ভৰত (ৰামায়ণ)

ভৰত

ৰামৰ পাদুকা সিংহাসনত স্থাপন কৰা অৱস্থাত ভৰত
দেৱনাগৰী भरत
সম্পৰ্ক পাঞ্চজন্য শঙ্খৰ অৱতাৰ
পিতৃ-মাতৃ দশৰথ (পিতৃ)
কৈকেয়ী (মাতৃ)
কৌশল্যা (মাহীমাক)
সুমিত্ৰা (মাহীমাক)
সহোদৰ ৰাম (সতীয়া ভ্ৰাতৃ)
লক্ষ্মণ (সতীয়া ভ্ৰাতৃ)
শত্ৰুঘ্ন (সতীয়া ভ্ৰাতৃ)
শান্তা (সতীয়া ভগ্নী)
সন্তান তক্ষ
পুষ্কল[1]
হিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণ

ভৰত হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এক চৰিত্ৰ। তেওঁ ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ। ৰামায়ণত ভৰতক ধৰ্ম আৰু আদৰ্শৰ প্ৰতীকৰূপে চিহ্নিত কৰা হয়।

ভাৰতৰ কেৰেলাতেই ভৰতৰ সৰ্বাধিক পূজা কৰা হয়।

ৰামায়ণৰ মতে, ৰাম বিষ্ণুৰ সপ্তম অৱতাৰ আৰু লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন হৈছে যথাক্ৰমে শেষনাগ, পাঞ্চজন্য শঙ্খ আৰু সুদৰ্শন চক্ৰৰ অংশ অৱতাৰ।[2]

কেৰেলাৰ কুড়লমাণিক্যম বা সংঘৰত্ন মন্দিৰ ভৰতৰ প্ৰতি উচৰ্গিত।

জন্ম আৰু বিবাহ

ভাৰতৰ জন্ম হৈছিল অযোধ্যাৰ গুণী ৰজা দশৰথ আৰু তেওঁৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ পৰা। তেওঁ মিথিলাৰ ৰজা জনকৰ ভায়েক কুশধ্বজৰ জীয়ৰী মাণ্ডৱীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুই পুত্ৰৰ নাম আছিল ক্ৰমে তক্ষ আৰু পুষ্কল।[3]

ৰামায়ণৰ বৰ্ণনা

বাল্মীকি ৰামায়ণৰ মতে[4] ৰজা দশৰথৰ চাৰিজন পুত্ৰ অৰ্থাৎ ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন ইজন সিজনৰ অতি ঘনিষ্ঠ আছিল। ইক্ষ্বাকু বংশৰ জ্যেষ্ঠজনৰ উত্তৰাধিকাৰৰ নিয়ম অনুযায়ী ৰাম অযোধ্যাৰ ৰজা হোৱাৰ প্ৰথম দাবীদাৰ আছিল। কিন্তু ভৰতৰ মাতৃ কৈকেয়ী ৰামৰ ৰাজ্যাভিষেক হোৱাৰ আগতে ৰোহঘৰত সোমায়। ৰোহঘৰ হৈছে এনে এক ঠাই য'ত শাসনাধিষ্ঠ ৰজাৰ পত্নীসকলে অৱহেলিত অনুভৱ কৰিলে ৰজাক তেওঁৰ ওচৰলৈ আহিবলৈ আৰু তেওঁৰ অভিযোগ শুনিবলৈ বাধ্য কৰিবলৈ ব্যৱহাৰ কৰে। যেতিয়া ৰজা দশৰথ উপস্থিত হয় তেতিয়া কৈকেয়ীয়ে তেওঁ পাবলগীয়া দুটা ইচ্ছা বা বৰৰ কথা দশৰথক সোঁ‌ৱৰাই দিয়ে যেতিয়া তেওঁ যুদ্ধত দশৰথৰ জীৱন ৰক্ষা কৰোঁতে দশৰথে দিবলৈ অংগীকাৰ কৰিছিল। প্ৰথমটো বৰ হিচাপে কৈকেয়ীয়ে ১৪ বছৰৰ বাবে ৰামৰ নিৰ্বাসন বা বনবাস বিচাৰে। তেওঁৰ দ্বিতীয় ইচ্ছা আছিল পুত্ৰ ভৰতক সিংহাসনৰ উত্তৰাধিকাৰী হিচাপে অধিষ্ঠিত কৰা। যিহেতু ৰঘুবংশ তেওঁলোকৰ অংগীকাৰ পালন কৰাৰ বাবে জনাজাত আছিল সেয়ে দশৰথে কৈকেয়ীৰ ইচ্ছা মানি চলাৰ বাহিৰে আন কোনো উপায় নাছিল। এই আদেশ আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছত, ৰাম তেওঁৰ পত্নী সীতা আৰু সৰু ভায়েক লক্ষ্মণৰ সৈতে নিৰ্বাসনলৈ যায়। সেই সময়ত ভৰত তেওঁৰ মোমায়েকৰ গৃহলৈ লগ গৈছিল, আৰু কিছুদিনৰ পিছত ঘূৰি আহি তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃৰ নিৰ্বাসন আৰু উত্তৰাধিকাৰী হিচাপে তেওঁক অধিষ্ঠিত কৰাৰ বাতৰি পায়। ভাই-ভনীসকলৰ মাজত থকা চেনেহৰ বান্ধোনৰ বাবে তেওঁ নিজৰ মাক কৈকেয়ী আৰু তেওঁৰ মনত বিভেদৰ বীজ ৰোপণ দাসী মন্থৰাৰ ওপৰত ক্ৰোধান্বিত হয়। ৰজা দশৰথে মৃত্যুশয্যাত পৰি তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামৰ বাবে কান্দিছিল। তেওঁৰ মৃত্যুত ভৰতে তেওঁৰ মাতৃ আৰু শত্ৰুঘ্নৰ সৈতে ৰামক লগ কৰিবলৈ গৈছিল আৰু তেওঁক ঘূৰি আহিবলৈ অনুৰোধ কৰিছিল। ৰামে তেওঁৰ দেউতাকৰ কথাক অসন্মান কৰিবলৈ অস্বীকাৰ কৰাত ভৰতে তেওঁৰ পাদুকাযোৰ বিচাৰিলে। তাৰ পিছত তেওঁ সেই পাদুকাযোৰ আনি অযোধ্যাৰ ৰাজসিংহাসনত ৰাখি এই কথা স্পষ্ট কৰে যে ৰামহে অযোধ্যাৰ প্ৰকৃত শাসক আৰু ভৰতে ৰাম নথকাৰ সময়ছোৱা কেৱল তেওঁৰ নামতহে শাসন কৰিব। তাৰ পিছৰ ১৪ বছৰত তেওঁ নন্দীগ্ৰামলৈ (অযোধ্যাৰ ওচৰৰ অৰণ্য) তেওঁৰ ভায়েকৰ সুৰক্ষিত আগমনৰ বাবে দেৱতাসকলৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল। তেওঁ কঠোৰ পৰিস্থিতিত বাস কৰিছিল আৰু ৰাজকীয় প্ৰাসাদৰ সকলো সা-সুবিধা এৰি গৈছিল। তাত, তেওঁ কেৱল ফল-মূল খাই আৰু ঋষি-মুনি বা সন্ন্যাসীসকলৰ দৰে খহটা বস্ত্ৰ পৰিধাণ কৰিছিল। ১৪ বছৰৰ পিছত ৰাম তেওঁৰ সৈতে পুনৰ মিলিত হয় আৰু তেওঁলোক অযোধ্যালৈ উভতি যায়। তাত ৰামে ৰজাৰ স্থান গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ

  1. Ramayana – Conclusion, translated by Romesh C. Dutt (1899)
  2. Naidu, S. Shankar Raju; Kampar, Tulasīdāsa (1971). A comparative study of Kamba Ramayanam and Tulasi Ramayan. University of Madras. পৃষ্ঠা. 44,148. https://books.google.com/books?id=okVXAAAAMAAJ&q=Shankha&dq=Shankha&lr=&ei=emkcS6F6obKQBLGBmYcM। আহৰণ কৰা হৈছে: 2009-12-21. 
  3. Ramayana – Conclusion, translated by Romesh C. Dutt (1899)
  4. Valmiki (1963). The Ramayan. Sanskrit Series Office. OCLC 969728693.