গায়ত্ৰী মহন্ত (ইংৰাজী: Gayatri Mahanta) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী। অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলি মহকুমাত ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত তেখেতৰ জন্ম হয়[1][2]। গায়ত্ৰী মহন্তই ১৯৯৫ চনত তেখেতৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল "নৰ্থ ইষ্ট মেগা ফেশ্বন শ্ব"ৰ যোগেদি। তেখেতৰ চিত্ৰ অসমৰ বিভিন্ন আলোচনী আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় আলোচনী ফিল্মফেয়াৰ, বজাৰ আদিৰ বেটুপাতত স্থান লাভ কৰিছে[3]।