দূৰণীৰ ৰঙ
দূৰণীৰ ৰঙ (ইংৰাজী: Duranir Rong ) ১৯৭৯ত মুক্তিপ্ৰাপ্ত জন্ছ মহলীয়া পৰিচালিত আৰু প্ৰযোজিত এখন ক’লা-বগা অসমীয়া ছবি। পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটৰ পৰিচালনা বিভাগৰ সদ্যোত্তীৰ্ণ মহলীয়াৰ এইখন প্ৰথম পৰিচালিত ছবি আছিল। ছবিখনৰ কাষ্টিঙত কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু সম্পাদনাত ব্যক্তিবিশেষৰ নাম প্ৰকাশ কৰাৰ সলনি জনৈক বুলিহে উল্লেখ কৰিছিল। দূৰণীৰ ৰঙৰ প্ৰিমিয়াৰ শ্বো গুৱাহাটীৰ মেঘদূত পিকচাৰ পেলেচত অনুষ্ঠিত হৈছিল।[1][2] কাহিনীৰ সাৰাংশঅসীম দত্তই এটা স্পিনিং মিলত সহকাৰী প্ৰবন্ধক হিচাপে চাকৰি পালে। তাত গৈ তেওঁ পালে এজন দুৰ্নীতি পৰায়ণ প্ৰবন্ধক ভৱেন্দ্ৰ বৰঠাকুৰক আৰু এজনী দায়িত্ব-জ্ঞানহীন কৰ্মচাৰী জুৰিক। এদিন জুৰিয়ে অতি গুৰুত্বপূৰ্ণ নথি হেৰুৱাই পেলোৱাত অসীম খঙত টিঙিৰিতুলা হ’ল। পিছত তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ ডাঙৰ ভুল হ’ল। কাৰণ তেওঁ জানিব পাৰিলে যে সেই নথিবোৰ নষ্ট কৰি পেলাইছিল অন্য এজনী কৰ্মচাৰী সুনীতাই। অসীমে জুৰিৰ ওচৰত ক্ষমা বিচাৰিলে। এনেকৈ দুয়োৰো মাজত প্ৰেমৰ সূত্ৰপাত হ’ল।[2][1] ঘটনাক্ৰমে অসীমে জুৰিৰ জীৱনৰ ভয়ঙ্কৰ অতীতৰ কিছুমান কথা জানিব পাৰিলে। অসীমৰো অতীতৰ মিছা কলংকৰ অধ্যায় কিছুমান উন্মুক্ত হৈ পৰিল। এনেকৈ প্ৰেমত ফাট মেলিল আৰু দুয়ো দুয়োৰো পৰা বহুদূৰলৈ আঁতৰি গ’ল।[2] মিলৰ প্ৰবন্ধক বৰঠাকুৰ এজন লম্পট প্ৰকৃতিৰ ব্যক্তি। বহু নাৰীৰ জীৱন ধ্বংস কৰা বৰঠাকুৰৰ জুৰিৰ প্ৰতি দুৰ্বলতা বহুদিনীয়া। মানসিকভাবে ভাগি পৰা জুৰি আহি বৰঠাকুৰৰ ওচৰত আত্মসমৰ্পণ কৰিলে। এই সুযোগৰ বাবেই এই লম্পটটোৱে অপেক্ষা কৰি আছিল।[2][1] আন এজনী নাৰী শীলা, যি বৰঠাকুৰৰ এজনী অভিসাৰিকা। বিশ্বাসঘাটকতাৰ বলি হৈ শীলাই এদিন বৰঠাকুৰক পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে। এই হত্যাকাণ্ডৰ বাবে পুলিচে অসীমক জগৰীয়া কৰিলে। আত্মগোপন কৰি থকা অসীমে এদিন মাজনিশা জুৰিৰ ওচৰলৈ আহিল আৰু তেওঁ যে নিৰ্দোষ সেই কথা জনালে। জুৰিয়ে তেওঁৰ কথা বিশ্বাস নকৰি সংগোপনে পুলিচৰ হাতত ধৰাই দিলে। কিন্তু শীলাই যেতিয়া জুৰিৰ ওচৰত বৰঠাকুৰক তাই হত্যা কৰা বুলি স্বীকাৰ কৰিলে, জুৰি উন্মাদ হৈ পৰিল। অনুতাপত দগ্ধ হৈ তাই অসীমক বিচাৰি গ’ল। শাৰীৰিক আৰু মানসিকভাবে বিধ্বস্ত হৈ তেওঁ ৰোগগ্ৰস্থ হৈ পৰিল আৰু তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হ’ল। জুৰি গৈ হাস্পাতাল পালে। কিন্তু তালৈ গৈ তাই আৱিষ্কাৰ কৰিলে বগা কাপোৰেৰে ঢাকি থোৱা অসীমৰ নিঠৰ দেহ।[2][1][3] অভিনয় শিল্পী
কলা-কুশলী
সঙ্গীতদূৰণীৰ ৰঙৰ সঙ্গীত পৰিচালনা কৰিছিল অজিৎ সিংহই। গীত লিখিছিল ৰুবি সিংহ, বঙ্কিম শৰ্মা আৰু গোলাম চামদানীয়ে।[4][2]
তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia