লালকিল্লা
লালকিল্লা (ইংৰাজী: Red Fort) ভাৰতৰ দিল্লীত অৱস্থিত এটা ঐতিহাসিক দুৰ্গ, যিটো ঐতিহাসিকভাৱে মোগল সম্ৰাটসকলৰ মূল বাসস্থান হিচাপে পৰিগণিত হৈছিল। সম্ৰাট শ্বাহজাহানে তেওঁৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈ ১৬৩৯ চনৰ ১২ মে’ত লালকিল্লা নিৰ্মাণৰ দায়িত্ব লয়৷ তাজমহল নিৰ্মাণ কৰা স্থপতিবিদ উস্তাদ আহমদ লাহোৰীক আদিতে ৰঙা আৰু বগাৰে লালকিল্লাৰ ডিজাইন কৰাৰ কৃতিত্ব দিয়া হৈছিল৷ এই দুৰ্গটোৱে শ্বাহজাহানৰ অধীনত মোগল স্থাপত্যৰ শ্ৰেষ্ঠত্বক প্ৰতিনিধিত্ব কৰে আৰু পাৰ্চী ৰাজপ্ৰসাদৰ স্থাপত্যৰ সৈতে ভাৰতীয় পৰম্পৰাৰ সংমিশ্ৰণ ঘটায়। ১৭৩৯ চনত নাদেৰ শ্বাহে মোগল সাম্ৰাজ্য আক্ৰমণৰ সময়ত দুৰ্গটোৰ শিল্পকৰ্ম আৰু ৰত্নসমূহ লুটপাত কৰে। পৰৱৰ্তী সময়ত ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ পিছত দুৰ্গৰ বেছিভাগ মাৰ্বলৰ গঠন ব্ৰিটিছে ভাঙি পেলায়। গড়টোৰ প্ৰতিৰক্ষামূলক দেৱালসমূহ বহুলাংশে ক্ষতিগ্ৰস্ত হোৱা নাছিল, আৰু দুৰ্গটোও ক্ষতিগ্ৰস্ত হোৱা নাছিল পৰৱৰ্তী সময়ত সেনাৰ বেৰেক হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লাহোৰী গেটৰ ওপৰত ভাৰতৰ পতাকা উত্তোলন কৰে। প্ৰতি বছৰে ভাৰতৰ স্বাধীনতা দিৱসত (১৫ আগষ্ট) প্ৰধানমন্ত্ৰীয়ে দুৰ্গৰ মূল দুৱাৰত ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰা হয় আৰু ইয়াৰ প্ৰাচীৰৰ পৰা ভাৰতীয় সেনা কৰ্পছ অৱ চিগনেলৰ ৰাজহুৱা ভাষণ ব্যৱস্থাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰিত ভাষণ প্ৰদান কৰে। ২০০৭ চনত লালকিল্লাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অংশ হিচাপে নিৰ্ধাৰণ কৰা হয়।.[1][2] নামৰ উৎসলালকিল্লা নামটো হিন্দুস্তানী শব্দ লাল কিলা (হিন্দী: लाल क़िला, উৰ্দু: لال قلعہ)[3][4]ৰ অনুবাদ, যিটো ইয়াৰ ৰঙা ইটাৰে তৈয়াৰী দেৱালৰ পৰা উদ্ভৱ হৈছে। লালৰ উৎপত্তি হিন্দী অৰ্থ "ৰঙা"ৰ পৰা আৰু কিলাহ আৰবী শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "দুৰ্গ" বা কিল্লা। সাম্ৰাজ্যবাদী পৰিয়ালৰ বাসস্থান হিচাপে এই দুৰ্গটোক প্ৰথমে "আশিস-ধন্য দুৰ্গ" (কিলা-ই-মুবাৰক) বুলি জনা গৈছিল।[5][6] আগ্ৰা দুৰ্গও লাল কিলা নামেৰে জনাজাত। ইতিহাসসম্ৰাট শ্বাহজাহানে ১৬৩৮ চনৰ ১২ মে’ত লালকিল্লাৰ নিৰ্মাণৰ দায়িত্ব দিয়ে, যেতিয়াই তেওঁ নিজৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লয়। মূলতঃ ৰঙা আৰু বগা, শ্বাহজাহানৰ প্ৰিয় ৰং,[7] ইয়াৰ ডিজাইনৰ কৃতিত্ব স্থপতিবিদ উস্তাদ আহমদ লাহোৰীৰ বাবে দিয়া হয়, যিয়ে তাজমহলও নিৰ্মাণ কৰিছিল।[8][9] এই দুৰ্গটো যমুনা নদীৰ কাষত অৱস্থিত, যিয়ে বেছিভাগ দেৱালক আগুৰি থকা খাদবোৰে দুৰ্গটোক সুৰক্ষা প্ৰদান কৰিছিল।[10] ১৬৩৮ চনৰ ১৩ মে'ত পবিত্ৰ ইছলামিক মহৰম মাহত নিৰ্মাণ আৰম্ভ হয়।[11] শ্বাহজাহানৰ তত্ত্বাৱধানত ১৬৪৮ চনৰ ৬ এপ্ৰিলত সম্পূৰ্ণ হয়।[12][13][14] ই অন্যান্য মোগল দুৰ্গৰ দৰে নহয়, লালকিল্লাৰ সীমাৰ দেৱালসমূহ পুৰণি চেলিমগড় দুৰ্গটোৰ দৰে অসমতাপূৰ্ণ।[11]:04 দুৰ্গ-প্ৰাসাদটো আছিল বৰ্তমানৰ পুৰণি দিল্লী শ্বাহজাহানাবাদ চহৰৰ কেন্দ্ৰবিন্দু। শ্বাহজাহানৰ উত্তৰাধিকাৰী ঔৰংজেবে সম্ৰাটৰ ব্যক্তিগত কোঠাত মতি মছজিদ (মুকুতা মছজিদ) সংযোজন কৰি ৰাজপ্ৰসাদৰ প্ৰৱেশদ্বাৰক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ মূল দুৱাৰ দুখনৰ সম্মুখত নিৰীক্ষণ স্তম্ভ নিৰ্মাণ কৰে।[11]:08 ঔৰংজেৱৰ পিছত মোগল বংশৰ প্ৰশাসনিক আৰু বিত্তীয় গাঁথনিৰ অৱনতি ঘটে আৰু ১৮ শতিকাত ৰাজপ্ৰসাদৰ অৱক্ষয় ঘটে। ১৭১২ চনত জাহান্দৰ শ্বাহ মোগল সম্ৰাট হয়। শাসন আৰম্ভ হোৱাৰ এবছৰৰ ভিতৰতে শ্বাহক হত্যা কৰি তাৰ ঠাইত ফাৰুখছিয়াৰক নিযুক্তি দিয়া হয়। ১৭৩৯ চনত পাৰ্চী সম্ৰাট নাদিৰ শ্বাহে প্ৰায় দুই লাখ সৈনিকৰ শক্তিশালী মোগল সেনাক সহজেই পৰাস্ত কৰি[15] ময়ূৰ সিংহাসনকে ধৰি লালকিল্লা লুটপাত কৰে। নাদিৰ শ্বাহে তিনিমাহৰ পিছত পাৰস্যলৈ উভতি যায় আৰু এখন ধ্বংসপ্ৰাপ্ত চহৰ আৰু দুৰ্বল মোগল সাম্ৰাজ্য মহম্মদ শ্বাহৰ হাতত এৰি যায়।[11]:09 মোগল সাম্ৰাজ্যৰ অভ্যন্তৰীণ দুৰ্বলতাই মোগলক দিল্লীৰ কেৱল নামমাত্ৰ শাসক কৰি তুলিছিল আৰু ১৭৫২ চনৰ এক সন্ধিৰ ফলত মাৰাঠাসকলক দিল্লীত সিংহাসনৰ ৰক্ষক কৰি তোলা হৈছিল।[16][17] ১৭৫৮ চনত শিখসকলৰ সহায়ত ছিৰহিন্দত মাৰাঠা বিজয় আৰু পানীপথত একেৰাহে হোৱা পৰাজয়ে[18] আহমদ শ্বাহ ডুৰানীৰ সৈতে অধিক সংঘাতৰ সৃষ্টি কৰে।[19][20] ১৭৬০ চনত মাৰাঠাসকলে আহমেদ শ্বাহ ডুৰানীৰ সৈন্যৰ পৰা দিল্লীৰ প্ৰতিৰক্ষাৰ বাবে ধন সংগ্ৰহৰ উদ্দেশ্যে দিৱান-ই-খাছৰ ৰূপৰ চিলিং আঁতৰাই গলাই দিয়ে।[21][22] ১৭৬১ চনত পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা পৰাজয়ৰ পাছত আহমেদ শ্বাহ ডুৰানীয়ে দিল্লী আক্ৰমণ কৰে। দহ বছৰৰ পাছত নিৰ্বাসিত সম্ৰাট দ্বিতীয় শ্বাহ আলমৰ নিৰ্দেশমৰ্মে মাৰাঠাসকলে ৰোহিল্লা আফগানৰ হাতৰ পৰা দিল্লী পুনৰ দখল কৰে। মাৰাঠা সেনাৰ সেনাপতি মহাজী সিন্ধিয়াই দ্বিতীয় শ্বাহ আলমক পুনৰ সিংহাসনত বহুৱায়।[23] ১৭৬৪ চনত ভাৰতপুৰৰ জাট শাসক মহাৰাজ জৱাহৰ সিংহই (মহাৰাজ সুৰজ মলৰ পুত্ৰ) দিল্লী আক্ৰমণ কৰি ১৭৬৫ চনৰ ৫ ফেব্ৰুৱাৰীত দিল্লীৰ লালকিল্লা দখল কৰে।[24] দুদিন পিছত মোগলৰ পৰা কৰ গ্ৰহণ কৰি দুৰ্গৰ পৰা তেওঁলোকৰ সৈন্যবাহিনী আঁতৰাই নিয়ে আৰু জাটসকলে মোগলৰ গৌৰৱ বুলি কোৱা মোগলৰ সিংহাসন আৰু স্মৃতি হিচাপে লালকিল্লাৰ দুৱাৰবোৰ কাঢ়ি লৈ যায় আৰু এই সিংহাসনখনেই বৰ্তমান ডিগৰ ৰাজপ্ৰসাদসমূহৰ সৌন্দৰ্য্য বৃদ্ধি কৰি আছে। দুৱাৰবোৰ ভৰতপুৰৰ লোহাগড় দুৰ্গত অৱস্থান কৰোৱা হৈছে।[25] ১৭৮৩ চনত জচ্ছা সিং আহলুৱালিয়া, জচ্ছা সিং ৰামগড়িয়া, বাঘেল সিং ধালিৱালৰ নেতৃত্বত শিখ প্ৰতিবাদীসকলে দিল্লী আৰু লালকিল্লা জয় কৰে। ৪০ হাজাৰৰ সেনাবাহিনীৰ সৈতে সকলোৱে একেলগে মিত্ৰতা কৰি, অৱধৰ পৰা যোধপুৰলৈকে অঞ্চলটো লুটপাত কৰে। আলোচনাৰ অন্তত শিখ বাহিনীয়ে দিল্লী এৰি দ্বিতীয় মোগল সম্ৰাট শ্বাহ আলমক পুনৰ নিযুক্তি দিবলৈ সন্মত হয়। তেওঁলোকৰ পশ্চাদপসৰণৰ চৰ্ত আছিল, চান্দনী চকত গুৰুদ্বাৰা ছিছ গঞ্জকে ধৰি দিল্লীত সাতটা শিখ গুৰদ্বাৰা নিৰ্মাণ কৰা।[26] ১৭৮৮ চনত মোগল সম্ৰাটক সুৰক্ষা প্ৰদানৰ সমান্তৰালকৈ এটা মাৰাঠা সৈন্যদলে লালকিল্লা আৰু দিল্লী দখল কৰে। মহাজী সিন্ধিয়াই শিখসকলৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিছিল, য’ত তেওঁলোকক দিল্লীত প্ৰৱেশ নকৰিবলৈ বা ৰাখী কৰ নিবিচাৰিবলৈ সকীয়াই দিয়া হৈছিল। ১৮০৩ চনত দ্বিতীয় এংলো-মাৰাঠা যুদ্ধৰ পিছত এই দুৰ্গ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আহে।[27] দ্বিতীয় এংলো-মাৰাঠা যুদ্ধৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিনীয়ে দিল্লীৰ যুদ্ধত দৌলত ৰাও সিন্ধিয়াৰ মাৰাঠা বাহিনীক পৰাস্ত কৰিছিল; ইয়াৰ ফলত মাৰাঠাসকলৰ চহৰখনৰ ওপৰত নিয়ন্ত্ৰণ আৰু লালকিল্লাৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণৰ অন্ত পৰে।[28] যুদ্ধৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল ভূখণ্ডৰ প্ৰশাসনৰ দায়িত্ব লয় আৰু লালকিল্লাত এটা বসতি স্থাপন কৰে।[11]:11 দুৰ্গটো দখল কৰা শেষৰজন মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহ ১৮৫৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ প্ৰতীক হৈ পৰে য'ত শ্বাহজাহানাবাদৰ বাসিন্দাসকলে অংশগ্ৰহণ কৰিছিল।[11]:15 মোগল শক্তিৰ মুখ্য স্থান হিচাপে আৰু প্ৰতিৰক্ষামূলক ক্ষমতা থকাৰ পিছতো ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ সময়ত লালকিল্লা কোনো সংঘৰ্ষৰ স্থান হোৱা নাছিল। বিদ্ৰোহত পৰাজিত হোৱাৰ পিছত দ্বিতীয় বাহাদুৰ শ্বাহে ১৭ ছেপ্টেম্বৰত দুৰ্গ এৰি যায় আৰু ব্ৰিটিছ বাহিনীয়ে তেওঁক আটক কৰে। দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰ ব্ৰিটিছ বন্দী হিচাপে লালকিল্লালৈ উভতি আহে, ১৮৫৮ চনত বিচাৰ হয় আৰু সেই বছৰৰ ৭ অক্টোবৰত ৰেংগুনলৈ নিৰ্বাসিত হয়।[29] বিদ্ৰোহৰ অন্ত পৰাৰ পিছত ব্ৰিটিছে লালকিল্লাটো প্ৰণালীবদ্ধভাৱে ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে লালকিল্লাটো লুটপাত কৰে। এই প্ৰচেষ্টাৰ ফলত দুৰ্গৰ ৮০% অট্টালিকা ভাঙি পেলোৱা হয়, য'ত দুৰ্গৰ নদীমুখী প্ৰৱেশদ্বাৰৰ কাষৰ পেভিলিয়নসমূহক সংযোগ কৰা শিলৰ পৰ্দাখনো ভাঙি পেলোৱা হয়।[30] সকলো আচবাব আঁতৰাই পেলোৱা হৈছিল বা ধ্বংস কৰা হৈছিল; হেৰেমৰ এপাৰ্টমেণ্ট, লগুৱাৰ বাসস্থান আৰু বাগিচা ধ্বংস কৰি পেলোৱা হয় আৰু তাৰ ঠাইত শিলৰ বেৰেকৰ এটা শাৰী নিৰ্মাণ কৰা হয়।[31] প্ৰাসাদ আৱৰি ৰখা পূব দিশৰ মাৰ্বলৰ অট্টালিকাবোৰহে সম্পূৰ্ণ ধ্বংসৰ পৰা ৰক্ষা পৰিল যদিও ভাঙি পেলোৱাৰ প্ৰচেষ্টাত সেইবোৰো ক্ষতিগ্ৰস্ত হৈছিল। প্ৰতিৰক্ষামূলক দেৱাল আৰু টাৱাৰসমূহ তুলনামূলকভাৱে ক্ষতিগ্ৰস্ত নহ'লেও ভিতৰৰ দুই তৃতীয়াংশতকৈ অধিক গঠন ভাঙি পেলোৱা হয়।[32][33] ১৮৯৯ চনৰ পৰা ১৯০৫ চনলৈকে ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনএ দুৰ্গৰ মেৰামতিৰ নিৰ্দেশ দিয়ে, যাৰ ফলত দেৱাল পুনৰ নিৰ্মাণ কৰা আৰু বাগিচাসমূহ পানী যোগান ব্যৱস্থাৰ সম্পূৰ্ণ পুনৰুদ্ধাৰ কৰা আদি কাম কৰা হয়।[34] ১৭৪৭ চনত নাদিৰ শ্বাহৰ আক্ৰমণৰ সময়ত আৰু পুনৰ ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় বিদ্ৰোহৰ পিছত লালকিল্লাত অৱস্থিত অধিকাংশ ৰত্ন আৰু শিল্পকৰ্ম লুটপাত কৰা হৈছিল। আৰু সেইবোৰ ব্যক্তিগত সংগ্ৰাহক বা ব্ৰিটিছ মিউজিয়াম, ব্ৰিটিছ লাইব্ৰেৰী আৰু ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামক বিক্ৰী কৰা হয়। উদাহৰণস্বৰূপে, শ্বাহজাহানৰ জেড ৱাইন কাপ আৰু দ্বিতীয় বাহাদুৰ শ্বাহৰ মুকুট সকলো বৰ্তমান লণ্ডনত অৱস্থিত। পুনৰুদ্ধাৰৰ বাবে কৰা বিভিন্ন অনুৰোধ এতিয়ালৈকে ব্ৰিটিছ চৰকাৰে নাকচ কৰি আছে।[35] ১৯১১ চনত ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীয়ে দিল্লী দৰবাৰ ভ্ৰমণ কৰে। তেওঁলোকৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বাবে কিছুমান অট্টালিকা পুনৰ নিৰ্মাণ কৰা হয়। ঢোল গৃহৰ পৰা মুমতাজ মহললৈ লালকিল্লাৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় স্থানান্তৰ কৰা হয়। ৰেড ফ’ৰ্ট ট্ৰায়েলছ নামেৰেও জনাজাত আই এন এৰ বিচাৰত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীৰ কেইবাজনো বিষয়াৰ ক’ৰ্ট-মাৰ্চেলৰ কথা বুজোৱা হয়। প্ৰথমটো ১৯৪৫ চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত লালকিল্লাত অনুষ্ঠিত হৈছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লাহোৰ গেটৰ ওপৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে।[36] ভাৰতীয় স্বাধীনতাৰ পিছত এই স্থানত কিছু পৰিৱৰ্তন ঘটিছিল আৰু লালকিল্লাক সামৰিক চাউনী হিচাপে ব্যৱহাৰ কৰা হৈছিল। ২০০৩ চনৰ ২২ ডিচেম্বৰলৈকে দুৰ্গৰ এটা উল্লেখযোগ্য অংশ ভাৰতীয় সেনাৰ নিয়ন্ত্ৰণত থাকে, তাৰ পিছত ইয়াক পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপক দিয়া হয়।[37][38] ২০০৯ চনত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপে দুৰ্গটোক পুনৰ সজীৱ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত প্ৰস্তুত কৰা বিস্তৃত সংৰক্ষণ আৰু ব্যৱস্থাপনা পৰিকল্পনা (CCMP) ঘোষণা কৰা হয়।[39][40][41] প্ৰত্নতাত্ত্বিক আৱিষ্কাৰলালকিল্লাত প্ৰত্নতাত্ত্বিক খননত খ্ৰীষ্টপূৰ্ব ২৬০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১২০০ চনৰ ভিতৰৰ কেইবাটাও পোৰামাটি ৰঙৰ মৃৎশিল্প সংস্কৃতিৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে।[42] বৰ্তমান সময়তদিল্লীৰ কীৰ্তিচিহ্নসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ লালকিল্লা[43] ইয়াৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী[44] আৰু ই প্ৰতি বছৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰে।[45] ই জাতীয় তাৎপৰ্যৰো স্মৃতিসৌধ; প্ৰতি বছৰে ভাৰতৰ স্বাধীনতা দিৱসত (১৫ আগষ্ট) ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত দেশৰ পতাকা উত্তোলন কৰে আৰু ইয়াৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰিত ভাষণ দিয়ে।[46] ভাৰতীয় টকাৰ মহাত্মা গান্ধী ছবি সম্বলিত নিউ ছিৰিজৰ ৫০০ টকীয়া নোটৰ পিছফালেও এই দুৰ্গটো দেখা যায়।[47] স্থাপত্যৰ প্ৰধান বৈশিষ্ট্যসমূহ মিশ্ৰিত অৱস্থাত আছে; বিস্তৃত পানীৰ বৈশিষ্ট্যবোৰ শুকাই গৈছে। কিছুমান অট্টালিকাৰ অৱস্থা মোটামুটি ভাল, ইয়াৰ সজ্জাগত উপাদানসমূহ অবিক্ষিপ্ত; আন কিছুমানত মাৰ্বলৰ জড়ী ফুলবোৰ লুটপাতকাৰীয়ে আঁতৰাই পেলাইছে। ঐতিহাসিক অৱস্থাত নাই যদিও চাহঘৰটোৱে এখন ৰেষ্টুৰেণ্টৰ কাম কৰি আছে। মছজিদ আৰু হামাম বা ৰাজহুৱা গা ধোৱা ঘৰসমূহ জনসাধাৰণৰ বাবে বন্ধ যদিও দৰ্শকে তাৰ কাঁচৰ খিৰিকী বা মাৰ্বলৰ জালিৰে উকি মাৰি চাব পাৰে। খোজকাঢ়ি যোৱা পথবোৰ ছিন্নভিন্ন হৈ পৰিছে, আৰু উদ্যানৰ প্ৰৱেশদ্বাৰ আৰু ভিতৰত ৰাজহুৱা শৌচাগাৰ উপলভ্য। লাহোৰী গেটৰ প্ৰৱেশদ্বাৰৰ পৰা গহনা আৰু শিল্পকৰ্মৰ দোকান থকা এটা মললৈ যাব পাৰি। ইয়াৰ উপৰিও ২০ শতিকাৰ ভাৰতীয় শ্বহীদ যুৱক-যুৱতী আৰু তেওঁলোকৰ কাহিনীৰ চিত্ৰ অংকন কৰা "ৰক্ত চিত্ৰ"ৰ সংগ্ৰহালয়, প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় আৰু ভাৰতীয় যুদ্ধ-স্মাৰক সংগ্ৰহালয় আছে।[উদ্ধৃতিৰ প্ৰয়োজন] ২০০০ সন্ত্ৰাসবাদী আক্ৰমণ২০০০ চনৰ ২২ ডিচেম্বৰত লস্কৰ-ই-তৈবাৰ ছয়জন সদস্যই সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ স্থান আছিল লালকিল্লা। সংবাদ মাধ্যমে ভাৰত-পাকিস্তানৰ শান্তি আলোচনাক পথভ্ৰষ্ট কৰাৰ চেষ্টা বুলি অভিহিত কৰা ঘটনাত দুজন সৈনিক আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়।[48][49] সুৰক্ষাসন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ ভাৰতীয় স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লালকিল্লাৰ আশে-পাশে বিশেষভাৱে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে দুৰ্গৰ চাৰিওফালে থকা চুবুৰীসমূহৰ ওপৰত চকু ৰাখে আৰু দুৰ্গৰ ওচৰৰ ওখ ঠাইত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ চোকা শ্বুটাৰ নিয়োগ কৰা হয়৷[50][51] দুৰ্গৰ চাৰিওফালে থকা আকাশমাৰ্গতো উদযাপনৰ সময়ত বিমান আক্ৰমণ ৰোধ কৰিবলৈ নিৰ্দিষ্ট পৰিসৰ ন'-ফ্লাই জ'ন,[52] আৰু ওচৰৰ অঞ্চলত নিৰাপদ ঘৰ থাকে য'লৈ হঠাৎ আক্ৰমণ হ’লে প্ৰধানমন্ত্ৰী আৰু অন্যান্য ভাৰতীয় নেতাসকলে গৈ আশ্ৰয় ল’ব পাৰে।[50] দত্তক লোৱাৰ বিতৰ্ক২০১৮ চনৰ এপ্ৰিল মাহত ডালমিয়া ভাৰত গ্ৰুপে চৰকাৰৰ “এডপ্ট এ হেৰিটেজ’’ আঁচনিৰ অধীনত কৰা ২৫ কোটি টকাৰ চুক্তি অনুসৰি লালকিল্লাৰ ৰক্ষণাবেক্ষণ, উন্নয়ন আৰু পৰিচালনাৰ বাবে গ্ৰহণ কৰে।[53] পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰালয়, আৰু ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ (A.S.I.)ৰ সৈতে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।[54] এটা ব্যক্তিগত গোটে এই দুৰ্গটো গ্ৰহণ কৰাৰ ফলত নাগৰিকসমাজ বিভাজিত হৈ পৰিছিল আৰু জনসাধাৰণ, বিৰোধী ৰাজনৈতিক দল আৰু ইতিহাসবিদৰ সমালোচনাৰ সন্মুখীন হৈছিল। ইয়াৰ ফলত টুইটাৰত #IndiaOnSale হেচটেগৰত বিৰোধী জনমতো প্ৰকাশ পায়।[55] ২০১৮ চনৰ মে' মাহত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে "কেন্দ্ৰীয় পুৰাতত্ত্বৰ পৰামৰ্শদাতা ব'ৰ্ড বা অন্য কোনো স্বীকৃতিপ্ৰাপ্ত বিশেষজ্ঞ সংস্থাৰ দ্বাৰা" চুক্তিখনৰ "নিৰপেক্ষ পৰ্যালোচনা" নোহোৱালৈকে এই চুক্তিখন স্থগিত ৰখাৰ আহ্বান জনায়।[56] ২০২১ ভাৰতীয় কৃষকৰ গণৰাজ্য দিৱসৰ প্ৰতিবাদ২০২১ চনৰ ২৬ জানুৱাৰীত ২০২১ চনৰ ভাৰতীয় কৃষক গণৰাজ্য দিৱসৰ প্ৰতিবাদৰ সময়ত কৃষকৰ এটা অংশই দুৰ্গটোত উপস্থিত হৈ প্ৰৱেশ কৰি প্ৰাচীৰৰ পৰা ধৰ্মীয় পতাকা উত্তোলন কৰি দুৰ্গৰ গম্বুজৰ ওপৰলৈ উঠি যায়।[57] এজন কৃষকে দুৰ্গৰ সন্মুখৰ পতাকা উত্তোলনৰ খুঁটাত উঠি তাত নিশান চাহিবৰ ধৰ্মীয় পতাকা উত্তোলন কৰা দেখা গৈছিল।[58] আৰক্ষী আৰু কৃষকৰ মাজত হোৱা সংঘৰ্ষত দুৰ্গৰ ভিতৰৰ সা-সুবিধাসমূহৰো ক্ষতিসাধন হয়।[59] আৰক্ষীৰ ঘোষণাৰ পিছতে গড়টো খালী কৰা হয়। স্থাপত্যবিশ্ব ঐতিহ্য সন্মিলনত লালকিল্লাই “মোগলৰ শ্ৰেষ্ঠ সৃষ্টিশীলতাক’’ প্ৰতিনিধিত্ব কৰা বুলি বৰ্ণনা কৰা হৈছে। এই দুৰ্গটোৱে ইছলামিক ৰাজপ্ৰসাদৰ গঠনক স্থানীয় পৰম্পৰাৰ সৈতে মিশ্ৰণ ঘটিছে, যাৰ ফলত "পাৰ্চী, টাইমুৰিদ আৰু হিন্দু স্থাপত্য"ৰ সংগম ঘটে। এই দুৰ্গটোৱে সমগ্ৰ ভাৰতীয় উপমহাদেশৰ পিছৰ অট্টালিকা আৰু উদ্যানসমূহৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিছিল।[1] লালকিল্লাৰ আয়তন ২৫৪.৬৭ একৰ (১০৩.০৬ হেক্টৰ)। ২.৪১ কিলোমিটাৰ (১.৫০ মাইল) দ্বাৰা আবদ্ধ প্ৰতিৰক্ষামূলক দেৱালবোৰ[60] সৰু স্তম্ভৰে ভাগ কৰা আছে, যিবোৰৰ উচ্চতা নদীৰ ফালে ১৮ মিটাৰ (৫৯ ফুট)ৰ পৰা চহৰৰ ফালে ৩৩ মিটাৰ (১০৮ ফুট)লৈকে ভিন্ন হয়। দুৰ্গটো অষ্টভুজাকৃতি, উত্তৰ–দক্ষিণ অক্ষ পূব–পশ্চিম অক্ষতকৈ দীঘল। মাৰ্বল, ফুলৰ সজ্জা আৰু দুৰ্গৰ দুটা গম্বুজবোৰে পিছৰ মোগল স্থাপত্যৰ উদাহৰণ দাঙি ধৰে।[61] ইয়াত উন্নত মানৰ অলংকাৰ প্ৰদৰ্শন কৰা হৈছে, আৰু কোহিনুৰ হীৰাডোখৰ আচবাবৰ অংশ আছিল বুলি কোৱা হয়। দুৰ্গৰ শিল্পকৰ্মত পাৰ্চী, ইউৰোপীয় আৰু ভাৰতীয় শিল্পকলাৰ সংমিশ্ৰণ কৰা হৈছে, যাৰ ফলত ৰূপ, প্ৰকাশ আৰু ৰঙেৰে সমৃদ্ধ এক অনন্য শ্বাহজাহানী শৈলীৰ সৃষ্টি হৈছে। লালকিল্লা হৈছে ভাৰতৰ অন্যতম অট্টালিকাৰ চৌহদ যিয়ে ইতিহাস আৰু ইয়াৰ কলাৰ এক দীৰ্ঘকালীন সময়ছোৱাক প্ৰতিনিধিত্ব কৰিছে। ১৯১৩ চনত জাতীয় গুৰুত্বৰ স্মৃতিসৌধ হিচাপে স্মৰণ কৰাৰ আগতেই ইয়াক ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। লাহোৰী আৰু দিল্লী গেট জনসাধাৰণে ব্যৱহাৰ কৰিছিল আৰু খিজৰাবাদ গেট সম্ৰাটৰ বাবে আছিল।[11]:04 লাহোৰী গেট মূল প্ৰৱেশদ্বাৰ,গম্বুজযুক্ত বজাৰ এলেকালৈ যোৱা অংশ চট্টা চক (আবৃত বজাৰ) নামেৰে জনাজাত৷ প্ৰধান অংশসমূহবৰ্তমানলৈ থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশসমূহ হ'ল, দেৱাল আৰু প্ৰাচীৰ, মূল প্ৰৱেশ পথ, দৰ্শক হল আৰু পূব নদীৰ পাৰৰ ইম্পিৰিয়েল এপাৰ্টমেণ্ট।[62] লাহোৰী গেটলাহোৰ চহৰৰ ফালে মুখ কৰি থকা বাবেই দুৰ্গটোৰ মূল দ্বাৰৰ নাম লাহোৰী গেট। ঔৰংজেৱৰ ৰাজত্বকালত বাৰ্বিকেন সংযোজনেৰে গেটখনৰ সৌন্দৰ্য্যৰ পৰিৱৰ্তন কৰি বৃদ্ধি কৰা হৈছিল, যাক শ্বাহজাহানে "এগৰাকী ধুনীয়া মহিলাৰ মুখৰ ওপৰেৰে টানি লোৱা ওৰণি" বুলি বৰ্ণনা কৰিছিল।[63][64][65] ১৯৪৭ চনৰ পৰা প্ৰতিটো ভাৰতীয় স্বাধীনতা দিৱসতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় আৰু ইয়াৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাষণ দিয়ে। দিল্লী গেটদিল্লী গেট দক্ষিণৰ ৰাজহুৱা প্ৰৱেশদ্বাৰ আৰু ইয়াৰ বিন্যাস আৰু ৰূপ লাহোৰী গেটৰ সৈতে একে। গেটৰ দুয়োকাষে দুটা জীৱন্ত আকাৰৰ শিলৰ হাতীয়ে ইটোৱে সিটোৰ মুখামুখীকৈ আছে।[66] ছট্টা চ’কলাহোৰী গেটৰ কাষতে ছট্টা চ;ক (বা মীনা বজাৰ) আছে, য’ত মোগল যুগত সম্ৰাটৰ পৰিয়ালসমূহৰ বাবে ৰেচম, গহনা আৰু অন্যান্য সামগ্ৰী বিক্ৰী হৈছিল। এই বজাৰখন পূৰ্বতে বজাৰ-ই-মুছাক্কাফ বা ছট্টা-বজাৰ (দুয়োটাৰে অৰ্থ "ছাদৰ বজাৰ") নামেৰে জনা গৈছিল। লালকিল্লাৰ প্ৰৱেশদ্বাৰৰ পৰ্টেল লাহোৰী গেট এখন মুকলি বাহিৰৰ আদালতলৈ যায়, য'ত ই উত্তৰ–দক্ষিণৰ বৃহৎ ৰাস্তাটো পাৰ হৈ যায় যিয়ে প্ৰথমে দুৰ্গৰ সামৰিক কাম-কাজসমূহ(পশ্চিম দিশত) ৰাজপ্ৰসাদৰ পৰা (পূব দিশত) পৃথক কৰিছিল। ৰাস্তাটোৰ দক্ষিণ মূৰত দিল্লী গেট।[67] নৌবত খানাদৰবাৰৰ পূব দেৱালত, এতিয়া ভগ্নপ্ৰায় নৌবত খানা (পাৰ্চী ভাষাত: "ৱেইটিং হল") থিয় হৈ আছে, যাক নক্কাৰ খানা (ঢোলৰ ঘৰ) বুলিও কোৱা হয়। ইয়াত দৈনিক, নিৰ্ধাৰিত সময়ত সংগীত বজোৱা হৈছিল আৰু ৰাজপৰিয়ালৰ বাহিৰে সকলোৱেই তালৈ যাব লাগিছিল। পৰৱৰ্তী সময়ত মোগল ৰজা জাহান্দৰ শ্বাহ (১৭১২–১৩) আৰু ফাৰুখছিয়াৰ (১৭১৩–১৯)ক ইয়াত হত্যা কৰা বুলি কোৱা হয়। ভাৰতীয় যুদ্ধ স্মাৰক সংগ্ৰহালয় দ্বিতীয় মহলাত অৱস্থিত।[68] ছট্টা চ'কৰ গুহাযুক্ত ক’ৰিডৰ বাহিৰৰ আদালতৰ মাজত শেষ হয়, যাৰ জোখ ৫৪০ বাই ৩৬০ ফুট (১৬০ মিটাৰ × ১১০ মিটাৰ) আছিল।[69] ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত কাষৰ ক’ৰিডৰ আৰু কেন্দ্ৰীয় টেংক ভাঙি পেলোৱা হয়। দেৱান-ই-আমনক্কাৰ খানাৰে যোৱা ভিতৰৰ মূল চোতালখন ৫৪০ ফুট(১৬০ মিটাৰ) বহল আৰু ৪২০ ফুট(১৩০ মিটাৰ) গভীৰ আছিল, ইয়াৰ চাৰিওফালে পহৰাদাৰী গেলেৰী আছিল।[69] দূৰৰ ফালে দিৱান-ই-আম, ৰাজহুৱা দৰ্শক হল। এইখন আছিল সাধাৰণ মানুহৰ চৰকাৰী কাম-কাজৰ বাবে যিসকলে কৰ বিষয়ক, পাৰিবাৰিক জটিলতা, আৱকাফৰ দৰে আইনী বিষয়ৰ সমাধান বিচাৰিছিল। হলটোৰ স্তম্ভ আৰু শিপাই থকা তোৰণবোৰত সুন্দৰ কাৰুকাৰ্য্য দেখিবলৈ পোৱা যায় আৰু হলটো প্ৰথমে বগা জকমকীয়া চিমেণ্টেৰে সজাই তোলা হৈছিল।[69] পিছফালে উচ্চ ৰিচেছত সম্ৰাটে মাৰ্বলৰ বেলকনিত (ঝাৰোখা) নিজৰ দৰ্শকক দেখা দিয়ে। দিৱান-ই-আম ৰাষ্ট্ৰৰ কাম-কাজৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।[61] ইয়াৰ পিছফালে থকা চোতালখনেৰে(মৰ্দনা) ইম্পেৰিয়েল এপাৰ্টমেণ্টবোৰলৈ লৈ যায়। মমতাজ মহল
ৰাজপ্ৰসাদৰ দক্ষিণে থকা দুটা মণ্ডপৰ এটা জেনানাসকলৰ(মহিলাৰ) কোঠা, যিটো মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী অৰ্জুমন্দ বানু বেগমৰ বাবে নিৰ্মিত মুমতাজ মহল[70] আৰু তাতকৈ ডাঙৰ ৰং মহল এটা ৰাজপৰিয়ালৰ মহিলাসকলৰ বাবে বিশ্ৰামঘৰ।[71] মুমতাজ মহলত লালকিল্লাৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয় আছে। ৰং মহলৰংমহলত সম্ৰাটৰ পত্নী আৰু উপপত্নীসকল আছিল। ইয়াৰ নামৰ অৰ্থ হ'ল "ৰঙৰ প্ৰাসাদ", কাৰণ ইয়াত উজ্জ্বল ৰং ব্যৱহাৰ কৰা হৈছিল আৰু দাপোনৰ দৰে মোজাইকেৰে সজাই তোলা হৈছিল। কেন্দ্ৰীয় মাৰ্বলৰ পুখুৰীটোতটোক নাহৰ-ই-বেহেস্ত ("জন্নতৰ নদী") নামৰ নদীৰ পৰা পানী যোগান ধৰা হয়।[72][71] খাচ মহলখাচ মহল আছিল সম্ৰাটৰ মহল। ইয়াক নাহৰ-ই-বেহেস্তে ঠাণ্ডা কৰি ৰাখিছিল।[72] ইয়াৰ লগত সংযুক্ত হৈ আছে মুথামমান বুৰ্জ, এটা অষ্টভুজ টাৱাৰ য’ত উঠি তেওঁ নদীৰ পাৰত সম্ৰাটৰ দৰ্শনৰ বাবে ৰৈ থকা মানুহক দৰ্শন দিছিল। সেই সময়ত বেছিভাগ ৰজাই এই কাম কৰিছিল।[73] দেৱান-ই-খাচদেৱান-ই-খাচ (ব্যক্তিগত দৰ্শকৰ হল) আছিল নতুন আৰু ৰাজপৰিয়ালৰ চৰকাৰী কাম-কাজ আৰু সাধাৰণ আৰ্জি দাখিল কৰাৰ বাবে এটা অট্টালিকা। দিৱান-ই-আমৰ উত্তৰ দিশৰ এটা গেটেৰে ৰাজপ্ৰসাদৰ ভিতৰৰ চোতাল(জালাউ খানা) আৰু দিৱান-ই-খাচলৈ যোৱা যায়।[74] ইয়াক বহুমূলীয়া শিলক আৱৰি বগা মাৰ্বলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। এসময়ৰ ৰূপৰ চিলিংখন কাঠেৰে পুনৰ নিৰ্মাণ কৰা হৈছে। ফ্ৰান্সোৱা বাৰ্নিয়েৰে ১৭ শতিকাৰ সময়ছোৱাত ইয়াত ৰত্নেৰে সজ্জিত ময়ুৰৰ সিংহাসন দেখাৰ কথা বৰ্ণনা কৰিছে। হলঘৰৰ দুয়ো মূৰত, বাহিৰৰ তোৰণ দুটাৰ ওপৰত, পাৰ্চী কবি আমিৰ খুছৰুৰ এটা শিলালিপি আছে:
হামামহামাম আছিল বগা মাৰ্বলেৰে নিৰ্মিত মজিয়াৰ সৈতে তিনিটা গম্বুজযুক্ত সম্ৰাটৰ পৰিয়ালৰ গা-ধোৱা ঘৰ।[75] ইয়াত কৰিডৰেৰে পৃথক কৰা আছে আৰু গম্বুজৰ শিৰত তিনিটা এপাৰ্টমেণ্ট আছে। এপাৰ্টমেণ্টবোৰ ৰঙীন কাঁচৰ স্কাইলাইটেৰে আলোকিত কৰা হৈছে। বৰ্তমানৰ প্ৰৱেশদ্বাৰৰ দুয়োকাষে থকা কোঠা দুটা ৰজাৰ ল’ৰা-ছোৱালীয়ে গা ধোৱাৰ বাবে ব্যৱহাৰ কৰা বুলি ধাৰণা কৰা হৈছে। তিনিটা ফোয়াৰাৰ বেচিন থকা পূবৰ এপাৰ্টমেণ্টটো মূলতঃ ড্ৰেছিং ৰুম হিচাপে ব্যৱহাৰ কৰা হৈছিল। প্ৰতিটো কোঠাৰ মাজত এটা ফোয়াৰা থিয় হৈ আছিল আৰু এটা কোঠাত বেৰত মাৰ্বলৰ জলাশয় এটা নিৰ্মাণ কৰা আছিল। কিংবদন্তি অনুসৰি একোবাৰ টেপৰ পৰা সুগন্ধিযুক্ত গোলাপ-পানী বৈ আহিছিল। পশ্চিমৰ এপাৰ্টমেণ্টটো গৰম বা বাষ্পেৰে গা ধোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ পশ্চিম বেৰত গৰম কৰাৰ ব্যৱস্থা স্থাপন কৰা হৈছিল।[76] বাওলি১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ পিছত ইংৰাজে ভাঙি নেপেলোৱা কেইটামান কীৰ্তিচিহ্নৰ ভিতৰত বাওলি বা চিৰি অন্যতম। বাওলিৰ ভিতৰৰ কোঠাবোৰ কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছিল। ১৯৪৫–৪৬ চনত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ বিচাৰ (Red Fort Trials)ৰ সময়ত ইয়াত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ বিষয়া শ্বাহ নৱাজ খান (জেনেৰেল), কৰ্ণেল প্ৰেম কুমাৰ সেহগাল, আৰু কৰ্ণেল গুৰবক্ষ সিং ধীলন আছিল। লালকিল্লাৰ বাওলিৰ ডিজাইন অনন্যভাৱে কৰা হৈছে আৰু ইয়াত দুটা শাৰীৰ চিৰি আছে যাতে তলৰ কুঁৱাটোলৈ নামি যোৱা যায়।[77] মোতি মছজিদহামামৰ পশ্চিম দিশে মোতি মছজিদ বা মুকুতা মছজিদ। ১৬৫৯ চনত সম্ৰাট ঔৰংজেবৰ ব্যক্তিগত মছজিদ হিচাপে পিছত নিৰ্মাণ কৰি লয়। ই বগা মাৰ্বলত খোদিত কৰা এটা সৰু, তিনিটা গম্বুজযুক্ত মছজিদ, যাৰ তিনিখন খোলা পৰ্দাৰে চোতালখনলৈ নামি যোৱা যায়।[78] হীৰা মহলহীৰা মহল("ডাইমণ্ড পেলেচ") হৈছে দুৰ্গৰ দক্ষিণ প্ৰান্তত থকা এটা মণ্ডপ, যিটো দ্বিতীয় বাহাদুৰ শ্বাহৰ অধীনত হায়াত বক্স বাগিচাৰ শেষত নিৰ্মাণ কৰা হয়।[79] উত্তৰ প্ৰান্তত থকা মোতি মহল, যমজ অট্টালিকা, ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত (বা তাৰ পিছত) ভাঙি পেলোৱা হৈছিল। শ্বাহী বুৰ্জ আছিল সম্ৰাটৰ মূল অধ্যয়ন কক্ষ; ইয়াৰ নামৰ অৰ্থ হৈছে "সম্ৰাটৰ গম্বুজ",[80] আৰু ইয়াৰ ওপৰত প্ৰথমে এটি ছাতি আছিল। যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা টাৱাৰটোৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ সন্মুখত সম্ৰাট ঔৰংজেবে যোগ কৰা মাৰ্বলৰ মণ্ডপ আছে।[81] আলোকচিত্ৰ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|