চুহুন্মুং
চুহুন্মুং বা চাওফা চ্যু-হুন-মুং আহোম ৰাজ্যৰ চতুৰ্দশ স্বৰ্গদেউ। চুপিম্ফা (১৪৯৩-১৪৯৭ খ্ৰীঃ)ৰ মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুধৰ্মৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্ৰে স্বৰ্গদেও উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ বকতাত ৰাজধানী পাতিছিল। [1][2][3][4] শাসনকাল
স্বৰ্গদেৱ চুহুন্মুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যাদাৰে বৰপাত্ৰগোহাঁই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে শদিয়া আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।[4][2] এওঁৰ দিনতে কছাৰী ৰাজ্যৰ নগাঁৱৰ অংশ আৰু চুটীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হয়।[2] ১৫৩২ চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী মূলাগাভৰুও ৰণত পৰে। পিছত সেই ঠাইতে কনচেং বৰপাত্ৰগোঁহাইৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই কৰতোৱা নদী দুই ৰাজ্যৰ সীমা হয়। চুহুন্মুঙৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোৱা দ'ল, কৰতোৱা পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।[2][3] ১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম লোকপিয়ল আৰম্ভ কৰে।[4] এইজনা স্বৰ্গদেৱৰ দিনৰ পৰাই অসমত শকাব্দ বা 'শঁকাদিত্যৰ শঁক'ৰ প্ৰচলন হয়।[5] মৃত্যু১৪৯৭ খ্ৰীঃত বৰকোঁৱৰ চুক্লেণমুঙৰ ষড়যন্ত্ৰত শুই থকা অৱস্থাতে তেওঁ প্ৰাণ হেৰুৱায়।[2] তথ্য সংগ্ৰহ
|