কাকৱিন ৰামায়ণকাকৱিন ৰামায়ণ হৈছে কাকাৱিন ছন্দ শৈলীত ৰচিত ৰামায়ণৰ পুৰণি জাভানীজ কবিতা। এই কাব্যখন মধ্য জাভাত (আধুনিক ইণ্ডোনেছিয়া) প্ৰায় নৱম শতিকাৰ শেষৰ ফালে বা দশম শতিকাৰ আৰম্ভণিতে, মেডাং ৰাজ্যৰ যুগত ৰচনা কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। [1]:128 ইয়াৰ শেহতীয়া ইংৰাজী অনুবাদক ষ্টুয়াৰ্ট ৰবছনৰ মতে: ′′পুৰণি জাভানী ৰামায়ণ ৮৫৬ চনৰ পৰা প্ৰায় ৯৩০ চনৰ ভিতৰত লিখা হৈছিল আৰু শেষৰ খণ্ডটো সম্ভাব্য ৯০০-৯৩০ চনৰ সময়ছোৱাত যোগ কৰা হৈছিল।" [2]:31 ৰামায়ণৰ মহাকাব্য ইণ্ডোনেছিয়ালৈ আহিছিল প্ৰায় অষ্টম বা নৱম শতিকাত। পুৰণি জাভানী ভাষাত লিখা এইখন কাকৱিন ৰামায়ণ নামেৰে জনাজাত হৈ পৰে। ছাঁয়া পুতলা (ৱায়াং কুলিত আৰু ৱায়াং পুৰৱা)ৰ জৰিয়তে সুমাত্ৰা, পশ্চিম আৰু মধ্য জাভাত বৌদ্ধ ধৰ্ম সুপ্ৰতিষ্ঠিত হোৱা সময়ত হিন্দু ধৰ্মক পুনৰুজ্জীৱিত কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল। মহাভাৰতৰ কাহিনীবোৰো ইণ্ডোনেছিয়াৰ কিছুমান দ্বীপত প্ৰথম শতিকালৈকে অনুসন্ধান কৰা হৈছে আৰু যাৰ সংস্কৰণসমূহে ভাৰতীয় সংস্কৰণটোক প্ৰায় প্ৰতিফলিত কৰে। জাভানীসকলৰ মাজত কাকৱিন ৰামায়ণক সদায়েই কলাত্মক প্ৰকাশভংগীৰ শিখৰ বুলি গণ্য কৰা হৈছে। সংৰক্ষিত পাণ্ডুলিপিৰ বৃহৎ সংখ্যকে ইয়াৰ জনপ্ৰিয়তা আৰু অভিযোজনৰ প্ৰমাণ দিয়ে। জাভাৰ হিন্দু-বৌদ্ধ যুগৰ সকলো পুৰণি জাভানীজ কাকাৱিনৰ ভিতৰত ই আটাইতকৈ দীঘল। বিচ্ছিন্নতাজাভানী ৰামায়ণ মূল হিন্দু সংস্কৃত ৰামায়ণ পৰা লক্ষণীয়ভাৱে পৃথক। এই সংস্কৰণটোৰ প্ৰথম অৰ্ধেক মূল সংস্কৃত সংস্কৰণৰ সৈতে মিল থকাৰ বিপৰীতে শেষৰ অৰ্ধেক মূল ৰামায়ণৰ ভাৰতীয় পণ্ডিতসকলে চিনিব নোৱাৰাকৈ বিচ্ছিন্ন। এনে বৃহৎ অন্তৰৰ ভিতৰত এটা হৈছে সৰ্বশক্তিমান জাভানী থলুৱা দেৱতা ধয়ানা গাৰ্ডিয়ান গড অৱ জাভা চেমাৰ (বালিৰ সাহিত্যত টৱালেন নামেৰে জনাজাত) আৰু তেওঁৰ বিকৃত পুত্ৰ গাৰেং, পেট্ৰুক আৰু বাগংৰ অন্তৰ্ভুক্তি। এই পিছৰ, মূল কাহিনীৰ পৰিৱৰ্তিত অধ্যায়টোৱেই আটাইতকৈ জনপ্ৰিয়, আৰু ইয়াক সকলো ৱায়াং পৰিবেশনতে পৰিবেশন কৰা হয়।[3][4][5][6][7][8][9][10][11] আন এটা উল্লেখযোগ্য পাৰ্থক্য হৈছে সীতাৰ চৰিত্ৰ চিত্ৰণ। ভাৰতীয় ৰামায়ণে তেওঁৰ চৰিত্ৰক কোমল, সুন্দৰ, বিনয়ী, নিষ্ঠাবান, ধৈৰ্য্যশীল নাৰী হিচাপে চিত্ৰিত কৰাৰ বিপৰীতে কাকৱিন ৰামায়ণে সীতাক সাহসী, শক্তিশালী ৰূপত চিত্ৰিত কৰিছে আৰু ৰামে তেওঁক উদ্ধাৰ কৰিবলৈ অপেক্ষা কৰাৰ পৰিৱৰ্তে ৰাৱণৰ লংকাত অসুৰৰ সৈতে যুঁজ দেখা যায়।[12] উৎসসমূহসাহিত্য পণ্ডিতসকলৰ মতে পুৰণি জাভানী কাকৱিন ৰামায়ণৰ পাঠ্যৰ মুখ্য উৎস হ’ব পাৰে ভাৰতীয় কবি ভট্টিৰ সংস্কৃত কবিতা ৰাৱণাৱধ বা ভট্টি-কাব্য। এই ভট্টি-কাব্য ৰচনা হৈছিল খ্ৰীষ্টীয় সষ্ঠৰ পৰা সপ্তম শতিকাৰ ভিতৰত। কাকৱিন ৰামায়ণৰ প্ৰথমাৰ্ধ কম-বেছি পৰিমাণে ভট্টি-কাব্যৰ সঠিক অনুবাদ বুলি অনুমান কৰা হয়।[12] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia