ভৰদ্বাজ
ভৰদ্বাজ বা ভাৰদ্বাজ (সংস্কৃত: भारद्वाज) প্ৰাচীন ভাৰতৰ এগৰাকী বৈদিক মহৰ্ষি। তেওঁ আছিল এজন বিদ্বান, অৰ্থনীতিবিদ, ব্যাকৰণবিদ আৰু চিকিৎসক। তেওঁ সপ্তৰ্ষিসকলৰ অন্যতম।[1] ঋকবেদকে ধৰি প্ৰাচীন ভাৰতীয় সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানসমূহে প্ৰাচীন ভাৰতীয় সমাজৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰে।[2][3][4] ঋষি ভৰদ্বাজ আৰু তেওঁৰ শিষ্যসকলক ঋকবেদৰ ষষ্ঠ পাঠ্যখণ্ড ৰচনা কৰাৰ কৃতিত্ব প্ৰদান কৰা হয়।[5] মহাভাৰতত ভৰদ্বাজ আছিল কৌৰৱ আৰু পাণ্ডৱসকলৰ শিক্ষাগুৰু দ্ৰোণাচাৰ্যৰ পিতৃ তথা গুৰু।[6] ভাৰতৰ মধ্যযুগীয় চিকিৎসা শাস্ত্ৰ চৰক সংহিতাতো ভৰদ্বাজৰ বিষয়ে উল্লেখ আছে। ইতিহাসবৈদিক গ্ৰন্থত তেওঁৰ সম্পূৰ্ণ নাম হৈছে ভৰদ্বাজ ব্ৰাহস্পতি। তেওঁৰ পিতৃ আৰু বৈদিক দেৱৰ্ষি বৃহস্পতিৰ নামৰ পৰা ব্ৰাহস্পতি উপাধি সংযুক্ত হৈছে। তেওঁৰ মাতৃ আছিল বৃহস্পতিৰ জ্যেষ্ঠ ভাতৃ উতথ্য ঋষিৰ পত্নী মমতা। [7] তেওঁ ঋকবেদৰ লগতে শতপথ ব্ৰাহ্মণতো চাৰিবাৰ উল্লেখ কৰা সাতজন ঋষিৰ ভিতৰত এজন। ইয়াৰোপৰি মহাভাৰত আৰু পুৰাণত তেওঁক শ্ৰদ্ধাসহকাৰে উল্লেখ কৰা হৈছে। [8] পৰৱৰ্তী কালত পুৰাণৰ কিছুসংখ্যক আখ্যানত তেওঁক বৈদিক ঋষি অত্ৰিৰ পুত্ৰ বুলি কোৱা হয়। [2] দীঘ নিকায়ৰ দৰে বৌদ্ধ পালি গ্ৰন্থত তেভিজ্জা সূত্তই বুদ্ধ আৰু সমসাময়িক বৈদিক পণ্ডিতসকলৰ মাজত হোৱা আলোচনাৰ বৰ্ণনা কৰিছে। বুদ্ধই দহজন ঋষিৰ নাম লৈ তেওঁলোকক "আদি ঋষি" বুলি কয় আৰু তেওঁৰ যুগত সংগ্ৰহ কৰা আৰু উচ্চাৰণ কৰা প্ৰাচীন পদসমূহৰ ৰচয়িতা বুলি উল্লেখ কৰে। আৰু সেই দহজন ঋষিৰ ভিতৰত ভৰদ্বাজো আছে। [1][9][note 1] প্ৰাচীন হিন্দু চিকিৎসা শাস্ত্ৰ চৰক সংহিতাই ভৰদ্বাজক ইন্দ্ৰৰ পৰা চিকিৎসা বিজ্ঞানৰ শিক্ষা লোৱা বুলি উল্লেখ কৰিছে। ভৰদ্বাজে ইন্দ্ৰক কয়, "দুৰ্বল স্বাস্থ্যই মানুহৰ আধ্যাত্মিক যাত্ৰা অনুসৰণ কৰাৰ সামৰ্থ্য ব্যাহত কৰি আছে", আৰু ইয়াৰ পিছত ইন্দ্ৰই চিকিৎসা জ্ঞানৰ পদ্ধতি আৰু নিৰ্দিষ্ট তাৎপৰ্য দুয়োটাকে ভৰদ্বাজক প্ৰদান কৰে। [10][11] ভৰদ্বাজ শব্দটোৰ উৎপত্তি হৈছে "ভৰ(দ) আৰু ভজ(ম)"ৰ পৰা যাৰ অৰ্থ হৈছে একেলগে "পুষ্টি অনা"। [12] ভৰদ্বাজক ব্ৰাহ্মণ বা ভূমিহাৰ জাতিৰ ভৰদ্বাজ গোত্ৰৰ আৰম্ভণি কৰোঁতা বুলি গণ্য কৰা হয়।[4] টোকাতথ্য সংগ্ৰহ
|