ধেমাজি
ধেমাজি (Pron: deɪˈmɑ:ʤi or di:ˈmɑ:ʤi) উজনি অসমৰ উল্লেখযোগ্য চহৰ তথা অসমৰ ধেমাজি জিলাৰ সদৰ ঠাই। নামসমুহবুৎপত্তিধেমালি (অসমীয়া ভাষা): এটা জনবিশ্বাস অনুসৰি এখন নদী আছিল যিয়ে সঘনাই নিজৰ গতিপথ সলনি কৰিছিল, যাৰ ফলত অঞ্চলটোৰ বিভিন্ন ঠাইত অভাৱনীয় বানপানীৰ সৃষ্টি হৈছিল।[1] মানুহে নদীখনক দুষ্ট আত্মাৰ দৰে বুলি গণ্য কৰিছিল। অসমীয়াত বানপানী আৰু খেলাৰ শব্দ ক্ৰমে "ধল" আৰু "ধেমালি"।[1] গতিকে, সেই অঞ্চল, য'ত বানপানী সুলভ আছিল, সেই অঞ্চলটো বানপানীৰ খেলপথাৰ হিচাপে পৰিচিত হ'ল, যিটো অসমীয়াত "ধল ধেমালি" হৈ পৰিল। সময়ৰ লগে লগে "ধল" বাদ পৰিল, আৰু "ধেমালি" উচ্চাৰণ হ'বলৈ ধৰিলে "ধেমাজি"।[1] দেমা-জি (দেউৰী-চুতীয়া ভাষা): কিছু উৎসৰ মতে ধেমাজি শব্দটো চুতীয়া শব্দ "দেমা-জি"ৰ পৰা সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "অত্যধিক পানী।[2] "দেমা-জি" নামে বানপানী সুলভ অঞ্চল বুজাই । [2] ড'ল-মাজী (বড়ো ভাষা): কিছু উৎসৰ মতে ধেমাজি শব্দটো বড়ো ভাষাৰ ৰ পৰা আহিছে। দল মানে পানী আৰু মাজী মানে বহল ঠাই।[3] অন্য নামবানলুং: এই অঞ্চলটো আহোম ৰাজ্যৰ অন্তৰ্গত হোৱাৰ পাছত মুং ডুন চুণ খামৰ বানলুং প্ৰশাসনিক ভাগ হিচাপে ভাগ কৰা হৈছিল। এই অংশৰ শাসক হিচাপে বানলুঙীয়া গোহাঞি নামৰ পদৰ সৃষ্টি কৰা হৈছিল।[4] ইতিহাসচুতীয়া ৰাজ্যধেমাজি অতি প্ৰাচীন কালৰ পৰাই চুতীয়া সকলৰ অধীনত আছিল। মধ্যযুগত বীৰপাল নামৰ এজন চুতীয়া মুখিয়াল ৰজা বনিছিল আৰু ধেমাজি জিলাৰ সোনাগিৰিত(সোৱনশিৰি পাৰত) ৰাজধানী স্থাপন কৰিছিল। বীৰপালৰ দদায়েক ভদ্ৰশেনৰ ৰাজ্য বৰ্তমানৰ দক্ষিণ ধেমাজি আৰু লক্ষিমপুৰ জিলাৰ অন্তৰ্গত আছিল। ১২৩০ শতিকাত বীৰপালৰ পুত্ৰ ৰত্নধ্বজপালে ভদ্ৰেশেন ৰজাক পৰাস্ত কৰি মাজুলী অঞ্চলত ৰতনপুৰ নামৰ এখন নগৰ নিৰ্মাণ কৰি ৰাজধানী স্থাপন কৰিছিল। আহোম ৰাজ্যটাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী অনুসৰি চাওলুং চ্যুকাফা আৰু তেঁওৰ লগত অহা ৯০৩০ জন লোকে ধেমাজী জিলাৰ হাবুঙত তিনি চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি দাপকেও, লাকনি ৰাইছেও আৰু লাকনি মুঙপ্লাও গড় বান্ধি পঞ্চম ৰাজধানী পাতে কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়।[5] ১৫২৩ খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুঙৰ আক্ৰমণত চুতীয়া ৰজা নীতিপাল নিহত হোৱাৰ পিছত এই অঞ্চল পুনৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয়।[6] বৰ্তমানৰ ধেমাজি জিলা ১৯৭১ চনলৈকে ডিব্ৰুগড়ত সদৰ ঠাই থকা পুৰণি লক্ষ্মীমপুৰ জিলাৰ অংশ আছিল। ১৯৭১ চনত পুৰণি লক্ষ্মীমপুৰ জিলাৰ বিভাজন কৰি ডিব্ৰুগড় আৰু লক্ষ্মীমপুৰ দুখন জিলা কৰাৰ সময়ত ধেমাজিক লক্ষ্মীমপুৰ জিলাৰ মহকুমা ঘোষণা কৰা হয়।[6] সেই সময়ৰ ধেমাজি মহকুমাত বৰ্তমানৰ জোনাই মহকুমা (এতিয়াৰ ধেমাজি জিলাৰ অংশ) আৰু ঢকুৱাখনা মহকুমা (এতিয়াৰ লখিমপুৰ জিলাৰ অংশ) অন্তৰ্ভুক্ত আছিল। ১৯৮৯ চনত লক্ষ্মীমপুৰ জিলা ভাঙি বৰ্তমানৰ লখিমপুৰ আৰু ধেমাজি জিলা গঠিত হয়। ধেমাজি জিলা গঠনখ্ৰীষ্টীয় ১৯৮৯ চনৰ ১৪ আগষ্টত ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।[7] তদানীন্তন লখিমপুৰ জিলাৰ ধেমাজি মহকুমাৰ পৰা ঢকুৱাখনাৰ অংশ বাদ দি বাকী অংশ, মাছখোৱা মৌজাৰ একাংশ আৰু বৰদলনি মৌজা আৰু জোনাই মহকুমাৰে ধেমাজি জিলা গঠন হয়। জিলা সদৰক লৈ চিলাপথাৰ নগৰ আৰু ধেমাজি নগৰৰ মাজত হোৱা টনাটনিৰ অৱসান ঘটাই ১ অক্টোবৰ ১৯৮৯ তাৰিখৰপৰা ধেমাজি নগৰক সদৰ হিচাপে ধেমাজি জিলাৰ প্ৰতিষ্ঠা হয়।[8] ভূগোলধেমাজি চহৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৯১ মিটাৰ। ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত। ইয়াৰ পূৱফালে অৰুণাচল প্ৰদেশ আৰু পশ্চিমে লখিমপুৰ জিলা অৱস্থিত। ধেমাজিৰ উত্তৰে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ। জীয়াঢল, গাইনদী, কুমটীয়া, জলকীয়াসুুঁতি, দিকাৰী, ডিমৌ, চিমেন, লালী, দেপী, লাইপুলীয়া,চিলে আৰু সোৱণশিৰি নদী ধেমাজিৰ মাজেৰে বৈ গৈছে। জন-বসতি২০১১ চনৰ লোকপিয়ল অনুসৰি,[9] ধেমাজিৰ জনসংখ্যা ১২,৮১৬ জন। ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা। ধেমাজিৰ সাক্ষৰতাৰ হাৰ ৯২%। তাৰে ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৯৪% আৰু মহিলাৰ ৮৯%। ধেমাজিৰ মুঠ জনসংখ্যাৰ ১১% ছবছৰৰ তলৰ শিশু। যাতায়াত১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজিৰ মাজেৰে পাৰ হৈ দক্ষিণে বগীবিল দলঙেৰে ডিব্ৰুগড়ৰ লাহোৱাল, পুৱে জোনাইৰ মাজেৰে অৰুণাচলৰ পাচিঘাট, সোণাই-ৰূপাই আৰু উত্তৰে আলং, দাপৰীযোগ গৈছে। আনহাতে ঘাই পথৰ পৰা চিলাপথাৰত সংযোগ হোৱা পথেৰে অৰুণাচলৰ লিকাবালি হৈ জি’ৰ আলং আদিলৈ গৈছে ৷ ধেমাজি চহৰত ৰঙিয়া ৰে'ল সংমণ্ডলৰ অধীনৰ ধেমাজি ৰে'ল ষ্টেচন অৱস্থিত। ইয়াৰ দ্বাৰা ধেমাজি গুৱাহাটী, ডিব্ৰুগড় আৰু মুৰ্কংচেলেকৰ লগত ৰে'ল পথ সংযোজিত। ধেমাজিৰ আটাইতকৈ ওচৰৰ বিমানবন্দৰ হল উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ। তথ্য উৎস
বাহ্যিক সংযোগ |