আহোম সৈন্যবাহিনী

আহোম সৈন্যবাহিনী
সক্ৰিয়তা ১২২৮ৰ পৰা ১৮২৬
দেশ আহোম ৰাজ্য
আনুগত্য নগা সৈন্য
শাখা পাইক সৈন্য, চাওদাং
প্ৰকাৰ সৈন্যবাহিনী
অংশ পাইক প্ৰথা
বাৰ্ষিকী আলাবৈ স্মৃতি দিৱস
মুখ্য ৰণ শৰাইঘাটৰ ৰণ
কামণ্ডাৰ/সেনাপতি
উল্লেখযোগ্য
কামণ্ডাৰসকল
লাচিত বৰফুকন

আহোম সৈন্যবাহিনী (চীনা ভাষা:傣 阿洪 军队 ,থাই ভাষা:กองทัพบก ไทอาหม , ইংৰাজী ভাষা:Tai Ahom Army) হল নৌসেনা আৰু স্থল সেনাৰে আহোম ৰাজ্যপাইক প্ৰথাৰ দ্বাৰা সজ্জিত সৈন্যবাহিনী। আহোম সেনাই বহুত সংঘৰ্ষৰ মাজেৰে যুজিব লগা হৈছিল বিশেষকৈ পশ্চিমৰ ফালৰ পৰা বঙাল চুলতান আৰু মোগল সৈন্যৰ আক্ৰমণৰ সময়ত বহু পৰাক্ৰমে যুজিছিল আৰু দক্ষিণফালৰ কুংবাং মান সৈন্যৰো আক্ৰমণত যুজিব লগা হৈছিল। এওলোকে বহু পৰাক্ৰমে তুৰ্বক সেনা (১৫৩২) আৰু মোগল সেনাক শৰাইঘাট (১৬৭১) আৰু ইটাখুলীৰ[1] শেষ যুদ্ধ (১৬৮২)-ত পৰাজিত কৰিছিল। এওলোক মান সৈন্য আৰু মিৰ জুমলাৰ হাতত পৰাস্ত হৈছিল। আহোম সৈন্যবাহিনীয়ে মোগল সৈন্যৰ আক্ৰমণৰ সময়ত পৰাক্ৰমেৰে যুঁ‌জিছিল।

ব্যৱস্থাপনা

আহোম সৈন্য মুঠ পাইক প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিটো গোটত ৪ জন (পিছলৈ ৫ জন)কৈ মানুহ ৰখা হৈছিল। প্ৰতিজন ১৫ ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষ পাইক হৈছিল ফলত সমগ্ৰ প্ৰজাই মিলি এক সুপ্ৰশিক্ষিত বৃহৎ সৈন্যলৈ পৰিৱৰ্তিত হৈছিল। আনকি যুদ্ধ চলি থকা সময়তো কৃষি আৰু বাণ্যিজিক কাম কাজ সমূহ চলিয়ে আছিল।

পাইক বিষয়া পাইকৰ সংখ্যা
ফু-কন ৭০০০
ৰাজখোৱা ৩০০০
হাজৰিকা ১০০০
শইকিয়া ১০০
বৰা ২০

লগতে চাওক

তথ্যসূত্ৰ

  1. (Richards 1995, পৃষ্ঠা 247)

উৎস প্ৰসংগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia