জটায়ু
জটায়ু (সংস্কৃত: जटायु) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।[1] ৰামায়ণৰ বৰ্ণনাৰাৱণে যেতিয়া দেৱী সীতাক লংকালৈ অপহৰণ কৰি নি আছিল যেতিয়া জটায়ুৱে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। জটায়ুৱে ৰাৱণৰ সৈতে সাহসিকতাৰে যুঁজ দিয়ে কিন্তু বৃদ্ধাৱস্থাৰ বাবে জটায়ুক ৰাৱণে সহজতে পৰাজিত কৰি তেওঁৰ ডেউকা খণ্ডিত কৰে। তেতিয়া জটায়ু চাদয়ামঙ্গলমৰ শিলৰ ওপৰত পতিত হয়। সীতাৰ সন্ধানত ভ্ৰমি ফুৰা ৰাম আৰু লক্ষ্মণ পীড়িত আৰু মৃত্যুমুখত পৰা জটায়ুৰ কাষ পায় আৰু তেওঁ দশৰথ পুত্ৰদ্বয়ক জানিবলৈ দিয়ে যে ৰাৱণ দক্ষিণৰ দিশে আগবাঢ়িছে। ইয়াৰ পিছতে জটায়ুৱে মৃত্যুবৰণ কৰে আৰু ৰামে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।[2][3] তথ্য সংগ্ৰহ
|