্টি হৈছে। যাৰ অৰ্থ হ’ল প্ৰসাৰ (Expand)। অণ্ড শব্দৰ অৰ্থ হ’ল ডিম (Egg)। অৰ্থাৎ এটা ডিমৰ পৰা প্ৰসাৰণ ঘটি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। শতপথ ব্ৰাহ্মণত (১১:১:৬:১) উল্লেখ আছে যে সৃষ্টিৰ আদিতে প্ৰচণ্ড উত্তাপৰ ফলত এটা সোণালী ডিমৰ সৃষ্টি হৈছিল। বহুবছৰ এই সোণালী ডিমটো ওপঙি থকাৰ পাছত তাৰ পৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। বায়ু পুৰাণত (৪.৭২-৭৩) উল্লেখ আছে যে সমগ্ৰ ব্ৰহ্মাণ্ড অৰ্থাৎ চন্দ্ৰ, সূৰ্য নক্ষত্ৰসমূহ আৰু তাৰকাৰাজ্যসমূহ এটা প্ৰকাণ্ড ডিমৰ ভিতৰত সোমাই আছে। প্ৰায় হাজাৰ বছৰ পাছত বায়ুৱে এই ডিমটো দুফাল কৰিছিল (বায়ু পুৰাণ ২৪.৭৩)। মনুস্মৃতিত (১.১৩) উল্লেখ থকা মতে এটা সোণালী ডিমৰ পৰা পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টি হৈছিল। মৎস্যপুৰাণতো (২.২৫-৩০) ব্ৰহ্মাণ্ড সৃষ্টিৰ বিষয়ে একেই ধাৰণা পোৱা যায়। আনহাতে, আধুনিক বিজ্ঞানেও এখন ডিমৰ আকৃতিৰ বিশ্বব্ৰহ্মাণ্ডৰ কথা প্ৰমাণ কৰিছে। বৈদিক যুগত অৱশ্যে বিশ্বব্ৰহ্মাণ্ড তিনিটা ভাগত বিভক্ত আছে বুলি ধাৰণা কৰা হৈছিল।[2] এই ভাগ তিনিটা হ’ল- বিষয়বস্তুএই পুৰাণৰ বিভিন্ন অংশসমূহ :
লগতে চাওক
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia