সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Sundarbans National Park) পশ্চিমবঙ্গৰ সুন্দৰবন অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰপ্ৰকল্প, ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান[1] আৰু এখন "বায়োস্ফিয়াৰ ৰিজাৰ্ভ।" এইখন বঙ্গোপসাগৰৰ পাৰৰ গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত। সুন্দৰবনৰ মুঠ আয়তনৰ জল আৰু স্থলভাগ মিলি ১০,০০০ বৰ্গ কি.মি. (৩ বৰ্গ মিটাৰ)। ইয়াৰ মাজত ৫,৯৮০ বৰ্গ কি.মি. (২ বৰ্গ মিটাৰ) ভাৰতত আৰু অৱশিষ্ট অংশ বাংলাদেশত অৱস্থিত। এইখন গঙ্গা-ব্ৰহ্মপুত্ৰ-মেঘনা বদ্বীপ সমভূমিৰ এটা অবিচ্ছেদ্য অংশ। সমগ্ৰ অঞ্চলটো জালৰ আকাৰৰ নদ-নদীৰ দ্বাৰা পৰিবেষ্টিত। বঙ্গোপসাগৰৰ ৭৫ মিটাৰ উচ্চতা পৰ্যন্ত জোৱাৰ ইয়াত সদায়ে দেখা পোৱা যায়। ১৮৭৮ চনত সুন্দৰবনৰ বৰ্তমানৰ ভাৰতীয় অংশটোৰ সংৰক্ষণৰ কাম আৰম্ভ হয়। ১৯৭৩ চনত মূল এলেকাটো সুন্দৰবন ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষিত হয়। ১৯৭৭ চনত ২,৫৮,৫০০ হেক্টৰ আয়তন বিশিষ্ট সুন্দৰবন ব্যাঘ্ৰ প্ৰকল্পৰ ১৩৩,০০০ হেক্টৰ মূল এলেকা বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা পায়। ১৯৮৪ চনৰ ৪ মে’ত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯৮৭ চনত নৱম আৰু দশম শ্ৰেণীৰ প্ৰাকৃতিক সম্পদ হিচাপে এইখন ইউনেস্কোই বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হয়।[2][3] আৰু ২০১৯ চনৰ পৰা ইয়াক ৰামছাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছে। [4] অঞ্চলটো গভীৰ "মেংগ্ৰোভ"(ইংৰাজী: Mangrove) উদ্ভিদেৰে আবৃত। সুন্দৰবন বৃহত্তম "বেঙ্গল টাইগাৰ" সংৰক্ষণাগাৰসমূহৰ অন্যতম। ইয়াৰ বাহিৰেও নোনা নদীৰ "কুম্ভীৰ"সহ অনেক প্ৰজাতিৰ চৰাই, সৰীসৃপ আৰু মেৰুদণ্ডহীন প্ৰাণীৰ বাসস্থান। ১৮৬৯ চনত সুন্দৰবনৰ ওপৰত প্ৰভাব বিস্তাৰ কৰিব পৰা প্ৰথমটো বন ব্যৱস্থাপনা বিভাগ স্থাপন কৰা হয়। ১৮৭৫ চনত, ১৮৬৫ চনৰ অষ্টম বন আইনৰ অধীনত মেংগ্ৰোভ বনাঞ্চলৰ এটা বৃহৎ অংশ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। বনাঞ্চলৰ বাকী অংশক পিছৰ বছৰত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি এতিয়ালৈকে অসামৰিক প্ৰশাসন জিলাৰ দ্বাৰা পৰিচালিত বনাঞ্চলখন বন বিভাগৰ নিয়ন্ত্ৰণত ৰখা হয়। ১৮৭৯ চনত বাংলাদেশৰ খুলনাত মুখ্য কাৰ্যালয় হিচাপে লৈ বন বিভাগৰ মৌলিক বন ব্যৱস্থাপনা আৰু প্ৰশাসন ইউনিট গঠন কৰা হয়। প্ৰথম পৰিচালনা পৰিকল্পনা ১৮৯৩–১৮৯৮ চনৰ বাবে কৰা হৈছিল।[5][6] ১৯১১ চনত এই অঞ্চলটো দেশৰ অৱহেলিত, আৱৰ্জনাময় এটা অংশ হিচাপে বৰ্ণনা কৰা হৈছিল আৰু ইয়াক লোকপিয়লৰ পৰা বাদ দিয়া হৈছিল। ইয়াৰ পিছত ই হুগলী মুখৰ পৰা মেঘনা নদীৰ মুখলৈকে প্ৰায় ২৬৬ কিলোমিটাৰ (১৬৫ মাইল) বিস্তৃত হৈছিল আৰু ইয়াৰ অন্তৰ্দেশত ২৪পৰগনাৰ তিনিখন বসতিপ্ৰধান জিলা খুলনা আৰু বাকেৰগঞ্জৰ সীমা আছিল। মুঠ মাটিকালি (পানীকে ধৰি) ১৬,৯০০ বৰ্গ কিলোমিটাৰ (৬,৫২৬ বৰ্গমাইল) বুলি অনুমান কৰা হৈছিল। পানীৰে ভৰি থকা এই জংঘলত বাঘ আৰু অন্যান্য বনৰীয়া জন্তু প্ৰচুৰ পৰিমানে আছিল। সুন্দৰবনৰ সকলো নদীকে খালেৰে ছেদ কৰি ইয়াৰে কিছুমানত ভাপ জাহাজ আৰু থলুৱা জাহাজ দুয়োটাৰে বাবে সমগ্ৰ বংগ অঞ্চলত জল যোগাযোগৰ ব্যৱস্থা কৰা হয়। বদ্বীপটোৰ সৰ্বোচ্চ অংশ বাংলাদেশত অৱস্থিত। সুন্দৰবন প্ৰশাসনসুন্দৰবনৰ প্ৰশাসন আৰু পৰিচালনাৰ দ্বায়িত্বভাৰ বহন কৰে বন সঞ্চালকালয়ে। প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ), বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্য আৰু কাৰ্যনিৰ্বাহক মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, পশ্চিম বংগই উদ্যানখনৰ প্ৰশাসনকাৰ্য্য চোৱাচিতা কৰা আটাইতকৈ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া। সুন্দৰবন বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ মুখ্য বন সংৰক্ষক (দক্ষিণ) আৰু সঞ্চালক স্থানীয় পৰ্যায়ত উদ্যানখনৰ প্ৰশাসনিক মুৰব্বী আৰু তেওঁক সহায় কৰে এজন উপ-ক্ষেত্ৰ পৰিচালক আৰু এজন সহকাৰী ক্ষেত্ৰ পৰিচালকে। উদ্যান এলেকাখনক দুটা ৰেঞ্জত ভাগ কৰি ৰেঞ্জৰ বন বিষয়াসকলে তদাৰক কৰে। প্ৰতিটো ৰেঞ্জক আকৌ বিটত উপবিভক্ত কৰি উদ্যানখনৰ সম্পত্তি আৰু জীৱ-জন্তু চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ ভাসমান চকীদাৰ ষ্টেচন আৰু শিবিৰৰ ব্যৱস্থা আছে। উদ্যানখনে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী পৰিকল্পনাৰ অধীনত ৰাজ্য চৰকাৰৰ লগতে পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ পৰা আৰ্থিক সাহায্য লাভ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা টাইগাৰ প্ৰজেক্টৰ অধীনত অতিৰিক্ত ধন আবন্তন কৰা হয়। ২০০১ চনত বিশ্ব ঐতিহ্য পুঁজিৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত পদোন্নতিৰ বাবে প্ৰস্তুতিমূলক সাহায্য হিচাপে ২০,০০০ মাৰ্কিন ডলাৰৰ অনুদান লাভ কৰা হৈছিল। ভূগোলসুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন ২১° ৪৩২′ – ২১° ৫৫′ উত্তৰ অক্ষাংশৰ ভিতৰত আৰু ৮৮° ৪২′ – ৮৯° ০৪′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। উদ্যানখনৰ গড় উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৭.৫ মিটাৰ। ৫৪টা সৰু সৰু দ্বীপেৰে গঠিত এই উদ্যানখন গংগা নদীৰ কেইবাটাও বিতৰণকাৰীয়ে ছেদ কৰিছে। জলবায়ুঅঞ্চলটোৰ ন্যূনতম আৰু সৰ্বোচ্চ উষ্ণতা ক্ৰমে ২০ ডিগ্ৰী চেলছিয়াছ আৰু ৪৮ ডিগ্ৰী চেলছিয়াছ ৰ ভিতৰত। বৰষুণৰ পৰিমাণ অধিক আৰু আৰ্দ্ৰতা ৮০% পৰ্যন্ত হয় কাৰণ ই বংগ উপসাগৰৰ ওচৰত। জুন মাহৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈকে বাৰিষা চলি থাকে। অক্টোবৰৰ পৰা মাৰ্চ মাহৰ মাজভাগলৈকে উত্তৰ আৰু উত্তৰ-পূবৰ পৰা প্ৰৱাহিত বতাহ আৰু মাৰ্চৰ মাজভাগৰ পৰা ছেপ্টেম্বৰ মাহলৈকে দক্ষিণ-পশ্চিমৰ পৰা বতাহ প্ৰৱাহিত হয়। কেতিয়াবা ঘূৰ্ণীবতাহলৈ পৰিণত হোৱা ধুমুহা মে’ৰ পৰা অক্টোবৰ মাহত সাধাৰণতে দেখা যায়। পৰিৱেশ ভূগোল, নদী আৰু জলধাৰাসাতখন মূল নদী আৰু অগণন জলধাৰাফ্ল'ৰৰ জালিকাই এই মোহনা বদ্বীপটো গঠন কৰিছে। আটাইকেইখন নদীয়ে দক্ষিণ দিশে সাগৰৰ ফালে গতি কৰিছে। সুন্দৰবন অঞ্চলৰ ইকো-ভৌগোলিক অৱস্থা ২৪ ঘণ্টাৰ ভিতৰত সংঘটিত হোৱা দুটা জোৱাৰ আৰু দুটা ভাটাৰ প্ৰভাৱত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। এই জোৱাৰ-ভাটাৰ পৰিসৰ সাধাৰণতে ৩-৫ মিটাৰৰ পৰা ৮ মিটাৰ পৰ্যন্ত হয়।[7][8] সাধাৰণ বসন্তকালৰ জোৱাৰত সমগ্ৰ অঞ্চলখন বেলেগ-বেলেগ গভীৰতালৈ নিৰ্মজ্জিত হয়। এই জোৱাৰ-ভাটাৰ কাৰ্যই চেনেলসমূহত পলসাদি জমা কৰে আৰু মাটিৰ উচ্চতা বৃদ্ধি কৰি নতুন দ্বীপ আৰু উপসাগৰ সৃষ্টি কৰে, যাৰ ফলত অঞ্চলটোৰ ভৌগোলিক গঠন অনিশ্চিত হৈ নতুন নতুন দ্বীপ গঠন কৰে।[9] বংগোপসাগৰত ২১°০০'ৰ পৰা ২১°২২' অক্ষাংশৰ ভিতৰত শ্বাচ অৱ ন' গ্ৰাউণ্ড নামৰ এটা বৃহৎ প্ৰাকৃতিক অবয়ব আছে য'ত পানীৰ গভীৰতা ২০ মিটাৰৰ পৰা ৫০০ মিটাৰলৈ হঠাতে সলনি হয়।[7][10] বোকাময় ঠাইমোহনা আৰু বদ্বীপ সমূহত য'ত নদী আৰু জোৱাৰ-ভাটাৰ সোঁতৰ বেগ কম হয় তাতেই সুন্দৰবনৰ বোকাময় ঠাই আছে[7]। বোকাময় ঠাইবোৰৰ ভিতৰৰ অংশবোৰেই মেংগ্ৰোভৰ বাবে উপযুক্ত পৰিৱেশ। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ কেইবাখনো বোকাময় ঠাইৰ পৰা সুন্দৰবনত পৰ্যটনস্থলী হোৱাৰ সম্ভাৱনা আছে। যি কেনো পৰ্য্যতকেই গৈ কম জোৱাৰৰ সময়ত ঠাইখনৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে। ভাগ্য ভাল হ’লে সাগৰীয় এনিমন,ঘোঁৰাৰ নালৰ কেঁকোৰা (Nearing extinction)আৰু সৰু অক্টোপাছ দেখা যায়। উদ্ভিদ আৰু প্ৰাণীজগতজলবায়ুৰ বিপদৰ সৈতে জটিল ভূ-ৰূপতাত্ত্বিক আৰু জলবিজ্ঞানৰ চৰিত্ৰ থকা বাংলাদেশৰ বংগোপসাগৰৰ মুখত থকা উপকূলীয় সক্ৰিয় বদ্বীপত এক অনন্য পৰিৱেশ তন্ত্ৰত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু বৈচিত্ৰ্যময় প্ৰাণীৰ সৈতে মেংগ্ৰোভ বনাঞ্চলৰ বিশাল অঞ্চল আছে। এই জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাকৃতিক পৰিবেশ আৰু উপকূলীয় পৰিৱেশ তন্ত্ৰ অবৈজ্ঞানিক আৰু অত্যাধিক মানৱীয় হস্তক্ষেপৰ বাবে ভৌতিক দুৰ্যোগৰ ভাবুকিৰ সন্মুখীন হৈছে। এই অনন্য উপকূলীয় পৰিৱেশ আৰু পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ বাবে সংৰক্ষণ আৰু পৰিৱেশ ব্যৱস্থাপনা পৰিকল্পনাৰ জৰুৰী প্ৰয়োজীনতা আহি পৰিছে। ফ্ল'ৰাসুন্দৰবন নামটো এই অঞ্চলৰ সুন্দৰী গছৰ পৰাই অৰ্জন কৰা হেছে। "সুন্দৰী" শব্দটো সংস্কৃত "সুন্দৰা" শব্দৰ পৰা আহিছে। এই অঞ্চলত পোৱা আটাইতকৈ সুন্দৰ জাতৰ গছ হৈছে বিশেষ ধৰণৰ নিমখ সহনশীল (হেল’ফাইটিক) আৰু কঠোৰ উপকূলীয় পৰিস্থিতিত বাস কৰিবলৈ খাপ খাই পৰা মেংগ্ৰোভ গছবোৰ। লোণৰ পানীত ডুব যোৱা আৰু সাগৰীয় তৰংগৰ ক্ৰিয়াৰ সৈতে মোকাবিলা কৰিবলৈ ইয়াত জটিল নিমখ পৰিশোধন ব্যৱস্থা আৰু জটিল শিপাৰ ব্যৱস্থা আছে যিবোৰে পানীৰে ভৰি থকা বোকাত কম অক্সিজেনযুক্ত অৱস্থাৰ লগত খাপ খাই পৰে।[11] ইহতৰ নিউমেট’ফ’ৰ নামৰ বিশেষ শিপা বোৰ মাটিৰ পৰা ওলাই থাকে আৰু গেছীয় বিনিময় অৰ্থাৎ শ্বাস-প্ৰশ্বাসত সহায় কৰে। বাৰিষা যেতিয়া সমগ্ৰ অৰণ্যখন পানীৰে ভৰি থাকে, তেতিয়া মাটিৰ পৰা ওপৰলৈ উঠি অহা ডালবোৰৰ শিখৰ বতাহত হালি-জালি থাকে আৰু ই শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াত সহায় কৰি জীৱকুল ৰক্ষা কৰে। বিলুপ্তপ্ৰায় প্ৰজাতিসুন্দৰবনৰ ভিতৰত বাস কৰা বিপন্ন প্ৰজাতিসমূহ হ’ল ৰাজকীয় বংগ বাঘ, নিমখীয়া পানীৰ কুম্ভীৰ, নদীৰ টেৰাপিন, অলিভ ৰিডলি কচ্ছপ, গংগা নদীৰ ডলফিন, হকছবিল কচ্ছপ আৰু মেংগ্ৰোভ হৰ্চশ্বু কেঁকোৰা। সাগৰীয় স্তন্যপায়ী প্ৰাণীমূল প্ৰবন্ধ: কোনো মাটিৰ সাগৰীয় সংৰক্ষিত এলেকাৰ শ্বাটচ সুন্দৰবন সিটেসিয়ান ডাইভাৰ্সিটি প্ৰটেকটেড এৰিয়াৰ প্ৰস্তাৱিত অঞ্চলত (Sundarbans Cetacean Diversity Protected Area) সমুদ্ৰৰ উপকূলীয় অঞ্চল অন্তৰ্ভুক্ত।[12] এই অঞ্চলত সংকটাপন্ন সিটেসিয়ান প্ৰজাতিসমূহৰ বসতি পোৱা যায়।[13] ইয়াত নিয়মিত ৰূপত পোৱা প্ৰজাতিসমূহ হৈছে- ব্ৰাইডৰ তিমি, নতুনকৈ উদ্ধাৰ হোৱা ইৰাৱাডি ডলফিনৰ জটিল প্ৰজাতি,[14] স্পিনাৰ ডলফিন, গংগাৰ নদীৰ ডলফিন,[15] চাইনিজ হোৱাইট ডলফিন, ইনডো-প্যাসিফিক ফিনলেছ পৰপইজ, ইনডো-প্যাসিফিক বটলন'জ ডলফিন, আৰু পেণ্ট্ৰপিকেল স্পটেড ডলফিন ইয়াত নিয়মিত দেখা যায়।[16] মিংকি তিমি, ৰাফ-টুথড ডলফিন আৰু ফলছ কিলাৰ হোৱেল কম পোৱা যায়।[17][18] তথ্য সূত্ৰ
|