কালিৰাম মেধি
কালিৰাম মেধি (ইংৰাজী: Kaliram Medhi; ১৮৮০-১৯৫৪)[1] এজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক আছিল। পৌৰাণিক অসমীয়া সাহিত্যৰ বিজ্ঞানসন্মত পুথি সমালোচনাৰ ক্ষেত্ৰত তেখেত পথপ্ৰদৰ্শক আছিল। কালিৰাম মেধিয়ে ১৯০২ চনত ‘বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ’ আৰু ১৯৪৬ চনত ‘ৰায়বাহাদুৰ অব আছাম’ খিতাপ লাভ কৰিছিল।১৯২৩ চনত হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত' কাব্য খন সম্পাদনা কৰি প্ৰকাশ কৰে গবেষণা আৰু পাণ্ডিত্যৰ বাবে ১৯৪৩ চন ‘তত্ত্বনিধি’ উপাধি লাভ কৰিছিল।[2] জন্ম আৰু শিক্ষা১৮৮০ চনৰ ১৮ অক্টোবৰত কামৰূপ জিলাৰ ৰামদিয়া গাঁৱত কালিৰাম মেধিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভূকলি মেধি আৰু মাতৃৰ নাম সোণতৰা মেধি আছিল। মেধি ডাঙৰীয়াই বৰপেটাৰ মোক্ষদা দাসৰ লগত বিবাহ পাশত আবদ্ধ হয়। মেধি ডাঙৰীয়াৰ প্ৰথমখন বিয়া কইনা নেদেখা ভেঁকোভাওনাহে আছিল। তেওঁ সেয়ে দ্বিতীয় বিবাহ কৰাইছিল। দ্বিতীয় গৰাকী পত্নীৰ পাঁচটা সন্তান আছিল। কিন্তু দ্বিতীয় গৰাকী পত্নীও অকাল মৃত্যু মুখত পৰাত পৰিস্থিতিৰ সন্মুখীন হৈ নগাঁৱৰ জিয়াৰী স্বৰ্ণলতা ভূঞাক বিয়া পাতিছিল। কালিৰাম মেধিয়ে প্ৰাথমিক শিক্ষা গাঁৱৰে এখন উচ্চ প্ৰাইমাৰী বিদ্যালয়ত গ্ৰহণ কৰিছিল। সেই সময়ত এই বিদ্যালয়খনক ছাত্ৰঘৰ বুলি জনা গৈছিল। ১৮৯১ চনত গুৱাহাটীৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৮৯৭ চনত তেওঁ সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ সহ প্ৰথম বিভাগত এণ্ট্ৰেস পৰীক্ষাত উৰ্ত্তীণ হয়। ইয়াৰ পাছত তেওঁ কলিকতা চিটি মহাবিদ্যালয়ৰ এফ এ শ্ৰেণীত ভৰ্তি হয়। ১৮৯৯ চনত এই মহাবিদ্যালয়ৰ পৰাই প্ৰথম বিভাগত এফ এ উৰ্ত্তীণ হয় আৰু তাতেই স্নাতক শিক্ষা গ্ৰহণ কৰে। ১৯০২ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকসহ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰে। সেই সময়ত স্নাতকোত্তৰ উপাধি লাভ কৰা মেধি আছিল তৃতীয়গৰাকী অসমীয়া ব্যক্তি।[1] কৰ্মজীৱন১৯০৪ চনত কালিৰাম মেধিয়ে গুৱাহাটীৰ ছেটলমেণ্ট কেম্পত মাটি হাকিম হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯০৫ চনত কালিৰাম মেধিয়ে অসম প্ৰশাসনিক সেৱাত যোগদান কৰে। তেওঁ গোৱালপাৰাত থকা সময়ত চৰকাৰী কামতকৈও কলা-কৃষ্টি-সাহিত্যৰ কামতহে নিজকে বেছিকৈ নিয়োগ কৰিছিল আৰু ১৯৩৫ চনত উপায়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে যদিও পাছৰ দুবছৰ কালত (১৯৩৬-১৯৩৮ চন) বিশেষ ভাবে তেওঁ নিযুক্তি পাইছিল। ১৯১৯ চনৰ ২৬ ডিচেম্বৰত বৰপেটাত বহা অসম সাহিত্য সভাৰ তৃতীয় অধিবেশনত কালিৰাম মেধিয়ে সভাপতিত্ব কৰিছিল।[3] ১৯১৮ চনৰ দ্বিতীয় সভাৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা আছিল মেধি ডাঙৰীয়া। তদুপৰি ১৯৩৪ চনত মঙ্গলদৈত আনন্দচন্দ্ৰ আগৰৱালাৰ সভাপতিত্বত হোৱা অধিবেশনৰো প্ৰধান উদ্যোগী পুৰুষ আছিল মেধিদেৱ। অনুসন্ধান সমিতি আৰু সংগ্ৰহালয় সমিতিৰো তেওঁ বিশেষ দায়িত্ব বহন কৰিছিল।[2] মৃত্যু১৯৫৪ চনৰ ২৪ জানুৱাৰীৰ নিশা ১০ বজাত পাণবজাৰৰ নাথান পথত থকা নিজা বাসভৱনত কালিৰাম মেধিৰ মৃত্যু হয়।[2] সাহিত্যপঞ্জীধৰ্ম, শিক্ষা, অৰ্থনৈতিক সমস্যা, সমাজ সংস্কাৰ আদিৰ ক্ষেত্ৰত কালিৰাম মেধিৰ এক মুক্ত দৃষ্টিভংগী আছিল। ‘অসম বান্ধৱ’ আৰু ‘আলোচনী’ পত্ৰিকাত এইবোৰ বিষয়ত তেখেতৰ কেতবোৰ প্ৰবন্ধও প্ৰকাশ পাইছিল। প্ৰবন্ধসমূহত তেখেতৰ ভাষাৰ গঠন আৰু প্ৰকাশভংগী আছিল মন কৰিবলগীয়া। কিন্তু সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ প্ৰথম উল্লেখযোগ্য অৱদান আছিল কবি হেম সৰস্বতীৰ কাব্য সমালোচনা। পৌৰাণিক অসমীয়া সাহিত্য সমালোচনাৰ দিশত এয়া আছিল প্ৰথম পদক্ষেপ। কালিৰাম মেধিৰ ইয়াৰ পিছৰ গ্ৰন্থ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ (১৯৩৬) তেখেতৰ সাহিত্য-ব্যাকৰণৰ জ্ঞানৰ গভীৰতা আৰু কঠোৰ পৰিশ্ৰমৰ নিদৰ্শন। ইয়াৰ পিছত তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সিঁচৰতি হৈ থকা বাণীসমূহ গোটাই ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ নামৰ গ্ৰন্থ প্ৰকাশ কৰে। তেখেতৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ আছিল ‘ষ্টাডিজ ইন দা বৈষ্ণৱ লিটাৰেচাৰ এণ্ড কালচাৰ অব আছাম’ (Studies in the Vaishnav Literature and Culture of Assam)। সম্পাদিত গ্ৰন্থ: অংকাৱলী।[4] কালিৰাম মেধি ‘অসম অনুসন্ধান সমিতি’ আৰু ‘অসম ৰাজ্যিক সংগ্ৰহালয়’ৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ তৃতীয় অধিবেশনৰ সভাপতি নিৰ্বাচিত হয়।
তথ্য সংগ্ৰহ
|