দিভেহি ভাষা
দিভেহি ভাষা হ'ল মালদ্বীপৰ ৰাষ্ট্ৰীয় ভাষা।[2] বৰ্তমান বিশ্বত এই ভাষা ব্যাবহাৰকাৰীৰ সংখ্যা প্ৰায় চাৰি লাখ। ইয়াৰে অধিকাংশই মালদ্বীপৰ মানুহ। মালদ্বীপ বাহিৰেও মালয়েচিয়া আৰু মিনিকয় দ্বীপকে ধৰি আন কিছুমান ঠাইত এই ভাষা কোৱা হয়। সম্প্ৰসাৰণসাধাৰণতে মালদ্বীপত দিভেহি ভাষীৰ সংখ্যা ৩ লাখ ৫০ হাজাৰতকৈ অধিক বুলি অনুমান কৰা হৈছে। দিভেহি ভাষাত মালদ্বীপৰ প্ৰায় সকলো লোকে কথা পাতে আৰু ই মালদ্বীপৰ একমাত্ৰ জাতীয় ভাষা। মালদ্বীপৰ বাহিৰেও ভাৰতৰ লক্ষদ্বীপ অঞ্চলৰ মিনিকোই দ্বীপকে ধৰি আন কিছুমান ঠাইত এই ভাষা কোৱা হয়৷ অনুমান কৰা হৈছে যে এই অঞ্চলত দিভেহি ভাষা কোৱা লোকৰ সংখ্যা প্ৰায় দহ হাজাৰ। আন ভাষাৰ সৈতে সম্পৰ্কমালদ্বীপৰ দিভেহি ভাষা শ্ৰীলংকাৰ সিংহল ভাষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাৰত-আৰ্য্য ভাষা৷ মালদ্বীপ ভাষাই ইউৰোপীয় উপনিবেশিকৰণৰ পূৰ্বৰ দক্ষিণৰ ভাৰত-আৰ্য ভাষাৰ লগতে দক্ষিণৰ ভাৰত-ইউৰোপীয় ভাষাকো প্ৰতিনিধিত্ব কৰে। মালদ্বীপ আৰু সিংহলী একেলগে আধুনিক ভাৰত-আৰ্য ভাষাৰ ভিতৰত এটা উপগোট গঠন কৰে, যাক দ্বীপীয় ভাৰত-আৰ্য বোলা হয়। অৱশ্যে ইহঁত পাৰস্পৰিকভাৱে বুজিব পৰা বিধৰ নহয়।[3] দিভেহি আৰু সিংহল ভাষা প্ৰাচীন আৰু মধ্যযুগীয় শ্ৰীলংকাৰ এলু প্ৰাকৃতৰ বংশধৰ। এই প্ৰাকৃতসমূহ প্ৰথমে বৈদিক সংস্কৃতৰ সৈতে জড়িত পুৰণি ভাৰত-আৰ্য স্থানীয়ভাষাৰ পৰা উদ্ভৱ হৈছিল। পূৰ্বতে মালদ্বীপ ভাষাক সিংহল ভাষাৰ বংশধৰ বুলি ভবা হৈছিল যদিও ১৯৬৯ চনত সিংহলী ভাষাবিজ্ঞানী এম ডব্লিউ এছ ডি চিলভাই প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ দিছিল যে মালদ্বীপৰ দিভেহি ভাষা আৰু সিংহল ভাষা এটা সাধাৰণ মাতৃভাষাৰ পৰা শাখা-প্ৰশাখা বিচ্ছিন্ন হৈছে। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia