পদ্ম পুৰাণপদ্ম পুৰাণ (দেৱনাগৰী: पद्म पुराण) ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ (ভাল আৰু নিৰ্মলতা প্ৰকাশ কৰা) শ্ৰেণীত ধৰা হয়।[1] খণ্ডপদ্ম পুৰাণখন পাঁচ খণ্ডযুক্ত-
বিষয় বস্তুগ্ৰন্থখনৰ প্ৰথম অংশত ঋষি পুলস্ত্যই ভীষ্মক ধৰ্মৰ বিষয়ে জ্ঞান দিয়ে। দ্বিতীয় অংশত পৃথিৱীৰ কথা বৰ্ণোৱা হৈছে। তৃতীয় অংশত ভাৰতবিৱৰণকে ধৰি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কথা কোৱা হৈছে। চতুৰ্থ অংশত ৰামৰ জীৱন আৰু কৰ্মৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পঞ্চম অংশত শিৱ আৰু পাৰ্বতীৰ কথোপকথনৰ যোগেদি ধৰ্মৰ আৱশ্যকীয় জ্ঞানৰ কথা বৰ্ণনা কৰা হৈছে। মহাপুৰাণসমূহৰ এখন পদ্ম পুৰাণ প্ৰায় ৫০০০ বছৰ পুৰণি[উদ্ধৃতিৰ প্ৰয়োজন]। ৰামৰ জীৱন বৰ্ণোৱা পৰৱৰ্তী কালৰ কিছুমান জৈন ধৰ্মীয় গ্ৰন্থও পোৱা যায়। এইবোৰ হৈছে পদ্ম-পুৰাণ (বলভদ্ৰপুৰাণ) বা ৰাইধু (১৫শ শতিকা), সোমদেৱৰ পদ্ম-পুৰাণ (১৬০০), ধৰ্মকৃতিৰ পদ্ম-পুৰাণ (১৬১২) আৰু ভট্টকৰ চন্দ্ৰকৃতিৰ পদ্ম-পুৰাণ (১৭শ শতিকা)।[2] তথ্য সংগ্ৰহ
বহিঃ সংযোগ
|
Portal di Ensiklopedia Dunia