ফৰাচী ভাষা


ফৰাচী (français) ভাৰত-ইউৰোপীয় পৰিয়ালৰ এটা ৰোমান ভাষা৷ আন সকলো ৰোমান ভাষাৰ দৰেই ই ৰোমান সাম্ৰাজ্যৰ ভলগাৰ লেটিন ভাষাৰ অন্তৰ্গত। ফৰাচী ভাষা ২৭খন দেশৰ চৰকাৰী ভাষা, লগতে বিশ্বৰ ভৌগোলিকভাৱে ব্যাপক ভাষাসমূহৰ ভিতৰত অন্যতম। ই ফ্ৰান্স, বেলজিয়াম, চুইজাৰলেণ্ড, মনাকো, ফ্ৰাংকোফোন আফ্ৰিকা, কানাডা আদি অঞ্চলৰ মুখ্য ভাষা। ফৰাচী ভাষাত প্ৰায় ৩১ কোটি ভাষী আছে বুলি অনুমান কৰা হৈছে, ইয়াৰে প্ৰায় ৮ কোটি লোক স্থানীয় ভাষী।[1] অ'আইএফৰ মতে, ২০২২ চনৰ হিচাপত বিশ্বজুৰি প্ৰায় ৩২.১ কোটি লোকে এই ভাষাটো ক'বলৈ সক্ষম।[2]

লিখন ব্যৱস্থা

বৰ্ণমালা

ফৰাচী ভাষা লেটিন লিপিৰ ২৬টা আখৰেৰে লিখা হয়, স্বৰবৰ্ণত চাৰিটা ডায়েক্ৰিটিক দেখা যায় (circumflex accent, acute accent, grave accent, diaeresis) আৰু cedilla "ç" ব্যৱহাৰ কৰা হয়।

দুটা লিগাচাৰ আছে, "œ" আৰু "æ", কিন্তু সমসাময়িক ফৰাচী ভাষাত ইয়াৰ ঠাইত "oe" আৰু "ae" ব্যৱহাৰ কৰা হয়, কাৰণ ফৰাচী ভাষী দেশসমূহত ব্যৱহৃত AZERTY কিবৰ্ড বিন্যাসত লিগাচাৰসমূহ দেখা নাযায়। অৱশ্যে আনুষ্ঠানিক আৰু সাহিত্যিক গ্ৰন্থত এইটো অমান্য।

ফৰাচী ভাষাৰ বিভিন্নতা

  • আফ্ৰিকান ফৰাচী
    • উত্তৰ আফ্ৰিকান ফৰাচী
  • আওষ্টান ফৰাচী
  • বেলজিয়াম ফৰাচী
  • কম্বোডিয়ান ফৰাচী
  • কানাডাৰ ফৰাচী
    • একাডিয়ান ফৰাচী
    • নিউফাউণ্ডলেণ্ড ফৰাচী
    • নিউ ইংলেণ্ড ফৰাচী
    • অন্টাৰিঅ' ফৰাচী
    • ক্যুবেক ফৰাচী
  • ফ্ৰান্সৰ ফৰাচী
    • গিয়ানিজ ফৰাচী
    • মেৰিডিয়ান ফৰাচী
  • হাইটি ফৰাচী
  • ভাৰতীয় ফৰাচী
  • জাৰ্চি আইনী ফৰাচী
  • লাও ফৰাচী
  • লুইজিয়ানা ফৰাচী
    • কেজুন ফৰাচী
  • মিছৌৰী ফৰাচী
  • দক্ষিণ-পূব এছিয়ান ফৰাচী
  • চুইছ ফৰাচী
  • ভিয়েটনামী ফৰাচী
  • পশ্চিম ভাৰতীয় ফৰাচী

তথ্যসূত্ৰ