মৈদাম
ফ্ৰাং-মৈ-দাম বা চমুকৈ মৈ-দাম (আহোম: 𑜉𑜩𑜓𑜝𑜪 অৰ্থ:মৃতকক সমাধি দিয়া,ইংৰাজী: Maidam বা Pyramid of Assam) হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা আৰু সমাধি যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰাপ্ত।[1] মৈদামক ইজিপ্তৰ ফাৰাওসকলৰ পিৰামিড আৰু প্ৰাচীন চীনা ৰাজপৰিয়ালৰ সমাধিৰ সৈতে তুলনা কৰা হয়।[2][3]বৰ্তমান সময়ত টাই-আহোম জনগোষ্ঠীৰ ম'-হুং, ম'-চাম, চাওদাং আৰু ম'-প্ল'ঙ নামৰ চাৰিটা ফৈদৰ মানুহে মৈদাম পৰম্পৰা মানি চলে। [1] মৈদাম টাই আহোম শব্দ ফ্ৰাং-মৈ-দামৰ পৰা আহিছে। ফ্ৰাং-মৈ মানে সমাধি দিয়া আৰু দাম মানে মৃতক।[4][5] টাই জাতিৰ লোকসকলে মৃতদেহ জ্বলাই দিয়াৰ সলনি পুতি থয়। অসমৰ ভিন্ন প্ৰান্তত মৈদাম সমূহ দেখা যায় আৰু চৰাইদেউত আটাইটকৈ বেছি ঘনত্বত মৈদাম সমূহ আছে।[2] প্ৰায়বোৰ ধৰ্মীয় বিশ্বাসৰ বিপৰীতে টাই-আহোম সকলে মৈদাম সমুহ পবিত্ৰ স্থান বুলি গণ্য কৰে আৰু বছৰি মৃতকক মে দাম মে ফী দৰে অনুষ্ঠান আয়োজন কৰি সন্মান জনোৱা হয়। মৈদাম প্ৰথাচাংৰুংমৈদাম প্ৰথাৰ বিষয়ে চাংৰুং ফুকন বুৰঞ্জীত লিখা আছে। মৈদামৰ সুৰক্ষাৰ আৰু নিৰ্মাণৰ বাবে চাংৰুং ফুকন আৰু মৈদাম ফুকন বুলি পদসমুহ সৃষ্টি কৰা হৈছিল যি ৯জন ফুকনৰ ভিতৰত আছিল।[6] চাওফা তথা উচ্চ পদবীৰ বিষয়াৰ মৈদাম কেৱল লুক-খা-খুন বংশৰ মানুহে দিব পাৰিছিল।[2] ইয়াৰ উপৰি মৈদামৰ পহৰা দিবলৈ মৈদামীয়া বুলি এটা ফৈদ বনুৱা হৈছিল। মাটি দাইল, গুড়, হাঁহৰ কণী, বৰালি মাছ, চূণ আৰু শামুকৰ খোলাৰ মিশ্ৰণেৰে চিমেণ্ট কৰা ইটা আৰু শিল ব্যৱহাৰ কৰি নিৰ্মাণৰ তথ্য লিপিবদ্ধ কৰা হৈছে।[4] চাংৰুং ফুকন পুথিৰ মতে মৈদাম নিৰ্মাণত বিভিন্ন আকাৰৰ শিল, ভঙা শিল, ইটা, ভঙা ইটা আদিৰ সহায়ত অধিগাঁথনি নিৰ্মাণ কৰা হৈছিল।[2] ইয়াৰ উপৰিও চাংৰুং ফুকন পুথি সমূহত পাইকৰ সংখ্যা, কামৰ সময়সীমা, কামৰ বাবে প্ৰদান কৰা বেতন আৰু মৈদাম দিওঁতে কৰা পৰম্পৰাগত আচাৰ-অনুষ্ঠানৰ বিষয়েও বিতংকৈ লিখা আছে।[2] মৈদামৰ গঠনমৈদামৰ আকাৰ মৈদাম দিয়া মৃতক জনৰ পদবীজনৰ ওপৰত নিৰ্ভৰ কৰিছিল। ৰাজপৰিয়ালৰ সকলৰ মৈদাম আকাৰত ডাঙৰ আৰু পহৰীয়াও আছিল।[7] মৈদামৰ গঠনত মূল তিনিটা ভাগ প্ৰধান। ৰুংডাং কাৰেং, ৰুংডাং আৰু চাও-চালি সমাধি স্থলত থকা বিশেষ ভাস্কৰ্য। মৈদাম সমূহ আঠকুণীয় আকৃতিৰ এটা ইটাৰ বেৰা থাকে আৰু মৈদামৰ ভিতৰলৈ যোৱা দুৱাৰ পশ্চিম দিশত থাকে। এই বেৰাৰ বাহিৰতে বছৰি দাম-ফী প্ৰথা অনুসৰি মৃতকজনক শ্ৰদ্ধা জনোৱা হয়।[7] সৰু মৈদাম সমূহত অৱশ্যে বিশেষ ভাস্কৰ্য সমুহ দেখা নাযায়। [7] ৰুংডাংমৈদাম প্ৰথাত মৃতদেহক স্নান কৰাই ৰুংডাং, অৰ্থাৎ কাঠেৰে সজা এটা বিশেষধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই ৰখা হয়।[6] ৰুংডাংসমুহ Bischofia javanica গছৰ কাঠৰ পৰা প্ৰস্তুত কৰা হয়।