সপ্তকাণ্ড ৰামায়ণ
সপ্তকাণ্ড ৰামায়ণ ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰচনা কৰা ৰামায়ণ।[1] ভৌম-পালবংশীয় ক্ষত্ৰিয় ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ কি?) ৰাজসভাৰ কবি[2] মাধৱ কন্দলীয়ে ৰাজ অনুগ্ৰহত উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ "সপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে[3]। আধুনিক ভাৰতীয় ভাষাত ৰচনা কৰা এইখন ৰামায়ণ শাস্ত্ৰীয় তামিল ভাষাত কাম্বৰৰ ৰামায়ণৰ পিছতেই অৱস্থান কৰে। প্ৰাকশংকৰী যুগত ৰচনা কৰা এইখন গ্ৰন্থ লিখিত অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শনসমূহৰ ভিতৰত অন্যতম। ইয়াত ৰাম, সীতা ইত্যাদি অন্যান্য চৰিত্ৰ সমূহক অতি মানৱৰ ৰূপত বৰ্ণনা কৰা হোৱা নাই। পৌৰাণিক চৰিত্ৰ সমূহৰ অতিৰঞ্জিত বৰ্ণনা আৰু নায়কত্ব আৰোপ নকৰা ইয়াৰ অন্যতম বৈশিষ্ট্য। মাধৱ কন্দলীয়ে নিজেই উল্লেখ কৰিছে যে এই গ্ৰন্থ ধৰ্মীয় উদ্দেশ্যৰ বাবে ৰচনা কৰা হোৱা নাছিল। বাল্মীকিৰ ৰামায়ণত ৰামক অতি মানৱ ৰূপত দেখুৱা হোৱা নাই। পাছতহে ইয়াত ৰামৰ অলৌকিকতা সন্নিবিষ্ট হৈছে। মাধৱ কন্দলীয়ে 'সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো' বুলি কৈছে যদিও কালক্ৰমত ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। "গুৰু-চৰিত" ইয়াৰ বিষয়ে এটা কাহিনী পোৱা যায়। কাহিনীমতে অনন্ত কন্দলীয়ে ভক্তিৰসৰ আধাৰত ৰামায়ণৰ এক নতুন অনুবাদ কৰি মাধৱ কন্দলীৰ ৰামায়ণক লুপ্ত কৰিব বিচাৰিছিল। তেতিয়া মাধৱ কন্দলীয়ে শঙ্কৰদেৱক সপোনত দেখা দি ইয়াৰ সংৰক্ষণৰ বাবে অনুৰোধ জনায়। তাৰ পিছত শঙ্কৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰাকাণ্ড লিখি উলিয়ায়[4]। মাধৱ কন্দলীয়ে এই কাণ্ড দুটা আগতে ৰচনা কৰিছিল নে নাই তাৰ কোনো প্ৰমাণ পোৱা নাযায়[4]। সপ্তকাণ্ড ৰামায়ণ ইংৰাজী ভাষাতো অনুবাদিত হৈছে। কবিৰ পৰিচয়মাধৱ কন্দলী ১৪ শ শতিকাৰ ভৌম-পালবংশীয় বৰাহী ৰজা মহামাণিক্যৰ ৰাজসভাৰ এজন কবি[2]। মাধৱ কন্দলীয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ “সপ্তকাণ্ড ৰামায়ণ” নামেৰে অনুবাদ কৰে[3]। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলীক "অপ্ৰমাদী কবি" আখ্যা দিছিল[2]। মূল গ্ৰন্থতেওঁ সাতকাণ্ড ৰামায়ণ বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত লিখে।[5] সেইসময়ত তেওঁৰ ৰাজধানী শিৱসাগৰত আছিল।[6] তেওঁ ৰামায়ণত উল্লেখ কৰিছে:
কন্দলীয়ে ৰামায়ণত বিভিন্ন ছন্দ ব্যৱহাৰ কৰিছিল। ইয়াত ঘাইকৈ পদ বা পয়াৰ, ঝুমুৰা, দুলৰি আৰু ছবি ছন্দৰ ব্যৱহাৰ হোৱা দেখা যায়। তেওঁ বাল্মিকীৰ ৰামায়ণৰ আক্ষৰিক অনুবাদ নকৰি ভাৱানুবাদ হে কৰিছিল। ইয়াত অসমীয়া চহা জীৱনৰ চাপ দেখিবলৈ পোৱা যায়। তেওঁ ৰাম, সীতা আদি চৰিত্ৰক মানৱী ৰূপত প্ৰকাশ কৰিছিল। আচৰিত গুণ থাকিলেও কিছুমান পৰিস্থিতিত মানৱীয় দুৰ্বলতাও ইয়াৰ অন্যতম বৈশিষ্ট্য। কন্দলীয়ে ইয়াত বিভিন্ন বাদ্যযন্ত্ৰ, ফল-ফুল, গছ-লতিকা, পশু-পক্ষীৰ ইত্যাদিৰ বৰ্ণনাও কৰিছে। পৰৱৰ্তী সময়মাধৱ কন্দলীৰ প্ৰায় এশ বছৰ পিছত অৰ্থাৎ ১৫শ শতিকাৰ দ্বিতীয়াৰ্ধত 'কৃত্তিবাসী ৰামায়ণ' আৰু ১৬শ শতিকাৰ অষ্টম দশকত তুলসীদাসৰ 'ৰামচৰিতমানস' ৰচিত হয়[3]। কালক্ৰমত ৰামায়ণৰ দুটা কাণ্ড হেৰাই যোৱাৰ পিছত নৱবৈষ্ণৱ ধৰ্মীয়ৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে এই কাণ্ড দুটা সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। শংকৰদেৱ সপ্তকাণ্ড ৰামায়ণৰ পৰা প্ৰভাৱিত হৈ এনেদৰে কৈছিল:
পিছলৈ ১৬শ শতিকাত অনন্ত কন্দলী আৰু কিছুমানৰ পদ ইয়াত যোগ হয়। পিছলৈ এখন কাৰ্বি ভাষাৰ ৰামায়ণ এই গ্ৰন্থৰ আলমত ৰচনা কৰা হৈছিল। তথ্য উৎস
|
Portal di Ensiklopedia Dunia