সুমিত্ৰা
সুমিত্ৰা (সংস্কৃত: सुमित्रा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় সহধৰ্মিনী আৰু ৰাণী। [1] ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ যমজ সন্তান লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ।[2] সুমিত্ৰা শব্দৰ সুৰ অৰ্থ ভাল আৰু মিত্ৰৰ অৰ্থ বন্ধু। সেয়েহে, তেওঁৰ নামৰ অৰ্থ হৈছে 'এজন ভাল বন্ধু' বা 'বন্ধুত্বপূৰ্ণ প্ৰকৃতিৰ ব্যক্তি'। তেওঁ প্ৰাচীন কাশী ৰাজ্যৰ কন্যা আছিল। দশৰথৰ পত্নীসকলৰ মাজত তেওঁক আটাইতকৈ জ্ঞানী আৰু মহান বুলি গণ্য কৰা হয়। তেওঁ লক্ষ্মণক ৰামৰ সৈতে যাবলৈ আৰু নিৰ্বাসনৰ সময়ত সেৱা কৰিবলৈ উৎসাহিত কৰিছিল। সুমিত্ৰাই প্ৰায়ে দশৰথক তেওঁৰ সমস্যাবোৰত সহায় কৰিছিল। তেওঁ তেওঁৰ বোৱাৰী উৰ্মিলাৰ সৈতেও বৰ ভাল বান্ধোন আছিল আৰু যিকোনো ক্ষেত্ৰত তেওঁক প্ৰাধান্য দিছিল। লক্ষ্মণৰ নিৰ্বাসনৰ সময়ত, তেওঁ সকলো সময়তে উৰ্মিলাক সংগ দিছিল। ব্যক্তিত্বসুমিত্ৰাক কৈকেয়ীতকৈ কঠোৰ আৰু শক্তিশালী বুলি বৰ্ণনা কৰা হৈছে। অৱশ্যে সেৱা গুণ তেওঁৰ অন্যান্য বৈশিষ্ট্য সমূহৰ মাজত এক। মুখ্য ৰাণী নহ'লেও, তেওঁ তেওঁৰ স্বামী আৰু প্ৰধান ৰাণী কৌশল্যাৰ প্ৰতি ভক্তি মনোভাৱ ৰাখিছিল। তেওঁ তেওঁৰ পুত্ৰ লক্ষ্মণক ৰামৰ সৈতে নিৰ্বাসনলৈ যাবলৈ অনুমতি দিয়াৰ দৰে ত্যাগৰ বাবেও জনাজাত। বিয়াৰ আগতে তেওঁ কাশীৰ ৰাজকুমাৰী আছিল আৰু হৈহেয়া গোত্ৰৰ আছিল। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia