বড়ো সাহিত্য সভা
বড়ো সাহিত্য সভা (ইংৰাজী: Bodo Sahitya Sabha, বড়ো: बर' थुनलाइ आफाद), হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান।[1] বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হয়।[1][2] ইয়াৰ মুখ্য কাৰ্য্যালয় কোকৰাঝাৰত অৱস্থিত। এই অনুষ্ঠানটোত অসমৰ লগতে প্ৰতিৱেশী ৰাজ্য পশ্চিম বংগ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ লগতে নেপালৰো প্ৰতিনিধি আছে।[2] ইতিহাসভাৰত স্বাধীন হোৱাৰ পাছত, কিছু সংখ্যক বড়ো বুদ্ধিজীৱী লোকে বড়ো ভাষা সংৰক্ষণৰ কথা চিন্তা কৰে। পূৰ্বৰ বহুতো বড়ো সাহিত্যিকে অসমীয়া অথবা বঙালী মাধ্যমৰ যোগেদি শিক্ষা লাভ কৰিছিল। বড়ো সাহিত্য সভাই বহুদিন সংগ্ৰাম কৰাৰ পাছত ১৯৬৩ চনত প্ৰাথমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়। ইয়াৰ পিছত ১৯৬৮ চনত মাধ্যমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নৰ্থ-ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্ছিটিয়ে বড়ো ভাষা আৰু সাহিত্যক Major Indian Languages (MIL) হিচাপে স্বীকৃতি দিছে।[2] ১৯৮৫ চনত বড়ো ভাষাক অসমৰ দ্বিতীয়টো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়।[2] উদ্দেশ্যবড়ো সাহিত্য সভাৰ প্ৰধান উদ্দেশ্য হ’ল: বড়ো সাহিত্য-সংস্কৃতিৰ উন্নতি আৰু প্ৰসাৰৰ বাবে কাম কৰা।[1] মুখপাত্ৰ আৰু অন্যান্য তথ্য
সাম্প্ৰতিক কালত বড়ো সাহিত্য সভাৰ অৱস্থা১৯৯৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত বড়ো ভাষা আৰু সাহিত্যৰ বাবে এটা স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ the aegis of the commission for Scientific and Technical terminology-ৰ অধীনত বড়ো সাহিত্য সভাই চল্লিশ হাজাৰৰো তাতোধিক বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ৰ শব্দসমূহ প্ৰকাশ কৰি উলিয়াইছে। ইয়াৰ উপৰিও বড়ো ভাষাক “ভাষা সন্মান” স্বীকৃতি দিবলৈ সাহিত্য অকাডেমি সন্মত হৈছে। ভাৰতৰ সংবিধানৰ অষ্টাদশ অধ্যায়ত বড়ো ভাষা আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাৰত চৰকাৰে স্বীকৃতি দিছে।[2] সভাপতিসকলবড়ো সাহিত্য সভাৰ সভাপতি সকলৰ নাম হৈছে:[3]
সম্পাদকসকলবড়ো সাহিত্য সভাৰ সম্পাদক সকলৰ নাম হৈছে:[4]
লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |