কবন্ধহিন্দু ধৰ্মত, কবন্ধ (कबन्ध), "মুণ্ডহীন শৰীৰ") হৈছে এজন ৰাক্ষস, যাক ৰাম (বিষ্ণুৰ অৱতাৰ) আৰু তেওঁৰ ভাতৃ লক্ষ্মণৰ দ্বাৰা হত্যা কৰা হয় আৰু অভিশাপৰ পৰা মুক্ত কৰা হয়। হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত কবন্ধৰ কিংবদন্তীৰ উল্লেখ আছে, লগতে পিছৰ ৰামায়ণৰ অভিযোজন সমূহতো কবন্ধৰ উপস্থিতি দেখা যায়। কবন্ধ বিশ্ববাসু বা দানু নামৰ এজন গন্ধৰ্ব (মহাকাশীয় সংগীতজ্ঞ) আছিল, যি স্বৰ্গৰ ৰজা ইন্দ্ৰ (আৰু/বা) অষ্টবক্ৰ নামৰ ঋষিৰ দ্বাৰা অভিশপ্ত আছিল। অভিশাপৰ বাবে তেওঁ এক কুৎসিত, মাংসভোজী ৰাক্ষসলৈ পৰিৱৰ্তন হৈছিল। ৰাম আৰু লক্ষ্মণৰ সৈতে হোৱা এক সংঘৰ্ষত, দুই ভাতৃয়ে তেওঁৰ বাহু কাটি তেওঁৰ মৃতদেহ সৎকাৰ কৰিবলৈ আগবাঢ়ি যায়। মৃত্যুৰ পিছত, কবন্ধই তেওঁৰ গন্ধৰ্ব ৰূপ পুনৰ ঘূৰাই পায় আৰু ৰামক ৰিশ্যামুখ পৰ্বতৰ দিশে যাবলৈ উপদেশ দিয়ে, য'ত নিৰ্বাসিত বান্দৰ-প্ৰধান সুগ্ৰীৱ লুকাই আছে। কবন্ধই ৰামক সুগ্ৰীৱৰ সৈতে মিত্ৰতা গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে, যি ৰামৰ পত্নী সীতাৰ সন্ধানত সহায় কৰিব। কবন্ধৰ পৰামৰ্শ অনুসৰণ কৰি, ৰামে সুগ্ৰীৱৰ সৈতে বন্ধুত্ব কৰে আৰু সীতাক তেওঁৰ সহায়ত উদ্ধাৰ কৰে। সাহিত্যিক উৎসকবন্ধৰ বিতং বিৱৰণ ৰামায়ণৰ তৃতীয় খণ্ড, অৰণ্যকাণ্ডৰ ৬৯-৭৩ সৰ্গত দেখা যায়।[1] অৱশ্যে, ৰামায়ণৰ প্ৰথম খণ্ড বালকাণ্ডত কবন্ধৰ প্ৰথম উল্লেখ দেখা যায়, য'ত গোটেই কাহিনীটো সংক্ষিপ্ত ৰূপত উল্লেখ কৰা হৈছে।[2] কবন্ধৰ বিৱৰণ ৰামোপাখ্যানতো দেখা যায় – অৰণ্যপৰ্বৰ ৰামৰ কাহিনীৰ পুনৰাবৃত্তি – মহাভাৰতৰ তৃতীয় খণ্ড,! [3] আৰু ইয়াৰ পৰিশিষ্ট হৰিবংশ,[4][5] লগতে ৰামায়ণৰ পৰৱৰ্তী অভিযোজন যেনে কালিদাসৰ ৰঘুবংশ (চতুৰ্থৰ পৰা ষষ্ঠ শতিকাৰ মাজত ৰচিত),[4] ভাট্টিৰ সপ্তম শতিকাৰ ৰচনা ভট্টিকাব্য, ভৱভূতিৰ অষ্টম শতিকাৰ নাটক মহাবীৰচৰিত, মুৰাৰী মিশ্ৰৰ দশম শতিকাৰ নাটক অনৰ্গৰাঘৱ, কামবানৰ দ্বাদশ শতিকাৰ কিতাপ কাম্ব ৰামায়ণ, অধ্যাত্ম ৰামায়ণ (অৰণ্যকাণ্ডৰ নৱম অধ্যায়, চতুৰ্দশ শতিকাৰ শেষৰ পৰা পঞ্চদশ শতিকাৰ আৰম্ভণিলৈকে)[6] ব্ৰহ্মাণ্ড পুৰাণ আৰু তুলসীদাসৰ ষোড়শ শতিকাৰ ৰামচৰিতমানস আদিটো কবন্ধৰ উল্লেখ পোৱা যায়। প্ৰাৰম্ভিক জীৱন আৰু অভিশাপৰামায়ণত বৰ্ণনা কৰা অনুসৰি কবন্ধৰ জন্ম বিশ্ববাসু নামৰ গন্ধৰ্ব (মহাকাশীয় সংগীতজ্ঞ) হিচাপে হৈছিল। তেওঁ গন্ধৰ্ব শ্ৰী বিশ্ববাসু বা শ্ৰীৰ পুত্ৰ আছিল আৰু তেওঁক দনু বুলিও জনা গৈছিল। বিশ্ববসুৱে তপস্যা কৰি সৃষ্টিকৰ্তা-দেৱতা ব্ৰহ্মাৰ পৰা অমৰত্বৰ আশীৰ্বাদ লাভ কৰিছিল। তেওঁ তেওঁৰ আশীৰ্বাদৰ বাবে অহংকাৰী হৈ পৰিছিল আৰু স্বৰ্গৰ দেৱ-ৰজা ইন্দ্ৰক আক্ৰমণ কৰিছিল। ইন্দ্ৰই তেওঁৰ মহাকাশীয় অস্ত্ৰ বজ্ৰ (বজ্ৰপাত) ব্যৱহাৰ কৰি বিশ্ববাসুৰ মূৰ আৰু উৰুবোৰ তেওঁৰ মূল শৰীৰলৈ লৈ যায়। বিশ্ববাসুৰ অনুৰোধত ইন্দ্ৰই তেওঁক খাদ্য খাব পৰাকৈ দুটা দীঘল বাহু আৰু পেটত এখন মুখ দিছিল। ইন্দ্ৰই লগতে এইটোও ব্যক্ত কৰিছিল যে যেতিয়া ৰামে তেওঁৰ বাহু কাটি পেলাব তেতিয়াই কবন্ধই তেওঁৰ মূল ৰূপ ঘূৰাই পাব। [5][7] ৰামায়ণত লগতে কোৱা হৈছে যে- কবন্ধয় ক্ৰোঞ্চা অৰণ্যৰ ঋষি মাতঙ্গৰ আশ্ৰমৰ ওচৰত ঋষিবোৰক ভয় খুৱাই সময় অতিবাহিত কৰিছিল। এবাৰ, কবন্ধই ঋষি স্থূল শিৰাক আক্ৰমণ কৰিছিল, যিয়ে তেওঁক অনন্তকালৰ বাবে তেওঁৰ ঘৃণনীয় ৰূপত থাকিব বুলি অভিশাপ দিছিল। কবন্ধৰ অনুৰোধৰ পিছত, ঋষিয়ে তেওঁৰ অভিশাপ হ্ৰাস কৰে আৰু কয় যে ৰাম আৰু লক্ষ্মণে তেওঁৰ বাহু ছিন্ন কৰাৰ পিছত কবন্ধ তেওঁৰ ৰূপৰ পৰা মুক্ত হ'ব। গতিকে কবন্ধই ৰামৰ আগমনৰ বাবে সেই অৰণ্যত অপেক্ষা কৰিছিল। [1][5] এই কাহিনীটোক পৰৱৰ্তী সময়ত অন্তৰ্ভুক্ত কৰা বুলি সন্দেহ কৰা হয় কাৰণ ইয়াৰ উপস্থিতি মূল ৰামায়ণৰ সকলো সংস্কৰণ/অনুবাদত দেখা নাযায়।[8] অধ্যাত্ম ৰামায়ণে কয় যে কবন্ধ এজন গন্ধৰ্ব প্ৰধান আছিল, যাক ব্ৰহ্মাই অমৰত্বৰে আশীৰ্বাদ প্ৰদান কৰিছিল। তেওঁ "যৌৱন আৰু সৌন্দৰ্যৰ সুৰা পান কৰিছিল" আৰু বিশ্বব্ৰহ্মাণ্ডৰ আকৰ্ষণীয় ধুনীয়া ছোৱালীবোৰৰ সৈতে ঘূৰি ফুৰিছিল। এবাৰ, তেওঁ ঋষি অষ্টবক্ৰক দেখি হঁহাৰ বাবে অষ্টবক্ৰই তেওঁক ৰাক্ষস হ'বলৈ অভিশাপ দিছিল, অৱশ্যে ঋষিয়ে তেওঁক আশ্বাস দিছিল যে ৰামে তেওঁক অভিশাপৰ পৰা মুক্ত কৰিব। [9] তাৰপিছটো অহংকাৰী, কবন্ধই এবাৰ ইন্দ্ৰক খেদি গৈছিল। ইন্দ্ৰখণ্ডৰ বাকী অংশবোৰে ৰামায়ণৰ কথাকে প্ৰতিফলিত কৰে। [6] মহাভাৰতত কোৱা হৈছে যে কবন্ধ তেওঁৰ পূৰ্বজীৱনত বিশ্ববাসু নামৰ গন্ধৰ্ব আছিল আৰু ব্ৰহ্মাই "ৰাক্ষস গৰ্ভৰ পৰা" জন্ম হোৱাৰ বাবে অভিশাপ দিছিল। [3] মহাবীৰ-চৰিতে কবন্ধ প্ৰকৃততে শ্ৰীৰ পুত্ৰ দানু বুলি কৈছে।[10] ভাট্টিকাব্যই স্পষ্টভাৱে কবন্ধৰ নাম উল্লেখ কৰা নাই। তেওঁক "এক ভয়ংকৰ ৰাক্ষস" হিচাপে পৰিচয় দিছে যি সদায় ভোকত আছিল আৰু দীঘল বাহুৰে সমৃদ্ধ আছিল।" পিছত, তেওঁক শ্ৰীৰ পুত্ৰ বুলি চিনাক্ত কৰা হয়, যাক এজন তপস্বীৰ দ্বাৰা অভিশাপ দিয়া হৈছিল। [11] ৰামচৰীতমানসত কোৱা হৈছে যে হিন্দু পুৰাণত গৰম মেজাজৰ বাবে জনাজাত ঋষি দুৰ্বাসাই কবন্ধক অভিশাপ দিছিল। [8] অভিধা আৰু দৈত্য ৰূপমহাভাৰতত তেওঁক বৰ্ণনা কৰিছে: কবন্ধ "পৰ্বতৰ দৰে বিশাল, ক'লা ডাৱৰৰ দৰে বৰণ, তেওঁৰ গোটেই শৰীৰত জোঙাকৈ চুলি আছিল আৰু বজ্ৰপাতৰ দৰে ডাঙৰ কণ্ঠেৰে ভয়ংকৰ দেখাগৈছিল। তেওঁৰ পেট ঘূৰণীয়া আৰু হালধীয়া ৰঙৰ চকু আছিল, চকুৰে জুইৰ দৰে এক দৃষ্টি নিক্ষেপ হৈছিল। তেওঁ নিজৰ ডাঙৰ জিভাখন প্ৰকাণ্ড মুখৰ পৰা উলিয়াই কাষবোৰ চেলেকিলে এক অদ্ভুত ৰূপ প্ৰতিফলিত হয়।" [5] ৰাময়ণটো কবন্ধৰ একেই বৰ্ণনা উপস্থাপন কৰা হৈছে। কবন্ধৰ বুকু বহল তথা মূৰ বা ডিঙি নাছিল। তেওঁৰ বুকুত মাত্ৰ এটা চকু আৰু পেটত এখন মুখ আছিল। তেওঁ তেওঁৰ চিকাৰক ওচৰলৈ টানি নিবলৈ তেওঁৰ দীঘল বাহুদুটা ব্যৱহাৰ কৰিছিল।[1] কবন্ধক প্ৰায়ে প্ৰকাণ্ড গছৰ ৰূপত দেখুওৱা হয়।[7] যিহেতু বিশ্ববাসুৰ মূৰ নাছিল, কিন্তু তেওঁৰ পেটত মাত্ৰ দুটা বাহু আৰু এখন মুখ আছিল, তেওঁ "মুণ্ডহীন শৰীৰ" ৰাক্ষস কবন্ধ বুলি জনাজাত হৈছিল। [5] কবন্ধ শব্দটো প্ৰায়ে এটা ডাঙৰ-পেটৰ পাত্ৰ বা গছৰ ডাঙৰ কাণ্ডৰ দৰে আকৃতি তথা মুণ্ড বিহীন শৰীৰ আদি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যি ইয়াৰ জীৱনীশক্তি বজাই ৰাখে। [4] অধ্যাত্মা ৰামায়ণত কোৱা হৈছে যে কবন্ধ এজন ভয়ংকৰ নৰখাদক আছিল আৰু তেওঁৰ বাহু আঠ মাইল দীঘল আছিল। তেওঁৰ বিশাল কান আৰু চকু বিহীন মুখখন তেওঁৰ পেটত আছিল – তেওঁৰ মূৰ বা ভৰি নাছিল।[6] কবন্ধ বধৰাৱণে হৰণ কৰি নিয়া সীতাৰ সন্ধানত, ৰাম আৰু লক্ষ্মণ ক্ৰোঞ্চা অৰণ্যত উপস্থিত হৈছিল, য'ত কবন্ধ বাস কৰিছিল। [5] হঠাতে, কবন্ধ তেওঁলোকৰ সন্মুখত উপস্থিত হয়। ৰাক্ষসটোৱে দুই ভাতৃৰ পথ অৱৰোধ কৰিছিল, তেওঁলোক বেলেগ পথ লৈ পলাই যাবলৈ চেষ্টা কৰিছিল, কিন্তু অৱশেষত কবন্ধৰ দ্বাৰা ধৰা পৰে। [1] কবন্ধৰ কবলত নিজকে অসহায় অনুভৱ কৰি লক্ষ্মণে ৰামক পলাই যাবলৈ আৰু সীতাক বিচাৰি উলিয়াবলৈ কয় আৰু তেওঁক ৰাক্ষসৰ প্ৰতি বলি হিচাপে এৰি যাবলৈ অনুৰোধ কৰে। ৰামে তেওঁক সান্ত্বনা দিয়ে। কবন্ধই ঘোষণা কৰিছিল যে তেওঁ অত্যন্ত ভোকত আছিল আৰু তেওঁলোকৰ পৰিচয় সুধিছিল যিয়ে তেওঁৰ ভোক দূৰ কৰাবলৈ বলি হিচাপে ধৰা দিছে। এই সময়ত, লক্ষ্মণে উপলব্ধি কৰিছিল যে ৰাক্ষসটোৰ শক্তি তেওঁৰ হাতত আছিল আৰু তেওঁলোকে ৰাক্ষসটোৰ হাত কাটি পেলাবলৈ পৰিকল্পনা কৰে। দুই ভাতৃৰ কথোপকথনত বিৰক্ত হৈ কবন্ধই দুয়োকে একেলগে খোৱাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁলোকক তেওঁৰ মুখৰ ওচৰলৈ টানি আনিছিল। ৰাম-লক্ষ্মণে তেওঁলোকৰ তৰোৱালৰে লগে লগে ৰাক্ষসটোৰ বাহু কাটি পেলালে, আৰু এক শক্তিশালী গৰ্জনৰে পৰি যায়। [1][5] পতিত কবন্ধই পুনৰ তেওঁক পৰাজিত কৰা দুই ভাতৃৰ পৰিচয় বিচাৰে। লক্ষ্মণে নিজৰ আৰু ৰামৰ পৰিচয় দিয়ে ৰাক্ষসটোকো তেওঁৰ পৰিচয় দিবলৈ কয়। কবন্ধই তেওঁৰ কাহিনী বৰ্ণনা কৰি ৰামাক তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ কৰে আৰু তেওঁ সীতাৰ সন্ধানৰ বাবে যি পাৰে সহায় আগবঢ়াই, আৰু মৃত্যুবৰণ কৰে।[1][5] যদিও অন্যান্য অভিযোজনে ৰামায়ণৰ দৰে একেই কাহিনী বৰ্ণনা কৰিছে, এই ক্ষেত্ৰত মহাবীৰ-চৰিত এক উল্লেখযোগ্য ব্যতিক্ৰম। শ্ৰমনা নামৰ এগৰাকী মহিলা কবন্ধৰ কবলত ৰে আৰু তেওঁ সহায়ৰ আহ্বান জনাই চিঞৰিবলৈ ধৰে। দণ্ডকা অৰণ্যত ঘূৰি ফুৰাৰ সময়ত, ৰামে তেওঁৰ আহ্বান শুনে আৰু লক্ষ্মণক অনুসন্ধানৰ বাবে পঠিয়াই, লক্ষ্মণে কবন্ধক হত্যা কৰে আৰু শ্ৰমনাক ৰামৰ ওচৰলৈ লৈ যায়। শ্ৰমনাই ৰাৱণৰ ভাতৃ বিভীষণৰ বাৰ্তাবাহক হিচাপে পৰিচয় দিয়ে - যি ৰাৱণৰ বিৰুদ্ধে সুগ্ৰীৱৰ সৈতে মিলিত হৈছে।[10] অনৰ্ঘৰাঘৱই মহাবীৰ-চৰিতৰ এই কাহিনীটোকে প্ৰতিফলিত কৰে, অৱশ্যে ইয়াত শ্ৰমনাৰ সলনি গুহ নামৰ এজন বন প্ৰধানক উল্লেখ কৰা হৈছে যি ৰাম-লক্ষ্মণক সুগ্ৰীৱৰ ওচৰলৈ লৈ যায়।[12] তথ্যউৎস
বাহ্যিক সংযোগ
|