বুৰঞ্জীএই প্ৰবন্ধটোক ইতিহাস নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
বুৰঞ্জী বা বুৰণ -জি (আহোম: 𑜈𑜥𑜍𑜨𑜃𑜫𑜊𑜣 būronjʸī)[1] হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ। বুৰঞ্জী শব্দটোৰ মূল টাই-চীন আহোম ভাষা। ৰাজকীয় বুৰঞ্জী সমূহ টাই আহোম ভাষাত লিপিবদ্ধ আছিল আৰু পৰৱৰ্ত্তী পৰ্যায়ত আহোম ম'-লৌঙ সকলেও বুৰঞ্জী লিখিছিল, যদিও আধুনিক যুগত কিছু সম্পাদিত আৰু প্ৰকাশিত কিতাপৰ পাছত বুৰঞ্জী শব্দটো ব্যৱহাৰ কৰা হয় কিন্তু সেয়া আধুনিক বুৰঞ্জীহে ৰাজকীয় সাঁচিপতিয়া বুৰঞ্জী নহয়[2][3][4]। সেই সময়ত এনেধৰণৰ বুৰঞ্জী লিখা প্ৰথা সেইসময়ত বিৰল আছিল আৰু লগতে টাই আহোমৰ উপৰিও আন বহুতো জাতি জনগোষ্ঠীৰ অতীতৰ বিষয়ে বিশ্বাসযোগ্য তথ্যৰ উৎস হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে। আৰম্ভণিআহোম ভাষাৰ অৰ্থ : প্ৰাচীন সাহিত্যৰ ভঁৰাল, বুৰণ মানে প্ৰাচীন জী মানে ভঁৰাল, আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওফা চুকাফাৰ নিৰ্দেশত ১২২৮ চনমানতে অসমত বুৰঞ্জী লিখা ব্যৱস্থাৰ প্ৰৱৰ্ত্তন ঘটে। সেই সময়ত শাসকীয় পক্ষৰ লগতে বাকী লোকসকলেও ঘৰে ঘৰে বুৰঞ্জী লিখি ৰাখিছিল। গতিকে বুৰঞ্জীৰ মূলতঃ দুটা ভাগ দেখা যায়: ৰজাঘৰীয়া বুৰঞ্জী আৰু অন্যান্য পৰিয়ালসমূহে লিখা বুৰঞ্জী।[5] টাই আহোম ভাষাত লিখিত বুৰঞ্জীসমূহক বিষয়বস্তু অনুযায়ী লিট ফি আৰু ডিন বুৰঞ্জী হিচাপে দুই ভাগত ভগাব পাৰি। 'ফি' শব্দৰ অৰ্থ হ’ল দেউ ডাঙৰীয়া আৰু এনে বুৰঞ্জীত প্ৰাচীন চীনৰ মৌঙ ফি আৰু প্ৰাচীন টাই সকল আদিৰ বিষয়ে উপকথামূলক কাহিনী আছে। আনহাতে 'ডিন' শব্দৰ অৰ্থ হ’ল পৃথিৱী আৰু ইয়াত ম্যুং-ৰি-ম্যুং ৰাম ৰাজ্যত (বৰ্তমান চীনৰ Xishuangbanna অঞ্চল) খুন্-লুং আৰু খুনলাইৰ বংশধৰসকল আৰু চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যসমূহৰ বিষয়ে তথ্য-পাতি আছে। বুৰঞ্জীসমূহৰ আকাৰ, বিৱৰণ আদিৰ আধাৰত ইয়াক লাই লিক (ঘাই/ৰাজনীতি বিষয়ক পুথি), লিট (নথি পত্ৰ/পবিত্ৰ গ্ৰন্থ), ৰু-পুত (শিক্ষাৰ উদ্দেশ্যে ৰক্ষিত নথি পত্ৰ), উ-কুত (থোৰতে লিখি ৰখা ঘটনাপঞ্জী) আদি ভাগত ভগোৱা হয়।[6] আহোম সাম্ৰাজ্যৰ পতনৰ পিছত বুৰঞ্জী লিখাৰ প্ৰথাও লাহে লাহে নোহোৱা হয়। আহোম ৰাজত্বকালত লিখা বুৰঞ্জীসমূহত আহোম ৰাজ্যৰ উপৰিও কাষৰীয়া চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্য (চুতীয়া, কছাৰী আৰু ত্ৰিপুৰা বুৰঞ্জী) তথা কূটনৈতিক সম্পৰ্ক থকা মোগল সাম্ৰাজ্যৰ (পাদশ্যাহ বুৰঞ্জী) বিষয়েও বিশদ বিৱৰণ আছে।[6] এই বুৰঞ্জীসমূহ ঘাইকৈ সাঁচিপাতত লিখা হৈছিল। আহোম প্ৰশাসনত বুৰঞ্জী প্ৰণয়নৰ এটা সুকীয়া বিভাগ আছিল। পোনতে চিৰিং খেলৰ মানুহে বুৰঞ্জী লিখাৰ কাম কৰিছিল। তেওঁলোকক পৰিচালনাৰ ভাৰ বৰচিৰিং বৰুৱা আৰু চিৰিং ফুকন নামৰ দুজন উচ্চপদস্থ বিষয়াক দিয়া হৈছিল। চিৰিং ফুকনেই প্ৰকৃততে বুৰঞ্জী ৰচনা কৰিছিল। পিছলৈ অসমীয়া ভাষাত লিখা বুৰঞ্জীসমূহৰ নকল কৰিবলৈ লেখাৰু নামৰ এটা খেল নিয়োগ কৰা হৈছিল আৰু লেখকৰ বৰুৱা নামৰ এজন বিষয়াই তেওঁলোকৰ পৰিচালনা কৰিছিল।[6] ৰাজেশ্বৰ সিংহৰ শাসনকালত কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই নিজৰ বংশ মৰ্যাদা সম্পৰ্কে বিসঙ্গতিপূৰ্ণ তথ্য থকা বুলি ৰজাৰ অনুমতি লৈ বহুতো বুৰঞ্জী জ্বলাই নষ্ট কৰে।[7] তেতিয়াই বুৰঞ্জী লিখোৱাৰ দায়িত্ব বৰবৰুৱালৈ হস্তান্তৰিত হয়।[6] বুৰঞ্জী ভিক্তিক আধুনিক পুথি
লগতে চাওকতথ্য সংগ্ৰহ
উৎস প্ৰসংগ
|
Portal di Ensiklopedia Dunia