শ্ৰৱণ কুমাৰ
শ্ৰৱণ কুমাৰ হৈছে ৰামায়ণৰ এটি চৰিত্ৰ। তপস্বী দম্পতী শান্তণু আৰু মলয়াৰ পুত্ৰ। শ্ৰৱণৰ মাক দেউতাক উভয়ৰে দৃষ্টি শক্তি ক্ষীণ আছিল, পিছলৈ গৈ তেওঁলোক একেবাৰে অন্ধ হৈ পৰে। শ্ৰৱণ কুমাৰ পূৰ্বজন্মত ৰাজকোঁৱৰ আছিল। শাপৰ ফলত তেওঁ অন্ধমুনিৰ পুত্ৰ হৈ জন্ম লয়। জীৱন কাহিনীশ্ৰৱণ কুমাৰ তেওঁৰ পিতৃ-মাতৃৰ প্ৰতি অত্যন্ত অনুগত আৰু কৰ্তব্যনিষ্ঠ আছিল। তেওঁ নিয়মিত নিষ্ঠাৰে অন্ধ মাক-দেউতাকৰ সেৱা কৰিছিল। শ্ৰৱণ কুমাৰ যেতিয়া কিশোৰৰ পৰা কৈশোৰ অৱস্থা পায় তেতিয়া তেওঁৰ মাক দেউতাকৰ তীৰ্থভ্ৰমণৰ ইচ্ছা জাগে। সাধাৰণতে শ্ৰৱণে নিজ মাক দেউতাকক এখন ভাৰত তুলি ইফালে সিফালে ঘূৰা-ফুৰা কৰিছিল। মাক দেউতাকৰ তীৰ্থ ভ্ৰমণৰ ইচ্ছা পূৰণৰ বাবে তেওঁ ভাৰ কঢ়িয়াই মাক দেউতাকক তীৰ্থলৈ বুলি নি থকা অৱস্থাত এজোপা গছৰ তলত জিৰণি লৈ নৈৰ পৰা পানী আনিবলৈ যায়। সেই সময়তে অযোধ্যাৰ ৰজা দশৰথে চিকাৰৰ উদ্দেশ্যে বনত ঘূৰি ফুৰিছিল। দশৰথ ৰজা শব্দভেদী বাণ মৰাৰ ক্ষমতাৰে অভিজ্ঞ আছিল। শ্ৰৱণে নৈৰ পৰা পানী খোৱাৰ শব্দক মৃগই পানী খোৱা বুলি ভুল কৰি তেওঁ শব্দভেদী বাণ মাৰিছিল। এই বাণৰ আঘাতত শ্ৰৱণ কুমাৰৰ মৃত্যু হৈছিল। পুত্ৰৰ মৃত্যুৰ কথা গম পাই অন্ধ পিতৃ-মাতৃয়ে চকুপানী টুকিছিল। এই ভুলৰে অনুতপ্ত দশৰথ ৰজাই শ্ৰৱণ কুমাৰৰ মাক দেউতাকৰ ওচৰত ক্ষমা ভিক্ষা মাগে। বিপৰীতে তেওঁলোকে দশৰথ ৰজাৰো পুত্ৰ শোকত মৃত্যু হ'ব বুলি শাপ দিছিল[1]। তথ্য সংগ্ৰহ
|