লৱ (ৰামায়ণ)
লৱ (সংস্কৃত: लव) [1] আৰু তেওঁৰ যমজ ভাতৃ কুশ, ৰাম আৰু সীতাৰ সন্তান আছিল। [2] তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে তেওঁ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল। লৱই লৱপুৰী (আধুনিক লাহোৰ চহৰ), [3] [4]প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয় আৰু তেওঁৰ নামেৰেই ঠাইখন নামকৰণ কৰা হৈছে।[5] জন্ম আৰু শৈশৱৰামায়ণৰ প্ৰথম অধ্যায় বালকাণ্ডত বৰ্ণিত আছে যে বাল্মীকিয়ে দুুই ভাই লব-কুশক ৰামায়ণ বৰ্ণনা কৰিছে। তেওঁলোকৰ জন্ম আৰু শৈশৱৰ কথা বৰ্ণিত আছে শেষ অধ্যায় উত্তৰকাণ্ডত, কিন্তু কোনো কোনোৰ মতে উত্তৰকাণ্ডৰ এই বৰ্ণনা সমূহ বাল্মীকিৰ নিজ মুুখ নিঃসৃত নহয়।[6][7] কিংবদন্তি অনুযায়ী, ৰাজ্যত সীতাৰ সতীত্বক লৈ নানান নেতিবাচক আৰু ইতিবাচক কথা শুনিবলৈ পোৱাত সীতাই স্বেচ্ছায় ৰাজ্যৰ পৰা নিৰ্বাসিত হয়। নিৰ্বাসিত হোৱাৰ পিছত তেওঁ তমসা নদীৰ তীৰৰ মহৰ্ষি বাল্মীকিৰ আশ্ৰমত শান্তিৰে দিন অতিবাহিত কৰে। [8] লৱ আৰু কুশ এই আশ্ৰমতেই জন্মগ্ৰহণ কৰে আৰু মহৰ্ষি বাল্মীকিৰ অভিভাবকত্বত অস্ত্ৰবিদ্যাত পাৰদৰ্শী হৈ উঠে। তেওঁলোকে ইয়াত ৰামৰ সম্পৰ্কেও অৱগত হয়। অশ্বমেধ যজ্ঞৰামৰ অশ্বমেধ যজ্ঞত বাল্মিকীয়ে লৱ-কুশ আৰু সীতা সহ ছদ্মবেশে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ অংশগ্ৰহণকাৰিৰ সন্মুখত লৱ-কুশই ৰামায়ণ পাঠ কৰিছিল। দুই ভায়ে যেতিয়া সীতাৰ নিৰ্বাসনৰ কথা পাঠ কৰে তেতিয়া ৰাম শোকত ব্যাকুল হৈ পৰে। বাল্মিকীয়ে সেই সময়তে সীতাক যজ্ঞৰ ওচৰলৈ লৈ আনে। শোকগ্ৰস্ত সীতা অপ্ৰস্তুত হৈ বসুমতী ক ফাট্ মেলিবলৈ ধ্যান কৰে আৰু ভূ-গৰ্ভত অদৃশ্য হৈ পৰে। ইয়াৰ পিছতে ৰামে লৱ-কুশ তেওঁৰে সন্তান বুলি জ্ঞাত হয়। কোনো কোনো গ্ৰন্থত উল্লেখ থকা অনুসৰি অশ্বমেধ যজ্ঞৰ উৎসৰ্গিত ঘোঁৰাটো লক্ষ্মণ আৰু সৈন্য সহ লৱ-কুশৰ বন্দী হয়। ৰামে যেতিয়া লৱ-কুশৰ বিৰুদ্ধে যুঁজ দিবলৈ আহে তেতিয়াই সীতাৰ দ্বাৰা তেওঁলোকৰ পৰিচয় হয়। পৰৱৰ্তী ইতিহাসপিতা ৰামৰ পিছত লৱ-কুশ ৰজা হয় আৰু লৱপুৰী তথা কসুৰ নগৰী প্ৰতিষ্ঠা কৰে। এই লাহোৰ বা লবপুৰীয়ে হ'ল বৰ্তমান পাকিস্তানৰ লাহোৰ অঞ্চল। কোশল ৰাজ্যৰ ৰজা ৰামে তেওঁৰ পুত্ৰ লৱক শ্ৰাবস্তী আৰু কুশক কুশৱতী নগৰত প্ৰতিষ্ঠিত কৰে।[9] লাহোৰৰ ছাহী কিলাৰ ভিতৰত লৱৰ এটা মন্দিৰ আছে। [10] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia