কৃত্তিবাসী ৰামায়ণ
কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰামপাঁচালী হৈছে পোন্ধৰ শতিকাৰ বাংলা কবি কৃত্তিবাস ওঝাই ৰচনা কৰা ৰামায়ণৰ এক সংস্কৰণ। লেখকৰ নামেৰেই এই সংস্কৰণৰ নাম ৰখা হৈছে। এই গ্ৰন্থত ৰামায়ণক বাংলা ভাষালৈ ৰূপান্তৰ কৰা হৈছে। মধ্য বাংলা সাহিত্যৰ পৰম্পৰাগত ৰামায়ণ পাঁচালী ৰূপত ৰচিত কৃতীবাসী ৰামায়ণ কেৱল মূল ভাৰতীয় মহাকাব্যৰ পুনৰ শব্দায়ন নহয়, ইয়াৰ প্ৰচলনৰ সময়ছোৱাত, মধ্যযুগৰ পৰা আৰম্ভ কৰি বংগৰ সমাজ আৰু সংস্কৃতিৰ এক প্ৰতিফলনো ইয়াত দেখা যায়।[1] ১৯১১ চনত দীনেশ চন্দ্ৰ সেনে ইয়াক ‘বংগৰ বহু দূৰলৈকে আটাইতকৈ জনপ্ৰিয় গ্ৰন্থ’ আৰু ‘গংগা উপত্যকাৰ মানুহৰ বাইবেল’ হিচাপে চিহ্নিত কৰিছিল।[2] পাণ্ডুলিপি আৰু উৎপত্তিকৃত্তিবাসী ৰামায়ণক বাল্মিকীৰ ৰামায়ণ নামেৰে জনাজাত সংস্কৃত গ্ৰন্থৰ এটা বা অধিক পুনৰীক্ষণৰ পৰা বাংলালৈ অনুবাদ কৰা যেন লাগে।[3] কৃত্তিবাস ওঝাৰ সৈতে কৃত্তিবাসী ৰামায়ণৰ জনপ্ৰিয় সংযোগ আৰু তেওঁৰ বিষয়ে উপলব্ধ জীৱনীমূলক তথ্য যদি সঠিক হয়, তেন্তে কৃত্তিবাসী ৰামায়ণ ৰচনা হৈছিল খ্ৰীষ্টীয় পোন্ধৰ শতিকাত।[4][3]:168 কিন্তু বৰ্তমান উপলব্ধ সংস্কৰণ আৰু পূৰ্বতে ৰচিত অৰ্থাৎ পোন্ধৰ শতিকাৰ মূল সংস্কৰণৰ মাজত কিমান মিল আছে সেয়া স্পষ্ট নহয়, কাৰণ ঊনবিংশ শতিকাৰ পণ্ডিতসকলে আজিৰ প্ৰধান ছপা সংস্কৰণসমূহৰ বিষয়বস্তু নিৰ্ণয় কৰাত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল। গতিকে বৰ্তমান উপলব্ধ এই ৰামায়ণৰ সংস্কৰণটিত পিছলৈ অন্যান্য পণ্ডিতৰ প্ৰভাৱ পৰা বুলি গৱেষক সকলে অনুমান কৰিছে।[5]:146 এই সংস্কৰণটোৰ ১৫০০ খনতকৈও অধিক পাণ্ডুলিপি বিদ্যমান, কিন্তু বেছিভাগেই অষ্টাদশ শতিকাৰ শেষৰ চতুৰ্থাংশ বা তাৰ পিছৰ, আৰু সেইবোৰ অতি বৈচিত্ৰ্যময় (কিছুমান ভিন্নতাই বংগৰ ভিতৰত আঞ্চলিক প্ৰভাৱ প্ৰতিফলিত কৰে); আনকি আদিম পাণ্ডুলিপিৰ খণ্ডবোৰো কল্পিত লেখকৰ আনুমানিক সময়সীমাৰ তুলনাত কমেও দুটা শতিকাৰ পিছৰ।[3]:168 গৱেষক সকলৰ দ্বাৰা এই কাব্যৰ এটা নতুন সংস্কৰণ প্ৰস্তুত কৰাৰ কিছুমান প্ৰচেষ্টা কৰা হৈছে, কিন্তু ফিলিপ বেন'ইটৰ মতে, 'sans résultat probant' ('বিনা... পতিয়ন যোগ্য ফলাফল'); এই পৰিস্থিতিত তেওঁ এই সিদ্ধান্তত উপনীত হয় যে 'il est impossible de se faire une idée du texte original de Krittibâs' ('কৃত্তিবাসৰ মূল পাঠটোৰ এটা ছাপ প্ৰণয়ন কৰাটো অসম্ভৱ')।[3]:168 বৰ্তমান পশ্চিমবংগৰ কলিকতা বিশ্ববিদ্যালয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, জাদৱপুৰ বিশ্ববিদ্যালয়, বুঢ়ৱান বিশ্ববিদ্যালয়, উত্তৰবংগ বিশ্ববিদ্যালয় আদি বিশ্ববিদ্যালয়ত বৰ্তমানে বিদ্যমান পাণ্ডুলিপিসমূহ সংৰক্ষিত হৈ আছে। অসমৰ ছিলচৰ নৰ্মেল স্কুল লাইব্ৰেৰী, জাহাংগীৰনগৰ বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়; ব্ৰিটিছ লাইব্ৰেৰী আৰু যুক্তৰাজ্যৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ; আৰু বিবলিওথেক নেচনেল ডি ফ্ৰান্স ইত্যাদিটো সংৰক্ষিত হৈ আছে। সূচীমূল বাল্মিকীৰ ৰামায়ণৰ দৰেই এই গ্ৰন্থখনো সাতটা খণ্ডত ভাগ কৰা হৈছে, এই ক্ষেত্ৰত আদিকাণ্ড, অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, সুন্দৰকাণ্ড, লংকাকাণ্ড, আৰু উত্তৰাকাণ্ড।[6] ই ইয়াৰ উৎসৰ গঠন বা সামগ্ৰিক প্লটৰ বিশেষ পৰিৱৰ্তন কৰা নাই যদিও,[3] যদিও ইয়াত স্থানীয় পৰিৱৰ্তন হোৱা দেখা যায়।[1][7][8] তথ্যসূত্ৰ
|