কোৰীয় ভাষা পূব এছিয়াৰ কোৰীয় উপদ্বীপ অঞ্চলত প্ৰায় ৭.৭২ কোটি লোকৰ মাজত প্ৰচলিত এক ভাষা।[3] এই ভাষা দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ আধিকাৰীক আৰু ৰাষ্ট্ৰীয় ভাষা। দুয়োখন দেশতে ভাষাটোৰ ভিন্ন ভিন্ন মান্য ৰূপ ব্যৱহাৰ কৰা হয়। চীন আৰু ৰাছিয়াৰ কিছু অঞ্চলটো কোৰীয় ভাষাক গৌণ ভাষা ৰূপে স্বীকৃতি দিয়া হয়। ভাষাবিদ সকলে কোৰীয় ভাষাক বিচ্ছিন্ন ভাষা (isolate language)[4] ৰূপে শ্ৰেণীবিভাজিত কৰিছে। অৰ্থাৎ কোৰীয় ভাষাৰ পৃথিৱীৰ আন কোনো ভাষাৰ লগত সামঞ্জস্য নাই, ই এক স্বতন্ত্ৰ ভাষা।
উপভাষা
কোৰীয় ভাষাৰ বহুতো উপভাষা আছে। অঞ্চলভেদে লোকসকলৰ মাজত প্ৰচলিত কোৰীয় ভাষাৰ মাজত কিছু ভিন্নতা দেখা যায়। সাধাৰণতে ভিন্ন উপভাষাৰ ভাষিকসকলে ইজনে সিজনৰ কথা বুজিব পাৰে যদিও জেজু দ্বীপৰ লোকসকলৰ মাজত প্ৰচলিত উপভাষাটো আন উপভাষাবোৰৰ পৰা যথেষ্ট পৃথক। এই উপভাষাটোক জেজু ভাষা নামৰে জনা যায় আৰু কিছুলোকে ইয়াক এক পৃথক ভাষাৰো মৰ্যাদা দিয়ে।[5][6][7] ছিউল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰচলিত উপভাষাটোক দুয়োখন কোৰিয়া দেশে ভাষাটোৰ মান্য ৰূপ হিচাপে স্বীকৃতি দিছে। উত্তৰ কোৰিয়াৰ মান্য ভাষাটোত ছিউলৰ উপৰিও পিয়ং ইয়াঙত প্ৰচলিত উপভাষাৰো প্ৰভাৱ দেখা যায়।
লিপি
১৫ শতিকাৰ পূৰ্বে কোৰীয় ভাষা চীনা চিহ্ন লিপিৰে লিখা হৈছিল।[8][9] চীনা ভাষা আৰু কোৰীয় ভাষাৰ মাজত থকা প্ৰভেদৰ বাবে চীনা লিপিৰে কোৰীয় ভাষা লিখাটো জঁটিল আছিল, বিশেষকৈ প্ৰাথমিক বিদ্যালয়তে শিক্ষাৰ্থীক বৃহৎ সংখ্যক চীনা লিপিৰ চিহ্ন শিকিব লগা হৈছিল। এই সমস্যাৰ ওৰ পেলাবলৈ আৰু সাধাৰণ জনতাৰ মাজত শিক্ষাৰ প্ৰচাৰ কৰিবলৈ চেজোং নামৰ ৰজাজনে তেওঁৰ ৰাজত্ব কালত (১৪১৮-১৪৫০ খ্ৰীষ্টাব্দ) এক নতুন লিপিৰ প্ৰচলন কৰে।[10] এই লিপিটোক হানগুল নামেৰে জনা যায় আৰু বৰ্তমান কোৰীয় ভাষা লিখিবলৈ এই লিপিৰ ব্যৱহাৰ কৰা হয়। হানগুল লিপি তুলনামূলকভাৱে এক সৰল লিপি, ইয়াত ১০টা স্বৰবৰ্ণ আৰু ১৪টা ব্যঞ্জনবৰ্ণ আছে।
ব্যঞ্জনবৰ্ণ
হানগুল
|
ㅂ
|
ㄷ
|
ㅈ
|
ㄱ
|
ㅃ
|
ㄸ
|
ㅉ
|
ㄲ
|
ㅍ
|
ㅌ
|
ㅊ
|
ㅋ
|
ㅅ
|
ㅎ
|
ㅆ
|
ㅁ
|
ㄴ
|
ㅇ
|
ㄹ
|
লিপ্যান্তৰ
|
ব / প
|
দ
|
চ
|
ক
|
প্
|
ত্
|
চ্
|
ক্
|
ফ
|
থ
|
ছ
|
খ
|
স
|
হ
|
স্
|
ম
|
ন
|
ঙ
|
ৰ / ল
|
ৰোমানীকৰণ
|
b
|
d
|
j
|
g
|
pp
|
tt
|
jj
|
kk
|
p
|
t
|
ch
|
k
|
s
|
h
|
ss
|
m
|
n
|
ng
|
r, l
|
আ.ধ্ব.ব.
|
p
|
t
|
t͡ɕ
|
k
|
p͈
|
t͈
|
t͡ɕ͈
|
k͈
|
pʰ
|
tʰ
|
t͡ɕʰ
|
kʰ
|
s
|
h
|
s͈
|
m
|
n
|
ŋ
|
ɾ, l
|
স্বৰবৰ্ণ
হানগুল
|
ㅣ
|
ㅔ
|
ㅚ
|
ㅐ
|
ㅏ
|
ㅗ
|
ㅜ
|
ㅓ
|
ㅡ
|
ㅢ
|
ㅖ
|
ㅒ
|
ㅑ
|
ㅛ
|
ㅠ
|
ㅕ
|
ㅟ
|
ㅞ
|
ㅙ
|
ㅘ
|
ㅝ
|
লিপ্যান্তৰ
|
ই
|
এ
|
অ'এ
|
ঐ
|
আ
|
ও
|
উ
|
ঔ
|
অ
|
য়ি
|
য়ে
|
য়ৈ
|
য়া
|
য়ো
|
য়ু
|
য়ৌ
|
ৱি
|
ৱে
|
ৱৈ
|
ৱা
|
ৱো
|
ৰোমানীকৰণ
|
i
|
e
|
oe
|
ae
|
a
|
o
|
u
|
eo
|
eu
|
ui
|
ye
|
yae
|
ya
|
yo
|
yu
|
yeo
|
wi
|
we
|
wae
|
wa
|
wo
|
আ.ধ্ব.ব.
|
i
|
e
|
ø, we
|
ɛ
|
a
|
o
|
u
|
ʌ
|
ɯ
|
ɰi
|
je
|
jɛ
|
ja
|
jo
|
ju
|
jʌ
|
ɥi, wi
|
we
|
wɛ
|
wa
|
wʌ
|
পৰম্পৰাগতভাৱে কোৰীয় ভাষাক থিয়কৈ ওপৰৰ পৰা তললৈ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল, কিন্তু বৰ্তমানে সাধাৰণতে ইয়াক পথালিকৈ বাওঁফালৰ পৰা সোঁফাললৈ ওপৰৰ পৰা তললৈ লিখা হয়। আধুনিক কোৰীয় লেখাত শব্দবোৰৰ মাজত খালি ঠাইৰ ব্যৱহাৰ কৰা হয়।
তথ্য সংগ্ৰহ
- ↑ কোৰীয় ভাষা at Ethnologue (17th ed., 2013)
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Korean". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kore1280.
- ↑ Summary by language size, table 3, https://www.ethnologue.com/statistics/size
- ↑ Song, Jae Jung (2005), The Korean language: structure, use and context, Routledge, p. 15, ISBN 978-0-415-32802-9, https://books.google.com/books?id=rIk52cJ1vDEC&pg=PA15 .
- ↑ Source: Unescopress. "New interactive atlas adds two more endangered languages | United Nations Educational, Scientific and Cultural Organization". Unesco.org. http://www.unesco.org/new/en/media-services/single-view/news/new_interactive_atlas_adds_two_more_endangered_languages/। আহৰণ কৰা হৈছে: 2013-12-11.
- ↑ David Lightfoot, 1999. The development of language: acquisition, change, and evolution
- ↑ Janhunen, Juha, 1996. Manchuria: an ethnic history
- ↑ Hannas, Wm C. (1997) (en ভাষাত). Asia's Orthographic Dilemma. University of Hawaii Press. পৃষ্ঠা. 57. ISBN 978-0-8248-1892-0. https://books.google.com/books?id=aJfv8Iyd2m4C&pg=PA57#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 20 September 2016.
- ↑ Chen, Jiangping (2016-01-18) (en ভাষাত). Multilingual Access and Services for Digital Collections. ABC-CLIO. পৃষ্ঠা. 66. ISBN 978-1-4408-3955-9. https://books.google.com/books?id=_CpZCwAAQBAJ&pg=PA66#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 20 September 2016.
- ↑ Koerner, E. F. K.; Asher, R. E. (2014-06-28) (en ভাষাত). Concise History of the Language Sciences: From the Sumerians to the Cognitivists. Elsevier. পৃষ্ঠা. 54. ISBN 978-1-4832-9754-5. https://books.google.com/books?id=VCqLBQAAQBAJ&pg=PA54#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 13 October 2016.
বাহ্যিক সংযোগ
পৃথিৱীৰ প্ৰধান ভাষাসমূহ |
---|
| ইণ্ডো-আৰ্য / ইন্দো-ইউৰোপীয় |
- অসমীয়া,
- উৰ্দু,
- ওড়িয়া,
- কাশ্মিৰী,
- কোংকণী
- গুজৰাটী,
- ডোগ্ৰী,
- দিভেহী,
- নেপালী,
- পঞ্জাবী,
- ফিজি হিন্দী,
- বাংলা,
- ভোজপুৰী,
- মাৰাঠী,
- মৈথিলী,
- সংস্কৃত,
- সিংহল,
- সিন্ধী,
- হিন্দী।
|
---|
| অন্যান্য ইন্দো-ইউৰোপীয় | |
---|
| দ্ৰাবিড় | |
---|
| পূৱ এছিয় | |
---|
| দক্ষিণ-পূৱ এছিয় |
ইন্দোনেছীয়,
খামেৰ,
ছামোৱান,
ছেবুয়ানো,
জাভানীয়,
তাগালোগ,
থাই,
ভিয়েটনামীয়,
মান (বাৰ্মীজ),
মাৱৰী,
মালাগাছি,
মালয়,
লাও,
সুন্দানীয়,
হাৱাইয়ান। |
---|
| আফ্ৰো-এছিয় | |
---|
| ইৰানীয় | |
---|
| তুৰ্কীয় | |
---|
| জাৰ্মানীয় | |
---|
| ৰোমান | |
---|
| স্লাভীয় |
আলবেনিয়ান,
ইউক্ৰেনীয়,
ক্ৰোয়েছীয়,
চাৰ্বীয়,
চেক,
পোলীয়,
বচনীয়,
বেলাৰুছীয়,
বুলগেৰীয়,
মেচিডোনীয়,
ৰুছ,
স্লোভাক,
স্লোভেনীয়। |
---|
| কেল্টীয় | |
---|
| নাইজাৰ-কঙ্গো |
ইগবো,
ইয়োৰুবা,
ৱল্ফ,
খোসা,
গবে,
চিচেওয়া,
ছোথো,
জুলু,
তিগ্ৰিনিয়া,
ফুলা,
বাণ্টু (স্বাজী),
ভেণ্ডা,
মান্দিং,
লিংগালা,
সুয়ানা,
স্বাহিলী,
সোনিনকে
হাউচা। |
---|
| ককেছিয় | |
---|
| উৰালীয় | |
---|
| নীল-চাহাৰা | |
---|
| আমেৰিকাৰ আদিবাসী | |
---|
| নিৰ্মিত ভাষা | |
---|
|
|