মান ভাষা
মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়।[4] মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ কোটি লোকৰ দ্বিতীয় ভাষা।[1] মান ভাষা মান লিপিত লিখা হয়। মান লিপি এক ব্ৰাহ্মী লিপি। শ্ৰেণীবিভাজনমান ভাষা চীনা-তিব্বতীয় ভাষাৰ দক্ষিণ বাৰ্মীচ শাখাৰ অন্তৰ্গত এক ভাষা। মান হৈছে সৰ্বাধিক বহুলভাৱে কথিত অনা-চীনা চীনা-তিব্বতীয় মূলৰ ভাষা। [5] চীনা লিপি, প্যু লিপি, তিব্বতীয় লিপি আৰু টাংউত লিপিৰ পাছতে স্বকীয় লিপিৰ বিকাশ ঘটা মান ভাষা হৈছে পঞ্চমটো চীনা-তিব্বতীয় ভাষা। [5] উপভাষাইৰাৱতী নদীৰ উপত্যকা অঞ্চলত বাস কৰা মান ভাষী লোকসকলৰ মাজত প্ৰায় সামঞ্জস্য থকা এক উপভাষাৰ প্ৰচলন আছে। আনহাতে ম্যানমাৰৰ ভিতৰুৱা অঞ্চলসমূহত আন কিছু উপভাষাৰো প্ৰচলন আছে। বিভিন্ন উপভাষাৰ ভাষীক সকলৰ মাজত শব্দাৱলী আৰু উচ্চাৰণৰ প্ৰভেদ থাকিলেও ইজনে সিজনৰ কথা বুজিব পাৰে। উদ্ভৱ আৰু বিকাশ১৮ শতিকাত মান ভাষাই বৰ্তমানৰ আধুনিক ৰূপ পায়। তাৰ পূৰ্বতে ১১ ৰ পৰা ১৬ শতিকালৈকে পগন (Pagan) আৰু অৱ (Ava) সাম্ৰাজ্যৰ সময়ত ব্যৱহৃত ভাষাক পুৰণা মান ভাষা আৰু ১৬ ৰ পৰা ১৮ শতিকালৈকে টৌঙু (Toungoo) আৰু কনবাং (Konbaung) সাম্ৰাজ্যৰ সময়ত ব্যৱহৃত মান ভাষাক মধ্য মান ভাষা বোলা হয়। ঐতিহাসিক ভাৱে মান ভাষাত পালি ভাষাৰ প্ৰভাৱ যথেষ্ট দেখা যায়। পালি ভাষা মূলৰ বহুতো শব্দ মান ভাষাত ব্যৱহাৰ হয়। পালি আৰু মান ভাষাৰ ধ্বনিতত্ত্বৰ সাদৃশ্য আৰু মান লিপিৰ পালি শব্দৰ বানান সম্পূৰ্ণ শুদ্ধকৈ লিখিব পৰাৰ ক্ষমতাই ইয়াৰ মূল কাৰণ। পালি ভাষাৰ শব্দবোৰ সাধাৰণতে ধৰ্ম, চৰকাৰ, কলা আৰু বিজ্ঞানৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। [6] মান ভাষাত ম্যানমাৰৰ আন এক জনগোষ্ঠী, মন জনগোষ্ঠীৰ কথিত ভাষা মন ভাষাৰ প্ৰভাৱো দেখিব পোৱা যায়। [7] ব্ৰিটিছ ঔপনিবেশিকৰ ফলস্বৰূপে মান ভাষাত ইংৰাজী ভাষাৰ শব্দৰো প্ৰভাৱ দেখা যায়। ইংৰাজী শব্দবোৰ মূলতঃ প্ৰযুক্তি, জোখমাখ আৰু আধুনিক অনুষ্ঠানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। [8] কম পৰিমাণে হলেও মান ভাষাত আন কিছু ভাষা যেনে সংস্কৃত, হিন্দী, চীনা আৰু পৰ্তুগীজ মূলৰ শব্দও কিছু দেখা পোৱা যায়। [7] তাৎপৰ্যপূৰ্ণভাৱে মান ভাষাৰ মৌখিক আৰু লিখিত ৰূপৰ মাজত কেৱল শব্দাৱলীৰে নহয়, ব্যাকৰণৰো প্ৰভেদ দেখা যায়। [9] লিখিত ৰূপত সচৰাচৰ কথিত ৰূপত ব্যৱহাৰ নোহোৱা পৌৰাণিক আৰু ৰক্ষণশীল ব্যাকৰণ আৰু শব্দৰ ব্যৱহাৰ হয়। [9] যদিও লিখিত ৰূপটোৰ ব্যৱহাৰ বিশেষকৈ সাহিত্য, শিক্ষা, ৰেডিঅ'ৰ বাতৰি সম্প্ৰচাৰ আদিত হয়, বৰ্তমানে মৌখিক ৰূপৰ ব্যৱহাৰ অনানুষ্ঠানিক লেখাসমূহত কৰা দেখা যায়। [7] দূৰদৰ্শনৰ বাতৰি সম্প্ৰচাৰ, কমিক্চ, বাণিজ্যিক প্ৰকাশন আদিত আজিকালি লিখিত আৰু মৌখিক ৰূপৰ একেলগে ব্যৱহাৰ বাঢ়ি আহিছে। [9] ব্ৰিটিছ শাসনৰ অন্তৰ পাছত ম্যানমাৰৰ চৰকাৰে মান ভাষাত অন্য ভাষাৰ পৰা ধাৰ কৰা শব্দ, মূলতঃ ইংৰাজী শব্দবোৰৰ ব্যৱহাৰ কম কৰাৰ প্ৰয়াস কৰি আহিছে। উদাহৰণ স্বৰূপে ইংৰাজী শব্দ "টেলিভিছন"-ৰ সলনি এক নতুন শব্দ ရုပ်မြင်သံကြား (অৰ্থ "ছবি দেখা, শব্দ শুনা")-ৰ ব্যৱহাৰ চৰকাৰে বাধ্যতামূলক কৰিছে। [10] লিপিমান ভাষা মান লিপিত লিখা হয়। ই এক ব্ৰাহ্মী লিপি। মান লিপিত ৩৩টা ব্যঞ্জনবৰ্ণ আৰু ১১টা স্বৰবৰ্ণ আছে। ইয়াক বাওঁফালৰ পৰা সোঁফাললৈ লিখা যায়। যিকোনো দুটা শব্দৰ মাজত খালি ঠাই দিয়াৰ প্ৰয়োজন নাই যদিও আধুনিক লেখাত পঢ়াৰ সুবিধাৰ বাবে খালি ঠাইৰ ব্যৱহাৰ কৰা হয়। মান লিপি হৈছে এক আবুগিদা আৰু ইয়াৰ সাদৃশ্য আন ব্ৰাহ্মী লিপিৰ সৈতে দেখা যায়। ব্যঞ্জনবৰ্ণসমূহক আন ব্ৰাহ্মী লিপিৰ দৰেই ছটা ব্যঞ্জন গোটত ভাগ কৰা হয়। স্বৰবৰ্ণৰ মাত্ৰাবোৰ আন বৰ্ণৰ সোঁ, বাওঁ, তল আৰু ওপৰত যোগ হয়। [7] মান লিপিৰ ব্যৱহাৰ ১০ম শতিকাৰ পগন (Pagan) সাম্ৰাজ্যৰ সময়ত আৰম্ভ হয় বুলি অনুমান কৰা হৈছে। [11] ব্ৰিটিছ ৰাজত্বৰ সময়ত অভিধানৰ জৰিয়তে মান শব্দৰ বানানবোৰক মান্য ৰূপ দিয়া হয়। [7] ধ্বনিতত্ত্ব আৰু ব্যাকৰণমান ভাষাৰ শব্দবোৰ সাধাৰণতে এটা বা দুটা আখৰ (syllable)-ৰ হয় কিন্তু তাত প্ৰত্যয় যোগ হোৱাৰ ফলত তাৰ এক আখৰৰ ৰূপ লোপ পায়। মান ভাষা এক টোনেল (tonal) ভাষা যত চাৰিটা ভিন্ন টোন (tone) দেখা পোৱা যায়। [12] বাক্যৰ গঠন কৰ্তা-কৰ্ম-ক্ৰিয়া অনুক্ৰম অনুসৰণ কৰা হয়। সৰ্বনাম পদবোৰ শ্ৰোতাৰ লিঙ্গ আৰু সম্বোধনবোধক মৰ্যাদাৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ হয়। [13] ইউনিক’ডমান লিপিত ইউনিক’ডে স্বীকৃতি প্ৰদান কৰিছে। সেয়ে প্ৰায়বোৰ আধুনিক কম্পিউটাৰ বা স্মাৰ্টফোনত মান ভাষা লিখিব আৰু পঢ়িব পৰা যায়। মান লিপি এক জঁটিল লিপি হোৱাৰ বাবে প্ৰয়োজনীয় ফণ্ট নাথাকিলে ইয়াক সঠিকভাৱে দেখা নাযাব পাৰে। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia