কৌশল্যা
কৌশল্যা হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কোশল ৰাজ্যৰ ৰাজকুমাৰী আছিল আৰু ৰজা দশৰথৰ পত্নী, ৰামৰ মাতৃ [1][2] আৰু অযোধ্যাৰ জ্যেষ্ঠ ৰাণী আছিল। তেওঁ শান্তা নামৰ এগৰাকী কন্যা সন্তানৰ মাতৃও আছিল। বাল্মীকি ৰামায়ণৰ বালকাণ্ডত শান্তাৰ উল্লেখ আছে।[3] কিংবদন্তীতেওঁ দক্ষিণ কোশল ৰাজ্যৰ ৰজা সুকৌশল আৰু ৰাণী অমৃতপ্ৰভাৰ জীয়ৰী।[4] তেওঁৰ জন্মস্থানত, মাতা কৌশল্যা মন্দিৰ নামৰ তেওঁৰ প্ৰতি উৎসৰ্গিত এটা মন্দিৰ আছে, যিটো কৌশল্যাক সমৰ্পিত পৃথিৱীৰ একমাত্ৰ মন্দিৰ। তেওঁ চিৰনম্ৰ, স্নেহশীলা আৰু মধুৰস্বভাৱৰ আছিল। তেওঁৰ ধৈৰ্যৰ চৰম পৰীক্ষা হয় পুত্ৰ ৰামৰ বনবাসৰ কালত। তেওঁ প্ৰথমে পুত্ৰ ৰামক বনগমনত বাধা প্ৰদানৰ চেষ্টা কৰিছিল, কিন্তু পিতৃসত্য পালনৰ নিষ্ঠা আৰু অপূৰ্ব ধৰ্মপ্ৰাণতা দৰ্শনৰে তেওঁ পুত্ৰবিৰহ দুঃখ তুচ্ছ কৰি ৰামক সম্মতি প্ৰদান কৰে আৰু আশীৰ্বাদ কৰে। বনবাসলৈ ৰথেৰে গমন কৰাৰ সময়ত ৰাম-লক্ষ্মণ-সীতা চকুৰে নেদেখা হোৱালৈকে তেওঁ দশৰথসহ ৰথৰ পিছে পিছে দৌৰি যায়। বনবাসৰ চৌধ্য বছৰ পিছত ৰাম অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰাত অশ্বমেধযজ্ঞ পালনৰ পিছত কৌশল্যাৰ মৃত্যু হয়। কৌশল্যা আছিল দ্ৰোণবসুৰ পত্নী ধাৰা (ব্ৰহ্মণী)ৰ অৱতাৰ। তেওঁ বিষ্ণুৰ পৰা আশীৰ্বাদ প্ৰাপ্ত আছিল। সেই অনুসৰি তেওঁ ত্ৰেতা যুগত সপ্তম অৱতাৰ ৰামৰ ৰূপত কৌশল্যাৰ গৰ্ভত জন্মলাভ কৰে।[2] দশৰথৰ মৃত্যুৰ পিছত ৰামে সিংহাসন অধিষ্ঠিত নকৰালৈ তেওঁ অযোধ্যাৰ মুখ্য অধিকাৰী আছিল। ৰাম সিংহাসনত বঢ়াৰ পিছত তেওঁ ৰাণী মা হৈছিল। সুমিত্ৰা আৰু কৈকেয়ীৰ সৈতে তেওঁ ভগ্নী স্বৰূপ সম্পৰ্ক ৰাখিছিল। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia