শবৰী
শবৰী (সংস্কৃত: शबरी)) হৈছে হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত এগৰাকী বৃদ্ধ তপস্বী। তেওঁক এগৰাকী উৎসাহী মহিলা হিচাপে বৰ্ণনা কৰা হৈছে যিয়ে নিজ ভক্তিৰ বলত ৰামৰ দৰ্শন আৰু আশীৰ্বাদ লাভ কৰিছিল। কিংবদন্তিশবৰী এগৰাকী গাঁৱলীয়া মহিলা আছিল।[1] কৃষ্ণ দত্তৰ মতে, তেওঁ জ্ঞান সন্ধানী ব্যক্তি আছিল আৰু ধৰ্মৰ অৰ্থ জানিব বিচাৰিছিল। কেইবাদিনো ভ্ৰমণৰ পিছত, ঋশ্যমুখ পৰ্বতৰ পাদদেশত তেওঁ ঋষি মাতঙ্গক লগ পাইছিল আৰু তেওঁক গুৰু হিচাপে গ্ৰহণ কৰিছিল। বহু বছৰ ধৰি ভক্তিৰে তেওঁক সেৱা কৰিছিল। [1] যেতিয়া মাতঙ্গৰ মৃত্যুৰ সময় আহিছিল তেতিয়া বৃদ্ধা শবৰীয়ে কৈছিল যে গোটেই জীৱন তেওঁক সেৱা কৰাৰ পিছত, তেওঁ গুৰু মাতঙ্গ উপনীত হোৱা সেই একেই "শান্তিৰ বাসস্থান" পাবলৈ বিচাৰিব।[1] ঋষিয়ে তেওঁক সঁহাৰি দিছিল যে, যদিহে তেওঁ সেৱা আগবঢ়ায়, তেন্তে ভগৱান ৰামে তেওঁক দৰ্শন দিব। তেওঁ তেওঁক ৰামৰ আগমনৰ বাবে অপেক্ষা কৰিবলৈ কৈছিল। পিছত, পদুমৰ ভঙ্গীত বহি থকা অৱস্থাতেই, ঋষিয়ে মহাসমাধি প্ৰাপ্ত কৰিলে। গুৰুৰ পৰামৰ্শ অনুসৰণ কৰি, শবৰীয়ে ৰামৰ আগমনৰ বাবে অপেক্ষা কৰিছিল।[1] প্ৰতিদিনে, শবৰীয়ে লাখুটি লৈ আশ্ৰমৰ পৰা খোজ কাঢ়ি বাহিৰলৈ যায়, আৰু ভগৱান ৰামৰ বাবে বগৰী চিঙে। বগৰীবোৰ তেওঁ সোৱাদ লৈ চাই মিঠাবোৰহে খৰাহিত ৰাখিছিল আৰু তিতাবোৰ পেলাই দিছিল। তেওঁ ৰামক এই ভাল মিঠা বগৰীবোৰহে দিব বিচাৰিছিল। [2] তেওঁ নাজানিছিল যে নৈবেদ্যৰ সোৱাদ ল'ব নালাগে। এইদৰে তেওঁ কেইটামান বগৰী সংগ্ৰহ কৰি, আশ্ৰমলৈ ঘূৰি আহিছিল আৰু ৰামৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছিল।[2][3] ৰামৰ আগমনশাস্ত্ৰীয় বিৱৰণ অনুসৰি, আন শ শ যোগীয়ে তেওঁলোকৰ আশ্ৰমত অভ্যৰ্থনা কৰিবলৈ ৰামলৈ অপেক্ষা কৰি আছিল যদিও ৰামে শবৰীৰ আন্তৰিক ভক্তিৰ বাবে কেৱল তেওঁৰ আশ্ৰমলৈহে গৈছিল। ৰামক দেখি শবৰী আনন্দিত হৈ কয়, "আপোনাৰ দৰ্শনৰ বাবে বহু গুণী-মানি যোগীয়ে অপেক্ষা কৰি আছিল, কিন্তু আপুনি এই অযোগ্য ভক্তজনৰ ওচৰলৈ আহিছে (...) মোৰ হৃদয়ৰ বাহিৰে আন একোৱেই আপোনালৈ আগবঢ়োৱাৰ বাবে মোৰ ওচৰত নাই, কিন্তু ইয়াত কিছুমান বগৰী আছে। হয়তো আপুনি খাই সন্তোষ পাব প্ৰভু।" শবৰীয়ে ফলবোৰ ৰামলৈ বুলি আগবঢ়াই দিছিল যিবোৰ তাই বৰ সতৰ্কতাৰে সংগ্ৰহ কৰিছিল। ৰামে বগৰীবোৰৰ সোৱাদ লোৱাৰ মাত্ৰকে, লক্ষ্মণে বগৰীবোৰলৈ মনকৰি কৈছিল যে শবৰীয়ে ইতিমধ্যে এইবোৰৰ সোৱাদ লৈছে আৰু সেয়েহে এইসমূহ তেওঁ খোৱাৰ অযোগ্য আছিল।[4] এই সন্দৰ্ভত ৰামে উত্তৰ দিছিল যে তেওঁ বিভিন্ন খাদ্যৰ সোৱাদ লৈছে, কিন্তু, এনে ভক্তিৰে আগবঢ়োৱা এই বগৰীবোৰৰ সমান সোৱাদ আন একোৰেই হ'ব নোৱাৰে(...)। শবৰীৰ ভক্তিত সন্তুষ্ট হৈ ৰামে তেওঁক আশীৰ্বাদ দিয়ে। বগৰীবোৰ আগবঢ়াই দিয়া হস্তনিৰ্মিত পাতৰ ডোনটো লক্ষ্য কৰে আৰু সেইবোৰ তৈয়াৰ কৰিবলৈ শবৰীয়ে কৰা কঠোৰ পৰিশ্ৰমৰ দ্বাৰা প্ৰভাৱিত হয় আৰু সেয়েহে, তেওঁ গছজোপাক আশীৰ্বাদ দিয়ে যাতে পাতবোৰ প্ৰাকৃতিকভাৱেই এটা বাটিৰ আকৃতিত বিকশিত হয়। [5] শবৰীয়ে ৰামক সীতাৰ উদ্ধাৰৰ হেতু সুগ্ৰীৱৰ সহায় ল'বলৈ পৰামৰ্শ আগবঢ়াই আৰু সুগ্ৰীৱৰ সন্ধান দিয়ে।[6] টোকা
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia