দশৰথ
দশৰথ (সংস্কৃত: दशरथ) হৈছে ৰামায়ণ আৰু বিষ্ণু পুৰাণত বৰ্ণিত কোশল দেশৰ ৰজা আৰু ৰামৰ পিতৃ। তেওঁৰ ৰাজধানীৰ নাম অযোধ্যা। তেওঁ আছিল ৰজা অজ আৰু ৰাণী ইন্দুমতীৰ পুত্ৰ। তেওঁৰ তিনিগৰাকী ভাৰ্যা আছিল। তেওঁলোক হৈছে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁলোকৰ গৰ্ভত দশৰথৰ ঔৰষত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়। প্ৰাৰম্ভিক জীৱনৰজা দশৰথ দ্ৰোণবসু ব্ৰাহ্মণৰ অৱতাৰ আছিল যি সত্য যুগত তেওঁৰ প্ৰথম জন্মত ভগৱান বিষ্ণুৰ পৰা বৰ লাভ কৰিছিল। দশৰথ কোশলৰ ৰজা অজ আৰু বিদৰ্ভৰ ইন্দুমতীৰ পুত্ৰ আছিল। তেওঁৰ জন্মৰ নাম আছিল নেমি। কিন্তু তেওঁৰ ৰথ দহটা দিশত আগবাঢ়িব পাৰে, উৰিব পাৰে, লগতে পৃথিৱীলৈ নামি আহিব পাৰে, আৰু তেওঁ এই আটাইবোৰ দিশতে সহজে যুঁজিব পাৰে বাবেই তেওঁ দশৰথ নাম লাভ কৰে। দেউতাকৰ মৃত্যুৰ পিছত দশৰথ কোশলৰ ৰজা হয়। তেওঁ এজন মহান যোদ্ধা আছিল যিয়ে নিজৰ দক্ষতাৰে সমগ্ৰ পৃথিৱী জয় কৰিছিল আৰু যুদ্ধত বহুতো অসুৰক পৰাজিত আৰু নিহত কৰিছিল। দশৰথৰ তিনিগৰাকী ৰাণী আছিল। ইয়াৰ ভিতৰত মুখ্য মহিষী আছিল কৌশল্যা। সুমিত্ৰা আৰু কৈকেয়ী আছিল আন দুগৰাকী মহিষী। কৌশল্যা দক্ষিণ কোশল ৰাজ্যৰ, সুমিত্ৰা কাশীৰ আৰু কৈকেয়ী কৈকেয় ৰাজ্যৰ জীয়ৰী আছিল। পুত্ৰকামেষ্ঠি যজ্ঞ সম্পাদনদশৰথে বশিষ্ঠ মুনিৰ পৰামৰ্শ অনুসৰি অথৰ্ববেদৰ বিদগ্ধ ঋষি ঋষ্যশৃংগৰ সহায়ত মনোৰমা নদীৰ পাৰত পুত্ৰকামেষ্ঠী যজ্ঞ কৰিছিল। দশৰথ আৰু কৌশল্যৰ জীয়ৰী শান্তা আছিল যি ঋষ্যশৃংগৰ পত্নী। যজ্ঞৰ সমাপনৰ দিশে আগবাঢ়োঁতেই অগ্নি যজ্ঞকুণ্ডৰ পৰা ওলাই আহি দশৰথক ক্ষীৰৰ এটা পাত্ৰ দি তেওঁক তেওঁৰ ৰাণীসকলৰ মাজত বিতৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। কৌশল্যাই আধা ক্ষীৰ খোৱাৰ বিপৰীতে সুমিত্ৰাই ক্ষীৰৰ এক চতুৰ্থাংশ খায়। আনহাতে কৈকেয়ীয়ে কিছু ক্ষীৰ খাই পাত্ৰটো পুনৰ সুমিত্ৰালৈ আগবঢ়াই দিয়ে আৰু তেওঁ দ্বিতীয়বাৰৰ বাবে ক্ষীৰ গ্ৰহণ কৰে। ক্ষীৰ খোৱাৰ পিছত তিনিওগৰাকীয়ে গৰ্ভধাৰণ কৰে। যিহেতু কৌশল্যই আটাইতকৈ ডাঙৰ অংশটো খাইছিল, তেওঁ জ্যেষ্ঠ পুত্ৰ ৰামৰ জন্ম দিয়ে। কৈকেয়ীয়ে ভৰতৰ জন্ম দিয়ে। দুবাৰকৈ ক্ষীৰ খোৱাৰ বাবে সুমিত্ৰাই দুই পুত্ৰ লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম দিয়ে। সুমিত্ৰাই কৌশল্যাৰ পৰা লোৱা অংশটোৰ ফলস্বৰূপে ৰামৰ ঘনিষ্ঠ লক্ষ্মণৰ জন্ম হয় আৰু সুমিত্ৰাই কৈকেয়ীৰ পৰা লোৱা অংশটোৰ ফলস্বৰূপে ভৰতৰ ঘনিষ্ঠ শত্ৰুঘ্নৰ জন্ম হয়। কৈকেয়ীৰ বৰৰাণী কৈকেয়ীৰ মন্থৰা নামৰ এগৰাকী দাসীয়ে তেওঁক মন্ত্ৰণা দিয়ে যে মহাৰাজ দশৰথৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰতৰহে প্ৰাপ্য। ইয়াৰোপৰি তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰিব লাগে। মন্থৰাই তেওঁক দশৰথে দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথাও মনত পেলাই দিয়ে যে যেতিয়া তেওঁ অসুৰসকলৰ বিৰুদ্ধে হোৱা মহাযুদ্ধত তেওঁক ৰক্ষা কৰিছিল তেতিয়া দশৰথে তেওঁক দুটা বৰদান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ভৰতক ৰজা পাতিবৰ বাবে এই বৰকেইটা ব্যৱহাৰ কৰিব লাগে। এই মন্ত্ৰণা অনুসাৰেই দশৰথক কৈকেয়ীয়ে তেওঁ লাভ কৰিবলৈ বাকী থকা দুটা বৰদানৰ বিষয়ে মনত পেলাই দিয়ে। কৈকেয়ীয়ে সেই সময়ৰ কথা সোঁৱৰাই দিয়ে যেতিয়া তেওঁ ইন্দ্ৰ আৰু দশৰথ দুয়োৰে শত্ৰু সম্বাসুৰৰ বিৰুদ্ধে এক মহাকাশীয় যুদ্ধৰ সময়ত দশৰথক ৰক্ষা কৰিছিল। দুয়োৰে মাজত হোৱা এক ভয়ংকৰ যুদ্ধৰ সময়ত দশৰথৰ ৰথৰ চকা ভাঙি যায় আৰু সম্বাসুৰৰ তীৰে ৰজাৰ বস্ত্ৰ বিন্ধি বুকুত সোমাই পৰে। দশৰথৰ ৰথী হিচাপে লগত থকা কৈকেয়ীয়ে লগে লগে ভঙা চকাটো মেৰামতি কৰে আৰু তাৰ পিছত ৰথখন যুদ্ধক্ষেত্ৰৰ পৰা আঁতৰাই আনে। তেওঁ আঘাতপ্ৰাপ্ত ৰজাক সুস্থ কৰি তোলে। কৈকেয়ীৰ সাহস আৰু সময়োপযোগী সেৱাৰ বাবে দশৰথে তেওঁক দুটা বৰদান দিবলৈ ইচ্ছা কৰে। কিন্তু কৈকেয়ীয়ে সেয়া সময়ত বিচাৰিব বুলি জনায়। সেই অনুসাৰে কৈকেয়ীয়ে ভৰতক ৰাজমুকুট পিন্ধাবলৈ আৰু ৰামক চৈধ্য বছৰৰ বাবে বনবাসলৈ প্ৰেৰণ কৰিবলৈ দশৰথৰ ওচৰত দাবী জনায়। এই কথা শুনি দশৰথ মূৰ্ছা যায়। [1] তথ্য সংগ্ৰহ
|