হিন্দু শাস্ত্ৰত ধন্যমালিনী (ইংৰাজী: Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।[1] ধন্যমালিনী আৰু ৰাৱণৰ পুত্ৰ চাৰিগৰাকী; অতিকায়, নৰান্তক-দেৱান্তক আৰু ত্ৰিশিৰা।[2][3]