লংকালংকা বা লংকাপুৰী বা স্বৰ্ণ লংকা হৈছে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লিখিত কিংবদন্তি ৰাক্ষসৰাজ ৰাৱণৰ দুৰ্গসদৃশ নগৰ-দ্বীপ। এই নগৰ ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত তিনিটা পৰ্বত শৃংগৰ মাজৰ এটা মালভূমিত অৱস্থিত আছিল। প্ৰাচীন লংকা নগৰখনত হনুমানে অগ্নিসংযোগ কৰিছিল বুলি বিশ্বাস কৰা হয়। ৰাৱণৰ ভায়েক বিভীষণৰ সহায়ত ৰামে ইয়াৰ অধিপতি ৰাৱণক হত্যা কৰাৰ পিছত বিভীষণক লংকাপুৰীৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰা হয়। পূৰ্বৰ লংকাই বৰ্তমানৰ শ্ৰীলংকা বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বংশধৰসকলে পাণ্ডৱসকলৰ সময়ত ৰাজ্য শাসন কৰিছিল বুলি কোৱা হয়। মহাভাৰতৰ মতে, পাণ্ডৱ সহদেৱে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ বাবে তেওঁৰ দক্ষিণৰ সামৰিক অভিযানৰ সময়ত এই ৰাজ্য ভ্ৰমণ কৰিছিল। শাসকৰামায়ণ আৰু মহাভাৰত উভয়ৰে মতে, লংকা আদিতে সুমালী নামৰ এজন ৰাক্ষসে শাসন কৰিছিল। পৰৱৰ্তী কালত কুবেৰে লংকা দখল কৰে আৰু যক্ষ ৰাজ্য স্থাপন কৰে। তেওঁৰ ৰাজধানী ৰাক্ষসসকলৰ দ্বাৰা সুৰক্ষিত আছিল। তেওঁৰ সতীয়া ভ্ৰাতৃ তথা ঋষি বিশ্ৰৱা আৰু সুমালীৰ জীয়ৰী কৈকেষীৰ পুত্ৰ ৰাৱণে কুবেৰৰ সৈতে দ্বন্দ্বত লিপ্ত হৈ তেওঁক লংকাৰ ৰাজসিংহাসনৰ পৰা অপসাৰণ কৰে আৰু নিজে ৰজা হয়। লংকাৰ যুদ্ধ দ্বাদশ শতিকাৰ ক্ষ্মেৰ মন্দিৰ এংকৰ ৱাটত চিত্ৰিত কৰা হৈছে। ৰাৱণৰ মৃত্যুৰ পিছত বিভীষণ লংকাৰ সিংসাহনত বহে। ৰামায়ণহিন্দু ধৰ্মগ্ৰন্থ আৰু ৰামায়ণত উল্লেখ কৰা লংকা (ৰাৱণৰ লংকা নামেৰে জনাজাত) ভাৰত মহাসাগৰত অৱস্থিত এক বৃহৎ দ্বীপ-ৰাষ্ট্ৰ বুলি গণ্য কৰা হয়। অধ্যয়নৰ পৰা এই তথ্য পোৱা গৈছে যে ৰাৱণৰ প্ৰাসাদ অনুৰাধাপুৰৰ প্ৰথম কাশ্যপে নিৰ্মাণ কৰা ছিগিৰিয়াত অৱস্থিত আছিল কিয়নো মহাকাব্যখনে বৰ্ণনা কৰিছে যে লংকাৰ ৰাজধানী মালভূমি আৰু অৰণ্যৰ মাজত অৱস্থিত আছিল। কিছুমান পণ্ডিতে কয় যে ৫ম শতিকাৰ শ্ৰীলংকাৰ সাহিত্যকৰ্ম মহাবংশত কোৱা মতে এই ঠাইখণ্ড হৈছে শ্ৰীলংকা।[1] অৱশ্যে ৰামায়ণত স্পষ্টকৈ কোৱা হৈছে যে ৰাৱণৰ লংকা ভাৰতৰ মূল ভূখণ্ডৰ পৰা ১০০ যোজনা (প্ৰায় ১২১৩ কিমি বা ৭৫৩.৭২ মাইল) দূৰত অৱস্থিত আছিল।[2][3] সেই হিচাপত এই দ্বীপটো বৰ্তমানৰ শ্ৰীলংকাৰ দেশৰ পৰা ১৬০ কিলোমিটাৰ (১০০ মাইল) দক্ষিণ-পশ্চিমত থাকিব। কিছুমান পণ্ডিতে এই গ্ৰন্থসমূহৰ বিষয়বস্তু ব্যাখ্যা কৰি নিৰ্ধাৰণ কৰিছে যে লংকা সেই স্থানত অৱস্থিত আছিল য'ত ভাৰতৰ সময়ৰেখা বিষুৱ ৰেখা পাৰ হৈ যায়।[4][5] বাল্মীকিৰ ৰামায়ণৰ সকলো সংস্কৰণৰ ভিতৰত আটাইতকৈ মৌলিক সংস্কৰণটোৱে ৰাৱণৰ লংকাৰ অৱস্থান পশ্চিম ভাৰত মহাসাগৰত থকাৰ কথা সূচিত কৰে। দৰাচলতে ই সূচায় যে লংকা ভাৰত মহাসাগৰৰ পশ্চিম অংশত বৃহৎ দ্বীপ-ৰাষ্ট্ৰ যি সাগৰত ডুব যোৱা এক পৰ্বত আৰু মালভূমিৰ মাজত আছিল।[6][7] উনবিংশ শতিকাৰ পৰা কেইবাজনো পণ্ডিতে অনুমান কৰিছে যে ৰাৱণৰ লংকা ভাৰত মহাসাগৰত থাকিব পাৰে য'ত মালদ্বীপ এসময়ত ভাৰত মহাসাগৰত ডুব যোৱাৰ আগতে এটা ওখ পৰ্বত হিচাপে থিয় দি আছিল।[8][9][10][11] এই ক্ষেত্ৰত সুমাত্ৰাও লংকা হ'ব পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।[1] বৰ্ণনাৰাৱণৰ লংকা আৰু ইয়াৰ ৰাজধানী লংকাপুৰীক এনেদৰে বৰ্ণনা কৰা হৈছে যি আধুনিক কালতো ইয়াক অতিমানৱীয় যেন বোধ হয়। ৰাৱণৰ কেন্দ্ৰীয় প্ৰাসাদ (মুখ্য দুৰ্গ) আছিল কেইবাটাও অট্টালিকাৰ এক বিশাল গোট যি উচ্চতাত এক যোজন (১৩ কিমি বা ৮ মাইল), দৈৰ্ঘ্যত এক যোজন আৰু যোজন প্ৰস্থত আধা যোজন। [উদ্ধৃতিৰ প্ৰয়োজন] দ্বীপটোত ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত এক বৃহৎ পৰ্বতমালা আছিল যাৰ ওপৰতেই ৰাৱণৰ ৰাজধানী লংকা অৱস্থিত আছিল।[12][13][14] তথ্য সংগ্ৰহ
|