পূৰবী বৰমুদৈ
পূৰবী বৰমুদৈ |
---|
| জন্ম |
৮ মে', ১৯৫০ চন দেউৰীগাঁও, তেজপুৰ, অসম |
---|
মৃত্যু |
১৫ জুলাই, ২০১৯ গুৱাহাটী (GMCH) |
---|
শিক্ষা |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ, ১৯৭৩ |
পূৰবী বৰমুদৈ (জন্ম:৮ মে' ১৯৫০ - মৃত্যু: ১৫ জুলাই, ২০১৯) অসমৰ এগৰাকী লেখৰ সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা[1] আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।[2]
প্ৰাৰম্ভিক জীৱন
পূৰবী বৰমুদৈৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে' তাৰিখে[3]
তেজপুৰ চহৰৰ দেউৰী গাঁৱত[4]। পিতৃ প্ৰয়াত চন্দ্ৰনাথ তামুলী আৰু মাতৃ পদ্মা তামুলী। চন্দ্ৰনাথ তামুলী এগৰাকী শিক্ষক আছিল আৰু মাতৃ এগৰাকী সু-অনুবাদক হিচাপে পৰিচিতা।[4]
১৯৬৭ চনত পূৰবী বৰমুদৈয়ে তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[5] গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৭৩ চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]
কৰ্মজীৱন
পূৰবী বৰমুদৈয়ে প্ৰথমে শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল যদিও সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰে।
প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। বৰমুদৈৰ গল্পই ১৯৬৭ চনত 'দৈনিক অসম'ৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। [4]
পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস 'গজৰাজ প্ৰেম আৰু বন্দীত্ব' প্ৰকাশ হয় ১৯৯৯ চনত আৰু তাৰ পাছৰেপৰাই বৰমুদৈৰ ৰচনাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০০ চনত তেখেতৰ দ্বিতীয়খন উপন্যাস 'বাঘশাল, বাঘজাল আৰু মানুহ' প্ৰকাশ পায়। ইয়াৰে ভিতৰত 'ৰূপোৱালী নৈ সোণোৱালী ঘাট', ১ লাখ ৮৫ হেজাৰ শব্দ আৰু ১০১-টা সৰু-বৰ চৰিত্ৰৰে এখন বৃহৎ কলেৱৰৰ উপন্যাস।[4]
২০০৫ চনত পূৰবী বৰমুদৈৰ আন এখন উপন্যাস শান্তনুকুলনন্দন প্ৰকাশ পায়। এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[6]
ব্যক্তিগত জীৱন
১৯৭৬ চনত বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ লগত পূৰৱী বৰমুদৈ বিবাহ পাশত আবদ্ধ হয়।[4] আনন্দ বৰমুদৈ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক।[7]
২০০৬ চনৰ ২৬ মে'ত বৰমুদৈ গুৰুতৰভাৱে অসুস্থ হৈ তিনি মাহ চিকিৎসাধীন হৈ কটাবলগীয়া হৈছিল।[4]
পূৰবী বৰমুদৈৰ গল্প-উপন্যাসত অসমৰ গ্ৰামীণ লোকজীৱনৰ আভাস দেখা যায় সেই লোকজীৱনৰ আহে-আঁহে সোমাই থকা নিৰ্ভাজ প্ৰকৃতিৰ সুন্দৰতা আৰু ভয়ংকৰতা তেওঁৰ কেইবাটাও সাৰ্থক গল্প-উপন্যাসৰ উপজীব্য। কল্পনাতকৈ বাস্তৱৰ ওপৰতে নিৰ্ভৰশীল বাবে বৰমুদৈয়ে গল্প-উপন্যাস ৰচনাত স্বতঃস্ফূৰ্ততাত বিশ্বাস নকৰে। সেয়ে তেওঁৰ উপন্যাস গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯), শান্তনুকুলনন্দন (২০০৫) আৰু গৰীয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত এটা আলিবাটৰ কথাৰ কাহিনী নিৰ্মাণৰ আঁৰত ঔপন্যাসিকাৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ চিন স্পষ্ট।[8]
প্ৰকাশিত কৰ্মৰাজি
উপন্যাস
উপন্যাসিকা
গল্প-সংকলন
- শীতৰ কুঁৱলী (১৯৭৭)
- হেৰুৱাজনক বিচাৰি আৰু অন্যান্য গল্প (২০১৪)
- অৱশেষত বৰষুণ (২০১৬)
- পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, প্ৰথম খণ্ড (২০০২)
- পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, দ্বিতীয় খণ্ড (২০০৮)
- পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, তৃতীয় খণ্ড (২০১৫)
বঁটা আৰু স্বীকৃতি
তথ্য সংগ্ৰহ
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ অৰিন্দম বৰকটকী (ছেপ্তেম্বৰ ২০১৯). গৰীয়সী. দ্বাদশ সংখ্যা. pp. ১৬.
- ↑ Ripunjoy Das, Stilwell facts, served with a dash of fiction - Sahitya Akademi Award winner Purobi Bormudoi to write her next novel on the historic road, The Telegraph, 29-12-2007, আহৰণ কৰা তাৰিখ ০১-০১-২০১২
- ↑ 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 ৰবীন ভূঞা, পূৰৱী বৰমুদৈলৈ অসম উপত্যকা বঁটা, আমাৰ অসম, ০১-০১-২০১২
- ↑ "দৰং কলেজৰ ৱেবছাইট". Archived from the original on 2011-10-04. https://web.archive.org/web/20111004065945/http://www.darrangcollege.org/past_glory.html। আহৰণ কৰা হৈছে: 2012-01-01.
- ↑ 6.0 6.1 সাহিত্য একাডেমী বঁটা প্ৰাপকৰ তালিকা[সংযোগবিহীন উৎস]
- ↑ মোৰ বাবে এয়া ৰাইজৰ আশীৰ্বাদঃ পূৰৱী বৰমুদৈ, আমাৰ অসম, ০১-০১-২০১২
- ↑ কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ-২০০৬, পৃষ্ঠা-২৫২
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|
|
|