অসমীয়া ভাষা উন্নতি সাধিনী সভা |
---|
চমু নাম |
অ.ভা.উ.সা. |
---|
প্ৰতিষ্ঠা |
১৮৮৮ |
---|
উদ্দেশ্য |
অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন |
---|
আনুষ্ঠানিক ভাষা |
অসমীয়া |
---|
প্ৰথম সম্পাদক |
শিৱৰাম শৰ্মা বৰদলৈ |
অসমীয়া ভাষা উন্নতি সাধিনী সভা, (ইংৰাজী: Assamese Language Development Society), চমুকৈ অভাউসা, এটা অসমীয়া সাহিত্য বিষয়ক সংগঠন আছিল। ইয়াৰ জন্ম হৈছিল ১৮৮৮ চনৰ ২৫ আগষ্টৰ (১৮১০ শক) দিনা।[1] ই আছিল অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায়।[2] সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন। এইটো সংগঠনেই প্ৰথম অসমীয়া ভাষাক আধুনিক ৰূপ প্ৰদান কৰিছিল।[1]
ইতিহাস
ঊনবিংশ শতিকাৰ অষ্টম দশকত কলকাতাত অধ্যয়ন কৰি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাটোক অসমীয়া জাতীয়তাবাদ গঠনৰ মূল কাৰক বুলি চিহ্নিত কৰিছিল। এইসকল ছাত্ৰই কলকাতাৰ ৫০, সীতাৰাম ঘোষ ষ্ট্ৰীট আৰু ৬২, সীতাৰাম ঘোষ ষ্ট্ৰীটত মেচ কৰি আছিল। ছাত্ৰৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ অসমীয়া ছাত্ৰৰ মেচৰ সংখ্যাও বৃদ্ধি পাইছিল। এনে কেইটামান মেচ আছিল ৬৭, মীৰ্জাপুৰ ষ্ট্ৰীট, ১০৭, আৰ্মহাৰ্ষ্ট ষ্ট্ৰীট, ১৪,প্ৰতাপচন্দ্ৰ লেন, ইডেন হস্পিটাল ষ্ট্ৰীটত। এই মেচবোৰৰ মাজত কিছুমান সামূহিক কাৰ্যক্ৰম অনুষ্ঠিত হৈছিল। ইয়াৰে এটা আছিল প্ৰতি বুধবাৰ আৰু শনিবাৰে অনুষ্ঠিত হোৱা চাহ মেল। চাহ মেলত ছাত্ৰসকলে বিভিন্ন বিষয়ত আলোচনা কৰিছিল। এনে এখন চাহ মেলতে ৬৭, মীৰ্জাপুৰ ষ্ট্ৰীট মেচত ১৮৮৮ চনৰ ২৫ আগষ্ট (১৮১০ শক) তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অঙ্কুৰণ হৈছিল আৰু চাহ মেল ৰূপান্তৰিত হৈছিল সাহিত্য বিষয়ক সংগঠনলৈ[1][3]।
উদ্দেশ্য
অ.ভা.উ.সা.সভাৰ উদ্দেশ্যসমূহ আছিল[4]:-
- পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ
- অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন
- অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণ-বিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু শুদ্ধ বৰ্ণ-বিন্যাসৰ প্ৰচলন
- সংস্কৃত বা আন ভাষাৰ ভাল-ভাল পুথিৰ অনুবাদকৰণ
- অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন
- সাহিত্য আৰু পাঠ্য-পুথিৰ অভাৱ দূৰীকৰণ আদি।
সভাৰ উদ্দেশ্যসমূহ জোনাকী আলোচনীত (Vol 5, No. 7) “অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কাৰ্য্য বিৱৰণী” শিৰোনামৰে বিস্তাৰিত ভাবে প্ৰকাশ হৈছিল। উক্ত ৰচনাখনত সভাৰ উদ্দেশ্য সম্পৰ্কে এনেধৰণে বিৱৰণ দিয়া হৈছিল[1][3]-
এই সভাৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ উদ্দেশ্য সাধন কৰা। সেই উদ্দেশ্যৰূপ মহামন্ত্ৰক হিয়াত ঠাই দি এই সভাই 'অসমীয়া ভাষা উন্নতি-সাধিনী' নাম লৈ উপস্থিত। কেঁচুৱা মাতৃভাষা কেনেকৈ ডাঙৰ-দীঘল হ'ব, কেনেকৈ সি পৃথিৱীৰ আন আন ধনী আৰু উন্নতিশীল ভাষাৰ সমান হৈ আপোন গৌৰৱ-বেলিৰ পোহৰ চাৰিওফালে পেলাই দুখীয়া আৰু এন্ধাৰ অসমৰ মুখ পোহৰাব পাৰিব, কেনেকৈ সি দুৰ্বল, ৰুগীয়া আৰু জীৰ্ণ অৱস্থাৰ পৰা সবল সুস্থ আৰু শকত অৱস্থা পাব, তাৰ উপাই সাধনেই সভাৰ উদ্দেশ্য। এই উদ্দেশ্য সাধন কৰিবলৈ সভাই অসমীয়া পুথিবিলাক একে ঠাইতে গোটাবলৈ যত্ন কৰিছে। পুৰণি পুথিবিলাক যাতে নষ্ট নেপায় আৰু ক্ৰমে ছপা হৈ প্ৰকাশিত হয় সভা তাৰো চেষ্টাত আছে। আসামৰ সকলো বিধৰ পঢ়াশালীত যাতে অসমীয়া ভাষা প্ৰচলিত কৰা হয় আৰু অসমীয়া ল'ৰা-ছোৱালীয়ে যাতে নিজ নিজ ভাষা সুকলমে পঢ়িবলৈ পায়, তাৰ নিমিত্তে অসমৰ শিক্ষাবিভাগৰ অধিকাৰসকলৰ মনোযোগ আকৰ্ষণ কৰা,লেখা-পঢ়া কাৰ্যত অশুদ্ধ ব্যাকৰণ, অশুদ্ধ বৰ্ণবিন্যাস ক্ৰমে লোপ কৰি তাৰ স্থলত পৰিশুদ্ধ ভাষা ব্যৱহাৰ কৰিবলৈ পঢ়াশালী আদিত দুষিত ভাষাৰ পুথিৰ সলনি শুদ্ধ ভাষাৰ পুথি চলাবৰ নিমিত্তে আন্দোলন কৰিবলৈ; শ্ৰীধৰ কন্দলি, ৺শংকৰদেৱ আদি পুৰণি গ্ৰন্থকাৰ আৰু কবি-সকলে লিখা পুথিবিলাকৰ টান টান ভাগৰ টীকা-টিপ্পনী লেখিবলৈ আৰু দোষ-গুণ আদি আলচ কৰিবলৈ; আমাৰ ভাষাত নোহোৱা লাগতিয়াল পুথিবিলাকৰ সংস্কৃত বা আন ভাষাৰপৰা অনুবাদ কৰি বা সংক্ষিপ্ত সাৰ সংগ্ৰহ কৰি আমাৰ ভাষালৈ আনিবলৈ; আসামৰ আগৰ দিন বা এতিয়াৰ যিবিলাক ধৰ্মনীতি, সমাজনীতি, ৰাজনীতি আৰু খেল,মেল গাঁও-ভূঁইৰ আনূপুৰিক বৃত্তান্ত আছে তাক সংগ্ৰহ কৰি এখন বিস্তৃত বুৰঞ্জী লেখিবলৈ; দেশৰ ইতৰ সাধাৰণ সকলো শ্ৰেণীৰ মানুহৰ ভিতৰত যাতে লেখা পঢ়াৰ চৰ্চা হয়, তাৰ নিমিত্তে উজু উপায় উলিয়াবলৈ; বাতৰি-কাকতৰ প্ৰতি লোকৰ আগ্ৰহ বঢ়াবলৈ; অসমৰ সকলো অঞ্চলতে এটা মাত্ৰ লিখিত ভাষাৰ সৃষ্টি কৰিবলৈ সভাৰ যত্ন থাকিব।
[1][3]
অন্যান্য কাৰ্যক্ৰম
জোনাকী আলোচনী প্ৰকাশ
প্ৰধান প্ৰবন্ধ:
জোনাকী (আলোচনী)
সভাই হাতত লোৱা বিভিন্ন কাৰ্যক্ৰমৰ ভিতৰত অন্যতম আছিল মাহেকীয়া আলোচনী জোনাকীৰ প্ৰকাশ। ১৮৮৯ চনত জোনাকীৰ জন্ম হয়। সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে নিয়মীয়াকৈ আলোচনীখনত প্ৰকাশ হৈছিল[1]।
বাণ ৰঙ্গমঞ্চ
প্ৰধান প্ৰবন্ধ:
বাণ ৰঙ্গমঞ্চ
বহুদিনৰ আগতে অসমীয়া অভিনেতা সকলে বাংলা অভিনেতা সকলৰ সৈতে বেঙ্গলী এমেচাৰ থিয়েটাৰ পাৰ্টীৰ অধীনত একেলগে মঞ্চ নাটত অভিনয় কৰিছিল। ১৯০৩ চনত এই দুই ভাষিক শিল্পীসকলৰ মাজত মতাদৰ্শৰ অমিলৰ বাবে অসমীয়া শিল্পী সকল ভাগ হৈ আহি বাণ থিয়েটাৰ স্থাপন কৰে। ১৯০৬ চনত কেৱল অসমীয়া নাট মঞ্চস্থ কৰিবৰ বাবে তেওঁলোকে এটা ৰঙ্গমঞ্চ স্থাপনৰ সিদ্ধান্ত লয়।[2]
সভাৰ সৈতে জড়িত ব্যক্তিসকল
বিশ্বৰ ওচৰত অসমীয়াৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ প্ৰাৰম্ভিক কালতে বিশেষ প্ৰচেষ্টা চলোৱা কেইগৰাকীমান ব্যক্তিৰ নাম উল্লেখ কৰা হ'ল[1]:-
- ৫০,সীতাৰাম ঘোষ ষ্ট্ৰীট মেচৰ বাসিন্দা
বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বড়া, লক্ষিপ্ৰসাদ চলিহা, ৰমাকান্ত বৰুৱা, কৃষ্ণপ্ৰসাদ দুৱৰা, ৰমাকান্ত বৰকাকতি, গুণীন্দ্ৰনাথ বৰুৱা, গোপালতন্দ্ৰ বৰুৱা আদি।
- ৬২,সীতাৰাম ঘোষ ষ্ট্ৰীট মেচৰ বাসিন্দা
লক্ষেশ্বৰ শৰ্মা, তীৰ্থনাথ কাকতি, হেমচন্দ্ৰ গোস্বামী, কণকলাল বৰুৱা, কৃষ্ণকুমাৰ বৰুৱা, চন্দ্ৰকমল বেজবৰুৱা, ঘনশ্যাম বৰুৱা, কমলচন্দ্ৰ শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা আদি।
লগতে পঢ়ক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