চুত্যিণ্ফা
চাওফা চুত্যিণ্ফা বা চ্যু-ত্যিণ-ফা ১৬৪৪ খ্ৰীষ্টাব্দত চুৰাম্ফাৰ পিছত ৰাজপাটত উঠিছিল। স্বাস্থ্য ভালে নথকা বাবে এওঁক নৰিয়া ৰজা বুলিছিল। এওঁৰ প্ৰায়েই নৰিয়া আছিল বাবে বৰপুতেক লাপলুপ গোহাঁইয়ে নিজকে নিজে ৰজা ঘোষণা কৰি ৰজাৰ দৰে ফুৰা-চকা কৰিবলৈ আৰম্ভ কৰিছিল। লাপলুপৰ মাক বৰৰাণী আছিল। ৰজাৰ আন জনী ৰাণী বুঢ়াগোহাঁইৰ জীয়েক আছিল। এইজনী ৰাণীৰ মন্ত্ৰণাত নৰিয়া ৰজাই লাপলুপ আৰু বৰপাত্ৰক বধ কৰাইছিল। তাৰ পিছত লাপলুপৰ মাকক বৰৰাণী গুচাই বুঢ়াগোহাঁইৰ জীয়ককে বৰৰাণী পাতিছিল। এইগৰাকী ৰাণীয়ে খহুৱা খোৱা গোহাঁই নামৰ ৰজাৰ আন এজন পুতেককো মৰাবলৈ চেষ্টা কৰোৱাইছিল।[1]
ৰাজত্ব কাল
এইজন ৰজাৰ দিনত ডফলা সকলৰ লগত বিৰোধ ঘটিছিল। বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক ডফলাক দমাবলৈ নৰিয়া ৰজাই পঠিয়ায় দিছিল। কিন্তু এওঁলোকে ডফলা সকলক দমাব সক্ষম হোৱা নাছিল। তেতিয়া ৰজাই তেওঁলোকক বিষয়া ভাগি অইনক বিষয়া পাতি পুনৰ ডফলাৰ বিৰুদ্ধে অভিযান চলায়। সেইবাৰ ডফলাসকল ৰজাৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।[1]
কছাৰী সকলৰ লগত এইজন ৰজাৰ দিনত বিৰোধ ঘটিছিল। পিছে আহোম ৰাজকন্যা এজনী কছাৰী ৰজালৈ দিবলৈ স্বীকাৰ কৰি নৰিয়া ৰজাই কছাৰীৰ লগত সম্প্ৰীতি স্থাপন কৰিছিল। সেই সময়ত কছাৰী ৰজা আছিল বীৰ দৰ্পনাৰায়ণ।[1] ৰজা ভগাৰ কাৰণচুত্যিন্ফাৰ ৰাণী বুঢ়াগোহাঁইৰ জীয়েকৰ কুকুৰে খোৱা গোহাঁই নামৰ পুতেক এজন আছিল। তেওঁ বৰ নৈতিকতাহীন, দাম্ভিক আৰু অত্যাচাৰী আছিল। তেওঁৰ ব্যৱহাৰত ডা-ডাঙৰীয়াৰ লগতে ৰাজ্যৰ বহুত মানুহ অসন্তুষ্ট হৈছিল। ৰজায়ো শাসন কৰিব নোৱাৰিছিল। তেতিয়া ৰাজ্যৰ সকলোৱে মিলি কুকুৰে খোৱা গোহাঁইক আৰু তেওঁৰ মাকক মাৰি পেলাইছিল। ইয়াৰ পিছত তেওঁলোকে চুত্যিন্ফাক ৰজা ভাগি তেওঁৰ পুতেক চুতাম্লাক ৰজা পাতিছিল।[1] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia