দেশসমূহ যত ৫,০০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
দেশসমূহ যত ১,০০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
দেশসমূহ যত ৫০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
দেশসমূহ যত ১০০,০০০ ত কৈ অধিক চীনা ভাষী মানুহ আছে
মুখ্য চীনা ভাষী এলেকা
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।
চীনা ভাষা (আক্ষৰিক অৰ্থত হান ভাষা) হৈছে চীন দেশৰ ৰাষ্ট্ৰভাষা তথা চীনা-তিব্বতীয়া ভাষা পৰিয়ালৰ চীনাতিক নামৰ ভাষাৰ ঠালটো। চীনৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু জনগোষ্ঠী সমূহে এই ভাষাটো কয়। বিশ্বৰ প্ৰায় ১.২ বিলিয়ন মানুহে চীনা ভাষা কয় যি সমগ্ৰ বিশ্বৰ ১৬% জনসংখ্যা। স্থানভেদে চীনা ভাষা বহুত প্ৰকাৰৰ বৈচিত্ৰতাৰ বাবে কিছু ভাষাবিদে ইয়াক এটা ভাষা পৰিয়ালৰ সৈতে মিলাব খোজে। চীনা ভাষাৰ বহু বৈচিত্ৰতাৰ বাবে কিছু লোকে ইয়াক ৰোমাঞ্চ ভাষাৰ সৈতে তুলনা কৰে। চীনা ভাষাৰ আটাইতকৈ প্ৰাচীন লেখনি চাঙ বংশ শিলালিপিৰ দিনৰ পৰা পোৱা যায়, যি ১২৫০ খ্ৰীষ্টপূৰ্বত জ্ঞাত হৈছিল। ১৯৩০ চনত মান্য চীনা ভাষাক গ্ৰহণ কৰা হৈছিল যি বৰ্তমান টাইৱান আৰু চীন দেশৰ ৰাষ্ট্ৰীয় ভাষা হয়।
বিভাজন
ভাষাবিদসকলে ইয়াক বিভিন্ন ভাগত ভাগ কৰিব বিচাৰিছে যেনে: তিব্বতীয় ভাষা, চীনা-তিব্বত আৰু বাৰ্মা।
ধ্বনিবিজ্ঞান
বিভিন্ন অংশত চীনা ভাষাৰ সুৰ বিভিন্ন হয় কিন্তু বিশেষকৈ মধ্য চীনৰ ক্ষেত্ৰত ই অধিক তলৰ স্তৰৰ সুৰ হয়। কিছুমান বিদ্যালয়ৰ চীনা ভাষাৰ অক্ষৰ ১০০০ ত কৈ অধিক পোৱা গৈছিল।[3]
স্বৰ
সকলো দিশৰ পৰা একেই থকা শব্দ কিছুমানু সুৰৰ বাবেই চীনা ভাষাত বেলেগ লয় বহন কৰে।[4][5] উত্তৰ চীনৰ কিছু ভাষাত তিনিটা স্বৰ থাকে, য'ত নেকি দক্ষিণ চীনত সুৰ ৬ বা ১২ টাও হ'ব পাৰে, সুৰৰ সংখ্যা কোনে কিদৰে গণনা কৰে সেই প্ৰকাৰৰ ওপৰতো নিৰ্ভৰ কৰে।
চীনত সুৰৰ ক্ষেত্ৰত মান্য চীনা ভাষা আটাইতকৈ অধিক প্ৰয়োগ কৰা হয়। তলত দিয়া পাঁচটা চীনা স্বৰৰ দ্বাৰা ইয়াক দেখুৱা হৈছে:
আন্তঃৰাষ্ট্ৰীয় স্তৰত অৰ্থব্যৱস্থাৰ ফালৰ পৰা মানক চীনা ভাষাই বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্দিষ্ট বিদ্যালয় কিছুমানটো বিশেষ স্থান পাইছে, আৰু পাশ্চাত্যত এই ভাষাটো যুৱ চামৰ মাজত বিশেষ আকৰ্ষণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।[6]
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অনুসৰি ১৯৯১ চনত মাত্ৰ ৫,০০০ বিদেশী ছাত্ৰ ছাত্ৰীয়ে চীনা ভাষা পৰীক্ষা দিছিল কিন্তু এই সংখ্যা ২০০৫ ত ১,১৭,৬৬০ লৈ বৃদ্ধি হয়।[7] ২০১০ লৈকে ৭,৫০,০০০ মানুহে এই পৰীক্ষা দিয়ে। ২০১৭ লৈকে এই সংখ্যা ৬.৫ মিলিয়ন পায়গৈ।
আধুনিক ভাষা সংস্থা অনুসৰি ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ৫৫০খন প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিল যি যোৱা দুটাবছৰত ১০০% বৃদ্ধিৰ প্ৰতিনিধিত্ব কৰে। সেইদৰে মহাবিদ্যালয় স্তৰত চীনা ভাষাৰ কক্ষৰ নামাংকন ৫১% পৰ্যন্ত বৃদ্ধি হৈছিল। আনহাতে ২০১৫ চনত ত্ৰিছৰ পৰা পঞ্চাশ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে চীনা ভাষা আমেৰিকা যুক্তৰাষ্ট্ৰত শিকি আছিল।[8]
২০১৬ চনত আধা মিলিয়নতকৈ অধিক চীনা ছাত্ৰই বিদেশত উচ্চ শিক্ষাৰ বাবে গৈছিল আনহাতে চীনলৈ চাৰি লাখ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ উচ্চ শিক্ষাৰ বাবে আহিছিল। চিংহুৱা বিশ্ববিদ্যালয়ে এবছৰতে ১১৬খন দেশৰ প্ৰায় ৩৫ হেজাৰ ছাত্ৰক গ্ৰহণ কৰে।[9]
দ্বিতীয় ভাষা হিচাপে চীনা ভাষাৰ দাবী বাঢ়ি আহিছে চীনা শিক্ষা মন্ত্ৰালয়ৰ মতে বিশ্ব স্তৰত চীনা ভাষা শিকোৱা বাবে ৩৩০টা সংস্থা আছে। চীনৰ শিক্ষা মন্ত্ৰালয়ৰ সৰ্বজনীন সংস্থাই বিভিন্ন বাওঁপন্থী সংস্থাৰ জন্ম দি চীনা ভাষা, সাহিত্যৰ বিকাশ আৰু বিদেশত থকা চীনা সকলৰ শিক্ষাৰ বাবে কাম কৰিছে। ২০১৪ লৈকে এনেকুৱা ৪৮০ তাতকৈ অধিক বাওঁপন্থী সংস্থা আছিল।
↑DeFrancis,1984,p.42, counts Chinese as having 1,277 tonal syllables, and about 398 to 418 if tones are disregarded; he cites Jespersen, Otto (1928) Monosyllabism in English; London, p. 15 for a count of over 8000 syllables for English
↑Norman 1988,p.52A...A word pronounced in a wrong tone or inaccurate tone sounds as puzzling as if one said bud in English, meaning 'not good' or 'the thing one sleeps in.'"
Hannas, William C. (1997), Asia's Orthographic Dilemma, University of Hawaii Press, ISBN978-0-8248-1892-0.
Qiu, Xigui (2000), Chinese Writing, trans. Gilbert Louis Mattos and Jerry Norman (sinologist), Society for the Study of Early China and Institute of East Asian Studies, University of California , Berkeley, ISBN978-1-55729-071-7.