[6] কাৰেং ৰুংডাংৰুংডাং পোতা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়। ইয়াক কাৰেং ৰুংডাং বোলে।[8][9]ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ, যেনে:- ঙি ঙাও খাম, চীনা মাটি, কাঠ বা হাতীদাঁত বা লোহাৰে তৈয়াৰী বস্তু, হেংদাং, শৰাই, সোণৰ গহনা, কটাৰী, চূণৰ টেমী,চালপীৰা, পালি-পহৰীয়া আদি পুতি দিয়া হয়, পাছলৈ চাওফা চ্যু-খ্ৰং-ফাই জীৱিত পালি-পহৰীয়া দিয়া নিষিদ্ধ কৰে।[7] পূৰ্বতে মৈদামৰ ভিতৰছোৱা এটা বা ততোধিক ভাগত ভগোৱা হ’ব পাৰে।[10] চাও-চালিৰুংডাং কাৰেংৰ ওপৰত মাটিৰ এক অনুচ্চ মূধ্ছ সজা হয় যাক চাও-চালি বোলা হয়। এই গুহা যুক্ত কোঠা চাও-চালিসমূহ, প্ৰায়ে দুমহলীয়া আৰু খোলাযুক্ত পথৰ মাজেৰে প্ৰৱেশ কৰা হয়।[2] লুণ্ঠনমৈদামৰ ভিতৰত থকা আপুৰুগীয়া সম্পদ সমূহে আক্ৰমণকাৰী আৰু বিদেশী উপনিৱেশিকসকলক আকৰ্ষিত কৰিছিল। মৃতকৰ লগত থোৱা ধন-সোণ আৰু আন মূল্যবান সম্পদ সমূহ ভিন্ন সময়ত লুণ্ঠনকাৰীয়ে চুৰ কৰি নিয়ে। মীৰজুমলাৰ লুণ্ঠনমীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত মোগলে প্ৰথম মৈদামত লুণ্ঠন আৰম্ভ কৰে। ব্ৰিটিছৰ লুণ্ঠনবগা বঙাল বা ব্ৰিটিছৰ শাসনকালত মৈদামত লুণ্ঠন বেছি হৈ যায়। টি. ব্ৰদি বোলা ব্ৰিটিছ বিষয়া এজনৰ অনুৰোধত চি. ক্লেইটন নামৰ এজনে ১৮৪৮ চনৰ জুন মাহত মৈদামৰ লুণ্ঠন আৰম্ভ কৰিছিল।[11] ক্লেইটন আৰু তেওঁৰ দলে সোণৰ কেৰু, ৰূপৰ খৰিকা, বানবাতি, বানকাহি আৰু চূণ থোৱা সৰু বান এটা খান্দি উলিয়াইছিল যি পাছত বেডফৰ্ড বোলা এজনে কিনি লৈছিল।[11] ১৯০৫ চনটো আহোম কোঁৱৰ এজনক লৈ গৈ মৈদাম খন্দোৱাইছিল।[11] বৰ্তমানৰ মৈদামশিৱসাগৰ, চৰাইদেউত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন অংশত যথেষ্ঠ মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে। যোৰহাটত শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ আহোম সৈন্যবাহিনীৰ বৰফুকন লাচিত বৰফুকনৰ মৈদাম আছে। মৈদাম আৰু ইয়াৰ কাষৰীয়া বাফাৰ ক্ষেত্ৰসমূহ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগে যৌথভাৱে প্ৰাচীন কীৰ্তিচিহ্ন আৰু স্থান অৱশিষ্ট আইন’ ১৯৫৮ (২০১০ চনত সংশোধিত) আৰু অসম প্ৰাচীন কীৰ্তিচিহ্ন আৰু অভিলেখ আইন ১৯৫৯ৰ অধীনত সুৰক্ষিত আৰু পৰিচালনা কৰে।[2] ২০০২ চনত মৈদাম নং ২ত কৰা খনন কাৰ্যত পুৰাতত্ব বিভাগে যথেষ্ট কলা কৌশলী যুক্ত সামগ্ৰী লাভ কৰে যাৰ ভিতৰত আটাইতকৈ মূল্যবান আছিল হাতীৰ দাঁত আৰু কাঠেৰে নিৰ্মিত ফুং (এক প্ৰকাৰৰ পৰম্পৰাগত শৰাই)।[12] হাতীৰ দাঁতৰ ঙি ঙাও খাম, মৰাচৰাই, আৰু ফুলৰ আকৃতিও উদ্ধাৰ হৈছিল।[12]উদ্ধাৰ হোৱা আন বস্তুবোৰ হৈছে - তামৰ টুকুৰা, ঘূৰণীয়া আকৃতিৰ হাতীদাঁতৰ বুটাম, কৰী, সোণৰ লকেট আৰু কেইটামান বৰটোপৰ গুলী।[12] মৈদামৰ মৃতকজন আৰু নিৰ্মাণৰ তাৰিখ তথ্যৰ অভাৱৰ বাবে নিৰ্ণয় কৰাত অসুবিধা হয়।[10][12] তথ্য সংগ্ৰহ
|