পশ্চিমঘাট পৰ্বতমালা
পশ্চিমঘাট পৰ্বতমালা বা সহ্যাদ্ৰী (ইংৰাজী: Western Ghats) এক পৰ্বতশ্ৰেণী যাৰ পৰিসৰ ১,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু পৰিধি ১,৬০০ কিলোমিটাৰ। ই ভাৰতবৰ্ষৰ পশ্চিমসীমাৰ উপকূলীয় অঞ্চলৰ সমান্তৰালকৈ গুজৰাট ৰাজ্যৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী পৰ্বতমালা, গোৱা, কৰ্ণাটকৰ মালাবাৰ উপকূল, কেৰালা আৰু তামিলনাডু ৰাজ্যপৰ্যন্ত বিস্তৃত।[1] এই অঞ্চল ইউনেস্কোৰ প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু বিশ্বৰ জৈৱিক বৈচিত্ৰ্যৰ আঠটা হটস্পটৰ ভিতৰত এটা।[2][3] ভাৰতৰ উদ্ভিদ আৰু জীৱজন্তুৰ এক বৃহৎ অংশ ইয়াত পোৱা যায়, যাৰ মাজৰ বহুতো ভাৰতৰ আন অঞ্চলত আৰু পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়।[4] পশ্চিমঘাট পৰ্বতমালা গুজৰাট ৰাজ্যৰ তাপ্তী নদীৰ দক্ষিণৰ সোনগন্ধ নগৰৰ পৰা আৰম্ভ হৈ মহাৰাষ্ট্ৰ, কৰ্ণাটক, গোৱা, কেৰেলা আৰু তামিলনাডু ৰাজ্য পৰ্যন্ত প্ৰায় ১৬০০ কি:মি: জুৰি বিস্তৃত হৈ ভাৰতৰ দক্ষিণপ্ৰান্ত্ৰৰ তামিলনাডুৰ মুৰুণ্ঠবাজ মালাইত শেষ হৈছে।
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia