ঔষধিপৰ্বত

জাম্বৱনৰ কথামতে হনুমান হিমালয়লৈ ঔষধি আনিবলৈ বুলি ৰাওনা হৈছে।

ঔষধিপৰ্বত হৈছে ৰামায়ণত বৰ্ণিত ঔষধি উদ্ভিদেৰে পৰিপূৰ্ণ এক পৰ্বত। লংকাৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে ৰামৰ ভ্ৰাতৃ লক্ষ্মণক বাসৱী শক্তি বা শক্তিশেলেৰে আক্ৰমণ কৰে আৰু লক্ষ্মণ নিশ্চিত মৃত্যুৰ মুখত পৰে। তেওঁক আৰোগ্য কৰিবলৈ জাম্বৱনৰ পৰামৰ্শ অনুযায়ী হনুমান হিমালয়লৈ যাত্ৰা কৰে। কিন্তু ঔষধি উদ্ভিদৰ পৰিচয় নথকাৰ বাবে হনুমানে গোটেই ঔষধি পৰ্বতখনকে লংকালৈ দাঙি আনে।

তথ্য সংগ্ৰহ

  • Dictionary of Hindu Lore and Legend (আই.এচ.বি.এন. 0-500-51088-1) by Anna Dallapiccola

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia