অসম সাহিত্য সভা

অসম সাহিত্য সভা

অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন
নীতিবাক্য চিৰ চেনেহী মোৰ ভাষা জননী
প্ৰতিষ্ঠা ১৯১৭
উদ্দেশ্য অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি
প্ৰধান  কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট, অসম
আনুষ্ঠানিক  ভাষা অসমীয়া
সভাপতি বসন্ত কুমাৰ গোস্বামী
ৱেবছাইট assamsahityasabha.org
পূৰ্বৰ  নাম অসমীয়া ভাষা উন্নতি সাধিনী সভা

অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়।[1] বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটচন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেখেত সম্পাদকৰ পদত অধিষ্ঠিত আছিল।[2]

অসম সাহিত্য সভাৰ ইতিহাস

ঊনৈছ শতিকাৰ শেষৰ ফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহেকেহে খাটিছিল। অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কথা মনত ৰাখিয়েই তেওঁলোকে ১৮৮৮ চনৰ ২৫ আগষ্টত "অসমীয়া ভাষা উন্নতি সাধিনী সভা" প্ৰতিষ্ঠা কৰে।[3] ইয়াৰ লগত জড়িত ব্যক্তিসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্ৰ শৰ্মা ইত্যাদি। লাহে লাহে ইয়াৰ সদস্যসংখ্যা বাঢ়িবলৈ ধৰিলে। শেষত পুলিয়ে-পোখাই গজালি মেলি অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে।[3]

উদ্দেশ্য

অসম সাহিত্য সভাৰ সংবিধানত উল্লেখ কৰা মতে ইয়াৰ উদ্দেশ্য এনে ধৰণৰ— অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰাই এই সভাৰ ঘাই উদ্দেশ্য, লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাও সভাৰ অন্যতম উদ্দেশ্য হ’ব। সেই উদ্দেশ্যে তলত দিয়া ধৰণে কাৰ্য কৰিবলৈ সভা যত্নপৰ হ’ব:

  1. অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থৰ সংকলন আৰু প্ৰকাশ কৰা;
  2. প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰা;
  3. অসমীয়া সাহিত্যত যি যি বিষয়ৰ পুথিৰ অভাৱ, সেই অভাৱ দূৰ কৰা;
  4. প্ৰকাশিত গ্ৰন্থৰ ভিতৰত উপযুক্ত গ্ৰন্থৰ গ্ৰন্থকাৰক বঁটা আৰু সামৰ্থহীন সাহিত্যিকক সাহায্য প্ৰদান কৰা;
  5. সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা;
  6. সভাৰ এখন মুখপত্ৰ আৰু প্ৰচাৰপত্ৰ প্ৰকাশ কৰা;
  7. ভাষা আৰু সাহিত্যৰ প্ৰচাৰ-পত্ৰাদি প্ৰকাশ কৰা;
  8. ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা;
  9. সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা;
  10. অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দূৰ কৰা;
  11. অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ অৰ্থে আন আন কাৰ্য্য কৰা।

অসম সাহিত্য সভা পত্ৰিকা

১৯২৬ চনৰ পৰা অসম সাহিত্য সভাই অসম সাহিত্য সভা পত্ৰিকা নামেৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক প্ৰবন্ধৰে এখন তিনিমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। দ্বিতীয় মহাসমৰৰ সময়ত পত্ৰিকাখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হয়। কেইবছৰমান প্ৰকাশ বন্ধ হৈ থাকি ১৯৫৪ চনৰ পৰা ই পুনৰ নিয়মিতভাৱে প্ৰকাশ হৈ আছে।[4]

সাহিত্য সভাৰ আদৰণি-গীত

গীতিকাৰ: মিত্ৰদেৱ মহন্ত অধিকাৰ। এই গীতৰ স্বৰলিপি যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাৰ।


চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত পাৱনী, আই॥
প্ৰকৃতি পৰশ ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥
সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি শুনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি॥
জীৱনে মৰণে ৰণে লহৰী সুধাৰ
ৰসনা শিতানে বহি সিঁচা শতধাৰ
হে মোৰ মধুৰননা
মাগিছোঁ মাধুৰী কণা
দিয়া দিয়া দিয়া আই মধু ভাষিণী॥

অসম সাহিত্য সভাৰ সভাপতিসকল

চন সভাপতি[5] অধিবেশন ছবি
১৯১৭ পদ্মনাথ গোহাঞিবৰুৱা

(১৮৭১-১৯৪৬)

শিৱসাগৰ, প্ৰথম সন্মিলন, ২৬-২৭ ডিচেম্বৰ
১৯১৮ চন্দ্ৰধৰ বৰুৱা

(১৮৭৪-১৯৬১)

গোৱালপাৰা, দ্বিতীয় সন্মিলন, ২৭-২৮-২৯ ডিচেম্বৰ
১৯১৯ কালিৰাম মেধি

(১৮৮০-১৯৫৪)

বৰপেটা, তৃতীয় সন্মিলন, ২৬-২৭ ডিচেম্বৰ
১৯২০ হেমচন্দ্ৰ গোস্বামী

(১৮৭২-১৯২৮)

তেজপুৰ,
১৯২৩ অমৃতভূষণ দেৱ অধিকাৰী

(১৮৫৮-১৯৪২)

যোৰহাট
১৯২৪ কনকলাল বৰুৱা

(১৮৭২-১৯৪০)

ডিব্ৰুগড়
১৯২৪ লক্ষ্মীনাথ বেজবৰুৱা

(১৮৬৪-১৯৩৮)

গুৱাহাটী
১৯২৫ ৰজনীকান্ত বৰদলৈ

(১৮৬৭-১৯৪০)

নগাঁও
১৯২৬ বেণুধৰ ৰাজখোৱা

(১৮৭২-১৯৫৫)

ধুবুৰী
১৯২৭ তৰুণৰাম ফুকন

(১৮৭৭-১৯৩৯)

গোৱালপাৰা
১৯২৯ কমলাকান্ত ভট্টাচাৰ্য্য

(১৮৫৩-১৯৩৬)

যোৰহাট
১৯৩০ মফিজুদ্দিন আহমদ হাজৰিকা

(১৮৭০-১৯৫৮)

গোলাঘাট
১৯৩১ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী

(১৮৮১-১৯৪৭)

শিৱসাগৰ
১৯৩৩ জ্ঞানদাভিৰাম বৰুৱা

(১৮৮০-১৯৫৫)

উত্তৰ লখিমপুৰ
১৯৩৪ আনন্দ চন্দ্ৰ আগৰৱালা

(১৮৭৯-১৯৩৯)

মঙ্গলদৈ
১৯৩৬ ৰঘুনাথ চৌধাৰী

(১৮৭৯-১৯৬৭)

তেজপুৰ
১৯৩৭ কৃষ্ণকান্ত সন্দিকৈ

(১৮৯৮-১৯৮২)

গুৱাহাটী
১৯৪০ ময়িদুল ইছলাম বৰা

(১৮৯৯-১৯৪৪)

যোৰহাট
১৯৪৪ নীলমণি ফুকন

(১৮৮০-১৯৭৮)

শিৱসাগৰ
১৯৪৭ নীলমণি ফুকন

(১৮৮০-১৯৭৮)

ডিব্ৰুগড়
১৯৫০ অম্বিকাগিৰী ৰায়চৌধুৰী

(১৮৮৫-১৯৬৭)

মাৰ্ঘেৰিটা
১৯৫৩ সূৰ্য্যকুমাৰ ভূঞা

(১৮৯২-১৯৬৪)

শ্বিলং
১৯৫৪ নলিনীবালা দেৱী

(১৮৯৮-১৯৭৭)

যোৰহাট
১৯৫৫ যতীন্দ্ৰনাথ দুৱৰা

(১৮৯২-১৯৬৪)

গুৱাহাটী
১৯৫৬ বেণুধৰ শৰ্মা

(১৮৯৪-১৯৮১)

ধুবুৰী
১৯৫৮ পদ্মধৰ চলিহা

(১৮৯৫-১৯৬৯)

তিনিচুকীয়া
১৯৫৯ অতুল চন্দ্ৰ হাজৰিকা

(১৯০৩-১৯৮৬)

নগাঁও
১৯৬০ ত্ৰৈলোক্যনাথ গোস্বামী

(১৯০৬-১৯৮৮)

পলাশবাৰী
১৯৬১ ত্ৰৈলোক্যনাথ গোস্বামী

(১৯০৬-১৯৮৮)

গোৱালপাৰা
১৯৬৩ ৰত্নকান্ত বৰকাকতী

(১৮৯৭-১৯৬৩)

নাজিৰা
১৯৬৪ মিত্ৰদেৱ মহন্ত

(১৮৯৪-১৯৮৩)

ডিগবৈ
১৯৬৫ ডিম্বেশ্বৰ নেওগ

(১৮৯৯-১৯৬৬)

নলবাৰী
১৯৬৬ বিনন্দ চন্দ্ৰ বৰুৱা

(১৯০১-১৯৯৪)

উত্তৰ লক্ষিমপুৰ
১৯৬৭ নকুলচন্দ্ৰ ভূঞা

(১৮৯৫-১৯৬৮)

ডিব্ৰুগড়
১৯৬৮ জ্ঞাননাথ বৰা

(১৮৯০-১৯৬৮)

তেজপুৰ, ৩৫তম সন্মিলন, ২৬-২৭-২৮ জানুৱাৰী
১৯৬৯ আনন্দ চন্দ্ৰ বৰুৱা

(১৯০৭-১৯৮৩)

বৰপেটা, ৩৬তম সন্মিলন, ৭-৮-৯ ফেব্ৰুৱাৰী
১৯৭০ উপেন্দ্ৰচন্দ্ৰ লেখাৰু

(১৯০৫-১৯৭৯)

ধিং, ৩৭তম সন্মিলন, ১৩-১৪-১৫ ফেব্ৰুৱাৰী
১৯৭১ তীৰ্থনাথ শৰ্মা

(১৯১১-১৯৮৬)

মাকুম, ৩৮তম সন্মিলন
১৯৭২ হেম বৰুৱা

(১৯১৫-১৯৭৭)

ধুবুৰী, ৩৯তম সন্মিলন, ৭-৮-৯ এপ্ৰিল
১৯৭৩ গিৰিধৰ শৰ্মা

(১৯১২-১৯৭৭)

ৰঙিয়া, ৪০তম সন্মিলন
১৯৭৪ মহেশ্বৰ নেওগ

(১৯১৫-১৯৯৫)

মঙ্গলদৈ, ৪১তম সন্মিলন, ৭-৮-৯-১০ ফেব্ৰুৱাৰী
১৯৭৫ সত্যেন্দ্ৰনাথ শৰ্মা

(১৯১৭-১৯৯৯)

তিতাবৰ, ৪২তম সন্মিলন
১৯৭৬ যজ্ঞেশ্বৰ শৰ্মা

(১৯০৬-১৯৯৮)

টিহু, ৪৩তম সন্মিলন
১৯৭৭ চৈয়দ আব্দুল মালিক

(১৯১৯-২০০০)

অভয়াপুৰী, ৪৪তম সন্মিলন
১৯৭৮ প্ৰসন্নলাল চৌধুৰী

(১৮৯৮-১৯৮৬)

গোলাঘাট, ৪৫তম সন্মিলন
১৯৭৯ অতুল চন্দ্ৰ বৰুৱা

(১৯১৬-২০০১)

শুৱালকুছি, ৪৬তম সন্মিলন
১৯৮০ যতীন্দ্ৰনাথ গোস্বামী

(১৯১৮-২০০৫)

ৰহা, ৪৭তম সন্মিলন
১৯৮১ সীতানাথ ব্ৰহ্মচৌধুৰী

(১৯০৮-১৯৮২)

তিনিচুকীয়া, ৪৮তম সন্মিলন
১৯৮২ সীতানাথ ব্ৰহ্মচৌধুৰী

(১৯০৮-১৯৮২)

ডিফু, ৪৯তম সন্মিলন
১৯৮৩ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

(১৯২৪-১৯৯৭)

বঙাইগাঁও, ৫০তম সন্মিলন
১৯৮৫ যোগেশ দাস

(১৯২৭-১৯৯৯)

বিহপুৰীয়া, ৫১তম সন্মিলন
১৯৮৬ বীৰেণ বৰকটকী

(১৯২৪-২০০২)

কামপুৰ, ৫২তম সন্মিলন
১৯৮৭ মহেন্দ্ৰ বৰা

(১৯২৯-১৯৯৬)

পাঠশালা, ৫৩তম সন্মিলন
১৯৮৮ কীৰ্তিনাথ হাজৰিকা

(১৯২২-২০০২)

হাইলাকান্দি, ৫৪তম সন্মিলন
১৯৮৯ মহিম বৰা

(১৯২৪-২০১৬)

ডুমডুমা
১৯৯০ নৱকান্ত বৰুৱা

(১৯২৬-২০০২)

বিশ্বনাথ চাৰিআলি
১৯৯১ নিৰ্মলপ্ৰভা বৰদলৈ

(১৯৩৩-২০০৪)

দুধনৈ
১৯৯২ লক্ষ্যধৰ চৌধুৰী

(১৯১৪-২০০০)

গোৰেশ্বৰ
১৯৯৩ ভূপেন হাজৰিকা

(১৯২৬-২০১১)

শিৱসাগৰ
১৯৯৪ লীলা গগৈ

(১৯৩০-১৯৯৪)

মৰিগাঁও
১৯৯৫ হিতেশ ডেকা

(১৯২৪-২০০০)

সৰ্থেবাৰী
১৯৯৬ লক্ষ্মীনন্দন বৰা

(১৯৩২-২০২১)

বোকাখাত
১৯৯৭ নগেন শইকীয়া

(১৯৩৯-)

বিলাসীপাৰা
১৯৯৮ নগেন শইকীয়া

(১৯৩৯-)

হাওৰাঘাট
১৯৯৯ চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া

(১৯২৭-২০০৬)

হাজো
২০০০ চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া

(১৯২৭-২০০৬)

যোৰহাট
২০০১ হোমেন বৰগোহাঞি

(১৯৩২-২০২১)

ডিব্ৰুগড়
২০০২ হোমেন বৰগোহাঞি

(১৯৩২-২০২১)

কলগাছিয়া
২০০৩ বীৰেন্দ্ৰনাথ দত্ত

(১৯৩৫-২০২৩)

উত্তৰ লখিমপুৰ
২০০৪ বীৰেন্দ্ৰনাথ দত্ত

(১৯৩৫-২০২৩)

হোজাই
২০০৫ কনকসেন ডেকা

(১৯৩৩-)

ছিপাঝাৰ
২০০৬ কনকসেন ডেকা

(১৯৩৩-)

বেলশৰ
২০০৭ কনকসেন ডেকা

(১৯৩৩-)

চাপৰ
২০০৯ ৰংবং তেৰাং

(১৯৩৭-)

ধেমাজি
২০১০ ৰংবং তেৰাং

(১৯৩৭-)

দেৰগাঁও
২০১৩ ইমৰাণ শ্বাহ

(১৯৩৩-)

বৰপেটা ৰোড
২০১৫ ডাঃ ধ্ৰুৱজ্যোতি বৰা

(১৯৫৫-) [6]

কলিয়াবৰ
২০১৭ লক্ষ্মীনন্দন বৰা

(১৯৩২-২০২১)

শিৱসাগৰ (শতবৰ্ষ অধিবেশন)
২০১৮ পৰমানন্দ ৰাজবংশী

(১৯৫৯-)

বৰডুমচা
২০২০ কুল শইকীয়া

(১৯৫৯-)

শুৱালকুছি, কামৰূপ
২০২২ ড°সূৰ্যকান্ত হাজৰিকা

(১৯৫৬-) [7]

নাৰায়ণপুৰ (২০২৩)
২০২৪ বসন্ত কুমাৰ গোস্বামী

(১৯৪২-) [8]

পাঠশালা (২০২৫)

লগতে পঢ়ক

তথ্য সংগ্ৰহ

  1. "Recept". Sahityasabha.8k.com. Archived from the original on 2012-02-19. https://web.archive.org/web/20120219074612/http://www.sahityasabha.8k.com/recept.html। আহৰণ কৰা হৈছে: 2013-03-12. 
  2. Encyclopaedia of Indian Literature: devraj to jyoti, Volume 2, আহৰণ: ১৯-১১-২০১২
  3. 3.0 3.1 Times of Assam. "Asom Sahitya Sabha – A contemporary Analysis". Timesofassam.com. http://www.timesofassam.com/articles/asom-sahitya-sabha-a-contemporary-analysis/। আহৰণ কৰা হৈছে: 2013-03-12. 
  4. অসম সাহিত্য সভা পত্ৰিকা, ষটষষ্টিতম বৰ্ষ, প্ৰথম সংখ্যাৰ সম্পাদকীয়
  5. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ৬ এপ্ৰিল, ২০১৫
  6. "অসম সাহিত্য সভাৰ নতুন সভাপতি". জি এল পাব্লিকেশ্যন. ১৭ নৱেম্বৰ, ২০১৪. পৃষ্ঠা ১ম পৃষ্ঠা. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124501/http://amarasom.glpublications.in/Details.aspx?id=19930&boxid=12305187। আহৰণ কৰা হৈছে: 17 নৱেম্বৰ 2014. 
  7. "Dr Surjya Hazarika Elected New President of Asam Sahitya Sabha" (en ভাষাত). প্ৰতিদিন টাইম. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/surjya-hazarika-president-asam-sahitya-sabha। আহৰণ কৰা হৈছে: 24 December 2022. 
  8. "Asam Sahitya Sabha Poll Results : Dr Basanta Goswami Elected President". Pratidin Times. Pratidin Times. 29 December 2024. https://www.pratidintime.com/top-stories/asam-sahitya-sabha-poll-results-dr-basanta-goswami-elected-president-8576073। আহৰণ কৰা হৈছে: 30 December 2024. 

বাহ্যিক সংযোগ


 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia