অৰুণ নাথ
অৰুণ নাথ (ইংৰাজী: Arun Nath) এগৰাকী অসমীয়া অভিনেতা। ২৮ মে ১৯৫২ত তেজপুৰত তেওঁৰ জন্ম হৈছিল। ১৯৭৩ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লয়। সৰুৰে পৰা তেওঁ অভিনয়ত জড়িত হৈ পৰিছিল। প্ৰথমে মঞ্চাভিনয়ৰ লগত জড়িত নাথে বহাগৰ দুপৰীয়া ছবিখনৰ যোগেদি চিনেমা জগতত ভূমুকি মাৰে। পঞ্চাশখনৰো অধিক অসমীয়া ছবিত তেওঁ অভিনয় কৰে। বহাগৰ দুপৰীয়া, কোলাহল, সাৰথি, অথেলো , অগ্নিস্নান আদি তেওঁ অভিনয় কৰা কেইখনমান বিশিষ্ট ছবি। তেওঁ বহুকেইখন টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰাবাহিকৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে।[1][2] বহুকেইখন অসমীয়া ছবিৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী কৃষ্ণা দাস নাথ তেওঁৰ পত্নী। অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰা হৈছে।[2] চলচ্চিত্ৰপঞ্জীঅৰুণ নাথ অভিনীত চলচ্চিত্ৰৰ তালিকা-[3]
তথ্য উৎস
বাহ্যিক সংযোগঅৰুণ নাথ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য। |
Portal di Ensiklopedia Dunia