দণ্ডকাৰণ্যদণ্ডকাৰণ্য হৈছে ৰামায়ণত উল্লিখিত এক ঐতিহাসিক স্থান। এই ঠাইক বৰ্তমানৰ ভাৰতৰ ছত্তীসগঢ়ৰ বাস্তাৰ ক্ষেত্ৰত অৱস্থিত এক অঞ্চলৰ সৈতে চিহ্নিত কৰা হয়। এই অঞ্চলে পশ্বিমে অবুঝমাৰ পাহাৰ আৰু পূবে পূৰ্বঘাট পৰ্বতমালাক সাঙুৰি প্ৰায় ৩৫,৬০০ বৰ্গ মাইল (৯২,২০০ বৰ্গ কি.মি.) মাটিকালি আগুৰি আছে। এই অঞ্চলত তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ছত্তীসগঢ় আৰু উৰিষ্যাৰ অংশ সন্নিৱিষ্ট। দণ্ডকাৰণ্য উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় ২০০ মাইল (৩০০ কি.মি.) আৰু পূবৰ পৰা পশ্চিমলৈ প্ৰায় ৩০০ মাইল (৫০০ কি.মি.) জুৰি বিস্তৃত।[1] সংস্কৃত ভাষাত দণ্ডকাৰণ্যৰ অৰ্থ হৈছে শাস্তিৰ অৰণ্য।[2] মধ্য প্ৰদেশৰ বালাঘাট জিলা আৰু মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা, গণ্ডিয়া আৰু গড়চিৰ'লি জিলা প্ৰাচীন কালৰ দণ্ডকাৰণ্যৰ অন্তৰ্ভুক্ত।[3] নামৰ ব্যুৎপত্তিদণ্ডকাৰণ্যৰ সন্ধি ভাঙিলে দণ্ডক আৰু অৰণ্য শব্দ দুটা পোৱা যায়। দণ্ডক (সংস্কৃত: दंडक) হৈছে ৰামায়ণত উল্লেখ কৰা এখন অৰণ্যৰ নাম। এই দণ্ডকাৰণ্য (দণ্ডকৰ অৰণ্য) হৈছে ৰাক্ষস দণ্ডকৰ বাসস্থান।[1] এয়া আছিল ৰাক্ষস জাতিৰ দুৰ্গ দণ্ড ৰাজ্যৰ অৱস্থান। ৰাৱণৰ শাসনকালত ই লংকা ৰাজ্যৰ অংগ আছিল। ৰাৱণৰ অনুগামী খৰে এই প্ৰদেশত শাসন কৰিছিল। হিন্দু ধৰ্মৰ পবিত্ৰ ক্ষেত্ৰ হিচাপেহিন্দু ধৰ্মত দণ্ডকাৰণ্যক পবিত্ৰ বুলি গণ্য কৰা হয় কিয়নো অঞ্চলটোৰ বহুতো বিৱৰণত প্ৰাচীন হিন্দু লোক আৰু হিন্দু দেৱতাসকলে তাত আশ্ৰয়ত লোৱা বুলি বৰ্ণনা কৰা হৈছে। দণ্ডকাৰণ্য অঞ্চল ৰামায়ণৰ ঘটনাক্ৰমৰ এক গুৰুত্বপূৰ্ণ স্থান আছিল। ভূমিৰ পৰা ৰাক্ষসক উৎখাত কৰাৰ দৈৱিক উদ্দেশ্যৰ পৰিকল্পনা ইয়াতে প্ৰস্তুত কৰা হৈছিল।[4] ৰামায়ণৰ মতে ইয়াত বহুতো মাৰাত্মক প্ৰাণী আৰু ৰাক্ষস আছিল। নিৰ্বাসিত ব্যক্তিসকলে ইয়াত বাস কৰিছিল আৰু ঋষিসকলে বিন্ধ্য পৰ্বতমালা পাবলৈ ইয়াক অতিক্ৰম কৰিব লগা হৈছিল। ৰাম, তেওঁৰ পত্নী সীতা আৰু তেওঁৰ ভাতৃ লক্ষ্মণে চৈধ্য বছৰ বনবাসৰ প্ৰাৰম্ভিক বছৰবোৰ অঞ্চলটোৰ চাৰিওফালে ভ্ৰমি ফুৰি অতিবাহিত কৰিছিল। এই অঞ্চলটোৰ সিংহভাগ ভাৰতীয় ছত্তীশগড় ৰাজ্যত অৱস্থিত।[5] তথ্য সংগ্ৰহ
|