আহোম ৰাজবংশ
আহোম ৰাজবংশ (১২২৮–১৮২৬) চাওলুং চুকাফা তথা চীনৰ টাই সকলৰ ছ্যু ফৈদৰ বংশধৰ যি বৰ্তমানৰ অসমৰ অংশ আহোম সাম্ৰাজ্য প্ৰায় ৬০০ (ছশ) বছৰ ধৰি ৰাজত্ব কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অসমলৈ অহা মং মাওৰ শান ৰাজকুমাৰ চুকাফাই এই বংশ প্ৰতিষ্ঠা কৰিছিল। অসমত মানৰ আক্ৰমণ আৰু ১৮২৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছতে এই আহোম বংশৰ শাসনৰ অন্ত পৰে। মধ্যযুগৰ বুৰঞ্জীত এই বংশৰ ৰজাসকলক "অসম ৰজা" বুলি কোৱা হৈছে। আনহাতে প্ৰজাই তেওঁলোকক "চাওফা" (চাও-দেৱতা, ফা-স্বৰ্গ) বা ১৬শ শতিকাৰ পৰা "স্বৰ্গদেউ" বুলি মাতিছিল। স্বৰ্গদেউআহোম ৰজাসকল মু'ঙ মাওৰ পৰা অসমলৈ অহা প্ৰথম ৰজা চুকাফাৰ বংশধৰ আছিল[1]। উত্তৰাধিকাৰ সূত্ৰেই ৰজাৰ বাছনি হৈছিল, কিন্তু ৰুদ্ৰসিংহৰ হুকুমমতে তেওঁৰ পিছত তেওঁৰ পাঁচজন পুত্ৰৰ ভিতৰত চাৰিজনেই এজন এজনকৈ ৰাজপাটত বহিছিল। স্বৰ্গদেউৰ পদ চুকাফাৰ বংশধৰ সকলৰ বাবেই সংৰক্ষিত আছিল আৰু তেওঁলোক মন্ত্ৰীপদৰ বাবে বিবেচিত নহৈছিল। সাম্ৰাজ্যৰ অন্তিম কাললৈকে এই প্ৰথা চলি আহিছিল। যেনে- সভাসদসকলে আতন বুঢ়াগোহাঁইক ৰজা হ’বলৈ অনুৰোধ কৰোঁতে তেওঁ নাকচ কৰিছিল। পাত্ৰমন্ত্ৰীসকলে (বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই, বৰবৰুৱা, বৰফুকন) অনুমোদন কৰিলেহে কোনো প্ৰাৰ্থী ৰাজপাটত বহিব পাৰিছিল। ১৪শ শতিকাৰ তিনি সময়ত উপযুক্ত প্ৰাৰ্থী নথকাৰ বাবে ৰাজ্যৰ কোনো শাসক নাছিল। মনঃপুত নহ’লে মন্ত্ৰীসকলে কোনো ৰজাক শাসনৰ পৰা আঁতৰাব পাৰিছিল আৰু তেওঁক ফাঁচী দিয়া হৈছিল। ১৭শ শতিকাত ক্ষমতাৰ বাবে খোৱাকামোৰা লাগোতে অতি কম সময়ৰ পৰিসৰতে নতুন নতুন শাসক ৰাজপাটত বহিছিল আৰু পূৰ্বৰ ৰজাক হত্যা কৰা হৈছিল। চুলিক্ফা ল’ৰা ৰজাৰ দিনত এটা নিয়ম সৃষ্টি কৰা হ’ল যে ৰজা হ’বলৈ প্ৰাৰ্থীৰ অঙ্গত খুঁত থাকিব নালাগিব আৰু ইয়াৰ সুযোগ লৈয়েই বহুতো আহোম কোঁৱৰৰ অঙ্গক্ষত কৰা হৈছিল। ৰুদ্ৰসিংহইও তেওঁৰ ভ্ৰাতৃ লেচাইৰ মনোভাৱৰ ওপৰত সন্দেহ কৰি অঙ্গক্ষত কৰাইছিল। তথাপিও উত্তৰাধিকাৰীৰ সমস্যা অব্যাহত আছিল আৰু ৰুদ্ৰসিংহই তেওঁৰ পিছত পুত্ৰসকল এজন এজনকৈ ৰজা হ’বলৈ আদেশ দিছিল। তেওঁৰ এজন পুত্ৰ মোহনমালাক আওকাণ কৰা হৈছিল যিয়ে পিছলৈ মোৱামৰীয়া বিদ্ৰোহত এটা দলক নেতৃত্ব দিছিল। পিছৰকালৰ শাসক আৰু সভাসদসকলেও এনে নিয়মৰ সুযোগ লোৱাত দুৰ্বল ৰজাই ৰাজপাটত বহিব পাৰিছিল। নিজৰ নিজৰ পিতৃৰ অঙ্গক্ষত হোৱা কমলেশ্বৰ সিংহ (কদম দীঘলাৰ পুত্ৰ) আৰু পুৰন্দৰ সিংহ (ব্ৰ্জনাথৰ পুত্ৰ আৰু আহোমৰ শেষ ৰজা) শাসক হোৱাৰ সুযোগ পাইছিল। আহোম ৰজাসকলৰ ওপৰত দৈৱিকত্ব আৰোপ কৰা হয়। আহোম পৰম্পৰাৰ মতে চুকাফা আছিল খুনলুঙৰ বংশধৰ, যি স্বৰ্গৰ পৰা নামি আহি মং-ৰি-মং-ৰাম শাসন কৰিছিল। চুহুংমুংৰ ৰাজত্বকালত (১৪৯৭-১৫৩৯) প্ৰথম অসমীয়া বুৰঞ্জী লিখা হৈছিল আৰু হিন্দু ধৰ্মৰ প্ৰভাৱ বাঢ়ি আহিছিল। সেইসময়ত আহোম ৰজাসকলৰ মূলক ইন্দ্ৰ (খুংলুং বুলি ঠাৱৰ কৰা হয়) আৰু শ্যামা (এগৰাকী নিম্নবংশীয় মহিলা)ৰ মিলনৰ লগত জড়িত কৰা হৈছিল আৰু তেওঁলোকক আহোমৰ বাবে সৃষ্টি কৰা গোষ্ঠী "ইন্দ্ৰবংশ ক্ষত্ৰীয় বুলি প্ৰচাৰ কৰা হৈছিল[2]। চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল আৰু পিছৰ ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল। ৰাজাভিষেকস্বৰ্গদেউৰ ৰাজাভিষেকক শিঙৰীঘৰত উঠা বুলি কোৱা হৈছিল। চুদাংফা বামুণী কোঁৱৰৰ দিনত (১৩৯৭-১৪০৭) ইয়াক প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ উপদেশমতে কমলেশ্বৰ সিংহ (১৭৯৫-১৮১১) আৰু চন্দ্ৰকান্ত সিংহৰ (১৮১১-১৮১৮) ৰাজ্যাভিষেক পালন কৰা হোৱা নাছিল। ৰাজত্বকালত মৃত্যু হোৱা ৰজাক মৈদামত সমাধিস্থ কৰা হৈছিল। ইয়াৰে বহুতো মৈদামত ১৭শ শতিকাত মিৰ জুমলাই লুটপাত চলায়। পিছৰকালত খৰি দিয়া কিছুসংখ্যক ৰজাৰ (যেনে- শিৱ সিংহ) ভস্ম সমাধিস্থ কৰা হৈছিল। ৰাজপাটত বহাৰ সময়ত নতুন ৰজাই আহোম পুৰোহিতসকলে থিৰাং কৰা এটা আহোম নাম গ্ৰহণ কৰিছিল। নামটোৰ শেষডোখৰ আছিল ফা (টাই: প্ৰভু, দেৱতা)। যেনে- চুচেংফা। পিছৰ ৰজাসকলে সিংহ দি শেষ হোৱা হিন্দু নাম এটাও লৈছিল। যেনে- চুচেংফাই নাম লৈছিল প্ৰতাপ সিংহ। বুৰঞ্জীত ৰজাসকলৰ কোনো বৈশিষ্ট্য ফুটি উঠা অনানুষ্ঠানিক নামো পোৱা যায়। ৰজা হোৱাৰ সময়ত প্ৰতাপ সিংহৰ বয়স যথেষ্ট হৈছিল বাবে তেওঁক বুঢ়া ৰজা বুলিও কোৱা হয়। ৰাজকীয় পৰিয়াল আৰু ফৈদসমূহতৃতীয় আহোম ৰজা চুবিন্ফাই (১২৮১-১২৯৩) আহোমৰ অভিজাত সাতটা বংশক সাতঘৰীয়া আহোম নাম দিয়ে। ইয়াৰে প্ৰথমটো বংশ আছিল ৰজাৰ। দ্বিতীয় আৰু তৃতীয় বংশ আছিল ক্ৰমে বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ। শেষৰ চাৰিটা বংশ আছিল আহোম পুৰোহিতৰ। চুখ্ৰামফাই (১৩৩২-১৩৬৪) আপাত উত্তৰাধিকাৰীৰ বাবে সংৰক্ষিত উপাধি চাৰিং ৰজাৰ আৰম্ভণি কৰে। প্ৰথমজন চাৰিং ৰজা আছিল চুখ্ৰাম্ফাৰ অৰ্দ্ধ ভ্ৰাতৃ আৰু কমতা কুঁৱৰী ৰজনীৰ পুত্ৰ চাও পুলাই। চুহুংমুং দিহিঙীয়া ৰজাই (১৪৯৭-১৫৩৯) পূৰ্বৰ ৰজাৰ বংশধৰসকলক ভিন ভিন ঠাইত থাপে যি পিছলৈ আহোমৰ সাতটা ৰাজকীয় ফৈদ হৈ পৰে: চাৰিঙীয়া, টিপমীয়া, দিহিঙীয়া, চামগুৰীয়া, টুংখুঙীয়া, পৰ্বতীয়া আৰু নামৰূপীয়া। গদাধৰ সিংহই (১৬৮১-১৬৯৬) টুংখুঙীয়া ফৈদৰ শাসনৰ পাতনি মেলে আৰু আহোম সাম্ৰাজ্যৰ শেষ দিনলৈকে তেওঁলোকে ৰাজত্ব কৰে। ৰাণীআহোম ৰাণীসকলেও (কুঁৱৰী) ৰাজ্য শাসনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আনুষ্ঠানিকভাৱে তেওঁলোকক বৰ কুঁৱৰী, পৰ্বতীয়া কুঁৱৰী, ৰাইডাঙীয়া কুঁৱৰী, তামূলী কুঁৱৰী আদি পদ দিয়া হৈছিল। তেওঁলোক আছিল আহোমৰ উচ্চ বা সম্ভ্ৰান্ত পৰিয়ালৰ জী। নিম্ন বংশজাত ৰাণীক চমুৱা কুঁৱৰী বুলি কোৱা হৈছিল। কিছুমানক শাসনৰ বাবে ৰাজ্যৰ একোটা অংশ দিয়া হৈছিল যিবোৰ ফুকন, বৰুৱা আদিয়ে চোৱা-চিতা কৰিছিল। শিৱ সিংহই (১৭১৪-১৭৪৪) তেওঁৰ ৰাণী ফুলেশ্বৰী কুঁৱৰী, অম্বিকা কুঁৱৰী আৰু অনাদৰী কুঁৱৰীক এগৰাকী এগৰাকীকৈ ৰাজ্য শাসনৰ বাবে ৰাজ ছত্ৰ আৰু ৰাজ চিহ্ন প্ৰদান কৰিছিল। তেওঁলোকক কোৱা হৈছিল বৰ-ৰজা[3]। সেইকালৰ প্ৰচলিত মুদ্ৰাৰ ওলোটা পিঠিত ৰাণীৰ নাম লিখা থকালৈ চাই তেওঁলোকৰ গুৰুত্ব বুজিব পাৰি। ধৰ্মীয় প্ৰভাৱচুকাফাৰ আৰাধ্য দেৱতা আছিল চোমদেও নামৰ এগৰাকী অনা-হিন্দু, অনা-বুদ্ধধৰ্মীয় দেৱতা। পূজা-পাতলৰ বাবে দেওধাই, বাইলুং আদি পুৰোহিতৰ শ্ৰেণী আছিল। কিন্তু কালক্ৰমত শাসিত ৰাজ্যৰ ধৰ্ম-সংস্কৃতিৰ প্ৰভাৱ আহোম ৰজাসকলৰ ওপৰত পৰিবলৈ ধৰিলে। ব্ৰাহ্মণৰ ঘৰত ডাঙৰ-দীঘল হোৱা চুদাংফা বামুণী কোঁৱৰৰ (১৩৯৭-১৪০৭) দিনৰে পৰা হিন্দু ধৰ্মই ৰাজপৰিয়ালত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰে। চুহুংমুং দিহিঙীয়া ৰজা (১৪৯৭-১৫৩৯) আছিল অনা-আহোম নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা। মহাপুৰুষীয়া ধৰ্মত দিক্ষিত হোৱা প্ৰথম ৰজা আছিল চুটাম্লা (১৬৪৮-১৬৬৩)। লাহে লাহে মহাপুৰুষীয়া ধৰ্মৰ বিভিন্ন খেলৰ লোকসকলে ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ ধৰিলে। ১৭শ শতিকাৰ শেষৰ ঘটনাৱলীৰ পিছত প্ৰথম টুংখুঙীয়া ফৈদৰ ৰজা গদাধৰ সিংহই (১৬৮১-১৬৯৬) তেওঁৰ শাসনকালত এই ধৰ্মীয় গোটবোৰৰ প্ৰতি মনত গভীৰ অবিশ্বাস পুহি ৰাখিছিল। তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰী ৰুদ্ৰসিংহৰ দিনত (১৬৯৬-১৭১৪) বিকল্প ধৰ্মৰ সন্ধান আৰম্ভ হয়। ৰুদ্ৰসিংহৰ পুত্ৰ আৰু উত্তৰাধিকাৰী শিৱসিংহই (১৭১৪-১৭৪৪) আনুষ্ঠানিকভাৱে শাক্তধৰ্ম গ্ৰহণ কৰে। শিৱসিংহৰ শাসনকালৰে পৰা আৰম্ভ হোৱা মহাপুৰুষীয়া সত্ৰৰ ওপৰত আৰম্ভ হোৱা অত্যাচাৰ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰক আছিল যি আহোম সাম্ৰাজ্যৰ শক্তি বহুলাংশে হ্ৰাস কৰে। স্বৰ্গদেউসকলৰ তালিকা
টোকা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia