ৰুমা
ৰুমা হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ বানৰ ৰাজ সুগ্ৰীৱৰ পত্নী আৰু কিষ্কিন্ধাৰ ৰাণী আছিল। প্ৰথম বাৰৰ বাবে তেওঁ উপস্থিতি ৰামায়ণৰ চতুৰ্থ কাণ্ড কিষ্কিন্ধাকাণ্ডত দেখা যায়। ৰুমা আৰু সুগ্ৰীৱ ইজনে সিজনৰ প্ৰেমত পৰিছিল আৰু ইজনে সিজনক বিয়া কৰাব বিচাৰিছিল। কিন্তু ৰুমাৰ দেউতাকে তেওঁলোকৰ বিবাহৰ বাবে অনুমোদন জনোৱা নাছিল। সেয়েহে, সুগ্ৰীৱে হনুমানৰ সহায়ত ৰুমাক হৰণ কৰে আৰু ইজনে সিজনক বিয়া কৰায়। দুজন ৰাজকীয় বানৰ ভাতৃৰ বিবাদৰ পিছত বালিয়ে ৰুমাক সুগ্ৰীৱৰ পৰা আঁতৰাই লৈ গৈছিল। পৰৱৰ্তী সময়ত, ৰুমাক বালিয়ে অৱৰুদ্ধ কৰি ৰখাটোৱেই বালিক ৰামে বধ কৰা আৰু সুগ্ৰীৱক কিষ্কিন্ধাৰ অধিপতি হোৱাত সহায় কৰাৰ মুখ্য যুক্তিযুক্ততা হৈ পৰে। যেতিয়া বালিয়ে নীচ, বিশাসঘাটক আৰু অনাকাংক্ষিতভাৱে ৰামে শৰ মাৰি হানি পেলোৱাৰ বিষয়ে বালিয়ে ৰামক অভিযোগ কৰে তেতিয়া ৰামে কয় যে এয়া সুগ্ৰীৱৰ বিবাহিতা পত্নীক কাঢ়ি লৈ নিজৰ উপভোগৰ বাবে ব্যৱহাৰ কৰা পাপৰেই এয়া শাস্তি।[1][2][3] তথ্যউৎস
|