হিন্দু সৃষ্টিতত্ত্বহিন্দু সৃষ্টিতত্ত্ব (ইংৰাজী: Hindu Cosmology) হৈছে হিন্দু ধৰ্ম অনুসৰি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰু ধ্বংসৰ চক্ৰৰ ধাৰণা প্ৰদান কৰে। হিন্দু সৃষ্টিতত্ত্ব অনুসৰি ব্ৰহ্মাণ্ডক বাৰে বাৰে সৃষ্টি তথা ধ্বংস কৰা হয়, প্ৰায় ৮৬৪ কোটি বছৰৰ পাছে পাছে। বেদ, পুৰাণ আদি বিভিন্ন ধৰ্মীয় গ্ৰন্থত উল্লিখিত যে ব্ৰহ্মাণ্ডৰ এই অস্তিত্বৰ কাল চাৰি যুগত বিভক্ত, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি যুগ। বৰ্তমানৰ যুগ কলি যুগ বুলি গণ্য কৰা হয়। প্ৰায় ৪,৩২,০০০ বছৰৰ পাছত ভগৱান বিষ্ণুৰ অন্তিম অৱতাৰ কল্কিয়ে ব্ৰহ্মাণ্ডৰ অস্তিত্বৰ কাল সমাপ্ত কৰিব, শিৱই সকলো ধ্বংস কৰিব। ব্ৰহ্মাণ্ড পুনৰ সৃষ্ট হ'ব। ক্ৰমবিকাশ, মহাকাশ বিজ্ঞান, জ্যোতিষ বিজ্ঞান, সৃষ্টি আদিৰ ধাৰণাও হিন্দু সৃষ্টিতত্ত্বত পোৱা যায়। বিৱৰণঅনেকে হিন্দু সৃষ্টিতত্ত্বৰ আধুনিক সৃষ্টিতত্ত্বৰ সৈতে সাদৃশ্যৰ কথা স্বীকাৰ কৰে আৰু আধুনিক সৃষ্টিতত্ত্বৰ আটাইতকৈ ওচৰৰ বুলি গণ্য কৰে।[1] অনেকে এই কথাও দাবী কৰে যে হিন্দু সৃষ্টিতত্ত্বই এই কথাৰ ইংগিত দিয়ে যে মহানাদ (big bang) সকলোৰে আৰম্ভ নহয়, বৰ্তমানৰ ব্ৰহ্মাণ্ডৰ আৰম্ভহে,[2] যি ব্ৰহ্মাণ্ডৰ পূৰ্বে অসংখ্য ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু ধ্বংস হৈছিল আৰু যাৰ পাছত অসংখ্য ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু ধ্বংস হ'ব।[3] ঋকবেদতঋকবেদে ব্ৰহ্মাণ্ডৰ উৎসৰ বিষয়ে এনেদৰে প্ৰশ্ন কৰে,
ঋকবেদৰ ব্ৰহ্মাণ্ডৰ দৃষ্টিভংগীয়ে এক সঁচা ঐশ্বৰিক, নিজকে প্ৰকাশ কৰা সিদ্ধিান্তও দৰ্শন কৰে, ৱাক (বাক) বা আমি জনা ব্ৰহ্মাণ্ডৰ মনিষ্টিক 'হিৰণ্যগৰ্ভ'ৰপৰা (সোণৰ গৰ্ভ) জন্ম গ্ৰহণ। এই ব্ৰহ্মাণ্ড সৃষ্টিৰ পাছৰপৰাই অবিৰতভাৱে প্ৰসাৰিত হৈ যায়, আৰু শ শ কৌটি বছৰৰ পাছত পাতল কুঁৱলীত অদৃশ্য হয়। আন এক ধাৰণা অনুসৰি ব্ৰহ্মাণ্ড প্ৰসাৰতাৰ সৰ্বোচ্চ সীমা পোৱাৰ পাছত সংকুচিত হ'বলৈ লয়। পুৰাণতপুৰাণৰ দৃষ্টিভংগী অনুসৰি ব্ৰহ্মাণ্ডক বাৰে বাৰে সৃষ্টি, ধ্বংস আৰু পুনৰ সৃষ্টি কৰা হয়, এই চক্ৰ অনাদি কালৰপৰা চলি আছে আৰু অনন্ত কাললৈকে চলি থাকিব। হিন্দু সৃষ্টিতত্ত্ব অনুসৰি ব্ৰহ্মাণ্ড ৪,৩২,০০,০০,০০০ বছৰ (ব্ৰহ্মাৰ এদিন বা এক কল্প) ধৰি বৰ্তি থাকে। ব্ৰহ্মাণ্ডৰ অন্ত অগ্নি বা জলেৰে হয়। এই ঘটনাৰ পাছত ব্ৰহ্মাই এৰাতিৰ বাবে জিৰণি লয়, যি ব্ৰহ্মাৰ এদিনৰ সমানেই। এই প্ৰক্ৰিয়াক 'প্ৰলয়' বোলে। এই প্ৰক্ৰিয়া ব্ৰহ্মাৰ এশ বছৰলৈকে (৩১,১০,৪০,০০,০০,০০,০০০ মানৱ বৰ্ষ) প্ৰতি ব্ৰহ্মাৰ দিনে পুনৰাবৃত্তি কৰা হয়। এই এশ ব্ৰহ্মাৰ বছৰেই ব্ৰহ্মাৰ জীৱনকাল। ব্ৰহ্মা সৃষ্টিকৰ্তাৰ ৰূপত স্বয়ংব্ৰহ্মণৰ উদ্ভাস। বৰ্তমানৰ ব্ৰহ্মাণ্ডত, বিশ্বাস অনুযায়ী আমি বৰ্তমানৰ ব্ৰহ্মাৰ ৫১তম বৰ্ষত আছোঁ, সেয়ে বৰ্তমানৰ ব্ৰহ্মাৰ বয়স প্ৰায় ১৫,৬০,০০,০০,০০,০০,০০০ মানৱ বছৰ। ব্ৰহ্মাৰ 'মৃত্যু'ৰ ১০০ ব্ৰহ্মাৰ বৰ্ষৰ পাছতহে পৰৱৰ্তী ব্ৰহ্মাৰ জন্ম হয়, আৰু তাৰ পাছতহে সৃষ্টি কৰ্ম পুনৰ আৰম্ভ হয়। এই প্ৰক্ৰিয়া অনন্ত কাললৈ চলি থাকে। ব্ৰহ্মাৰ দিনক ১০০০ মহা যুগত ভাগ কৰা হৈছে, য'ত জীৱন, ওলায় আৰু নোহোৱা হয়। মহা যুগৰ (৪৩২০০০০ বছৰ) ৭১টা ভাগ, যি ১৪ মন্বন্তৰেৰে (১০০০ বছৰ) গঠিত। মন্বন্তৰ মনুৰ চক্ৰ, যিয়ে জন্ম দান কৰে, আৰু মানৱ জাতিক শাসন কৰে। মন্বন্তৰৰ আগত আৰু পাছত সন্ধিকাল আহে, কৃতযুগৰ সমান, যি কালত পৃথিৱীত কেৱল পানী থাকে। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia